অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাত মধুমেহ

গৰ্ভাৱস্থাত মধুমেহ, সেই বিষয়ে লিখা হৈছে ।

 

গৰ্ভাৱস্থাত মহিলাৰ নানা ধৰণৰ শাৰীৰিক পৰিবৰ্তন হোৱা দেখা যায় । এই পৰিৱৰ্তনসমুহ হয় হৰম’নৰ প্ৰভাৱত । সেয়ে সাধাৰণ অৱস্থাত হোৱা মধুমেহৰ দৰে বিবেচনা নকৰি গৰ্ভাৱস্থাত হোৱা মধুমেহক সুকীয়াভাৱে বিবেচনা কৰা হয় । পূৰ্বে মধুমেহ নথকা ১ ৰ পৰা ১৪ শতাংশ মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাত মধুমেহ ধৰা পৰে । উল্লেখ্য যে পূৰ্বে মধুমেহত আক্ৰান্ত মহিলায়ো তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি গৰ্ভধাৰণ কৰিব পাৰে । এই ক্ষেত্ৰত ৰোগীয়ে যদি টেবলেট খাইছিল, তেন্তে গৰ্ভধাৰণৰ পূৰ্বেই টেবলেট বন্ধ কৰি ইনছুলিন বেজী ল’লে সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় । ইনছুলিনৰ ব্যৱহাৰে মাতৃ আৰু শিশু উভয়ৰে মধুমেহ জনিত সমস্যাসমূহ হ্ৰাস কৰে ।

গৰ্ভাৱস্থাত ইষ্ট্ৰ’জেন, প্ৰজেষ্টেৰন, প্লেচেণ্টেল লেক্ট’জেন আৰু কৰিঅ’নিক গোনাড’ট্ৰফিন আদি হৰম’নবোৰ সক্ৰিয় হয় । গৰ্ভাৱস্থাৰ প্ৰথম ভাগত ইষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰনৰ প্ৰভাৱত অগ্ন্যাশয়ৰ বিটা কোষবোৰৰ অতিবৃদ্ধি হয় বাবে বেছিকৈ ইনছুলিন নি:সৰণ হয় । সেয়ে অনাহাৰ অৱস্থাত তেজত শৰ্কৰাৰ পৰিমাণ কমি যোৱা দেখা যায় । কিন্তু গৰ্ভাৱস্থাত মাজভাগ আৰু শেষৰ ফালে গৰ্ভফুলৰ পৰা নি:সৰিত হৰম’ন, যেনে- প্লেচেণ্টেল লেক্ট’জেন, কৰিঅ’নিক গোনাড’ট্ৰফিন আদি বেছিকৈ নিৰ্গত হয় । এই হৰমন’সমূহে ইনছুলিনৰ কাৰ্যক বাধা দিবলৈ চেষ্টা কৰে । অৱশ্যে এই বাধাকো নেওচি ইনছুলিনে স্বাবহৱিকভাৱেই কাম কৰি যায় । কিন্তু যেতিয়া উল্লিখিত হৰম’নসমূহৰ বাধা অতিক্ৰম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়, তেতিয়াই গৰ্ভাৱস্থাত মধুমেহ ৰোগে দেখা দিয়ে । সাধাৰণতে গৰ্ভাৱস্থাৰ ২৪-২৮ সপ্তাহত মধুমেহ ৰোগ হোৱা দেখা যায় ।

গৰ্ভাৱস্থাত কাৰ মধুমেহ হোৱাৰ সম্ভাৱনা বেছি

১) যি মহিলাৰ পৰিয়াল বা বংশত মধুমেহ ৰোগ আছে ।

২) শকত মহিলা

৩) বাৰে বাৰে গৰ্ভপাত হোৱা মহিলা

৪) আগতে যাৰ পংগু বা মৃত সন্তান জন্ম পাইছে আৰু যিয়ে বেছি ওজনৰ সন্তান জন্ম দিছে ।

৫) বয়স ত্ৰিছ বছৰ অতিক্ৰম কৰা মহিলা ।

৬) আনৰ গৰ্ভাৱস্থাত যদি জটিলতাই দেখা দিছিল ।

গৰ্ভস্থ সন্তানৰ ওপৰত মাতৃৰ অনিয়ন্ত্ৰিত মধুমেহৰ কুফল :-

১) মৃত বা পংগু সন্তান জন্ম হ’ব পাৰে ।

২) সন্তানৰ ওজন অত্যধিক (৪ কেজিতকৈ বেছি) হ’ব পাৰে । শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰা ৰোগ হ’ব পাৰে ।
৩) তেজত শৰ্কৰা মাত্ৰা তেনেই কমিব পাৰে ।

