অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভস্থ সন্তানৰ যতন

গৰ্ভস্থ সন্তানৰ যতনৰ বিষয়ে লিখা হৈছে

মাতৃত্বৰ মাধুৰ্যময় ৰুপ বিকশিত হ’বলৈ আৰম্ভ কৰে গৰ্ভস্থ সন্তানৰ পৰিচৰ্যাৰ জৰিয়তে।গতিকে এগৰাকী নাৰীৰ উদৰত থকা সন্তানটিৰ প্ৰতি থকা সঠিক দায়িত্ব কেনেদৰে বিজ্ঞান সন্মতভাৱে পালন কৰিব লাগে তাৰেই বিষয়ে আলোচনা কৰিব খুজিছোঁ।

এগৰাকী মাতৃৰ ডিম্বাণু আৰু পুৰুষসংগীৰ শুক্ৰাণুৰ মিলনৰ ফলতেই গৰ্ভস্থ ভ্ৰুণৰ সৃষ্টি হয়।শিশুৰ দৈহিক অবয়ব আৰু স্বভাৱ চৰিত্ৰৰ বহুখিনি নিৰ্ভৰ কৰে মাক-দেউতাকৰ পৰা আহৰণ কৰা জিনৰ ওপৰত আৰু কিছু পৰিমাণে নিৰ্ভৰ কৰে পাৰিপাৰ্শ্বিকতা তথা পৰিৱেশৰ ওপৰত।জন্ম হোৱাৰ আগতে সন্তানৰ বাবে পৰিৱেশ হৈছে মাতৃৰ গৰ্ভ।

দৈহিক গঠন আৰু বৃদ্ধিৰ বাবে সকলো প্ৰাণীকেই লাগে পানী,বতাহ আৰু খাদ্য।গৰ্ভস্থ ভ্ৰুণৰ ক্ষেত্ৰতো সেই একেটা কথাই প্ৰযোজ্য হয়।এটি গৰ্ভস্থ সন্তানে মাকৰ দেহৰ পৰাই এইখনি প্ৰয়োজন পুৰণ কৰে।মাকৰ দেহৰ পৰা অহা বিশুদ্ধ তেজ,ফুলৰ (Placenta)মাজেদি অহা-যোৱা কৰে আৰু এই তেজৰ পৰাই সন্তানে আহৰণ কৰে বায়ু।তেনেদৰে Amniotic Sac ৰ পৰা আহৰণ কৰে প্ৰয়োজনীয় পানী।প্ৰকৃততে মাকৰ দেহৰ ভিতৰত এটি শিশুৰ ভুমিকা পৰজীৱীৰ লেখীয়া।মাকৰ দেহত খাদ্যৰ অভাৱ ঘটিলেও ভ্ৰুণৰ সেইপিনে ভ্ৰুক্ষেপ নাই।ভ্ৰুণৰ নিজৰ বাবে প্ৰয়োজনীয় খাদ্যখিনি মাকৰ দেহৰ পৰা শোষণ কৰিবই।সেয়েহে স্বাস্থ্যবান,নিৰোগী শিশুৰ জন্ম দিবলৈ হ’লে প্ৰয়োজন হ’ব এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী মাতৃৰ।

মাকৰ ওজন আৰু গৰ্ভস্থ শিশুৰ ওজন

 

গৰ্ভস্থ সন্তানৰ যতনগৰ্ভস্থ সন্তানৰ যতন

দেখা গৈছে যে বহু ক্ষেত্ৰত গৰ্ভধাৰণ কৰাৰ পুৰ্বতে থকা এগৰাকী মাতৃৰ ওজন আৰু উচ্চতাৰ ওপৰত ভৱিষ্যত শিশুৰ ওজন আৰু স্বাস্থ্য নিৰ্ভৰ কৰে।দুৰ্বল,জীৰ্ণ-শীৰ্ণ আৰু চুটি চাপৰ মাতৃৰ দেহত স্থিতি লোৱা শিশুৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা সৰহ।সেয়েহে অকল গৰ্ভধাৰণ কৰা সময়ছোৱাত নহয়,শৈশৱ কালৰে পৰাই ছোৱালীহঁতে খোৱা-বোৱাত যত্ন লোৱা দৰকাৰ।উপযুক্ত আমিষ,শৰ্কৰা আৰু তেল জাতীয় পদাৰ্থ আৰু অন্যান্য ভিটামিনযুক্ত খাদ্য আৰু মিনাৰেল (লৌহ আৰু তামযুক্ত নানা খনিজ পদাৰ্থ)যুক্ত সুষম খাদ্যৰ পিনে লক্ষ্য ৰখা উচিত।কিয়নো এইবোৰ ছোৱালীয়েই হৈছে অনাগত কালৰ মাতৃ।

গৰ্ভৱতী মহিলাৰ ওজন বৃদ্ধি

 

এগৰাকী গৰ্ভৱতী নাৰীয়ে চিকিৎসকৰ ওচৰলৈ পৰীক্ষা-নিৰীক্ষাৰ বাবে গ’লে সদায়েই নাৰী গৰাকীৰ ওজন পৰীক্ষা কৰি চায়।গৰ্ভধাৰণৰ ন মাহৰ ভিতৰত মাতৃ গৰাকীৰ ওজন দহৰ পৰা বাৰ কেজিলৈকে বাঢ়ি যায়।প্ৰথম তিনিমাহত এনে ওজন বৃদ্ধি ডেৰ কেজিৰ সৰহ নহয় যদিও তাৰ পিছত প্ৰতিমাহে গড়ে ডেৰৰ পৰা ১.৭৫ কিলোগ্ৰামলৈ ওজন বৃদ্ধি পায়।দেখা গৈছে যে গৰ্ভধাৰণৰ সময়ছোৱাত মাকৰ ওজন তিনি কিলোগ্ৰামলৈকে বৃদ্ধি হ’ব পাৰে।অৱশ্যে হঠাতে অতিপাত ওজন বৃদ্ধি ভালৰ লক্ষণ নহয়।

অতি প্ৰয়োজনীয় কেতবোৰ ভিটামিন আৰু খনিজ দ্ৰব্য

 

আমাৰ দেশৰ সৰহভাগ নাৰীয়েই নিজৰ দেহৰ প্ৰতি যতন্ নোলোৱা হেতুকেই দুৰ্বলতাত ভোগে।সেয়েহে এনে নাৰীসকলৰ দেহত কেলচিয়াম আৰু ভিটামিনৰ অভাৱ ঘটা অস্বাভাৱিক নহয়।তদুপৰি গৰ্ভধাৰণৰ সময়ছোৱাত এনে দ্ৰব্যবোৰৰ প্ৰয়োজনীয়তা বাঢ়ি যায়।সেয়েহে গৰ্ভাৱস্থাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিতভাৱে আয়ৰণ আৰু ফলিক এচিযুক্ত ভিটামিন খাব লাগে।ইয়াৰ বাদেও প্ৰয়োজন অনুসৰি অন্যান্য ভিটামিন আৰু কেলচিয়াম খাব লাগে।

