অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভাৱস্থাত পেৰাচিটামল জাতীয় ঔষধ নাখাব

গৰ্ভাৱস্থাত পেৰাচিটামল জাতীয় ঔষধ নাখাব

গৰ্ভাৱস্থা চলি থকাৰ সময়ত শৰীৰৰ যিকোনো অংগত অনুভৱ কৰা বিষ-যন্ত্ৰণাৰ পৰা উপশম পাবলৈ পেৰাচিটামল জাতীয় সাধাৰণ ঔষধ সেৱন কৰৰ অভ্যাস কোনো কোনো মহিলাৰ থাকে। এনে ধৰণৰ মহিলাসকল সাৱধান হোৱা উচিত, কাৰণ শেহতীয়া এক অধ্যয়ণৰ পৰা প্ৰমাণ পোৱা গৈছে যে এনেধৰণৰ বিষনাশক ঔষধ প্ৰয়োগ কৰিলে আহিবলগীয়া প্ৰজন্মৰ প্ৰজনন ক্ষমতা হ্ৰাস পাব পাৰে। বৃটেইনৰ এডিনবোৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এন্দুৰ আৰু নিগনিৰ ওপৰত সেই সম্পৰ্কীয় এক পৰীক্ষা চলাইছিল। এই পৰীক্ষাকালত তেওঁলোকে এজনী গৰ্ভৱতী নিগনিক সামান্য বিষনাশক ঔষধ সেৱন কৰাইছিল।সেই নিগনিজনীৰ মতা পোৱালীবিলাকৰ অণ্ডকোষৰ পৰা স্ংগ্ৰহ কৰা বীৰ্য পৰীক্ষা কৰি প্ৰমাণ পোৱা গ’ল যে স্বাভাৱিক নিগনিৰ অণ্ডকোষতকৈ সেই পোৱালীবিলাকৰ পৰা স্ংগ্ৰহ কৰা বীৰ্যত শুক্ৰাণু পৰিমাণ যথেষ্ট কম আছিল। এনেদৰে বিষনাশক ঔষধ খুওৱা নিগনিজনীৰ পোৱালী বিলাকৰ ভিতৰত মতা পোৱালীৰ সংখ্যাও যথেষ্ট কম আছিল। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণ পোৱা গ’ল যে বিষনাশক ঔষধ খোৱা নিগনী আৰু মানুহৰ দেহত প্ৰায় একেধৰণৰ প্ৰতিক্ৰিয়া দেখা দিব পাৰে। অৱশ্যে সন্তান এটি প্ৰাপ্তবয়স্ক হোৱালৈকে বিষনাশক ঔষধৰ প্ৰতিক্ৰিয়া কিছু পৰিমাণে হ’লেও হ্ৰাস পায়। এই পৰীক্ষাৰ ফলাফল অধ্যয়ন কৰি জানিব পৰ গৈছে যে অতি বেছি প্ৰয়োজন হ’লে তেনেই কম মাত্ৰাত আৰু কম সময়ৰ বাবে গৰ্ভৱতী মাতৃক বিষনাশক ঔষধ দিব পৰা যায়। এই অধ্যয়নৰ ফলাফল চাইণ্টিফিক ৰিপোটাৰ্ছ’ জাৰ্ণেলৰ এক শেহতীয়া স্ংস্কৰণত প্ৰকাশ পাইছে।

স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate