অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভ প্ৰতিৰোধ

গৰ্ভ প্ৰতিৰোধৰ বিষয়ে আলোচনা কৰা হৈছে

গৰ্ভ প্ৰতিৰোধৰ প্ৰকাৰ:

 

গৰ্ভ প্ৰতিৰোধৰ ব্যৱস্থাসমূহক সাময়িক বা অস্থায়ী পদ্ধতি স্থায়ী পদ্ধতিৰে ভাগ কৰা হৈছে।

সাময়িক পদ্ধতিসমূহৰ ভিতৰত:

১)প্ৰতিবন্ধক পদ্ধতি,

২)প্ৰাকৃতিক গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা,

৩)জৰায়ুৰ ভিতৰত সংস্থাপন কৰা ব্যৱস্থা(আই ইউ চি ডি),

৪)হৰম’নজাতীয়(ষ্টেৰয়ড) ঔষধ ব্যৱস্থা।

প্ৰতিবন্ধক পদ্ধতি:

 

এই পদ্ধতিত পুৰুষ আৰু মহিলা দুয়োৰে বাবে ব্যৱস্থা আছে। পুৰুষৰ বাবে নিৰোধ আৰু মহিলাৰ বাবে যৌনাংগত ব্যৱহাৰ কৰিব পৰা ডায়েফ্ৰাম, ছাৰভাইকেল কেপ ক্ৰীম, জেলি আদি।

প্ৰাকৃতিক গৰ্ভপ্ৰতিৰোধী ব্যৱস্থা:

 

১)ৰিডম মেথড,

২)উইথড্ৰ’ৱেল ব্যৱস্থা,

৩)স্তনপান।

ৰিডম মেথড:

এই ব্যৱস্থাত মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ দিনাৰ পৰা ৮ দিন আৰু মাহেকীয়া হোৱাৰ আগৰ ৮ দিন সময় নিৰাপদ সময় হিচাপে বিবেচনা কৰা হয়।

আই ইউ চি ডি:

ইন্ট্ৰা ইউটেৰাইন কন্ট্ৰাচেপটিভ ডিভাইচ- গৰ্ভাশয়ৰ ভিতৰত সংস্থাপন কৰা আই ইউ চি ডি হ’ল এক সফল, দীঘলীয়া সময়ৰ বাবে এক উপযোগী ব্যৱস্থা। ই গৰ্ভাশয়ৰ ভিতৰত থকালৈকে গৰ্ভধাৰণত বাধা দিয়ে আৰু ইয়াক উলিয়াই পেলোৱাৰ পিচতে পুনৰ গৰ্ভধাৰণ কৰাৰ ক্ষমতা লাভ কৰে। ইয়াক ‘পলাইথিলিন’ নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয়। ই খুব লেহুকা আৰু সহজতে ভাঁজ কৰিব পাৰি। বিশেষ ধৰণৰ সঁজুলিৰ সহায়ত ইয়াক জৰায়ুৰ ভিতৰত সুমুৱাই দিয়া হয়। ‘বেৰিয়াম ছালফেট’ নামৰ এবিধ পদাৰ্থ আই ইউ চি ডিৰ স’তে সন্নিবিষ্ট কৰা থাকে, যাতে এক্স-ৰে কৰিলে ইয়াৰ উপস্থিতি জৰায়ুৰ ভিতৰত ধৰা পেলাব পাৰি। সাধাৰণতে ব্যৱহাৰ কৰা আই ইউ চি ডিবোৰৰ ভিতৰত লিপ্পিচ লুপ, ক’পাৰ টি, প্ৰাগষ্টেচাট, লেন’ভা, মিৰেনাই প্ৰধান।

লিপ্পিচ লুপ:

আই ইউ চি ডিত কোনো সক্ৰিয় ৰাসায়নিক পদাৰ্থ নাথাকে। ইয়াক বহু বছৰলৈ জৰায়ুৰ ভিতৰত ৰাখি থ’লেও কোনো ক্ষতি নকৰে।

ক’পাৰ টি:

ই ইংৰাজীৰ ‘টি’(T) আখৰটোৰ দৰে। ইয়াত ক’পাৰ(তাম) সন্নিবিষ্ট কৰা থাকে। ইয়ে গৰ্ভাধাৰণত বাধা দিয়ে।

প্ৰগেষ্টেচাট আৰু লেন’ভা:

