মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / গৰ্ভাৱস্থা আগতীয়া সাৱধানতা আৰু সতৰ্কতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থা আগতীয়া সাৱধানতা আৰু সতৰ্কতা

গৰ্ভাৱস্থা আগতীয়া সাৱধানতা আৰু সতৰ্কতাৰ বিষয়ে লিখা হৈছে ।

 

পৰিকল্পিত গৰ্ভধাৰণে গৰ্ভাৱস্থাত দেখা দিব পৰা প্ৰতিকূল পৰিৱেশসমূহ চিনাক্ত কৰি দূৰ কৰাৰ ফলত মাক আৰু গৰ্ভস্থ সন্তানটিৰ কোনো হানি-বিঘিনি নোহোৱাকৈ গৰ্ভকাল পাৰ হয় । তলত কেতবোৰ প্ৰধান প্ৰধান কাৰকৰ বিষয়ে আলোচনা কৰো আহক ।

মধুমেহ ৰোগ -

মধুমেহ ৰোগত ভোগা মহিলাসকলে গৰ্ভধাৰণৰ পূৰ্বেই তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে । তেনে কৰাৰ ফলত মাক আৰু গৰ্ভস্থ সন্তানটিৰ দুয়োৰে কোনো হানি-বিঘিনি নোহোৱাকৈ গৰ্ভকাল পাৰ হয় । তেজক শৰ্কৰাৰ পৰিমাণ, খালী পেটত ৯৫ মি: গ্ৰাম আৰু খোৱাৰ ২ ঘণ্টাৰ পিছত ১২৫ মি: গ্ৰাম থকা দৰকাৰ । তেজত শৰ্কৰাৰ পৰিমাণ সঠিকভাৱে নৰখাৰ ফলত মাকগৰাকী উচ্চ ৰক্তচাপ, হাইপাৰগ্লাইছেমিয়া, কিট’এছিছছিছ আদিত ভুগিব পাৰে । সাধাৰণ প্ৰসৱ নহৈ অস্ত্ৰোপচাৰৰ সহায়ত প্ৰসৱ কৰোৱাৰ ফলত মাকজনীৰ জটিলতা বাঢ়ি যায় । ডায়েবেটিছত ভোগা মাকৰ গৰ্ভস্থ সন্তানটিৰ নানা ধৰণৰ জন্মগত বিসংগতি দেখিবলৈ পোৱা যায় । এনেক্ষেত্ৰত মাক আৰু শিশু দুয়োৰে মৃত্যুৰ হাৰ বাঢ়ি যায় । শৰ্কৰাৰ পৰিমাণ নিয়মিত জোখত ৰাখিব পাৰিলে এনে বিপদ এৰাই চলিব পাৰি । কাউন্সেলিং এই ক্ষেত্ৰত অপৰিহাৰ্য ।

মৃগী ৰোগ -

মৃগী ৰোগত আক্ৰান্ত প্ৰসূতিগৰাকীৰ গৰ্ভস্থ সন্তানটিৰ জন্মগত বিসংগতিয়ে দেখা দিব পাৰে । যদিহে প্ৰসূতিগৰাকীয়ে এটাতকৈ অধিক মৃগী ৰোগৰ ঔষধ ব্যৱহাৰ কৰে, সন্তানৰ বিসংগতিৰ সংখ্যাও বৃদ্ধি পায় । সেয়েহে গৰ্ভধাৰণৰ আগেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ কম পৰিমাণৰ বা কোনো পাৰ্শ্বক্ৰিয়া নোহোৱা দৰব ব্যৱহাৰ কৰিব লাগে । এনে মহিলাই গৰ্ভধাৰণ কৰাৰ আগৰে পৰাই ফলিক এচিড খোৱাটো অতি দৰকাৰী । চিকিৎসকৰ পৰামৰ্শ মতে গৰ্ভাৱস্থাৰ প্ৰথম কিছুদিনৰ বাবে মৃগী ৰোগৰ ঔষধ নোখোৱাকৈও সন্তানটিৰ বিসংগতি কমাব পাৰি ।

