অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ :

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ বিষয়ে লিখা হৈছে ।

 

বিশ্বৰ উন্নত আৰু উন্নয়নশীল দেশসমূহো বৰ্তমান সময়ত স্বাস্থ্যৰক্ষাৰ প্ৰতি সজাগ আৰু সতৰ্ক হৈছে। বিশেষকৈ বিভিন্ন ৰোগ ব্যাধিৰ প্ৰতি সম্যক জ্ঞান লাভ কৰি সেইসমূহৰ প্ৰতি সজাগ হৈ থাকিবলৈ অধিকাংশ লোকেই যত্ন কৰে। সৰ্বসাধাৰণ ৰাইজে মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতি বহুল সজাগ হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ মহিলাসকলৰ গৰ্ভাৱস্থাৰ সময়ত ল’বলগীয়া প্ৰতিকাৰ আৰু যত্নৰ প্ৰতি নগৰে-চহৰে, গাঁৱে-ভূঁয়ে লোকসকল আগতকৈ যথেষ্ট সতৰ্ক হৈছে, যাৰ ফলস্বৰূপে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আগৰ তুলনাত বহুখিনি হ্ৰাস পাইছে। তথাপি এই সাৱধানতা, সতৰ্কতাৰ মাজতো কোনো কোনো সময়ত গৰ্ভৱতী মহিলাসকল উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ দৰে স্বাস্থ্যজতিত সমস্যাৰ সন্মুখীন হ’ব পাৰে। আজিৰ এই নিবন্ধত গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ(Pregnancy Induced Hypertension) সম্পৰ্কত কিছু কথা আলোচনা কৰা হৈছে। প্ৰথমতে সকলোৰে জনাটো প্ৰয়োজন-

উচ্চ ৰক্তচাপনো কি?

আমাৰ শৰীৰত তেজ চলাচল কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে আমাৰ হৃদযন্ত্ৰই। হৃদযন্ত্ৰই শৰীৰত থকা ধমনীসমূহৰ মাজেৰে সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন কৰে। এইদৰে শৰীৰত ৰক্ত প্ৰবাহিত হোৱাৰ সময়ত ধমনীসমূহৰ ভিতৰত প্ৰবাহিত ৰক্তই এক চাপ বা হেঁচা প্ৰয়োগ কৰে। ধমনীসমূহৰ বেৰত দিয়া এই চাপক আমি ৰক্তচাপ যেতিয়া এক স্বাভাৱিক পৰিসৰতকৈ বেছি হয়, তেতিয়াই ইয়াক উচ্চ ৰক্তচাপ অথবা হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। (সাধাৰণতে 140/90 mmHg অথবা তাতকৈ অধিক)।

গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ -

গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপক Pregnancy Induced Hypertension(PIH) অথবা Gestational Hypertension বুলি কোৱা হয়। এই ক্ষেত্ৰত গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিচত উচ্চৰক্তচাপে দেখা দিয়ে। গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ তিনি ধৰণে প্ৰকাশ পাব পাৰে।

*আগৰে পৰা থকা উচ্চৰক্তচাপ(Chronic Hypertension):

কিছুসংখ্যক মহিলা গৰ্ভধাৰণৰ আগৰে পৰাই উচ্চ ৰক্তচাপত ভুগি থাকিব পাৰে অথবা গৰ্ভধাৰণৰ আগভাগতেই(২০ সপ্তাহৰ আগত) উচ্চ ৰক্তচাপত আক্ৰান্ত হ’ব পাৰে। এনে ধৰণৰ উচ্চ ৰক্তচাপ প্ৰসৱৰ পিচতো উপশম নহয়।

*গৰ্ভাৱস্থাৰ উচ্চ ৰক্তচাপ( Pregnancy Induced Hypertension):

উচ্চ ৰক্তচাপ(140/90 mmHg তকৈ বেছি) গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পিচত দেখা দিয়ে আৰু প্ৰসৱৰ পিচত সাধাৰণতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

*প্ৰি-এক্লেমপচিয়া(Pre Eclampsia):

আগৰে পৰাই থকা উচ্চ ৰক্তচাপ অথবা গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পিচত গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ দুয়োটাৰ পৰাই এই জটিল অৱস্থাৰ উদ্ভৱ হ’ব পাৰে। ইয়াত উচ্চ ৰক্তচাপৰ লগতে প্ৰস্ৰাৱৰ লগত(Protein) নিৰ্গত হয়। এই অৱস্থাত ততালিকে চিকিৎসা নকৰিলে পৰিস্থিতি অধিক জটিল হ’ব পাৰে।

গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপত সাধাৰণতে কোন আক্ৰান্ত হয়?

