মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / গৰ্ভাৱস্থাত পৰিহাৰ কৰিবলগীয়া খাদ্য সম্ভাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাত পৰিহাৰ কৰিবলগীয়া খাদ্য সম্ভাৰ

গৰ্ভাৱস্থাত পৰিহাৰ কৰিবলগীয়া খাদ্য সম্ভাৰৰ বিষয়ে লিখা হৈছে

গৰ্ভাৱস্থা হৈছে এগৰাকী নাৰীৰ জীৱনৰ সবাতোকৈ আনন্দৰ মূহুর্ত। গৰ্ভধাৰণে প্ৰতিগৰাকী নাৰীকে আত্মিকভাৱে পূর্ণতা প্রদান কৰে। কিন্তু এই সময়টিত অধিক সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। সামান্য ত্ৰুটীৰ বাবেই গর্ভস্থ সন্তানৰ ক্ষতিসাধন হ’ব পাৰে। খোৱা-বোৱাৰ ক্ষেত্ৰতো এনে অৱস্থাত যথেষ্ট সাৱধান হোৱাটো উচিত। গর্ভাৱস্থাত এগৰাকী নাৰীয়ে কিছু খাদ্যসম্ভাৰ পৰিহাৰ কৰিব লাগে। এনে কিছু খাদ্যসম্ভাৰৰ বিষয়ে কিছু কথা এই লেখাত আগবঢ়োৱা হ’ল-

কেঁচা কণী

 

কেঁচা বা আধাসিজা কণী খোৱাটো গৰ্ভাৱস্থাত পৰিহাৰ কৰিব লাগে। কণী সম্পূৰ্ণৰূপে সিদ্ধ কৰিহে খোৱা উচিত। অন্যথা কেঁচা কণী খালে ফুড পয়জনিং হোৱাৰ সম্ভাৱনা থাকে।

এৱা বা কেঁচা গাখীৰ

 

গৰ্ভাৱস্থাত কোনো কাৰণতেই এৱাঁ বা কেঁচা গাখীৰ খাব নালাগে। সম্পূৰ্ণৰূপে গাখীৰ গৰম কৰি খালে হানিকাৰক বেক্টেৰিয়াৰ পৰা হাত সাৰিব পাৰি।

মাছ

 

গৰ্ভৱতী নাৰীৰ বাবে মাছ উপকাৰী যদিও কিছুমান মাছ খোৱাটো এনে অৱস্থাত পৰিহাৰ কৰিব লাগে। যেনে: টুনা মাছ, তেলাল মাছ চালানী মাছ আদি। এনে মাছৰ পৰা ফুড পয়জনিং হোৱাৰ সম্ভাৱনা থাকে।

মাংস

 

গৰ্ভৱতী মহিলাৰ বাবে মাংস অতি প্রয়োজনীয় যদিও বহুক্ষেত্ৰত মাংস খোৱাটো সাৱধান হ’ব লাগে। এনে অৱস্থাত মাংস সদায় ভালদৰে ৰান্ধি খোৱাটো উচিত, যাতে মাংসত কোনো কাৰণতে তেজৰ কণিকা ৰৈ নাযায়। তদুপৰি কিমা আৰু ছছেজ খোৱাতো কিছু সাৱধান হ’ব লাগে। আনহাতে মাংস ৰান্ধি বা বজাৰৰ পৰা আনি কেইবাদিনলৈ থৈ খাব নালাগে। তদুপৰি ‘লিভাৰ' খোৱাটো পৰিহাৰ কৰাটো উচিত অন্যথা সন্তানৰ ক্ষতি হ’ব পাৰে।

কেফেইন

 

কফিৰ পৰা উৎপাদিত সামগ্ৰী খোৱাৰ পৰিমাণ গৰ্ভাৱস্থাত কমাই দিয়াটো জৰুৰী। অত্যধিক কেফেইন খোৱাৰ ফলত সন্তানৰ ওজন হ্রাস পাব পাৰে, গৰ্ভপাতৰো সম্ভাৱনা থাকে।

ভিটামিন এ

 

উচ্চমাত্ৰাৰ ভিটামিন এ যুক্ত মাল্টি ভিটামিন গ্ৰহণ কৰাটো অনুচিত। ভিটামিন এ যুক্ত যিকোনো ঔষধ গৰ্ভাৱস্থাত পৰিহাৰ কৰিব পাৰিলে ভাল।

উৎস: সাদিন।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top