মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ আৰম্ভণি কাল আৰু কৰিবলগীয়া :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাৰ আৰম্ভণি কাল আৰু কৰিবলগীয়া :

গৰ্ভাৱস্থাৰ আৰম্ভণি কাল আৰু কৰিবলগীয়াৰ বিষয়ে লিখা হৈছে ।

 

পৰিপুষ্টিকৰ খাদ্য মাক আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে দৰকাৰী। সাধাৰণ মহিলা এগৰাকীক গড়ে ২২০০ কিলো কেল’ৰি শক্তিৰ আৱশ্যক। গৰ্ভাৱস্থাত ৩০০ কিলো কেল’ৰি অতিৰিক্ত শক্তিৰ দৰকাৰ।

গৰ্ভাৱস্থা বা গৰ্ভৱতী হোৱাটো কেনেকৈ জানিব -

বিবাহিত মহিলা এগৰাকীৰ যাৰ মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া, যদিহে মাহেকীয়া ঋতুস্ৰাৱৰ দিন পাৰ হৈ যায়। বেলেগ কোনো কাৰণ নাথাকিলে গৰ্ভৱতী হোৱা বুলি ধৰা হয়। সাধাৰণতে মাহেকীয়া ঋতুস্ৰাৱৰ দিন ১০ দিনমান পাৰ হোৱাৰ পাছত ধাৰণা কৰা হয় যে মহিলাগৰাকী সম্ভৱতঃ গৰ্ভৱতী হৈছে।

গৰ্ভাৱস্থাৰ ওকালি, সঘনাই প্ৰস্ৰাৱ হোৱা, বুকু গধুৰ গধুৰ লগা, স্তনযুগল ভাৰি ভাৰি লগা, সঘনাই ভাগৰ লগা গৰ্ভৱতী হোৱাৰ লক্ষণ।

স্তনযুগলৰ পৰিৱৰ্তন -

প্ৰথমবাৰ গৰ্ভাৱস্থাৰ সময়ত এনে পৰিৱৰ্তন ভালকৈ ধৰিব পাৰি। দুমাহ মানৰ পাছৰ পৰাই স্তনযুগল বাঢ়িবলৈ ধৰে। ছালৰ তলত সিৰাবোৰ স্পষ্ট হৈ পৰে। স্তনৰ আগ ভাগ(নিপল) ডাঙৰ হয় আৰু গাঢ় ৰঙৰ হৈ পৰে।

*গৰ্ভৱতী মহিলা এগৰাকীৰ পেটত হাত দি পৰীক্ষা কৰিলে বাঢ়ি অহা গৰ্ভ অনুভৱ কৰিব পাৰি। সাধাৰণতে তিনি মাহ বা ১২ সপ্তাহ পাৰ হোৱাৰ পাছত বাঢ়ি অহা গৰ্ভ হাতেৰে ঢুকি পাব পাৰি।

*জৰায়ূৰ মুখ চুই চালে ওঁঠযুৰিৰ দৰে কোমল অনুভৱ গৰ্ভৱতী হোৱাৰ লক্ষণ। জৰায়ুৰ মুখৰ পৰা নিগত বিজলুৱা পদাৰ্থ গৰ্ভাৱস্থাৰ সময়ত বাঢ়ি যায়।

*পেটৰ পৰা দীঘলীয়া দাগ গৰ্ভৱতী হোৱাৰ লক্ষণ সূচায়। এনে দাগ পেটত নাভিৰ পৰা তললৈ আৰু ওপৰলৈ পৰা দেখা যায়।

*গৰ্ভাৱস্থা নিশ্চিত কৰিবৰ প্ৰায়ে মহিলাগৰাকীৰ ৰাতিপুৱাৰ প্ৰথম প্ৰস্ৰাৱ পৰীক্ষা কৰা হয়। ইয়াত থকা বিটা এইচ-এচিজি হৰম’নৰ উপস্থিতিয়ে গৰ্ভাৱস্থা নিশ্চিত কৰে।

*পেটৰ ওপৰেদি বা যোনিৰ ভিতৰেদি আল্ট্ৰাছাউণ্ড কৰি ৪-৫ সপ্তাহৰ ভিতৰতেই গৰ্ভাৱস্থা ঠাৱৰ কৰিব পাৰি। মাহেকীয়া ঋতুস্ৰাৱৰ ৩৫ দিনৰ ভিতৰত সকলো গৰ্ভাৱস্থা ঠাৱৰ কৰিব পাৰি। ‘৬’ সপ্তাহৰ পাছতেই আল্ট্ৰাছাউণ্ড কৰি হৃদস্পন্দন ধৰিব পাৰি।

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহ -

গৰ্ভস্থ সন্তানত আৰম্ভণি হয় জৰায়ুৰ লগত সংলগ্ন ডিম্ববাহী নলীত(ফেল’পিয়েন টিউব)। ইয়াৰ এম পিউলেৰী অংশত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত ভ্ৰুণৰ সৃষ্টি হয়। এই ভ্ৰুণ লাহে লাহে জৰায়ুৰ ভিতৰত প্ৰৱেশ কৰে আৰু ইয়াতে ইয়াৰ বিকাশ ঘটি পূৰ্ণাংগ অৱস্থা পায়। ২৮ দিনীয়া নিয়মীয়া ঋতুস্ৰাৱৰ মহিলা এগৰাকীৰ ১৪ দিনৰ ওচৰে-পাঁজৰে সাধাৰণতে ডিম্বাণু শুক্ৰাণুৰ দ্বাৰা নিষেচিত হয়। জীৱৰ এই অৱস্থাটোক ভ্ৰুণ বোলে। ডিম্বাণু নিষেচনৰ পৰা প্ৰথমে ৮ সপ্তাহক ‘ভ্ৰুণ’ কাল বোলে। ৮ সপ্তাহৰ অন্তত ভ্ৰুণ এটা প্ৰায় ৬ চেঃমিঃ দীঘল হয়। মানৱ দেহৰ প্ৰায় সকলো অংগ-প্ৰতংগ,  হৃদপিণ্ড এই সময়ছোৱাত বিকশিত হয়। পাছৰছোৱাত ই পূৰ্ণতা পায়। ভ্ৰুণৰ পাছৰ পৰা সন্তানক ‘ফীটাছ’ বোলে।

১২ সপ্তাহত হোৱা পৰিৱৰ্তনসমূহ:

এই সময়ছোৱাত ভ্ৰুণ এটা প্ৰায় ৬-৭ চেঃমিঃ দীঘল হয়। হাত-ভৰি, আঙুলি ধৰিব পৰা হয়। দেহৰ ছাল, নখৰ লগতে দুই-এডাল দেহৰ চুলিৰ আৱিৰ্ভাৱ ঘটে। যৌনাংগৰ বিকাশ ঘটে আৰু ভ্ৰুণটো লৰচৰ কৰিব পৰা হয়।

গৰ্ভাৱস্থাৰ সময়ত কৰিবলগীয়া পৰীক্ষাসমূহ -

*নিগ’লচৰ সূত্ৰৰ সহায়ত শেষৰবাৰ বাবে হোৱা মাহেকীয়া ঋতুস্ৰাৱৰ দিনটোৰ লগত ন মাহ আৰু ৭ দিন যোগ কৰি সম্ভাব্য প্ৰসৱৰ দিন ঠিক কৰা হয়। গৰ্ভাৱস্থাৰ গোটেই সময়খিনিক ‘৪০’ সপ্তাহ ধৰা হয়।

*গৰ্ভাৱস্থাৰ প্ৰথম অৱস্থাতেই মহিলাগৰাকীৰ তেজ, শৌচ, প্ৰস্ৰাৱ পৰীক্ষা কৰিব লাগে। তেজৰ বিভিন্ন পৰীক্ষাসমূহৰ ভিতৰত তেজৰ গ্ৰুপ, আৰ এইচ টাইপ, হিম’গ্লবিনৰ পৰিমাণ, যৌন সংক্ৰামক ৰোগৰ বাবে ভি ডি আৰ এল, এইচ আই ভি, হেপাটাইটিছ বি-চি, টক্স’প্লাজমা, পৰীক্ষা কৰোৱাব লাগে। পৰিয়ালত হিম’গ্লবিনোথেপিৰ ইতিহাস থাকিলে হিম’গ্লবিন ‘ই’, ছিকলছেল আদিৰ পৰীক্ষা কৰা হয়।

প্ৰস্ৰাৱত প্ৰ’টিন, শৰ্কৰা, ইনফেকচন আৰ্ছেনিক পৰীক্ষা কৰা হয়। লগতে পেলুৰ উপস্থিতি জানিবৰ বাবে শৌচ পৰীক্ষা কৰা হয়।

