অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভধাৰণৰ বিষয়ে কেনেকৈ জানিব?

গৰ্ভধাৰণৰ বিষয়ে কেনেকৈ জানিব? সেই বিষয়ে লিখা হৈছে ।

বিবাহিত মহিলা এগৰাকী, যাৰ ঋতুস্ৰাৱ নিয়মীয়া। যদিহে মাহেকীয়া ঋতুস্ৰাৱৰ দিন পাৰ হৈ যায়, আন কোনো বেলেগ কাৰণ নাথাকিলে গৰ্ভৱতী হোৱা বুলি ধৰা হয়।

গৰ্ভৱতী হোৱাৰ লক্ষণসমূহ দুটা ভাগত ভাগ কৰা হৈছে -

১)আত্মপ্ৰসূত(ছাবজেক্টিভ),

২)বস্তুনিষ্ঠ(অৱজেক্টিভ)।

আত্মপ্ৰসূত লক্ষণসমূহ:

মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা:

ঋতুস্ৰাৱ বন্ধ হোৱাটো গৰ্ভৱতী হোৱাৰ প্ৰথম লক্ষণ। কেতিয়াবা কেতিয়াবা গৰ্ভৱৰ্তী হোৱাৰ পাছতো মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ সময়ত অলপ অলপ ৰক্তস্ৰাৱ হ’ব পাৰে। ইয়াক মাহেকীয়া ঋতুস্ৰাৱৰ লগত ভুল কৰা দেখা যায়।

মন কৰিবলগীয়া যে গৰ্ভাৱস্থাৰ বাহিৰেও আন কেতবোৰ কাৰণত মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’ব পাৰে।

উদাহৰণস্বৰূপে ডিম্বাশয়ৰ টেমুনা(অৱেৰিয়ান টিউমাৰ), যিয়ে হৰম’ন নিঃসৰণ কৰে। যাৰ বাবে ঋতুস্ৰাৱ বন্ধ থাকে।

গৰ্ভাৱস্থাৰ ওকালি -

ই আন এক গৰ্ভৱতী হোৱাৰ প্ৰধান লক্ষণ। এই ওকালি ৰাতিপুৱা বেছিকৈ হয় যদিও দিনটোৰ যিকোনো সময়তে এনে ওকালি আহিব পাৰে।

ইয়াৰ লগতে খাবলৈ মন নকৰা, খোৱাবস্তুৰ গোন্ধ পোৱা, মাছ-মাংসৰ গোন্ধ সহ্য কৰিব নোৱাৰা আদি আন কেতবোৰ লক্ষণ। ওকালিৰ লগত বমিও হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ হোৱা -

প্ৰস্ৰাৱৰ সোঁচৰণ(ইনফেকচন) নাথাকিলে সঘনাই প্ৰস্ৰাৱ হোৱাটো গৰ্ভধাৰণ হোৱাৰ আন এক লক্ষণ।

  • বুকু গধুৰ লগা, ভাগৰ লগা, বুকু চমচমোৱা, পিৰপিৰণি উঠা গৰ্ভৱতী হোৱাৰ আন কেতবোৰ লক্ষণ। ইয়াৰ লগতে স্তনযুগল ভাৰি ভাৰি লগা আন এক লক্ষণ।
  • ঋতুস্ৰাৱ ১০ দিনমান পাৰ হোৱাৰ পাছত ধাৰণা কৰা হয় যে মহিলাগৰাকী সম্ভৱতঃ গৰ্ভৱতী হৈছে। দুমাহ ঋতুস্ৰাৱ বন্ধ হোৱাটো গৰ্ভাৱস্থাৰ ধাৰণা অধিক স্পষ্ট কৰি তোলে।

বস্তুনিষ্ট লক্ষণসমূহ -

স্তনযুগলৰ পৰিৱৰ্তন -

প্ৰথমবাৰ গৰ্ভধাৰণৰ সময়ত এনে পৰিৱৰ্তন লক্ষণীয়। গৰ্ভাৱস্থাৰ দুমাহমান পাছৰ পৰাই স্তনযুগল বাঢ়িবলৈ ধৰে। ছালৰ তলত থকা সিৰাবোৰ স্পষ্ট হৈ পৰে। স্তনৰ আগভাগ(নিপল) ডাঙৰ আৰু গাঢ় ৰঙৰ হৈ পৰে।

৪-৬ মাহৰ পৰা হালধীয়া ধৰণৰ জুলীয়া পদাৰ্থ স্তনৰ আগভাগৰ পৰা ওলাবলৈ ধৰে। নিপলৰ চাৰিওফালে আৱৰি থকা স্তনৰ অংশখিনি বহল আৰু গাঢ় হৈ পৰে। এই অংশত কেতবোৰ গুটি উঠা দেখা যায়। এইবোৰ গৰ্ভৱতী হোৱাৰ লক্ষণ।

মহিলাগৰাকীৰ পেটত হাত দি চালে বাঢ়ি অহা জৰায়ু অনুভৱ কৰিব পাৰি। সাধাৰণতে ১২ সপ্তাহ বা তিনিমাহ পাছৰে পৰাই বাঢ়ি অহা গৰ্ভ পেটত হাত দি ঢুকি পাব পাৰি।

জৰায়ুৰ মুখ চুই চালে ওঁঠযুৰিৰ দৰে কোমল অনুভৱ গৰ্ভৱতী হোৱাৰ লক্ষণ। জৰায়ুৰ মুখৰ পৰা নিৰ্গত বিজলুৱা পদাৰ্থৰ নিঃসৰণ গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যায়।

পেটত পৰা দীঘলীয়া দাগে গৰ্ভৱতী হোৱাটো সূচায়। যদিওবা আন কাৰণতো, উদাহৰণ স্বৰূপে খুব শকত মহিলাৰ পেটত, উৰুত এনে দাগ পৰা দেখা যায়।

ইয়াৰ উপৰি নাভিৰ পৰা তললৈ দীঘলীয়াকৈ আৰু নাভিৰ পৰা ওপৰলৈ পৰা গাঢ় ৰঙৰ দাগ গৰ্ভৱতী হোৱাৰ চিন।

১৮-২০ সপ্তাহৰ ভিতৰত মাতৃগৰাকীয়ে গৰ্ভস্থ সন্তানৰ হাত-ভৰি লৰচৰ কৰাটো ধৰিব পাৰে। এইখিনি সময়ত যন্ত্ৰৰ সহায়ত কেঁচুৱাটোৰ হৃদস্পন্দন শুনিব পাৰি। ইয়ে গৰ্ভৱতী হোৱাটো নিশ্চিত কৰে।

গৰ্ভাৱস্থা নিশ্চিতকৰণৰ পৰীক্ষাসমূহ -

এইচ চি জি(গ’নাড’পিন হৰম’ন):

হৰম’নৰ উপস্থিতি গৰ্ভৱতী মহিলাৰ তেজ আৰু প্ৰস্ৰাৱত ধৰা পেলোৱাটো এনে পৰীক্ষাৰ মূল উদ্দেশ্য। তেজত ‘বিটা এইচ চি জি’ নামৰ হৰম’নবিধ, যি গৰ্ভাৱস্থাক সূচায়। মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ ৭ দিনমান আগতেই ধৰা পৰে।

ইয়ে গৰ্ভৱতী হোৱাটো সূচায়। টেষ্ট টিউ বেবীৰ ক্ষেত্ৰত গৰ্ভাৱস্থা জনাৰ বাবে ইয়াৰ পৰীক্ষা সঘনে কৰা দেখা যায়। প্ৰস্ৰাৱত এই হৰম’নবিধ মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ এদিন পাছৰে পৰাই ধৰা পেলাব পাৰি। সাধাৰণতে ৰাতিপুৱাৰ প্ৰথম প্ৰস্ৰাৱেৰে এই পৰীক্ষা কৰা হয়। দিনৰ আন সময়ৰ প্ৰস্ৰাৱত পৰিমাণ কম হোৱা বাবে গৰ্ভৱতী হোৱাটো ভূলকৈ দেখুৱাব পাৰে।