জিৰণি

 

অতিৰিক্ত দৈহিক আৰু মানসিক পৰিশ্ৰম সন্তান আৰু ভ্ৰুণৰ বৃদ্ধিৰ অন্তৰায় বা হেঙাৰ বুলিব পাৰি।গৰ্ভধাৰণৰ সময়ছোৱাত টোপনি আৰু জিৰণি অতি আৱশ্যকীয়।সম্ভৱ হ’লে ৰাতি প্ৰায় আঠ ঘণ্টা আৰু দিনত দুঘণ্টা শুব লাগে।বাওঁপিনে কাটি হৈ শোৱা উপকাৰী।এনে  কৰিলে ‘ফুল’ৰ জৰিয়তে মাকৰ তেজ সন্তানৰ দেহত প্ৰৱেশ কৰে।চাকৰিয়াল মহিলাসকলৰ ভিতৰত বহুতেই এনেদৰে জিৰণি ল’বলৈ সুবিধা নেপায়।

নিৰোগী মাতৃ আৰু ৰোগমুক্ত শিশু

 

গৰ্ভধাৰণৰ সময়ছোৱাত এগৰাকী মাতৃ যিমান সম্ভৱ নিৰোগী হোৱা বাঞ্জনীয়।অৱশ্যে ইয়াৰ দ্বাৰা এইটো ক’ব বিচৰা নাই যে এগৰাকী নাৰীৰ দেহত কিবা অসুখ থাকিলে সেয়া সন্তানৰ দেহলৈ বিয়পি পৰিব।তথাপিও এনে কেতবোৰ ৰোগ আছে যিবোৰ ‘ফুল’ৰ জৰিয়তে মাকৰ পৰা শিশুৰ দেহলৈ বিয়পিব পাৰে।গতিকে গৰ্ভধাৰণ কৰাৰ পুৰ্বতেই পাৰিলে এনেবোৰ ৰোগ আৰোগ্য কৰা ভাল,অন্যথাই গৰ্ভাৱস্থাতে ৰোগবোৰৰ সুচিকিৎসাৰ দৰকাৰ।উদাৰৰণস্বৰুপে ,মাকৰ ডায়েবেটিচ ৰোগ থাকিলে এটি শিশু নানা ধৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু সেয়েহে উপযুক্ত চিকিৎসা কৰা প্ৰয়োজন।

কিছুমান ৰোগ আকৌ আৰু বংশগতভাৱে তেজত থাকি যায় আৰু গৰ্ভস্থ সন্তানলৈ আহিব পাৰে।বহুক্ষেত্ৰত ,এনে হ’লে ভ্ৰুণৰ মৃত্যুও হ’ব পাৰে।আগতে এটা সময়ত চিফিলিচ নামৰ যৌন ৰোগবিধে বহু শিশুৰ স্বাস্থ্য হানি কৰিছিল।সেয়েহে আজিকালি সাধাৰণতে গৰ্ভাৱস্থাত ভি.ডি.আৰ.এল. নামৰ পৰীক্ষাটো কৰা পৰাপক্ষত বাঞ্জনীয়।চেৰাম হেপাটাইটিচ অৰ্থাৎ তেজৰ দ্বাৰা যকৃতলৈ বিয়পি পৰা বীজাণুজনিত ৰোগত এগৰাকী গৰ্ভৱতী মাতৃ আক্ৰান্ত হ’লে শিশুৰ দেহলৈকো ৰোগৰ বীজাণু বিয়পিব পাৰে।সেয়েহে গৰ্ভধাৰণ কৰাৰ আগতে তেজত এই পৰীক্ষাটো কৰি লৈ প্ৰয়োজন অনুসৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।গৰ্ভাৱস্থাত ভাইৰাছজনিত নানা ৰোগ (যেনে বসন্ত)যাতে নহয়,সেই দিশলৈকো চকু ৰখা উচিত।

তেজৰ গ্ৰুপ আৰু গৰ্ভস্থ শিশু

 

প্ৰতিজন মানুহৰে তেজ এটি বিশেষ গ্ৰুপত পৰে।এনে তেজৰ গ্ৰুপবোৰ হৈছে-এ,বি,ও আৰু এবি।ইয়াৰে প্ৰতিটো গ্ৰুপৰেই আকৌ ‘আৰ এইছ’ধনআত্মক আৰু ঋণাত্মক এই দুটা ভাগত ভগোৱা হৈছে।এগৰাকী গৰ্ভৱতী নাৰীৰ ‘আৰ এইছ’ঋণাত্মক হ’লে আৰু স্বামীৰ তেজৰ ‘আৰ এইছ’ধনাত্মক হ’লে সন্তানৰ ক্ষতি হোৱাৰ আশংকা থাকে।তেনে অৱস্থা হ’লে শিশুৰ তেজৰ কণিকাবোৰৰ ভাঙি যায়,ৰক্তাল্পতাত ভুগিব পাৰে,জণ্ডিচ হ’ব পাৰে ,আনকি মৃত্যুও হ’ব পাৰে।সেয়েহে গৰ্ভাৱস্থাত মাকৰ তেজৰ গ্ৰুপিং পৰীক্ষা কৰা অতি প্ৰয়োজনীয় যাতে শিশুৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নহয়।এনে ধৰণৰ বিসংগতি ধৰা পৰিলে ৰিগাল নামৰ এটি আৰ এইছৰ বেজী দিয়া হয়,যদিও এনে বেজী বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে ল’ব লাগে।সাম্প্ৰতিক কালত এইডচ ৰোগৰ ভয়াবহতা সম্বন্ধে সকলো মানুহেই অৱগত।যৌন সঙ্গমৰ সময়ত নিৰোধৰ ব্যৱহাৰ আৰু টিকা বা বেজী লোৱাৰ সময়ত বীজাণুমুক্ত চিৰিঞ্জৰ ব্যৱহাৰে এনে ৰোগৰ পৰা যিকোনো মাতৃকে ৰক্ষা কৰিব পাৰে।

নৱজাতকৰ ওজন আৰু স্বাস্থ্য

 

অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যত নৱ জাতকৰ মৃত্যুৰ হাৰ অতি বেছি।এনেকি ঠাই বিশেষে শতকৰা বাৰৰ পৰা পোন্ধৰ ভাগ শিশুৱেই জন্ম হোৱাৰ সাত দিনৰ ভিতৰতেই মৃত্যু মুখত পৰে।এনেদৰে মৃত্যু হোৱা শিশুৰ দুই তৃতীয়াংশ হৈছে কম ওজনৰ।কিছুমানৰ ওজন আঢ়ৈ কিলোগ্ৰামৰো কম।তদুপৰি নৱজাতকৰ ওজন চাৰি কিলোগ্ৰামতকৈ বেছি হ’লেও চিন্তাৰ কাৰণ হ’ব পাৰে।ডায়েবেটিচ ৰোগত আক্ৰান্ত মাতৃৰ শিশু দেখাত ডাঙৰ আৰু বেছি ওজনৰ হ’লেও প্ৰকৃততে এনে শিশু অতি দুৰ্বল।গৰ্ভস্থ সন্তান বা ভ্ৰুণৰ সঠিক ওজন বৃদ্ধি কৰাৰ ক্ষেত্ৰত মাক গৰাকীৰ দায়িত্বই আটাইতকৈ বেছি।