আল্ট্ৰাছাউণ্ড ৭ সপ্তাহৰ পৰাই কৰিব পাৰি। প্ৰথম পৰীক্ষাৰ উদ্দেশ্য হ’ল গৰ্ভাৱস্থাৰ উপস্থিতি ধৰা পেলোৱাৰ লগতে আনুষংগিক জৰায়ুৰ বিসংগতি ধৰা পেলোৱাটো। জৰায়ুৰ বাহিৰৰ নলীত হোৱা গৰ্ভাৱস্থা ধৰা পেলোৱাৰো এইটোৱেই উত্তম সময়। এই সময়খিনিতেই একাধিক গৰ্ভৱস্থাৰ উমান পাব পাৰি। এই সময়ত কৰা আল্ট্ৰাছাউণ্ডৰ জৰিয়তে সঠিকভাৱে সম্ভাব্য প্ৰসৱৰ দিন থিৰাং কৰিব পাৰি। দ্বিতীয়বাৰ আল্ট্ৰাছাউণ্ড ১৩-১৪ সপ্তাহৰ ভিতৰত কৰিব লাগে। এই সময়ত কৰা এনে পৰীক্ষাই গৰ্ভস্থ সন্তানৰ সুস্থতা নিশ্চিত কৰে। ডাউন ছিনড্ৰ’ম এই সময়খিনিতে ধৰা পেলোৱা হয়। এনে বিসংগতি সন্দেহ কৰিলে মাকজনীৰ তেজৰ ‘ট্ৰিপল’ টেষ্ট কৰিব লাগে। ইয়াত মাকৰ তেজত থকা আলফা ফিট’ প্ৰ’টিনৰ পৰিমাণ জোখা হয়।

গৰ্ভাৱস্থাত দিবলগীয়া উপদেশসমূহ -

*পৰিপুষ্টিকৰ খাদ্য মাক আৰু গৰ্ভস্থ সন্তান দুয়োৰে বাবে দৰকাৰী। সাধাৰণ মহিলা এগৰাকীক গড়ে ২২০০ কিলো কেল’ৰি শক্তিৰ আৱশ্যক। গৰ্ভাৱস্থাত ৩০০ কিলো কেল’ৰি অতিৰিক্ত শক্তিৰ দৰকাৰ। ইয়াৰ দৈনিক ৬০ গ্ৰাম প্ৰ’টিন, ১০০০ মিলিগ্ৰাম কেলছিয়াম, ২০০০ আই ইউ ভিটামিন ডিৰ লগতে ১৫ মিলিগ্ৰাম ফলিক এচিড, বি- ১২, জিংক মেগনেছিয়াম ফছফৰাছ, চেলেফিয়ামযুক্ত ভিটামিন সেৱন কৰিব লাগে। ইয়াৰ লগতে দৈনিক ৬০ মিলিগ্ৰাম আইৰন খাদ্যত থকাটো জৰুৰী। সেয়েহে গৰ্ভৱতী মহিলা এগৰাকীৰ খাদ্যত গাখীৰ, কণী, কল, সেউজীয়া শাক-পাচলি গাজৰ, বিন, মাছ, মাংস থকাটো দৰকাৰী।

*ফলিক এচিড গৰ্ভাৱস্থাৰ আগৰে পৰাই খাব লাগে। ফলিক এচিড খোৱাৰ ফলত গৰ্ভস্থ সন্তানৰ বিকলাংগতাৰ হাৰ কমে। গৰ্ভৱতী মহিলা এগৰাকীয়ে দিনত ভাত খোৱাৰ পাছত দুঘন্টা আৰু ৰাতি ৮ ঘন্টা সময় টোপনি যোৱাটো দৰকাৰ। চাফ-চিকুণতা, নিয়মীয়া শৌচ, প্ৰস্ৰাৱ, গা-ধোৱা, দাঁতৰ যতন, চাফ-চিকুণ, ঢিলা কাপোৰ পৰিধান, গৰ্ভাৱস্থাৰ সময়ত মানি চলিবলগীয়া আন কেতবোৰ পৰামৰ্শ। শৌচ টান হ’লে চিকিৎসকক সুধি ঔষধ খাব পাৰে। স্তনযুগল পৰিষ্কাৰ কৰি ৰাখিব লাগে।

*ধুমপান, সুৰাপান, গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ বাবে হানিকাৰক। এনে অভ্যাস গৰ্ভৱস্থাৰ  আৰম্ভণিতে এৰিব লাগে। ধুমপান কৰা মহিলাৰ গৰ্ভপাত, অকাল প্ৰসৱ, সময় অনুপাতে সন্তানৰ বৃদ্ধি নোহোৱা আদি সমস্যাৰ সন্মুখীন হয়। মদ বিকলাংগ শিশুৰ কাৰক হ’ব পাৰে। এনে অভ্যাস সেয়েহে বৰ্জন কৰা উচিত।

