অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থা আৰু এইচ আই ভি সংক্ৰমণ :

গৰ্ভাৱস্থা আৰু এইচ আই ভি সংক্ৰমণৰ বিষয়ে লিখা হৈছে ।

 

প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ এইচ আই ভি পৰীক্ষা কৰোৱাটো দৰকাৰ। এই পৰীক্ষা কৰোৱাৰ আগেয়ে মহিলাগৰাকীক ইয়াৰ পৰা হ’ব পৰা বিপদসমূহৰ বিষয়ে ভালকৈ বুজোৱা হয়।

‘এইচ আই ভি’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এইডছ হ’ল এক মাৰাত্মক ব্যাধি। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংগঠন(২০১১)ৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ২১ নিযুত লোক ইয়াৰ দ্বাৰা আক্ৰান্ত। ইয়াৰে ৫১ শতাংশ মতা আৰু ৪৯ শতাংশ মহিলা। প্ৰায় ৪ শতাংশ লোক ১৫ বছৰৰ তলৰ। ৮৯ শতাংশ ১৫-৫০ বছৰৰ ভিতৰত আৰু প্ৰায় ৮ শতাংশ ৫০ বছৰৰ ঊৰ্ধ্বৰ লোক। প্ৰায় ৯১ শতাংশ শিশুৰ এইচ আই ভি সংক্ৰমণ মাকৰ পৰা হয়। শিশু এটিয়ে মাকৰ গৰ্ভত থাকোঁতে বা প্ৰসৱৰ সময়ত বা মাকৰ গাখীৰ খোৱাৰ সময়ত ইয়াৰ দ্বাৰা সংক্ৰমিত হয়। মাকৰ পৰা শিশুলৈ সংক্ৰমিত এই ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি গৰ্ভাৱস্থাৰ সময়ত মাকৰ এইচ আই ভি সংক্ৰমণ চিনাক্ত কৰি তথা উপযুক্ত চিকিৎসাৰ সহায়ত। ২০০১-২০০২ চনৰ ভিতৰত এনে এক আঁচনি লোৱা হৈছিল, যাৰ সহায়ত মাকৰ পৰা শিশুলৈ হোৱা সংক্ৰমণ ৰোধ কৰিব পাৰি। ইয়াক ‘ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সূচী’ বুলি জনাজাত। এই আঁচনিৰ অধীনত এইচ আই ভি পৰীক্ষা আৰু ইয়াৰ ঔষধ প্ৰদান কৰি মাকৰ পৰা শিশুটিলৈ হোৱা সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰা হয়। ২০১২ চনমানৰ ইয়াৰ সংশোধন ঘটায় এবিধ ঔষধৰ ঠাইত কেইবাবকিধো ঔষধ দিয়া প্ৰথাৰ আৰম্ভণি কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই ২০১৫ চনৰ আগেয়ে পৃথিৱীৰ পৰা শিশুৰ ক্ষেত্ৰত নতুনকৈ হোৱা এইচ আই ভি সংক্ৰমণ নিৰ্মূল কৰাৰ আঁচনি গ্ৰহণ কৰে।