খাদ্য

 

এগৰাকী গৰ্ভৱতী নাৰীৰ দেহত খাদ্যৰ প্ৰয়োজনীয়তা স্বাভাৱিক অৱস্থাতকৈ কিছু হ’লেও বেছি,কিয়নো মাতৃগৰাকীয়ে নিজৰ জৰায়ুত থকা সন্তানটিকো খুৱাব লাগিব।সুষম খাদ্যৰ যোগানৰ দ্বাৰা এই সমস্যা সমাধান হয়।আমাৰ অসমীয়া মধ্যবিত্ত সমাজৰ লোকসকলে সাধাৰণতে ভাত,দাইল বা বিভিন্ন শাক-পাচলি আঞ্জাত দি বা কেঁচাই খাই এই অভাৱ পুৰণ কৰিব পাৰে।এইখিনিৰ বাদেও গৰ্ভৱতী নাৰী গৰাকীক দৈনিক এটা কণী,এগিলাচ গাখীৰ আৰু প্ৰায় এশ গ্ৰাম মাছ বা মাংসৰ যোগান ধৰিব লাগে।শৰ্কৰা জাতীয় আহাৰ অৰ্থাৎ ভাত বা ৰুটিৰ পৰিমাণ নবঢ়োৱাই ভাল,কাৰণ এনে খাদ্যই মাতৃগৰাকীৰ স্থুলতা বৃদ্ধি কৰে আৰু প্ৰসৱৰ সময়ত স্থুলকায়া হোৱাৰ বাবে জটিলতাই দেখা দিব পাৰে।

গৰ্ভধাৰণৰ সময়ত দৰবৰ ব্যৱহাৰ

 

  • নিদ্ৰাকাৰী ঔষধ:গৰ্ভধাৰণৰ প্ৰথমাৱস্থাত বিশেষকৈ শেষ মাহেকীয়া হোৱাৰ ৩৫ দিনৰ ভিতৰত এনে ঔষধৰ প্ৰভাৱে ভ্ৰুণৰ কৰ্ণেন্দ্ৰিয় গঠনত বাধা জন্মায় আৰু সপ্তম আৰু অষ্টম সপ্তাহৰ ভিতৰত অঙ্গ-প্ৰত্যঙ্গ গঠনত বিকৃতি ঘটায়।Barbiturate এনে ধৰণৰ ঔষধ।আন নিদ্ৰাকাৰক ঔষধসমুহ স্বাভাৱিক মাত্ৰাত সিমান ক্ষতিকাৰক নহয়।
  • প্ৰতিজীৱী ঔষধ:Tetracycline ৰ ব্যৱহাৰৰ ফলত হাড় আৰু দাঁতৰ ভিতৰৰ পৰা এই ঔষধ সম্পুৰ্নৰুপে পৰিষ্কাৰ হ’বলৈ সময় লয় আৰু শিশুৰ অস্থায়ী দাঁতসমুহৰ ওপৰত এটি হালধীয়া চামনি পেলায়।কিছুমান বিশেষজ্ঞৰ মতে অধিক ঔষধৰ প্ৰয়োগে শিশুৰ চকুৰ ক্ষতি কৰে।অন্যান্য Antibiotic আৰু Chemotherapeutic agent প্ৰশ্বাস ,টনচিল আৰু মুত্ৰাশয় সম্বন্ধীয় ৰোগত গৰ্ভাৱস্থাত গ্ৰহণ কৰিলে গৰ্ভস্থ ভ্ৰুণৰ কিছুমান ক্ষতি হোৱাৰ আশংকা থাকে।অতিমাত্ৰা Streptomycin ব্যৱহাৰৰ ফলত শিশু অৱস্থাত কাণৰ বিকৃতি ঘটিব পাৰে,কিন্তু গৰ্ভধাৰণৰ প্ৰথম অৱস্থাত ই নিৰাপদ।চালফ’নেমাইদে মগজুৰ টিচুলৈ পিত্তৰস সোমাই যোৱাটো বৃদ্ধি কৰে।গৰ্ভধাৰণৰ প্ৰথম কেইমাহমান আৰু প্ৰসৱৰ আগৰ কেই সপ্তাহমান সময়ত চালফ’নেমাইদৰ ঔষধসমুহ ব্যৱহাৰ নকৰাটোৱেই বাঞ্জনীয়।
  • কৰ্কট ৰোগ চিকিৎসা কৰাৰ বাবে ব্যৱহাৰ কৰা ঔষধ:জীৱদেহৰ খৰতকীয়াকৈ বঢ়া কোষবিলাক ধ্বংস কৰিব পৰা শক্তিসম্পন্ন ঔষধেই কৰ্কট ৰোগৰ প্ৰতিৰোধক।ভ্ৰুণৰ পেশীসমুহহো অতি দ্ৰুতভাৱে বৃদ্ধি পায়।গৰ্ভাৱস্থাতে এনে কৰ্কট ৰোগ প্ৰতিৰোধক ঔষধ খোৱাৰ ফলত ভ্ৰুণৰ বা গৰ্ভস্থ সন্তানৰ মৃত্যু ঘটাও অস্বাভাৱিক নহয়।গতিকে গৰ্ভাৱস্থাত বা প্ৰসৱ হৈ নোযোৱালৈকে এনে অনিষ্টকৰ চিকিৎসা নকৰি চিকিৎসা পদ্ধতি পিছুৱাই দিব লাগে।যি ক্ষেত্ৰত পিছলৈ অপেক্ষা কৰা সম্ভৱপৰ নহয় তেনে ক্ষেত্ৰত প্ৰথমেই ভ্ৰুণটো নষ্ট কৰি পেলোৱা যুগুত।

অন্যান্য দৰব কিছুমানো চিকিৎসকসকলে সঘনাই ব্যৱহাৰ কৰে যদিও গৰ্ভৱতী তিৰোতাৰ ক্ষেত্ৰত এই ঔষধসমুহৰ কু-প্ৰতিক্ৰিয়া যিমানেই সামান্য নহওঁক কিয়,চিকিৎসকসকলক সাৱধান হোৱা উচিত।