গৰ্ভধাৰণ কৰা মহিলাসকলৰ ভিতৰত প্ৰায় ৬-৪% মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপে দেখা দিয়ে। প্ৰথম গৰ্ভধাৰণৰ ক্ষেত্ৰত সাধাৰণতে ইয়াক অধিক মাত্ৰাত দেখা যায় যফিও পৰৱৰ্তী গৰ্ভাৱস্থাতো উচ্চ ৰক্তচাপ দেখা দিব পাৰে।

কম বয়সীয়া আৰু চল্লিশ বছৰৰ ঊৰ্ধৰ মাতৃসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ বেছিকৈ দেখা যায়। সাধাৰণতে এনে উচ্চ ৰক্তচাপ ২০ সপ্তাহৰ পিচত দেখা যায় যদিও ই প্ৰসৱৰ আগে আগেও দেখা দিব পাৰে।

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ দেখা দিয়াৰ সম্ভাৱনা বাঢ়ি যায় যদিহে-

*মহিলাৰ বয়স ২০ বছৰতকৈ কম বা ৪০ বছৰতকৈ বছি হয়।

*মহিলাগৰাকী যদি গৰ্ভধাৰণৰ আগতে উচ্চ ৰক্তচাপত ভুগিছিল।

*যদি আগৰ কোনো গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপত ভুগিছিল।

*শৰীৰৰ ওজন যদি খুব বেছি বা খুব কম হয়।

*যদি মহিলাগৰাকী বৃক্কৰ ৰোগত ভুগি আছে।

*মহিলাগৰাকীয়ে যদি নিচাযুক্ত দ্ৰব্য মদ, চিগাৰেট আদি সেৱন কৰে।

*যদি যমজ সন্তান গৰ্ভধাৰণ কৰিছে।

গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপৰ ফলত কি অপকাৰ হ’ব পাৰে?

ইয়াৰ ফলত জন্ম হোৱা শিশুৰ ওজন কম হ’ব পাৰে। ইয়াৰ উপৰি আন কিছুমান অধিক জটিল সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

*জৰায়ুত লাগি থকা Placenta আংশিকভাৱে এৰি আহিব পাৰে। ইয়াৰ ফলত জৰায়ুৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে আৰু গৰ্ভত থকা সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।

*মাকৰ বৃক্কৰ অসুস্থতা বা বৃক্ক সাময়িকভাৱে বিকল হ’ব পাৰে।

*যকৃতৰ বিভিন্ন বিসংগিয়ে দেখা দিব পাৰে।

*তেজ গোট মৰাৰ ক্ষেত্ৰত অসুবিধা দেখা দিব পাৰে।

*মাকৰ ক্ষেত্ৰত মৃগী ৰোগ বা মূৰ্ছা যোৱা ৰোগ(Seizure) দেখা দিব পাৰে।

*গৰ্ভপাত হ’ব পাৰে বা নিৰ্দিষ্ট সময়ৰ আগতে সন্তান প্ৰসৱ হ’ব পাৰে। ষ্ট্ৰোক বা হৰ্ট ফেইলিয়ৰ হ’ব পাৰে।

*গৰ্ভাৱস্থাত ভ্ৰূণৰ মৃত্যু হ’ব পাৰে।

*সমগ্ৰবিশ্বত গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ(PIH) মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ অন্যতম কাৰণ।

*লক্ষণসমূহ:

১)হঠাতে শৰীৰৰ ওজন বৃদ্ধি পোৱা,

২)ভৰি, হাত, মুখ আদি ফুলা ইত্যাদি গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে।

ইয়াৰ উপৰি-

১)পেটৰ বিষ,

২)মূৰৰ বিষ,

৩)চকুৰে দেখাত অসুবিধা পোৱা,

৪)প্ৰস্ৰাৱৰ পৰিমাণ কমি অহা,

৫)প্ৰস্ৰাৱত তেজ যোৱা,

৬)মূৰ ঘূৰোৱা,

৭)খুব বেছি ধৰণে বমি হোৱা এই আটাইবোৰে উচ্চ ৰক্তচাপ বা তাৰ ফলত হোৱা বিভিন্ন অংগৰ বিসংগতিৰ লক্ষণ হ’ব পাৰে।

কিন্তু যদি সেয়া অত্যধিক হয় আৰু আন কোনো লক্ষণে দেখা দিয়ে, তেনেহ’লে অতি সোনকালে চিকিৎসকৰ কাষ চপা উচিত।

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ কেনেকৈ ধৰা পেলাব পাৰি?