কাৰকসমূহ -

কোনবোৰ কাৰকে মাকৰ পৰা শিশুটিলৈ এইচ আই ভি সংক্ৰমণ কৰায় তলত আলোচনা কৰা হ’ল।

১)মাকগৰাকীৰ শৰীৰত থকা এইচ আই ভি বীজাণুৰ পৰিমাণ, একে সময়তে মাকৰ গাত দেখা দিয়া আন যৌন সংক্ৰামক ৰোগ, অসুৰক্ষিত যৌনাভ্যাস, মাকৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, পৰিপুষ্টি, ধূমপান তথা মদ খোৱাৰ অভ্যাস, নিচাযুক্ত ঔষধ ব্যৱহাৰকাৰী মাতৃ, যৌনাংগত থকা ভাইৰাছৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে। যিমানে মাকৰ শৰীৰত ভাইৰাছৰ পৰিমাণ বেছিকৈ থাকে, সিমানে শিশুটিলৈ এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পায়। এইচ আই ভিৰ লগতে আন যৌন সংক্ৰামক ৰোগৰ উপস্থিতিয়ে শিশুটিলৈ সংক্ৰমণৰ হাৰ বৃদ্ধি কৰে। তেনেদৰে মাকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যিমানে কমে, যিমানে পৰিপুষ্টিহীনতাত ভোগে। সিমানে শিশুটিলৈ হোৱা সংক্ৰমণৰ প্ৰৱণতা বাঢ়ি যায়।

২)প্ৰসৱৰ ধৰণ: স্বাভাৱিক প্ৰৱস বা অস্ত্ৰোপচাৰ বা ছিজাৰিয়ান অস্ত্ৰোপচাৰ। সকলোতে শিশুটি আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

৩)শিশুটিৰ বংশগত গাঁথনি, জন্মৰ সময়, শিশুটিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, মাকৰ দুগ্ধপান আদিৰ ওপৰত নিৰ্ভৰ কৰে শিশুটিৰ সংক্ৰমণৰ প্ৰৱণতা। এইডছ আক্ৰান্ত মাতৃয়ে দুগ্ধ পান কৰালে শিশুটি এইডছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। কিন্তু ভাৰতৰ দৰে দুখীয়া দেশত মাতৃ দুগ্ধ বন্ধ কৰিব নোৱাৰি। এনে কৰিলে নৱজাতকৰ মৃত্যুৰ হাৰ অধিক বাঢ়িব।

মাকৰ পৰা শিশুটিলৈ গৰ্ভাৱস্থাৰ বিভিন্ন সময়ত হোৱা সংক্ৰমণৰ পৰিসংখ্যা এনেধৰণৰ- গৰ্ভাৱস্থাৰ ৩৬ সপ্তাহৰ আগলৈ ২০ শতাংশ, প্ৰসৱৰ সময়ত ৫০ শতাংশ আৰু দুগ্ধ পানৰ দ্বাৰা ৩০ শতাংশ।

ৰোগৰ লক্ষণসমূহ -

এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মহিলা এগৰাকীৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটো প্ৰায় অকামিলা হৈ পৰে। ইয়াৰ ফলত সাধাৰণ অৱস্থাত সুপ্তপ্ৰায় হৈ থকা বেমাৰৰ বীজাণুবোৰ সক্ৰিয় হৈ পৰে আৰু মানুহগৰাকীক আক্ৰমণ কৰে। ইয়াৰ ফলত মানুহগৰাকীক বিভিন্ন ৰোগে, হেঁচি ধৰি কোঙা কৰি পেলায়।

প্ৰথম অৱস্থাত জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, ডাঙৰ বিষ আদি সৰু-সুৰা লক্ষণবোৰে দেখা দিয়ে। লাহে লাহে শৰীৰত থকা গ্ৰন্থিসমূহ বাঢ়িবলৈ ধৰে। গাত ৰঙা ৰঙা কেতবোৰ গুটি ওলায়। প্ৰথম অৱস্থাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মহিলাগৰাকীৰ কোনো লক্ষণে দেখা নিদিব পাৰে। লাহে লাহে সকলো লক্ষণে দেখা দিয়ে। যক্ষ্মা, কৰ্কট ৰোগ যেনে- জৰায়ুৰ কৰ্কট ৰোগ, কেপছিছ চাৰক’মা, লিমফ’মা আদি ৰোগৰ আৱিৰ্ভাৱ ঘটে। ওজন কমে। গোটেই গাৰ গ্ৰন্থিবোৰ বাঢ়ি যায়, পনীয়া শৌচ হয়। দীঘলীয়া সময়জুৰি হোৱা পনীয়া শৌচ আন কেতবোৰ লক্ষণ।