  • Cortisone:এন্দুৰৰ ওপৰত কৰা পৰীক্ষা আৰু গৰ্ভৱতী তিৰোতাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ পৰা এইটো নি:সন্দেহে ক’ব পাৰি যে কৰ্টিচন,হাইড্ৰ’কৰ্টিচন আৰু এ.চি.টি.এইছে (A.C.T.H.)এন্দুৰৰ তালুত ফাটৰ সৃষ্টি কৰে আৰু মানুহৰ ক্ষেত্ৰতো তেনে বিকৃতি সম্ভৱপৰ।কিন্তু এনে ধৰণৰ বিকলাঙ্গ শিশুৰ জন্ম হোৱা কাচিতহে শুনা যায়।সেইবাবেই সগৰ্ভা নাৰীৰ ৰোগ নিৰাময়ৰ বাবে যদি কৰ্টিচন প্ৰয়োগ কৰাটো নিতান্তই প্ৰয়োজন,তেনেহ’লে ৰোগীক এই ঔষধৰ পৰা বঞ্চিত কৰাটোও অনুচিত।
  • যৌন হৰমোন:গৰ্ভাৱস্থাত Oestrogen আৰু Progesterone প্ৰচুৰ পৰিমাণে উৎপাদিত হয়।কেতিয়াবা গৰ্ভাৱস্থাত এনে হৰমোনবিলাক প্ৰয়োগ কৰাৰ ফলত ভ্ৰুণৰ দেহৰ ভিতৰত স্ত্ৰী আৰু পুং দুয়োটা লিঙ্গৰ মিশ্ৰণ ঘটিব পাৰে।17-oxy—hydroxyl –progesterone caproate ৰ মাজতো এনে দোষ থাকিব পাৰে।এনেবিলাক ঔষধ মাহেকীয়াৰ দিন পাৰ হৈ গ’লে গৰ্ভাধাৰণ হৈছেনে নাই তাৰ পৰীক্ষা কৰিবলৈ বা অনিয়মিতভাৱে গৰ্ভ প্ৰতিৰোধক পিল খাই থকাৰ ফলত গৰ্ভসঞ্চাৰ হ’লে বা গৰ্ভধাৰণ হোৱা সম্পৰ্কে সুনিশ্চিত নহ’লে অথবা আশ্ংকিত গৰ্ভস্ৰাৱ আদিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
  • ছিটা বা ভেকছিন:গৰ্ভধাৰণ কৰি থকা সময়ছোৱাত ‘জীৱিত জীৱাণু প্ৰতিৰোধক ছিটা’যেনে-বসন্ত,টাইফয়ড ইত্যাদিৰ ছিটা লোৱা উচিত নহয়।ধনুষ্টঙ্কাৰ ৰোগৰ ছিটা এই সময়তেই ল’ব লাগে।তথাপিও সকলো সময়তেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

আধুনিক চিকিৎসা বিজ্ঞানৰ দ্বাৰা গৰ্ভস্থ সন্তানৰ বৃদ্ধি নিৰ্ণয়

 

গৰ্ভস্থ সন্তানটি কেইমহীয়া হৈছে,সন্তানৰ যথাযথ বৃদ্ধি হৈছে নে,নাইবা শাৰীৰিক খুঁত আছে নেকি অথবা প্ৰয়োজন অনুসৰি গৰ্ভাৱস্থাৰ কোনটো সময়ত প্ৰসৱ ঘটোৱা ভাল হ’ব ইত্যাদি জানিবলৈ বহুতো আধুনিক ধৰণৰ যন্ত্ৰপাতিৰ উদ্ভাৱন হৈছে।

ইন্দ্ৰিয় বৰ্হিভুত শব্দই (আলট্ৰাচাউণ্ড)তৰঙ্গ হিচাপে মানুহৰ শৰীৰত প্ৰৱেশ কৰি ঘুৰি আহি বৈদ্যুতিক ব্যৱস্থাৰ মাধ্যমেদি কিছুমান ছবিৰ সৃষ্টি কৰে।এনেবোৰ ছবিৰ জৰিয়তে গৰ্ভস্থ ভ্ৰুণৰ অৱস্থান,বৃদ্ধি আদিৰ বিষয়ে নিৰ্ভৰযোগ্যভাৱে জানিব পৰা যায়।ইয়াৰ বাহিৰেও গৰ্ভস্থ সন্তানটোৰ কিবা বৈকল্য থাকিলে এই যন্ত্ৰৰ সহায়ত ধৰা পেলাব পাৰি।এনেকি গৰ্ভস্থ সন্তানৰ ওজনৰ বিষয়েও আভাস পাব পাৰি।এই শব্দ তৰঙ্গ উৎপত্তিকাৰী যন্ত্ৰৰ সুবিধাটো হ’ল যে ইয়াক ব্যৱহাৰ কৰিলে গৰ্ভস্থ ভ্ৰুণৰ কোনো ক্ষতি নহয়।ইয়াৰ বাদেও এই যন্ত্ৰৰ সহায়ত জৰায়ুৰ অভ্যন্তৰভাগ বিশদভাৱে পৰীক্ষা কৰা আৰু পানীমোনাখনৰ পানী আৰু ভ্ৰুণৰ তেজ পৰীক্ষা কৰি শিশুৰ বিভিন্ন জন্মগত ৰোগৰ বিষয়েও জানিব পাৰি।যিসকল মাতৃৰ পুৰ্বৰ সন্তানৰ কিবা জন্মগত ৰোগ আছিল বা আছে যিসকল মাক বা দেউতাকৰ নিজৰ কোনো জন্মগত ৰোগ আছে,সেইসকলৰ ক্ষেত্ৰত এইবোৰ পৰীক্ষা বিশেষ দৰকাৰ।

প্ৰাসঙ্গিকভাৱে এইখিনিতে উল্লেখ কৰিব খোজো যে এনেবোৰ যন্ত্ৰৰ সুবিধাৰ লগে লগে নানা অসুবিধাও আছে।যাৰ ফলত বিশেষকৈ ‘কৰিয়নিক ভিলাছ বায়োপছি’ নামৰ এটা পৰীক্ষাত ফুলৰ কিছু অংশ আহৰণ কৰি শিশুৰ নানা ৰোগ নিৰ্ণয় কৰা হয়।আলট্ৰাচাউণ্ড পৰীক্ষাৰ সহায়ত গৰ্ভস্থ ভ্ৰুণৰ লিঙ্গও ধৰা পেলাব পাৰি।এই সুবিধাটোক বহুতে অবাঞ্জনীয় ভাবে ব্যৱহাৰ কৰে।অৰ্থাৎ সৰ্ভস্থ সন্তানটি স্ত্ৰীলিঙ্গ হ’লে ভ্ৰুণ হত্যা কৰে।কোনো বিবেক সম্পন্ন চিকিৎসক আৰু নাগৰিক এনে কাৰ্যত লিপ্ত হোৱা উচিত নহয়।

এইখিনিতে আন এটি কথা উল্লেখ কৰা ভাল যে,গৰ্ভধাৰণৰ সময়ছোৱাত বাৰে বাৰে পেটৰ এক্সৰে কৰা উচিত নহয়।প্ৰয়োজন অনুসৰি যেতিয়া দৰকাৰ অৰ্থাৎ গৰ্ভধাৰণ কৰাৰ ৩৬ সপ্তাহৰ পাছত এবাৰ এক্সৰে কৰিলেও কোনো ক্ষতি নহয়।