ইয়াত প্ৰজেষ্টেৰন হৰম’ন সন্নিবিষ্ট কৰা থাকে। প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ হৰম’ন নিঃসৰিত হয়। ইয়ে গৰ্ভধাৰণত বাধা দিয়ে।

মিৰেনাও:

হৰম’নযুক্ত আই ইউ চি ডি। আই ইউ চি ডি গৰ্ভপাত কৰোৱাৰ পিচত বা প্ৰসৱৰ ৬ সপ্তাহ পিচত নতুবা মাহেকীয়া ঋতুস্ৰাৱৰ ৭-১০ দিনৰ ভিতৰত লগোৱা হয়। অৱশ্যে আজিকালি চৰকাৰী চিকিৎসালয়ত প্ৰসৱৰ পিচতেই আই ইউ চি ডি লগোৱা দেখা যায়।

পুৰুষৰ ভেছেকটমি(নিবীৰ্যকৰণ ব্যৱস্থা):

 

ই এক স্থায়ী পদ্ধতি। সৰু অস্ত্ৰোপচাৰৰ সহায়ত পুৰুষৰ শুক্ৰাণু পৰিবাহী নলীৰ এটা অংশ কাটি পেলোৱা হয়। ইয়াৰ ফলত শুক্ৰাণু শুক্ৰস্থলীৰ পৰা ওলাই আহিব নোৱাৰে আৰু গৰ্ভধাৰণ নহয়। ইয়াৰ ফলত পুৰুষত্বত কোনো বাধা আহি নপৰে। প্ৰয়োজন অনুসাৰে এনে শুক্ৰবাহী নলী পুনৰ লগ লগাব পাৰি।

স্থায়ী পদ্ধতি:

মহিলাৰ বন্ধ্যাকৰণ:

ই এক স্থায়ী পদ্ধতি। মহিলাগৰাকীৰ সুবিধা অনুযায়ী যিকোনো সময়ত এই অস্ত্ৰোপচাৰ কৰিব পাৰি। প্ৰসৱৰ পিচত, প্ৰৱসৰ লগতে, প্ৰসৱৰ ডেৰমাহ পিচত গৰ্ভপাতৰ লগতে এই অস্ত্ৰোপচাৰ কৰিব পাৰি। অস্ত্ৰোপচাৰ বিভিন্ন ধৰণৰ। উদাহৰণস্বৰূপে- লেপাৰ’টমি, মিনি লেপাৰ’টমি, লেপাৰ’স্কপি।

জৰুৰীকালীন গৰ্ভপ্ৰতিৰোধ ব্যৱস্থা:

 

১)গৰ্ভপ্ৰতিৰোধৰ ব্যৱস্থাসমূহৰ ভিতৰত- হৰম’ন টেবলেট, আই ইউ চি ডি সংৰোপণ, এন্টিপ্ৰজেষ্টেৰন, অন্যান্য আদিয়েই প্ৰধান।

২)হৰম’ন টেবলেটৰ ভিতৰত লিভ’ন’ৰগেষ্ট্ৰল ০-৭৫ মিলিগ্ৰামৰ ২টা টেবলেট যৌন কাৰ্যৰ ৭২ ঘন্টাৰ ভিতৰত খাবলৈ দিব লাগে।

৩)আই ইউ চি ডি সম্ভোগৰ ৫ দিনৰ ভিতৰত লগালেও এনে অবাঞ্ছিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।

৪)মেফেপ্ৰিছটন ৬০০ মিলিগ্ৰামৰ দুটা টেবলেট খালেও এনে গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।

৫) ‘চেহেলি’ ৬০ মিলিগ্ৰামৰ দুটা টেবলেট এদিনত দুবাৰকৈ খাব লাগে।

‘ষ্টেৰয়ড’ গৰ্ভ প্ৰতিৰোধী ঔষধ:

ইয়াক ঔষধ বা পিল, বেজী, সঁজুলিত ব্যৱহৃত ষ্টেৰয়ড এই তিনি ভাগত ভাগ কৰা হৈছে।

১)গৰ্ভনিৰোধক ঔষধ:

 