বংশগত বেমাৰ :-

জন্মতে লৈ অহা ৰোগসমূহ, যেনে- ৰাজহাড়ৰ বিসংগতি, ফিনাইল কিটন’উৰিয়া, টাইচেক ডিজিজ, থেলাছেমিয়া কাউন্সেলিং কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰি সুফল পোৱা যায় ।

ফিনাইল কিটন’উৰিয়া-

এক জন্মগত বেমাৰ । গৰ্ভধাৰনৰ আগৰে পৰাই ফিনাইল এলামিন নথকা খাদ্য গ্ৰহণেৰে গৰ্ভস্থ সন্তানটিৰ বংশগত বিসংগতি ৰোধ কৰিব পাৰি ।

টাইচেক ডিজিজ :-

গৰ্ভৱতী মহিলাগৰাকী এই বেমাৰত আক্ৰান্ত হ’লে গৰ্ভস্থ সন্তানটিৰ জন্মৰ পিছত কম বয়সতে মৃত্যুমুখত পৰে ।

থেলাছেমিয়া :-

এই ৰোগত আক্ৰান্ত মহিলা এগৰাকীক গৰ্ভাৱস্থাৰ পূৰ্বেই কি কি ধৰণৰ সমস্যা ভৱিষ্যতে হ’ব পাৰে বুজাই দিয়া হয় । পুৰুষ আৰু মহিলা দুয়োগৰাকী থেলাছেমিয়াত আক্ৰান্ত হ’লে তেওঁলোকৰ মাজত বিয়া হ’বলৈ দিব নালাগে ।

বয়সৰ প্ৰভাৱ -

মাকজনীৰ বয়স ১৫ বছৰতকৈ কম বা ৩৫ বছৰতকৈ বেছি হ’লে বিসংগতিয়ে বেছিকৈ দেখা দিয়ে । কম বয়সত গৰ্ভধাৰণ কৰিলে ৰক্তহীনতা, গৰ্ভস্থ সন্তানটিৰ বয়স অনুপাতে কম-বৃদ্ধি হোৱা, আগতীয়াকৈ প্ৰসৱ আৰম্ভ হোৱা আদি উপসৰ্গসমূহে দেখা দিব পাৰে । তেনেদৰে মাকজনীৰ বয়স ৩৫ বছৰৰ ঊৰ্ধ্বৰ হ’লে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বিকলাংগ শিশুৰ জন্মৰ হাৰ বৃদ্ধি আদি সমস্যাৰ উদ্ভৱ হ’ব পাৰে । পুৰুষজনৰ অত্যধিক বয়সো বিকলাংগ শিশুৰ কাৰক হ’ব পাৰে । এনেবোৰ বিপদ আগতীয়াকৈ অনুধাৱন কৰি সঠিক বয়সত গৰ্ভধাৰণৰ উপদেশ দি শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ কমাব পাৰি ।

খাদ্যাভ্যাসৰ সালসলনি -

খাদ্যাভ্যাসৰ সালসলনি গৰ্ভাৱস্থাৰ পূৰ্বে দিয়া অন্য এক দৰকাৰী পৰামৰ্শ । যিবোৰ মহিলা অত্যধিক ওজনৰ, তেওঁলোকক ওজন কমোৱাৰ দিহা দিয়া হয় । শকত গৰ্ভৱতী মহিলাৰ উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগত ভুগিব পাৰে । ফলত আগতীয়া প্ৰসৱ, অপৈণত প্ৰসৱ তথা শিশু বিকাশত বাধা আহি পৰে । তেনে মহিলাৰ অস্ত্ৰোপচাৰৰ সংখ্যাও বাঢ়ি যায় । ফলত মাক আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি হয় । পুষ্টিহীনতাত ভোগা গৰ্ভৱতী মহিলাৰো একেই দশা । পুষ্টিহীনতাৰ পৰিপুষ্টি আৰু মেদবহুলতাৰ ওজন কমাই গৰ্ভাৱস্থাৰ আগেয়ে ঠিক-ঠাক কৰিলে প্ৰসৱৰ বিসংগতি কমে আৰু শিশু তথা মাতৃৰ মৃত্যুৰ হাৰ কমে ।