আল্ট্ৰা-ছাউণ্ড:

পেটৰ ওপৰেৰে বা যৌনাংগৰ ভিতৰেৰে আল্ট্ৰা-ছাউণ্ড কৰি ৪-৫ সপ্তাহৰ ভিতৰতেই গৰ্ভাৱস্থা ঠাৱৰ কৰিব পাৰি।

মাহেকীয়া ঋতুস্ৰাৱৰ পৰা ৩৫ দিনৰ ভিতৰত সকলো গৰ্ভাৱস্থা ঠাৱৰ কৰিব পাৰি। ৬ সপ্তাহৰ পাছত গৰ্ভস্থ শিশুৰ হৃদস্পন্দন ধৰিব পাৰি।

ওকালি বা বমি ভাব:

গৰ্ভাৱস্থাৰ সময়ত সঘনাই দেখা দিয়া ই এক সমস্যা। প্ৰথম তিনি মাহৰ ভিতৰত ইয়াক সাধাৰণতে হোৱা দেখা যায়। ৰাতিপুৱাৰ সময়ত সঘনাই হয় যদিও দিনটোৰ আন সময়তো ই দেখা দিব পাৰে। খোৱাবস্তুৰ গোন্ধ এনে ওকালি ভাবৰ আৰম্ভণিত অৰিহণা যোগায়।

১৪-১৬ সপ্তাহৰ পাছত ই সাধাৰণতে নাইকিয়া হয়। প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হোৱা মহিলাৰ ক্ষেত্ৰত ওকালি ভাব বেছিকৈ দেখা যায়।

গৰ্ভাৱস্থাৰ সময়ছোৱাত বাঢ়ি যোৱা হৰম’ন এইচ চি জি মূল কাৰণ। বহুতে আকৌ মানসিক দোদুল্যমান অৱস্থাও ইয়াৰ এক কাৰণ বুলি ভাবে।

চিকিৎসা হিচাপে খোৱাবস্তু অলপ অলপ কৰি কেইবাটাও ভাগত খাব লাগে। যিবোৰ বস্তুৰ গোন্ধে ওকালি ভাবত অৰিহণা যোগায়, তেনেবোৰ খাদ্য গৰ্ভৱতী মহিলাগৰাকীৰ পৰা আঁতৰত ৰাখিব লাগে। খোৱাবস্তুৰ লগত পানী নাখায়, পানী দেৰিকৈ খালে ওকালি কমে। ওকালি বন্ধ কৰিবৰ বাবে ‘ডক্সিলেমাইন’ টেবলেট ব্যৱহাৰ কৰিব পাৰে।

ইয়াতে নকমিলে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰোৱা হয়। ‘হাইপাৰ ইমেছিছ গ্ৰেভিডেৰাম’ ইয়াৰ এক জটিল ৰূপ। ইয়াৰ উপৰি সান্ত্বনাসূচক ব্যৱহাৰে মানসিক অশান্তি আঁতৰাই ওকালি নিৰাময় কৰে।

কঁকালৰ বিষ:

আন এক সঘনাই দেখা দিয়া সমস্যা। প্ৰায় সত্তৰ শতাংশ গৰ্ভৱতী মহিলাই কঁকালৰ বিষত ভোগে। গধূৰ বস্তু দাঙিলে, সন্মুখৰ ফালে হাউলিলে বা খোজ কাঢ়োতে অলপ-অচৰপ কঁকালৰ বিষ অনুভূত হ’ব পাৰে।