সদৌ শেষত উল্লেখ কৰো যে গৰ্ভস্থ সন্তানৰ বিকাশৰ হাৰ নিৰ্ভৰ কৰে গৰ্ভৱতী মাতৃৰ নিজৰ স্বাস্থ্যৰ প্ৰতি লোৱা যতন,খোৱা-বোৱা ইথাদি কাৰকৰ ওপৰত।সেয়েহে গৰ্ভধাৰণৰ সময়ছোৱাত কিদৰে নিজৰ শৰীৰৰ যতন ল’ব লাগিব,কেতিয়া কেনেকুৱা পৰিস্থিতি বিশেষে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চলিব লাগিব আৰু কি কি পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব-এই আটাইখিনি এগৰাকী মাতৃয়ে ভালদৰে জনা দৰকাৰ।কাৰণ শিশুৰ প্ৰতি মাকৰ যি দায়িত্ব,তাৰ আৰম্ভণি ঘটে ভ্ৰুণ অৱস্থাৰ পৰাই।

শিশুৰ কেতবোৰ ৰোগ

শিশুৰ জন্মৰ পাছত নৱজাতকে জন্মগত ৰোগৰ বাহিৰেও কিছুমান অসুখত আক্ৰান্ত হব পাৰে।

নিউমোনিয়া:বীজাণু সংক্ৰমণৰ বাবে সৃষ্টি হোৱা হাওঁফাওঁৰ (Lungs)প্ৰদাহক নিউমোনিয়া বোলে।এই প্ৰদাহ বেক্টেৰিয়া,ভাইৰাছ আৰু ভেঁকুৰৰ বাবে হব পাৰে।মানুহৰ দেহৰ ভিতৰত দুটা হাওঁফাওঁ থাকে-সোঁ আৰু বাওঁ।হাওঁফাওঁৰ ঘাই কাম হৈছে তেজত জমা হোৱা কাৰ্বন-ডাই-অক্সাইড শৰীৰৰ পৰা বাহিৰ কৰি দিয়া আৰু বায়ুমণ্ডলৰ পৰা অম্লজান গ্ৰহণ কৰা।এই অম্লজান শ্বাসনলীয়েদি (Trachea)হাওঁফাওঁ পায়গৈ।এই শ্বাসনলী আকৌ দুটা ক্লোম শাখা বা ব্ৰঙ্কাছত (Bronchus)বিভক্ত হৈ সোঁ আৰু বাওঁ হাওঁফাওঁলৈ সোমাই যায়।প্ৰতিটো ক্লোম শাখা বা ব্ৰঙ্কাছ আকৌ ভালেখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ উপক্লোম শাখালৈ (Bronchiole)বিভাজিত হৈছে।শেষ ক্লোম শাখাবোৰ (Terminal Bronchiole)হাওঁফাওঁৰ নিচেই পাতলীয়া এককোষী বায়ুথলীত (Alvolus)অন্ত হয়।এই বায়ুথলীত থকা নিচেই ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰক্ত জালিকা বা কেপিলাৰিৰ জৰিয়তে কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান-প্ৰদান ঘটে।মাতৃ দেহৰ পৰা পৰিশোধিত তেজ ফুল (Placenta)ৰ জৰিয়তে জৰায়ুত প্ৰৱেশ কৰে আৰু এই তেজ ভ্ৰুণৰ দেহ পায়গৈ।

জন্মৰ পাছতেই শিশুৰ নিউমোনিয়া ৰোগ হব পাৰে,যাৰ ঘাই কাৰণ হৈছে নিউমোকক্কাছ,ষ্ট্ৰেপটোকক্কাছ,ষ্ট্ৰেফাইলোকক্কাছ,লেজিঅনেলা হিমোফাইলাছ আদি বেক্টেৰিয়াসমুহ।অপুষ্টি আদি অৱস্থাত ভুগি থকা শিশুৰ নিউমোনিয়া বেছিকৈ হব পাৰে।শিশুৰ নিউমোনিয়া হ’লে মাৰাত্মক পৰিণতি (আনকি মৃত্যুও )হব পাৰে।

 

জীৱাণুৰবোৰ  ঘাইকৈ উশাহৰ সৈতে হাওঁফাওঁত প্ৰৱেশ কৰে আৰু কোনো এটা অংশত স্থায়ীভাৱে প্ৰদাহৰ সৃষ্টি কৰে আৰু ফলত সেই ঠাইত বিভিন্ন ৰক্ত কণিকাৰ (ঘাইকৈ শ্বেতৰক্ত কণিকাৰ)সমাৱেশ ঘটে।ইয়াৰ ফলত পুৰ্বতে বায়ুপুৰ্ণ বায়ুথলীসমুহ ক্ৰমান্বয়ে ৰক্ত কণিকা,জীৱাণুৰ ধ্বংসাৱশেষ আৰু নানা ধৰণৰ পদাৰ্থৰ দ্বাৰা পৰিপুৰ্ণ হৈ কঠিন হৈ যায়।ইয়াকে কঠিনীভাৱ  বা Consolidation বোলে। ৰোগী এনে অৱস্থাত ক্ৰমান্বয়ে অসুস্থ হৈ পৰে আৰু হাওঁফাওঁত জমা হৈ থকা নানা পদাৰ্থ কাহৰ সৈতে বাহিৰলৈ ওলাই আহে আৰু লাহে লাহে চিকিৎসাৰ ফলত এই হাওঁফাওঁ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে।ইয়াকে স্বাভাৱিক অৱস্থালৈ প্ৰত্যাৱৰ্তন (Resolution)বোলে।

এই ৰোগত আক্ৰমণ হঠাতে বা লাহে লাহে হব পাৰে।ঘাই উপসৰ্গবোৰ হৈছে-(১)তীব্ৰ জ্বৰ উঠিব পাৰে(জ্বৰৰ তীব্ৰতা ১০৪০ ১০৫০ ডিগ্ৰী ফাৰেণহাইটলৈ উঠিব পাৰে)।জ্বৰৰ লগতে শিশুৰ হাত-ভৰি কঁপিব পাৰে।(২)বুকুৰ বিষ হব পাৰে।(৩)উশাহ-নিশাহ লওঁতে কষ্ট অনুভৱ কৰিব পাৰে (৪)কাহ হব পাৰে।গুৰুতৰ ধৰণৰ জীৱাণুৰ আক্ৰমণৰ হেতুকে ৰোগী বিকাৰগ্ৰস্ত হৈ অজ্ঞান হব পাৰে।(৫)ৰোগৰ প্ৰথম পৰ্যায়ত মুৰৰ বিষ,অৰুচি আদি নানা ধৰণৰ উপসৰ্গই দেখা দিব পাৰে।(৬)নাড়ীৰ গতি আৰু লগতে উশাহ-নিশাহৰ গতিও দ্ৰুততৰ হয়গৈ।(৭)জিভা,ওঁঠ,নখ আৰু আঙুলিৰ পতা নীলাভ হৈ যাব পাৰে।(৮)ওঁঠৰ দুয়োটা কাণত জ্বৰ শুং (Herpes Labialis) ওলোৱাটো এই ৰোগৰ এক উপসৰ্গ।(৯)হাওঁফাওঁৰ ওপৰত ষ্টেথোছস্কোপ লগালে উশাহৰ শব্দৰ বৈশিষ্ট্যৰ পৰিৱৰ্তন গম পোৱা যায়।