টিকাকৰণ -

গৰ্ভাৱস্থাৰ আগেয়ে মহিলাগৰাকীৰ টিকাকৰণৰ দিশটো চোৱা অতি জৰুৰী । ৰুবেলা, হেপাটাইটিছ-বিৰ টিকাকৰণ আগতীয়াকৈ কৰাব লাগে । গৰ্ভাৱস্থাৰ সময়ত ৰুবেলাৰ সংক্ৰমণ হ’লে সন্তান বিকলাংগ হোৱাৰ পূৰ্ণ আশংকা থাকে । এইটো মন কৰিব লাগে যে গৰ্ভাৱস্থাৰ সময়ত এই টিকাকৰণ কৰা নহয় । ই গৰ্ভৰ কাৰণে নিৰাপদ নহয় ।

তদুপৰি উচ্চ ৰক্তচাপ, বৃক্কৰ ৰোগী , হাপানী ৰোগী, হৃৎপিণ্ডৰ অসুখ থকা ৰোগী গৰ্ভধাৰণ কৰাৰ আগৰে পৰাই চিকিৎসকৰ পৰামৰ্শ মতে চলিলে বিপদৰ পৰা হাত সাৰিব পাৰে ।

ফলিক এচিড গৰ্ভধাৰণ কৰাৰ আগৰে পৰাই আৰম্ভ কৰিলে ৰাজহাড়ৰ বিভিন্ন বিসংগতিৰ পৰা হাত সাৰিব পাৰি ।

কৰিবলগীয়া পৰীক্ষাসমূহ -

গৰ্ভাৱস্থাত দেখা দিব পৰা বিসংগতিসমূহ আগতীয়াকৈ ধৰা পেলাবৰ বাবে কেতবোৰ পৰীক্ষা কৰা হয় । ইয়াক স্ক্ৰীনিং টেষ্ট বোলে । উদাহৰন স্বৰুপে ৰুবেলা, মাজু আই, হেপাটাইটিছ-বি ৰোগৰ প্ৰতিৰোধ ক্ষমতা মহিলাগৰাকীৰ আছে নে নাই পৰীক্ষা কৰি নাথাকিলে টিকা (ভেকচিন) দি এই ৰোগসমূহৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা হয়, যাতে গৰ্ভাৱস্থাত এনে ৰোগৰ সংক্ৰমনৰ পৰা হাত সাৰিব পাৰি । তেজৰ পৰীক্ষা কৰা হয় ৰক্তহীনতাৰ উপস্থিতি ধৰা পেলাবৰ বাবে । ৰক্তহীনতাত ভুগিলে চিকিৎসা কৰি তাক নিৰাময় কৰা হয় । যিবোৰ সম্প্ৰদায়ৰ ক্ৰুটিপূৰ্ণ হিম’গ্লবিন থকাৰ আশংকা থাকে, তেনে লোকৰ হিম’গ্লবিন ইলেক্ট্ৰ’ফ’ৰেছিছ কৰা হয় ।

মধুমেহ, বৃক্কৰ ৰোগ, হৃৎপিণ্ডৰ বিভিন্ন ৰোগৰ আগতীয়া পৰীক্ষাই গৰ্ভধাৰণৰ পূৰ্বে এই ৰোগসমূহৰ নিৰাময় বা চিকিৎসা কৰাৰ সুযোগ পোৱা যায় । গৰ্ভাৱস্থাই মাকজনীৰ অৱস্থা জটিল কৰি তোলাৰ আশংকা থাকিলে গৰ্ভধাৰণ বাৰণ বা গৰ্ভপাত কৰিব লগাতো পৰিব পাৰে । মাক-বাপেক দুয়োজন যদি বংশগত ৰোগৰ বাহক হয়, তেনেক্ষেত্ৰত গৰ্ভধাৰণ বাৰণ কৰা হয় । সেয়েহে স্ক্ৰীনিং টেষ্ট জৰুৰী ।