ইয়াৰ ভিতৰত ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ(অ’চিপি), অকল প্ৰজেষ্টেৰন থকা ঔষধ। মালা ডি, অ’ভৰেল, ফেমিলন আদি এনে ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ। এনে ঔষধ মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ কৰিব লাগে। দৈনিক এটাকৈ ২১ দিন ঔষধ খোৱাৰ পিচত ৭ দিন ঔষধ বন্ধ থাকে। ইয়াৰ ভিতৰতে মাহেকীয়া ঋতুস্ৰাৱ হয়। ৭ দিন বন্ধৰ পিচত পুনৰ ২১ দিন ঔষধ খাব লাগে। এইদৰে যেতিয়ালৈকে প্ৰয়োজন, তেতিয়ালৈকে ৰেনে ঔষধ খাই থাকিব পাৰি। এনে ঔষধ ব্যৱহাৰৰ বাবে মহিলা মাহেকীয়াৰ ঋতুস্ৰাৱ নিয়মীয়া আৰু কম পৰিমাণৰ হয়। ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ উচ্চ ৰক্তচাপত ভোগা মহিলা, হৃদযন্ত্ৰৰ অসুখ, মাইগ্ৰেইন, জণ্ডিচ, যকৃৎ(লিভাৰ)ৰ অসুখ, থ্ৰ’মব’ছিছত ভোগা মহিলাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়।

২)প্ৰজেষ্টেৰন টেবলেট:

 

৩৫ৰ ঊৰ্ধ্বৰ মহিলা, স্তনপান কৰোৱা মহিলা, যিবোৰ মহিলাই ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰ’নযুক্ত ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে, তেনে মহিলাৰ ক্ষেত্ৰত কেৱল প্ৰজেষ্টেৰন থকা ঔষধ খাবলৈ দিয়া হয়।

৩)প্ৰজেষ্টেৰন বেজী:

 

এনে বেজী, গৰ্ভ প্ৰতিৰোধৰ বাবে প্ৰতি ২-৩ মাহৰ মূৰে মূৰে দিয়াব লাগে। প্ৰথমবাৰ আৰম্ভ কৰোতে মাহেকীয়া ঋতুস্ৰাৱৰ ২-৩ দিনৰ দিনাখন দিয়া হয়। ডি এম পি তিনি মাহৰ মূৰে মূৰে আৰু এন ই টি এন প্ৰতি দুমাহৰ মূৰে মূৰে দিয়া হৰম’নযুক্ত বেজী।

৪)নৰপ্লান্ট:

 

প্ৰজেষ্টেৰনযুক্ত এনে ব্যৱস্থা ৫ বছৰৰ বাবে দিয়া হয়। সাধাৰণতে চৰকাৰী চিকিৎসালয়ত এই ব্যৱস্থা উপলব্ধ।

ভিন্ন বয়সৰ মহিলাৰ বাবে দৰকাৰী গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা:

১) কম বয়সীয়া মহিলা তথা অবিবাহিত মহিলাৰ বাবে উপযুক্ত গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা হ’ল গৰ্ভ নিৰোধক টেবলেট। গৰ্ভ নিৰোধক ঔষধ সাধাৰণতে ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰন হৰম’নযুক্ত হয়। স্তনপান কৰোৱা মহিলাৰ বাবে উপযুক্ত গৰ্ভ প্ৰতিৰোধ ব্যৱস্থা হ’ল অকল প্ৰজেষ্টেৰ’ন থকা ঔষধ, প্ৰজেষ্টেৰন বেজী, প্ৰসৱৰ তিনি মাহ পিচত আই ইউ চি ডি।

২)৩৫ৰ ঊৰ্ধ্বৰ মহিলাৰ বাবে উপযুক্ত প্ৰতিৰোধী ব্যৱস্থাৰ ভিতৰত ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনযুক্ত ঔষধ, যদিহে মহিলাগৰাকী খীণ হয়, নহ’লে অকল প্ৰজেষ্টেৰন থকা ঔষধ, আই ইউ চি ডি আদি। যদিহে মহিলাগৰাকী ডায়েবেটিছ, হৃদযন্ত্ৰৰ অসুখ থকা হয়, তেনেহ’লে পুৰুষজনৰ ভেছেকটমি অস্ত্ৰোপচাৰ কৰোৱাটো দৰকাৰ। আই ইউ চি ডি বা গৰ্ভনিৰোধক হৰম’নযুক্ত ঔষধ দিব নালাগে।

লেখক: ডাঃ ৰাজীৱলোচন শৰ্মা(সম্ভাৰ)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top