ৰোগ নিৰাময়ৰ উপায়:

 

(১)তেজৰ ৰুটিন পৰীক্ষা ঘাইকৈ শ্বেতৰক্ত কণিকাৰ পৰিমাণ (২)খেকাৰ পৰীক্ষা(৩)খেকাৰত বীজাণুৰ অস্তিত্বৰ প্ৰমাণ (Sputum Culture)(৪)নাক আৰু ডিঙিত বীজাণুৰ অস্তিত্ব প্ৰমাণ (৫)হাওঁফাওঁৰ এক্সৰে।

চিকিৎসা

(১)জিৰণি (২)অম্লজান (৩)শ্বাসনলীৰ অভ্যন্তৰ পৰিষ্কাৰ কৰা (৪)বীজাণুনাশক দৰব প্ৰয়োগ।খেকাৰত যি ধৰণৰ বীজাণু পোৱা যায় সেই বীজাণুৰ বিপক্ষে ফলপ্ৰসু দৰব প্ৰয়োগ কৰিব লাগে।

পেটৰ ৰোগ বা আন্ত্ৰিক ৰোগ

প্ৰকৃততে আন্ত্ৰিক কোনো বিশেষ ৰোগৰ নাম নহয়।ৰোগৰ বীজাণুৰ সংক্ৰমণৰ ফলত অন্ত্ৰৰ (Intestine)প্ৰদাহজনিত অৱস্থাক আন্ত্ৰিক ৰগ বোলে।বেক্টেৰিয়া,ভাইৰাছ বা প্ৰটোজোৱা আদি বীজাণুৰ সংক্ৰমণৰ বাবে অন্ত্ৰৰ প্ৰদাহ হব পাৰে।ঘাইকৈ ছিগেলাগোষ্ঠী,ছালমোনেলা আৰু ই-কলাই বীজাণুৱেই হৈছে ইয়াৰ ঘাই কাৰণ।দুষিত পানী আৰু খোৱাবস্ত্তৰ জৰিয়তে এই ৰোগৰ বীজাণু মানৱ দেহত প্ৰৱেশ কৰে আৰু ক্ষুদ্ৰান্তত (Small Intestine)আশ্ৰয় লৈ স্থানীয়ভাৱে প্ৰদাহৰ সৃষ্টি কৰে।ই এক ধৰণৰ বিষাক্ত পদাৰ্থৰ (Toxin) সৃষ্টি কৰে,যি মানুহৰ শৰীৰৰ পক্ষে ক্ষতিকাৰক।প্ৰতি বছৰেই গৰমকালি এই ৰোগ হোৱা দেখা যায়।অস্বাস্থ্যকৰ পৰিবেশ,সাধাৰণ স্বাস্থ্যবিধি সম্বন্ধে অজ্ঞতা আৰু অতিৰিক্ত জনসংখ্যাই এই ৰোগ বিয়পাত সহায় কৰে।এই ৰোগ হ’লে ৰোগীৰ পনীয়া শৌচ ২০-৪০ বাৰলৈকে হব পাৰে।শৌচৰ লগত তেজ নিৰ্গত হব পাৰে।তদুপৰি বমি আৰু পেটৰ মাংসপেশীৰ কামোৰণি হব পাৰে।পাতলীয়া জ্বৰ হব পাৰে আৰু শিশুৰ ক্ষেত্ৰত জ্বৰ বেছি হব পাৰে।শৌচৰ লগত ভালেখিনি পানী আৰু লৱণজাতীয় পদাৰ্থ নিৰ্গত হোৱা বাবে ৰক্তচাপ কমি যায়।কিছুমান ক্ষেত্ৰত ৰক্ত কণিকা নষ্ট হৈ যায় আৰু কিডনিৰ কাম-কাজত খেলি-মেলিয়ে দেখা দিব পাৰে।শৌচত থকা বীজাণু ‘কালচাৰ’কৰি এই ৰোগৰ বিষয়ে নিশ্চিত হব পাৰি।ৰোগৰ চিকিৎসাৰ এটা ঘাই অঙ্গ হৈছে দেহৰ পৰা ওলাই যোৱা লৱণ আৰু পানীৰ অভাৱ পুৰণ কৰা।এইবাবে পানীত চেনি আৰু নিমখ মিহলাই ৰোগীক খাবলৈ দিব লাগে।গুৰুতৰ অৱস্থাত থকা ৰোগীয়ে মুখেদি খাব নোৱাৰিলে চেলাইন শিৰাইদি দিব লাগে।এই ৰোগৰ বাবে ফলপ্ৰসু প্ৰতিজৈৱিক দৰব হৈছে-(১)নৰফ্লোকচাছিন (২)টিনিডাজল (৩)নালিডিকছিক এছিড আদি।

ৰোগৰ প্ৰতিকাৰৰ লগতে ৰোগৰ প্ৰতিৰোধ কৰাও কাম্য।প্ৰতিৰোধ কৰাৰ বাবে নিম্নোক্ত উপায়সমুহ অৱলম্বন কৰিব লাগে।(১)বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা-পানী উতলাই খোৱা আৰু জিঅ’লিনৰ ব্যৱস্থা (৩)জনগণৰ স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা (৪)ব্যক্তিগত সুস্বাস্থ্য ৰক্ষাৰ বাবে সতৰ্ক হোৱা (৫)হোটেল,ৰেস্তোৰাঁ আদিত খোৱা নিয়ন্ত্ৰণ কৰিব লাগে।

পথ্য

 

সহজে হজম হোৱা খাদ্য পথ্য হিচাপে গ্ৰহণ কৰিব পাৰি।মাথোঁ পানী বা বাৰ্লি খাই জীৱাই থকাৰ প্ৰয়োজন নাই।সাধাৰণতে নৱজাত শিশুৰ ক্ষেত্ৰত ভাইৰাছৰ আক্ৰমণৰ বাবে এই ৰোগ হয়।

কিছুমান ৰোগ বিশেষভাৱে প্ৰাপ্তবয়স্ক অৱস্থাত হোৱা দেখা যায় যদিও শৈশৱ কালতো এইবিলাকৰ প্ৰাৰ্দুভাৱ বেছি।তেনে কেইবিধমান ৰোগৰ বিষয়ে তলত দিয়া হ’ল।