সেয়েহে গৰ্ভধাৰণ কৰাৰ আগেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী । সুস্থ-সবল মাতৃ এগৰাকীয়েহে সুস্থ-সবল শিশু এটিৰ জন্ম দিব পাৰে । সমাজৰ বাবে সুস্থ-সবল শিশু এক মহৎ অৱদান । যি ভৱিষ্যৎ সমাজৰ আশা হ’ব পাৰে । সেয়েহে ইংৰাজীত কয় – Plane your work, then work your plane

থাইৰয়ডৰ সমস্যা -

থাইৰয়ডৰ অসুখ থকা গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাৰ পূৰ্বৰে পৰাই ঔষধ ব্যৱহাৰ কৰিব লাগে । থাইৰয়ড হৰম’ন কম আৰু বেছি দুয়োটাই মাক আৰু সন্তানটিৰ বাবে বিপজ্জনক । থাইৰয়ড হৰম’ন বেছি হ’লে (হাইপাৰ থাইৰইডিজম), মাকজনী গৰ্ভাৱস্থাৰ সময়ত হৃৎপিণ্ড বিকল হৈ মৃত্যুমুখত পৰিব পাৰে । লগতে গৰ্ভপাত, গৰ্ভস্থ সন্তানটিৰ সময় মতে বৃদ্ধি নোহোৱা, জন্মতে মৃত্যুমুখত পৰা বা জন্মৰ পিছতে মৃত্যুমুখত পৰাৰ আংশকা থাকে । তেনেদৰে থাইৰয়ড হৰম’ন কম হ’লে (হাইপ’থাইৰডিজম) মাকজনী উচ্চ ৰক্তচাপ, ৰক্তহীনতাত ভুগিব পাৰে । এনে মাতৃৰ গৰ্ভপাত অপৈণত প্ৰসৱ, অপৈণত শিশুৰ জন্ম , জন্মতেই মৃত্যু হোৱা আদি কাৰকৰ উদ্ভৱ হ’ব পাৰে । এই দুয়োটা অৱস্থাত গৰ্ভধাৰণ কৰাৰ আগেয়ে চিকিৎসা কৰি মাক আৰু শিশু দুয়োকে বচাব পাৰি বা বিভিন্ন ধৰণৰ ওপৰত উল্লেখ কৰা কাৰকসমূহ দূৰ কৰিব পাৰি ।

ধুম্ৰপানৰ অপকাৰিতা -

গৰ্ভৱতী মহিলাগৰাকী যদি মদ, চিগাৰেট, চাধা, বিড়ি বা ড্ৰাগছ আসক্ত হয়, তেনেহ’লে সন্তানটি মানসিকভাৱে সাম্যহীনতাৰ চিকাৰ হ’ব পাৰে । ধূমপান কৰা মহিলাৰ গৰ্ভস্থ সন্তানটিৰ বয়স অনুপাতে বৃদ্ধি কম হোৱা, অপৈণত প্ৰসৱ, অপৈণত শিশু জন্ম হোৱা ইত্যাদি সমস্যাৰ উদ্ভৱ হ’ব পাৰে । সেয়েহে গৰ্ভধাৰণৰ আগৰে পৰাই এনেবোৰ অপকাৰী বস্তুৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰা হয় । যিবোৰ মহিলা কৰ্মসূত্ৰে অপকাৰী ৰাসায়নিক পদাৰ্থ, যেনে- বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য, মিথাইল মাৰকিউৰী আদিৰ সংস্পৰ্শত আহে, তেনেবোৰ গৰ্ভৱতী মহিলাৰ শিশুৰ স্নায়ৱিক বিকাশত বিসংগতিয়ে দেখা দিয়ে । কেতবোৰ সাগৰীয় মাছ য’ত পাৰাৰ পৰিমাণ বেছিকৈ থাকে, তেনেবোৰ মাছ গৰ্ভৱতী মহিলাক খাবলৈ বাৰণ কৰা হয় ।

লেখক :- ডা: ৰাজীৱ লোচন শৰ্মা

উৎস :- জি এনআৰচি স্বাস্থ্য

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top