গৰ্ভাৱস্থাত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো অতি জৰুৰী। এই স্বাস্থ্য পৰীক্ষাৰ সময়ত সাধাৰণতে ৰক্তচাপ, শৰীৰৰ ওজন আদি পৰীক্ষা কৰা হয়, যিয়ে উচ্চ ৰক্তচাপক সময়মতে ধৰা পেলোৱাত সহায় কৰে।

প্ৰসাৰত প্ৰ’টিন আছে নে নাই, তাক পৰীক্ষা কৰি নিৰ্ণয় কৰিব পাৰি। উচ্চ ৰক্তচাপ ধৰা পৰিলে কিছু অতিৰিক্ত পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে। গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ প্ৰতিও চকু ৰখাটো অতি প্ৰয়োজনীয়।

গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ কেনেকৈ চিকিৎসা কৰা হয়?

প্ৰথম পৰ্যায়ত গৰ্ভৱতী মাতৃগৰাকীক ঘৰতে বিশ্ৰাম কৰিবলৈ দিয়াৰ লগতে খাদ্যত নিমখৰ পৰিমাণ কমাই দিবলৈ উপদেশ দিয়া হয়। গৰ্ভস্থ সন্তানে সঠিকভাৱে লৰচৰ কৰি আছেনে নাই, মাতৃগৰাকীয়ে লক্ষ্য ৰাখিব লাগে। কোনো বিসংগতি দেখিলেই ত্ৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে।

খাদ্যত যদি নিমখৰ মাত্ৰা কমাই দিয়াৰ পিচত নিয়মীয়াকৈ বিশ্ৰাম কৰাৰ পিচত ৰক্তচাপ নিয়ন্ত্ৰণলৈ নাহে, তেনে ক্ষেত্ৰত দৰব ব্যৱহাৰ কৰিব লাগে। এইখিনিতে উল্লেখযোগ্য যে সকলো অথবা বেছিভাগ দৰৱেই গৰ্ভাৱস্থাত নিৰাপদ নহয়।

সেয়েহে চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া দৰবহে নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰিব লাগে। সঘনে ৰক্তচাপ পৰীক্ষা কৰাটো অপৰিহাৰ্য। গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰাটো আৱশ্যক। ৰক্তচাপ যদি বৰ বেছি হয় বা আন কোনো বিসংগতিয়ে দেখা দিয়ে, তেনেহ’লে গৰ্ভৱতী মাতৃগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিব লাগে।

চিকিৎসালয়ত থাকিলে মাতৃ আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰাটো আৰু চিকিৎসা প্ৰদান কৰাটো দুয়োটাই সহজসাধ্য হয়। কোনো কোনো ক্ষেত্ৰত গৰ্ভস্থ সন্তানক সোনকালে প্ৰসৱ কৰোৱাৰ বাহিৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ আন কোনো উপায় নাথাকে।

গৰ্ভাৱস্থাত হোৱা উচ্চ ৰক্তচাপ প্ৰসৱৰ পিচত কমেনে -

প্ৰসৱৰ পিচত বেছিভাগ ক্ষেত্ৰতে উচ্চ ৰক্তচাপ সম্পূৰ্ণভাৱে উপশম হয়। কিন্তু কিছুসংখ্যক মাতৃৰ ক্ষেত্ৰত প্ৰসৱৰ পিচতো ৰক্তচাপ, গৰ্ভাৱস্থাৰ আগৰ অৱস্থালৈ ঘূৰি নাহিব পাৰে। তেনে ক্ষেত্ৰত প্ৰসৱৰ পিচতো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ দৰবৰ প্ৰয়োজন হ’ব পাৰে।

প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ সময়ছোৱা সুকলমে আৰু নিৰাপদে পাৰ হ’বলৈ যথেষ্ট যত্ন, আপডাল, সাৱধানতাৰ লগতে মৰম-চেনেহৰো প্ৰয়োজন। প্ৰথমতে মহিলাগৰাকীয়ে নিজেই সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে কোনো জটিলতাৰ সন্মুখীন হ’ব নালাগে। এনে এগৰাকী গৰ্ভৱতী মাতৃৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যৰে সম্পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন।

এইসকলৰ উপৰি মহিলাগৰাকীয়ে এনে অৱস্থাত কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হ’লে, চিকিৎসকৰ কাষ চাপিলে চিকিৎসকসকলেও যথাযোগ্য গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব। সাৱধানতা, সতৰ্কতা, মৰম-স্নেহ এই আটাইকেইটা উপাদানৰে সমন্বয় সাধন হ’ব লাগিব এই ক্ষেত্ৰত।

লেখক: ডাঃ অমিতাভ মিশ্ৰ(দৈনিক অসম)

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top