৪) কেৱল সন্তানৰ ক্ষেত্ৰতেই যে অপকাৰী প্ৰভাৱ পৰে তেনে নহয়, গৰ্ভৱতী মহিলাগৰাকীৰো বিপদৰ আশংকা থাকে । যেনে-

১) উচ্চ ৰক্তচাপ

২) উলবৰস বৃদ্ধি হোৱা

৩) দৃষ্টিশক্তি কমি যোৱা

৪) অজ্ঞান অৱস্থা

কিদৰে ৰোগ নিৰ্ণয় কৰা হয় -

গৰ্ভৱতী মহিলাক ৫০ গ্ৰাম শৰ্কৰা বা গ্লুক’জ খাবলৈ দিয়া হয় । গ্লুক’জ খোৱাৰ এঘণ্টা পিছত তেজত গ্লুক’জৰ মাত্ৰা পৰীক্ষা কৰা হয় ।  যদি তেজত গ্লুক’জৰ মাত্ৰা ১৪০ মিলিগ্ৰামৰ অধিক হয়, তেন্তে আকৌ এবাৰ পৰীক্ষা কৰা হয় । এইবাৰ অনাহাৰ অৱস্থাত তেজ সংগ্ৰহ কৰি লৈ ১০০ গ্ৰাম গ্লুক’জ খাবলৈ দিয়া হয়  আৰু প্ৰতি এঘণ্টাৰ মূৰে মূৰে তিনিবাৰ তেজ সংগ্ৰহ কৰি গ্লুক’জৰ মাত্ৰা নিৰ্ণয় কৰা হয় । যদি অনাহাৰ অৱস্থাত প্লাজমা গ্লুক’জৰ মাত্ৰা (প্ৰতি ডেচিলিটাৰত ) ৯৫ মিলিগ্ৰাম থাকে আৰু প্ৰথম ঘণ্টাত ১৮০ মিলিগ্ৰাম, দ্বিতীয় ঘণ্টাত ১৫৫ মিলিগ্ৰাম বা তৃতীয় ঘণ্টাত ১৪০ মিলিগ্ৰাম থাকে, তেন্তে সমস্যা নাই । অধিক হ’লে চিকিৎসাৰ প্ৰয়োজন ।

চিকিৎসা -

গৰ্ভৱতী মহিলা মধুমেহত আক্ৰান্ত হ’লে বিশেষ যত্নৰ প্ৰয়োজন । তেজত গ্লুক’জৰ মাত্ৰা ১০৫ মিলিগ্ৰামৰ ভিতৰত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে গৰ্ভস্থ সন্তান আৰু মাতৃ উভয়ে বিপদমুক্ত হৈ থাকিব পাৰে ।

খাদ্য তালিকাৰ পৰিৱৰ্তন কৰিও এই সময়ত হোৱা মধুমেহ নিয়ন্ত্ৰণ কৰিব পাৰি । খাদ্য তালিকা প্ৰস্তুত কৰোতে মাতৃ আৰু গৰ্ভস্থ সন্তানৰ বিভিন্ন দিশত নজৰ ৰখা হয় । সাধাৰণতে প্ৰতিদিনে যি পৰিমাণৰ কেলৰিৰ প্ৰয়োজন, তাতকৈ ৩০০ কিলো কেলৰি বেছিকৈ খাবলৈ দিয়া হয় ।

খাদ্যৰ নিয়ন্ত্ৰন কৰা সম্ভৱ নহ’লে ইনছুলিন বেছি প্ৰয়োগ কৰা হয় । আজিকালি নতুন নতুন ইনছুলিনৰ আৱিষ্কাৰে গৰ্ভাৱস্থাৰ মধুমেহ ৰোগৰ চিকিৎসা সহজতৰ কৰি তুলিছে । সম্ভাব্য জটিলতাসমূহৰ পৰিমাণো হ্ৰাস কৰিব পৰা হৈছে ।

সতৰ্কতা -

পিছত গ্লুক’জৰ মাত্ৰা জুখিব লাগে । আৱশ্যক হ’লে প্ৰতি ছমাহত এবাৰকৈ পৰীক্ষা কৰিব লাগে । কাৰণ এনেধৰণৰ মহিলাৰ ভৱিষ্যতে স্থায়ী মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা দুগুণ বেছি, বিশেষকৈ মহিলাগৰাকী যদি শকত হয় । সেয়ে বয়স আৰু উচ্চতাৰ স’তে সংগতি ৰাখি ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে ।

লেখিকা :- ডা: সৰোজিনী দত্তচৌধুৰী

উৎস :-  জি এনআৰচি স্বাস্থ্য

3.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top