মেৰুদণ্ডী প্ৰাণীৰ দুটা বৃক্ক বা কিডনি মেৰুদণ্ডৰ দুয়োকাষে থাকে।প্ৰতিটো কিডনি দুটা তৰপত বিভক্ত।বাহিৰৰ অংশটোক কৰ্টেক্স (Cortex)আৰু ভিতৰৰ অংশটোক( Medula)বোলে।কিডনিৰ গাঁঠনিগত একক (Unit)হৈছে নেফ্ৰন (Nephron) ।প্ৰতিটো কিডনিতে প্ৰায় এক নিযুত নেফ্ৰন থাকে।প্ৰতিটো নেফ্ৰনৰ আকৌ দুটা ভাগ আছে।

  • মালপজিয়ান (Malpghian)বডি:ই হৈছে নেফ্ৰনৰ স্ফীত অংশ।একস্তৰীয় কোষযুক্ত পিয়লাৰ আকৃতিৰ বোমন কেপছুল (Bowman Capsule)আৰু ইয়াৰ মাজত অৱস্থিত ৰক্তজালিকাৰ গুচ্ছৰ দ্বাৰা গঠিত গ্লোমেৰুলাছ (Glomerulus)।আনটো অংশ হৈছে ৰেচন নলিকা (Renal Tubules)।
  • কিডনিৰ কাম-কাজ:(১)শৰীৰত পানীৰ পৰিমাণ সঠিক হিচাপত ৰখা (২)শৰীৰত লৱণৰ পৰিমাণ ঠিক মাত্ৰাত ৰখা (৩)শৰীৰৰ নানা তৰল অংশৰ পি.এইছ. বা ক্ষাৰ –অম্লৰ সমতা ৰক্ষা কৰা (৪)বৰ্জিত পদাৰ্থসমুহ শৰীৰৰ পৰা নিৰ্গমনৰ ব্যৱস্থা কৰা (৫)শৰীৰৰ বাবে প্ৰয়োজন হোৱা পদাৰ্থসমুহ আৰু পানীৰ পুন:শোষণ কৰা।

বৃক্ক বা কিডনিৰ প্ৰদাহকে নেফ্ৰাইটিছ বোলে।ই জীৱাণুৰ আক্ৰমণৰ বাবে হব পাৰে।ইয়াৰ কেইটামান গুৰুত্বপুৰ্ণ প্ৰকাৰ হৈছে (১)একিউট নেফ্ৰাইটিছ (২)নেফ্ৰাইটিক ছিনড্ৰোম আৰু (৩)ক্ৰণিক নেফ্ৰাইটিছ।ইয়াৰে প্ৰথমবিধ শৈশৱ আৰু কৈশোৰ কালত বেছিকৈ হোৱা দেখা যায়।ৰাতিপুৱা শুই উঠাৰ পিছত দাপোণত নিজৰ মুখখন চালে দেখা যায় যে চকুৰ পতা আৰু মুখমণ্ডল ফুলি আছে।ক্ৰমান্বয়ে সময়ৰ সোঁতত হাত আৰু ভৰিও ফুলি যায়,প্ৰস্ৰাৱৰ পৰিমাণ টুটি যায় আৰু প্ৰস্ৰাৱৰ সৈতে কেতিয়াবা তেজ নিৰ্গত হ’ব পাৰে।শিশুৰ কাচিৎ কঁপনিও (Convulsion) হব পাৰে।নেফ্ৰাইটিছৰ উপসৰ্গসমুহ দেখা দিয়ে পুৰ্বে বহু ক্ষেত্ৰত টনছিলৰ প্ৰদাহৰ বুৰঞ্জীও ৰোগীয়ে দিব পাৰে।এই প্ৰদাহ ঘাইকৈ ষ্ট্ৰেপটোকক্কাছ হিমোলাইটিকাছ (Streptococcus haemoliticus)নামৰ বীজাণুৰ দ্বাৰা হয়।

ৰোগীক পৰীক্ষা কৰিলে দেখা যায় যে চকুৰ পতা,মুখ,ভৰি আৰু হাত ফুলি আছে,ৰক্তচাপ বাঢ়ি গৈছে-এনেকি শিশুৰো ৰক্তচাপ বাঢ়ি যোৱা দেখা যায়।ৰোগ নিৰ্ধাৰণৰ বাবে প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ দৰকাৰ হয়।প্ৰস্ৰাৱ ৰঙচুৱা বৰণৰ হয় আৰু এলবুমিন তথা তেজৰ  কণিকা থকাটো ধৰা পৰে।বহু সময়ত তেজত ইউৰিয়াৰ পৰিমাণ বেছি থাকে।

চিকিৎসা

 

(১)জিৰণি লোৱাটো ৰোগীৰ বাবে অত্যন্ত জৰুৰী।প্ৰস্ৰাৱত এলবুমিনৰ উপস্থিতি পোৱালৈকে ঠাণ্ডা লগোৱা বাৰণ কৰিব লাগে।(২)প্ৰাথমিকভাৱে টনছিলৰ প্ৰদাহৰ বাবে জীৱাণুনাশক দৰব ব্যৱহাৰ কৰিবলগীয়া হয়।(৩)নিমখ আৰু আমিষজাতীয় খাদ্য (তেজত ইউৰিয়াৰ মাত্ৰা বেছি হ’লে )সম্ভৱপৰ ক্ষেত্ৰত বৰ্জনীয়।শিশুৰ ক্ষেত্ৰত গাখীৰ ভাতেই হৈছে উত্তম আহাৰ ।(৪)মুখ বা ভৰি ফুলি থাকিলে ডাইইউৰেটিক (Diuretic)শ্ৰেণীৰ দৰব ব্যৱহাৰ কৰা হয়।সাধাৰণভাৱে ক’ব পাৰি যে আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ৮৫% সম্পুৰ্ণ সুস্থ হৈ উঠে ,১০% ৰোগী ক্ৰণিক নেফ্ৰাইটিছ পৰ্য্যায়লৈ যায় আৰু বাকী ৫% ৰোগীৰ মৃত্যু হয়।

জন্মগতভাৱে হোৱা কলিজাৰ অসুখ

 

কেতবোৰ কলিজাৰ ৰোগ আক্ৰান্ত ব্যক্তিৰ দেহত জন্মৰে পৰাই থকা দেখা যায়।সাধাৰণতে কলিজাৰ গাঁঠনিত ক্ৰুটিৰ বাবে এনে ৰোগ হয়।ঘাই অসুখবোৰ হৈছে-

আন্ত:অলিন্দীয় বেৰত থকা ছিদ্ৰ (Artial Septal defect):এই ৰোগ জন্মগতভাৱে হ’লে প্ৰাপ্তবয়স্ক অৱস্থাতহে সাধাৰণতে ধৰা পৰে।বাওঁ অলিন্দৰ তেজৰ চাপ সোঁ অলিন্দতকৈ বেছি হোৱা হেতুকে ছিদ্ৰৰ মাজেদি তেজ বাওঁৰ পৰা সোঁ অলিন্দলৈ প্ৰৱেশ কৰে।ফলত সোঁ অলিন্দ আৰু নিলয়ৰ মাংসপেশীৰ বৃদ্ধি হয়।এনেবোৰ ৰোগীয়ে উশাহ-নিশাহ লওঁতে কষ্ট পায় আৰু সঘনাই কাহ পানীলগআ ৰোগত ভোগে।ৰোগ নিৰ্ধাৰণৰ বাবে শল্য চিকিৎসাৰ দৰকাৰ।কলিজা উন্মুক্ত কৰি ছিদ্ৰৰ (Open Heart Surgery)মেৰামতি কৰা হয়।