পৰীক্ষা -

*প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ এইচ আই ভি পৰীক্ষা কৰোৱাটো দৰকাৰ। এই পৰীক্ষা কৰোৱাৰ আগেয়ে পৰীক্ষা কৰোৱাৰ আগেয়ে মহিলাগৰাকীক ইয়াৰ পৰা হ’ব পৰা বিপদসমূহৰ বিষয়ে ভালকৈ বুজোৱা হয়।

* ‘এলাইজা’ পৰীক্ষাৰ সহায়ত তেজত থকা এইচ আই ভিৰ এন্টিব’ডী উপস্থিতি ধৰা পেলোৱা হয়। ইয়াত এন্টিব’ডী থকাটো ধৰা পৰিলে ৱেষ্টাৰ্ন ব্ল’ট পৰীক্ষা কৰি তাক নিশ্চিত কৰা হয়। ‘পি চি আৰ’ আন এবিধ এইচ আই ভি নিশ্চিতকৰণ পৰীক্ষা।

*এইচ আই ভি থকাটো নিশ্চিত হ’লে আন কেতবোৰ পৰীক্ষা কৰা হয়, যেনে- ভি ডি আৰ এল, টক্স’প্লাজমা, হেলটাইটিছ, বি চি টৰ্চ আদি।

*গিৰিয়েকৰো এইচ আই ভি পৰীক্ষা কৰোৱাটো দৰকাৰ।

*যক্ষ্মা ৰোগৰ উপস্থিতি ধৰা পেলাবৰ বাবে বুকুৰ এক্সৰে, টিউবাৰকুলিন টেষ্ট কৰোৱাব লাগে।

*তেজত থকা ‘চি ডি ফ’ৰ’ কোষৰ মাত্ৰা চাবলৈ কৰা পৰীক্ষা।

চিকিৎসা -

গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰা। অপ্ৰয়োজনীয় গৰ্ভাৱস্থা ৰোধ কৰা, মাকৰ পৰা শিশুটিলৈ হোৱা সংক্ৰমণ ৰোধ কৰা আৰু এইচ আই ভি সংক্ৰমিত মহিলাগৰাকীৰ লগতে শিশু আৰু পৰিয়ালৰ আন লোকসকলৰ যত্ন তথা চিকিৎসা কৰা।

গৰ্ভাৱস্থাৰ সময়ত লোৱা যতন -

*এইচ আই ভি সংক্ৰমিত গৰ্ভৱতী মহিলা এগৰাকীৰ চিকিৎসা স্ত্ৰীৰোগ বিশেষজ্ঞ তথা ভেষজ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ আৰু পৰামৰ্শদাতা(কাউঞ্চেলৰ) মিলি কৰা হয়।

*সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰি কিবা ইনফেকচন(সোঁচৰা) থাকিলে চিকিৎসা কৰি সুস্থ কৰি তোলা হয়। পুষ্টিহীনতাত ভোগা মহিলাৰ স্বাস্থ্য পুষ্টিকৰ খাদ্যৰে সুস্থ কৰি তোলা হয়।

*মহিলাগৰাকীক গৰ্ভপাতৰ বিসয়ে বুজোৱা হয়। সন্মত হ’লে ব্যৱস্থা,। ‘কাউঞ্চেলিং’ হ’ল এইচ আই ভিৰ অতি দৰকাৰী পদক্ষেপ। ইয়ে নিয়মীয়াকৈ ঔষধ খোৱাৰ লগতে আনলৈ এই ৰোগ বিয়পাত বাধা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৰামৰ্শদাতাই মানুহগৰাকীক মানসিকভাৱে সবল কৰি তোলে। সকলোৰে প্ৰচেষ্টাইহে এইচ আই ভি সমাজৰ পৰা নিশ্চিহ্ন কৰাত সহায় কৰিব।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা(নিয়মীয়া বাৰ্তা)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top