অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাৰ আহাৰ :

গৰ্ভাৱস্থাৰ আহাৰৰ বিষয়ে লিখা হৈছে ।

 

এগৰাকী মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণ এক সুকীয়া অনুভৱ। নাৰীৰ জীৱনলৈ আটাইতকৈ অধিক সুখ তথা আনন্দ কঢ়িয়াই অনা সময়। কিন্তু সাপ্ৰতিক কালছোৱাত নাৰীয়ে আগৰ দৰে কেৱল এক গৃহিণীৰ দায়িত্ব পালন কৰি সুন্দৰকৈ জীৱন অতিবাহিত কৰাৰ ঠাইত আহি পৰিছে অনেক দায়িত্ব। অৰ্থাৎ পৰিবৰ্তনৰ সময়ছোৱাত নাৰীয়ে কেৱল ঘৰ-পৰিয়ালতে ব্যস্ত নাথাকি ঘৰে-বাহিৰে প্ৰায় সকলো দিশতে দায়িত্ব বহন কৰি পালন কৰিবলগীয়াও হৈছে। এনে কাৰণতে সম্প্ৰতি এগৰাকী কৰ্মৰতা মহিলাই হেৰুৱাইছে সুস্থিৰ জীৱন। এইখিনিতে উল্লেখনীয় যে কিছু মহিলাই যিকোনো কাৰণতে হওক চিগাৰেট আৰু আন আন নিচাজাতীয় সামগ্ৰীও সেৱন কৰাৰ পৰা বিৰত থকা নাই । সেয়ে গৰ্ভাৱস্থাৰ সময়ছোৱাত এতিয়া আহি পৰিছে এক সুকীয়া যতন কোৱাৰ। কাৰণ মাতৃ আৰু শিশু দুয়োৰে স্বাস্থ্য হ’ব লাগিব সুৰক্ষিত, তেতিয়াহে ভৱিষ্যতে আমাৰ দেশৰ নাগৰিকসকল হ’ব সুস্থ-সবল তথা সুস্থ মস্তিষ্কৰ।

গৰ্ভাৱস্থাৰ সময়ছোৱাত আমি কিছু পদক্ষেপ লোৱাৰ প্ৰয়োজন -

প্ৰথম পদক্ষেপ -

গৰ্ভধাৰণ কৰাৰ লগে লগেই আমি প্ৰথমেই আমাৰ খাদ্যতালিকাখন সঠিক কৰি লোৱা প্ৰয়োজন, কাৰণ এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই নিজৰ স্বাস্থ্যৰ লগতে আহিব লগা সন্তানটিৰ স্বাস্থ্যৰ কথাও চিন্তা কৰিব লগা হয়। সেয়ে খাদ্য এনে হোৱা উচিত-যাৰ দ্বাৰা আমি খনিজ, ভিটামিন, বিশেষ ৰুপত ফলিক এচিড আৰু লৌহ পদাৰ্থ পোৱা যাব। তাৰোপৰি গৰ্ভাৱস্থাত অধিক কেল’ৰিৰো প্ৰয়োজন হয়। কিন্তু অধিক মাত্ৰাত জাংকফুডে আমাৰ ক্ষতি কৰে, কাৰণ জাংকফুডত কেল’ৰি পোৱা গ’লেও পোষকতত্ত্বৰ অভাৱ।

সৰ থকা গাখীৰ, দৈ, পনিৰ আদি খাদ্য তালিকাত থকা প্ৰয়োজন। এইবোৰৰ পৰা কেলছিয়াম, প্ৰ’টিন আৰু ভিটামিন বি১২ পোৱা যায়। কিন্তু কিছু মহিলাৰ বাবে এনে খাদ্য হজম হোৱাত অসুবিধা থাকে, সেয়ে তেওঁলোকে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

দ্বিতীয় পদক্ষেপ: এই সময়ছোৱাত পানী আৰু সতেজ ফলৰ ৰস খোৱা প্ৰয়োজন। উল্লেখ্য যে- পানীৰ ক্ষেত্ৰত সঠিকভাৱে ফিল্টাৰ কৰাহে গ্ৰহণ কৰিব লাগে।

তৃতীয় পদক্ষেপ: ঘিউ, তেল খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ প্ৰয়োজন। অধিক সেৱন ক্ষতিকাৰক হ’ব পাৰে। সমুদ্ৰত পোৱা নিমখ বা আয়’ডিনযুক্ত নিমখ, দুগ্ধজাত খাদ্যসামগ্ৰীয়ে গৰ্ভস্থ শিশুটিৰ বিকাশত এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে। গৰ্ভাৱস্থাৰ সময়ত হোৱা আপোনাৰ ওজন আৰু আগৰ ওজনৰ মাজত থকা পাৰ্থক্য এই সময়মতে মন কৰিবলগীয়া। ডাক্তৰৰ পৰামৰ্শৰ প্ৰয়োজন।

যদি মাতৃগৰাকীয়ে নিৰামিষ আহাৰ গ্ৰহণ কৰে, তেনেহ’লে দাইল, ড্ৰাইফ্ৰুটচ আদিয়ে প্ৰ’টিনৰ যোগান ধৰিব।

খাদ্যৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা:

*যিকোনো মাংস তথা কণী সম্পুৰ্ণ সিজাই খাব লাগে।

*ভিটামিন আৰু খনিজ অধিক পৰিমাণে খোৱাটো গৰ্ভস্থ সন্তানটিৰ বাবে হানিকাৰক হ’ব পাৰে। এই সময়ছোৱাত যিকোনো ঔষধ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ গ্ৰহণ কৰিব নালাগে।

*যিকোনো খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত সতেজতাক প্ৰথমে গুৰুত্ব দিয়া উচিত।

*যিকোনো নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিব লাগিব।

*কেফেইনযুক্ত পানীয় যেনে চাহ বা কফি দিনে মাত্ৰ একাপ খাই সন্তষ্ট থাকিব পাৰিলে ভাল।

কেইটিমান মনত ৰাখিবলগীয়া কথা -

*যিকোনো কাৰণতে শৰীৰত যাতে পানী কমি নাযায়। যাত্ৰা কৰিলেও সময়মতে অলপ জিৰণি ল’ব পাৰে তাৰ বাবে সতৰ্ক হোৱা প্ৰয়োজন।

*গৰ্ভাৱস্থাৰ ঠিক তিনিমাহৰ পৰা ছয়মাহৰ সময়ছোৱা সুৰক্ষিত সময়। এই সময়ছোৱাত অলপ খোজকঢ়া, নিজৰ ভাললগা ইটো-সিটো, অধিক পৰিশ্ৰম নোহোৱা কাম-কাজসমুহ কৰিব পাৰে।

*এই সময়ছোৱাত এটা কথা মন কৰিবলগীয়া যে –ৰোগ সংক্ৰমণ হোৱা ঠাইলৈ যাব নালাগে।

*পৰ্যাপ্ত পৰিমাণৰ টোপনি আৰু মন ভাল লগা সুন্দৰ বাতাৱৰণত থাকিব লাগে।

উৎস: নন্দিনী

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top