গৰ্ভকাল বাঢ়ি যোৱাৰ লগে লগে এনে কঁকালৰ বিষো বাঢ়ি যাব পাৰে। গৰ্ভাৱস্থাৰ সময়ত শৰীৰৰ, বিশেষকৈ কঁকালৰ গাঁঠিসমূহ হৰমনৰ প্ৰভাৱত ঢিলা হোৱাৰ ফলত এনে বিষ হয় বুলি ভবা হয়।

চিকিৎসা হিচাপে গৰ্ভৱতী মহিলাগৰাকীক পোন হৈ চকীত বহা, ওখ জোতা নিপিন্ধা, চিধা হৈ খোজ কঢ়া আদি উপদেশ দিয়া হয়।

সন্মুখৰ ফালে হাউলি কাম কৰিবলৈ বাধা দিয়া হয়। ইয়াতো নকমিলে বিষ উপশমৰ বাবে কঁকালত বিষনাশক মলম, খাবলৈ পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰিব পাৰে। তথাপি আৰোগ্য লাভ নকৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

কোষ্ঠকাঠিন্যতা:

গৰ্ভাৱস্থাৰ সময়ত মহিলাগৰাকী সাধাৰণতে কোষ্ঠকাঠিন্যতাত ভোগে। এই সময়ছোৱাত প্ৰজেষ্টেৰন হৰম’নৰ প্ৰভাৱত বা কমকৈ পানী খোৱাৰ বাবে নতুবা শাৰীৰিক কষ্ট কমকৈ কৰা বাবে মহিলাগৰাকী কোষ্ঠকাঠিন্যতাত ভোগে। বাঢ়ি অহা জৰায়ুৰ খাদ্যতন্ত্ৰত হেঁচাৰ ফলতো এনে হ’ব পাৰে।

নিয়মীয়া অভ্যাস, ফলমূল, শাক-পাচলিযুক্ত খাদ্য, পানী বেছিকৈ খালে সুফল পোৱা যায়। চিকিৎসকৰ পৰামৰ্শ মতে শৌচ কোমল হোৱা ঔষধ ব্যৱহাৰ কৰিব পাৰি।

বুকু জ্বলা-পোৰা কৰা:

প্ৰজেষ্টেৰন হৰম’নৰ প্ৰভাৱৰ ফলত বুকু জ্বলা-পোৰা কৰা, টেঙা উগাৰ অহা, পেটৰ খোৱাবস্তু ওপৰলৈ উঠি অহা আদি সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে খোৱাবস্তু কম কমকৈ ঘনাই খাবলৈ দিব লাগে। খোৱাৰ পাছতে শুব নালাগে।

মচলাজাতীয় খাদ্য কমকৈ খাবলৈ দিব লাগে। বিভিন্ন ধৰণৰ ‘এন্টাচিড’ ব্যৱহাৰ কৰিলেও বুকুৰ জ্বলা-পোৰা কমে। ইয়াতো নকমিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

ভৰিৰ মাংসপেশী টানি ধৰা:

গৰ্ভাৱস্থাৰ সময়ত দেখা দিয়া আন এক সমস্যা। কেলচিয়াম খালে এনে সমস্যা আঁতৰে। ইয়াৰ উপৰি গৰম পানীৰ সেক, ভিটামিন বি-১ নিয়মীয়াকৈ খালেও মাংসপেশীৰ বিষ কমে।

পাইকা:

কেতবোৰ গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত মাটিৰ খোলা, পোৰা মাটি, বৰফ, শ্বেতসাৰ(কাপোৰত দিয়া মাৰ) আদি খোৱা দেখা যায়। খাদ্যৰ তালিকাত নপৰিলেও এনেবোৰ খাদ্য খাবলৈ তেওঁলোকে হেঁপাহ কৰে। ইয়াকে ইংৰাজীত ‘পাইকা’ বোলে।

শৰীৰত লৌহজাতীয় খাদ্যৰ অভাৱ ঘটিলেও এনে হ’ব পাৰে। আইৰণৰ অভাৱ পূৰ হ’লেই ‘পাইকা’ নাইকিয়া হয়। এনে অভ্যাস বুজাই-বঢ়াই নাইকিয়া কৰিব লাগে।

লেলাউটি ওলোৱা:

মুখেৰে অনবৰত লেলাউটি ওলাই থকা গৰ্ভাৱস্থাৰ আন এক সমস্যা। আন কাৰণত এনেদৰে লেলাউটি ওলাই থাকিলে তাৰ চিকিৎসা কৰাব লাগে।

ভাগৰ লগা:

অলস অলস ভাব, অনবৰতে টোপনি ভাব গৰ্ভাৱস্থাৰ প্ৰথম অৱস্থাত সঘনাই দেখা যায়। প্ৰজেষ্টেৰন হৰম’নৰ বাবেই এনে হয়। সময় যোৱাৰ লগে লগে ই নাইকিয়া হয়।

মূৰৰ বিষ:

গৰ্ভাৱস্থাৰ প্ৰথম ভাগত ইয়াক সঘনাই হোৱা দেখা যায়। চকুৰ দৃষ্টিশক্তি কমিলে ছাইনাছত ভুগি থাকিলেও মূৰৰ বিষ হ’ব পাৰে।

মূৰৰ বিষৰ আন এক কাৰণ ‘মাইগ্ৰেইন’। গৰ্ভাৱস্থাৰ শেষৰফালে মূৰৰ বিষ উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে। সাধাৰণ মূৰৰ বিষত ‘পেৰাচিটামল’ ব্যৱহাৰ কৰিব পাৰে।

বগা স্ৰাৱ:

গৰ্ভাৱস্থাৰ সময়ত বগা স্ৰাৱ বেছিকৈ ওলাব পাৰে। এষ্ট্ৰ’জেন হৰম’নৰ প্ৰভাৱতে এনে হয়। বগা স্ৰাৱ যদি নোগোন্ধায় বা ভিতৰত খজুৱতিৰ সৃষ্টি নকৰিলে চিন্তাৰ কাৰণ নাথাকে।

সোঁচৰণ বা ইনফেকচন হ’লে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে। মেট্ৰ’নিভাজল ৫০০ মিলিগ্ৰাম দিনে দুবাৰকৈ সাত দিন ব্যৱহাৰ কৰিলে বেক্টেৰিয়েল বেজাইন’ছিছ ভাল হয়। ফেন উঠাৰ দৰে বগা স্ৰাৱৰ লগত যদি ভিতৰত খজুৱায়, তেতিয়া হ’লে ট্ৰাইক’ম’নাছ ইনফেকচন(সোঁচৰণ) হোৱা বুজায়।

মেট্ৰ’নিভাজল টেবলেট ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰি দৈ গাখীৰৰ দৰে মখা মখা বগা স্ৰাৱৰ লগতে বিষ, খজুৱতি হ’লে কেনডিডাৰ সোঁচৰণ হোৱা বুজায়। মাইক’নাজল, ক্ল’ট্ৰাইমাজল যোনিৰ ভিতৰত লগালে এনে বগা স্ৰাৱ কমে। এনে বগা স্ৰাৱ প্ৰসৱৰ পাছত নাইকিয়া হয়।

ভৰি ফুলা:

অলপ অলপ ভৰি ফুলা গৰ্ভাৱস্থাৰ সময়ত প্ৰায়ে দেখা যায়। শৰীৰত জমা হোৱা অতিৰিক্ত পানীয়েই ইয়াৰ কাৰণ। অতিমাত্ৰা ভৰি ফুলা প্ৰি-ইক্লেম্পচিয়াৰ লক্ষণ হ’ব পাৰে। উচ্চ ৰক্তচাপ নাথাকিলে ভৰি দুখন অলপ ওখকৈ ৰাখি ইকাতি হৈ জিৰণি ল’লেই ভৰি ফুলা কমে।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top