  • আন্ত:নিলয় বেৰৰ ছিদ্ৰ :

(Ventricular Septal Defect):বাওঁ নিলয়ৰ মাংসপেশী সোঁ পিনৰ  তুলনাত বেছি শক্তিশালী আৰু সেয়েহে তেজ সদায়েই বাওঁপিনৰ পৰা সোঁ নিলয়লৈ যায়।অতি কম বয়সতে এই ৰোগৰ লক্ষণসমুহ পৰিস্ফুট হয়।এনে ৰোগীসকলে অতি সামান্য কষ্ট কৰিলেই শ্বাসকষ্ট,বুকুৰ বিষ অনুভৱ কৰে আৰু কাহৰ সৈতে তেজ যাব পাৰে।এই ৰোগ হ’লেও কলিজা উন্মুক্ত কৰি শল্য চিকিৎসাৰ দ্বাৰা

(Open Heart Surgery)ছিদ্ৰ মেৰামতি কৰি ৰোগ নিৰাময় কৰা হয়।

  • ফেলোটছ টেট্ৰালোজী(Fallot’s Tetralogy):জন্মগতভাৱে হোৱা এই অসুখত ৰোগীৰ ওঁঠ,জিভা ,নখ ইত্যাদি নীলা বৰণীয়া হৈ পৰে।শৈশৱ অৱস্থাতে এই ৰোগ ধৰা পৰে।জন্মগতভাৱে হোৱা কলিজাৰ ৰোগীৰ ১০% এই ৰোগত আক্ৰান্ত।এই ৰোগ হ’লে চাৰিটা ক্ৰুটি কলিজাত দেখা যায়।সেইবোৰ হৈছে-(ক)আন্ত:নিলয় বেৰৰ ছিদ্ৰ (খ)সোঁ নিলয়ৰ বহি:ৰ্গমন পথৰ বাধা (গ)সোঁ নিলয়ৰ মাংসপেশীৰ আকাৰ বৃদ্ধি (ঘ)মহাধমনী সোঁ আৰু বাওঁ নিলয়ৰ পৰা একেলগে উৎপত্তি (Overriding)হয়।ইয়াৰ ফলত দুষিত আৰু বিশুদ্ধ তেজৰ সংমিশ্ৰণ ঘটে।এই ৰোগৰ ঘাই উপসৰ্গসমুহ হ’ল-শ্বাস কষ্ট  ,কাহ সঘনাই বীজাণুজনিত ৰোগৰ আক্ৰমণ আৰু মাজে মাজে অজ্ঞান হৈ যোৱা আদি।হাত আৰু ভৰিৰ আঙুলিৰ মুৰ ফুলি উঠিব (Clubbing)পাৰে।এক্সৰে ,ই.চি.জি.ইকোকাৰ্ডিঅ’গ্ৰাফ আদিৰ দ্বাৰা ৰোগ সঠিকভাৱে নিৰ্ধাৰণ কৰা হয়।এই ৰোগৰো চিকিৎসা হৈছে  Open Heart Surgery ।
  • মহাধমনীৰ সংকোচন:(Coarctation of Aorta):জন্মগতভাৱে হোৱা এই অসুখত মহাধমনীৰ ঠায়ে ঠায়ে সংকোচন ঘটাৰ ফলত তেনেবোৰ স্থান সৰু হৈ যায় আৰু ফলত দেহৰ বিভিন্ন ঠাইলৈ বিশেষকৈ ভৰি,পেট আৰু কেতিয়াবা বাওঁহাত তথা মগজুলৈ তেজ চলাচল হ্ৰাস পায়।Coarctation শব্দটিৰ উৎপত্তি হৈছে গ্ৰীক শব্দ Coarctatus ৰ পৰা –যাৰ অৰ্থ হৈছে হেঁচা বা সৰু।জন্মগত ৰোগ হ’লেও সৰহ ভাগ ক্ষেত্ৰতে প্ৰাপ্তবয়স্ক অৱস্থাতহে এই ৰোগ ধৰা পৰে।নাৰীসকলৰ মাজত ইয়াৰ প্ৰাৰ্দুভাৱ অলপ হ’লেও বেছি।কলিজাৰ জন্মগত ৰোগীবোৰৰ ভিতৰত শতকৰা ৭৫ ভাগকেই এই অসুখত আক্ৰান্ত হোৱা দেখা যায়।ঘাই লক্ষণসমুহ হৈছে

(১)মুৰ ঘুৰোৱা (২)নাকেৰে তেজ ওলোৱা (৩)হাত-ভৰি চেঁচা পৰি যোৱা (৪)ঘুৰা-ফুৰা কৰিলে ভৰিত বিষ অনুভৱ কৰা(৫)ৰক্তচাপ বাঢ়ি যোৱা ।কিন্তু ভৰিৰ ৰক্তচাপ হাতৰ তুলনাত কম।ভৰিত ধমনীৰ স্পন্দনো কমকৈ পোৱা যায়।এক্সৰে ,ই.চি.জি. আৰু ইকোকাৰ্ডিঅ’গ্ৰাফী তথা এনজিঅ’গ্ৰাফীৰ (Angiography)দ্বাৰা এই ৰোগ নিৰ্ধাৰণ কৰা সম্ভৱপৰ হয়।শল্য চিকিৎসাৰ দ্বাৰা মহাধমনীৰ সৰু অংশ বাদ দি স্বাভাৱিক অংশবোৰ সংযোগ কৰা সম্ভৱপৰ।

  • পি.ডি.এ .(P.D.A):স্বাভাৱিক পৰিস্থিতিত গৰ্ভাৱস্থাত হাওঁফাওঁৰ কাম-কাজ আৰম্ভ হোৱাৰ পুৰ্বে পালমোনাৰী ধমনীৰ পৰা তেজ হাওঁফাওঁলৈ নগৈ ডাক্তাছ আৰ্টাৰিঅ’ছাছৰ (Ductus Arterious)জৰিয়তে মহাধমনীলৈ যায়।জন্মৰ পাছত হাওঁফাওঁৰ কাম-কাজ আৰম্ভ হ’লে এই বাটটো বন্ধ হৈ যায়।বহু সময়ত এই বাটটো বন্ধ নহৈ খোলা অৱস্থাত থাকে আৰু ইয়াৰ মাজেদি তেজ চলাচল কৰে।ইয়াৰ ফলত শিশুৰ কলিজাত এক ধ্বনি  (Murmur) শুনা যায়।শল্য  চিকিৎসাৰ দ্বাৰা এই ৰোগৰ চিকিৎসা কৰিব পৰা যায়।

 

উৎস:স্বাস্থ্য

3.03571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top