*দূৰণিবটীয়া ভ্ৰমণ ৰে’লযোগে কৰাই মংগল। ৰিক্সা, অটোৰিক্সাত উঠোতে সাৱধান হ’ব। এনে বাহন প্ৰথমৰ্মাহত ব্যৱহাৰ নকৰাই ভাল।

পৰিয়ালৰ ইটো সিটো সৰু-সুৰা কাম আগৰ দৰেই কৰিব পাৰে। গধুৰ বস্তু দাঙিব নালাগে। চিকিৎসকৰ ফালৰ পৰা বাধা নাথাকিলে যৌন সম্ভোগ কৰিব পাৰে।  পেটৰ বিষ বা অলপ ৰক্তক্ষৰণ হৈ থাকিলে প্ৰথম তিনি মাহ যৌনাচাৰ নকৰাই ভাল।

*গৰ্ভাৱস্থাৰ সময়ত যোগাসন, খোজ কঢ়া, লঘু ব্যায়াম কৰাত কোনো বাধা নাই। চিকিৎসকৰ ফালৰ পৰা বাধা নাথাকিলে এনে ব্যায়াম গোটেই গৰ্ভাৱস্থাজুৰি কৰিব পাৰে।

*পেটৰ বিষ, জৰায়ুৰ পৰা ৰক্তক্ষৰণ বা প্ৰস্ৰাৱৰ দৰে পানী নিৰ্গত হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

গৰ্ভাৱস্থাৰ সৰুসুৰা অসুখসমূহ -

*ওকালি বা বলি ভাব:

গৰ্ভাৱস্থাৰ ওকালি প্ৰথম তিনি মাহত বেছিকৈ হয়। ৰাতিপুৱাৰ সময়ত সঘনাই হয় যদিও দিনৰ আন সময়তো ই দেখা দিব পাৰে।

কেতবোৰ বস্তুৰ গোন্ধে ওকালিত অৰিহণা যোগায়। খোৱাবস্তু অলপ অলপকৈ কেইবা ভাগ কৰি খাব লাগে। পানী খোৱা বস্তুৰ লগত নাখায় অলপ পলমকৈ খাব লাগে। ওকালি বন্ধ হ’বৰ বাবে ডক্সিলেমাইন’ টেবলেট ব্যৱহাৰ কৰিব পাৰি।

*কঁকালৰ বিষ:

আন এক সমস্যা। গৰ্ভাৱস্থাৰ সময় আগবাঢ়ি যোৱাৰ লগে লগে কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ পোন হৈ চকীত বহা, ওখ জোতা নিপিন্ধা, চিধা হৈ খোজ কঢ়া অভ্যাস কৰিব লাগে। ইয়াৰ উপৰি বিষ উপশমৰ বাবে বিভিন্ন ধৰণৰ মলম, পেৰাচিটামল টেবলেট চিকিৎসকৰ পৰামৰ্শ মতে ব্যৱহাৰ কৰিলে সুফল পায়।

*কোষ্ঠকাঠিন্য:

আন এক সমস্যা। পানী বেছিকৈ খোৱা, ফলমূল, শাক-পাচলি বেছিকৈ খালে শৌচ কোমল হয়। ইয়াৰ উপৰি শৌচ কোমল হোৱা দৰবো ব্যৱহাৰ কৰিব পাৰি।

*বুকু জ্বলা-পোৰা কৰা:

মছলা জাতীয় খাদ্যৰ পৰিমাণ কম, খাদ্যবস্তু কম কমকৈ ঘনাই খালে বুকুৰ জ্বলা পোৰা কমে। এন্টাচিড ব্যৱহাৰ কৰি বুকু জ্বলা পোৰাৰ পৰা ৰক্ষা পাব পাৰি।

*ভৰিৰ মাংসপেশী টানি ধৰা:

আন এক সমস্যা। কেলছিয়াম খালে এনে বিষ আঁতৰে। ইয়াৰ উপৰি গৰম পানীৰ সেক, ভিটামিন বি-১ নিয়মীয়াকৈ খালে মাংসপেশীৰ বিষ কমে।

*পাইকা:

মাটিৰ খোলা, পোৰা মাটি বা বৰফ বা শ্বেতসাৰ(কাপোৰত দিয়া মাড়) আদি খোৱাটোকে ‘পাইকা’ বোলে। আইৰনৰ অভাৱতে এনে হয় বুলি ধৰা হয়। এনে বদ অভ্যাস বুজাই-বঢ়াই বন্ধ কৰিব লাগে।

বগা স্ৰাৱ:

গৰ্ভাৱস্থাৰ সময়ত বগা স্ৰাৱ বেছিকৈ ওলায়। বগা স্ৰাৱ গোন্ধালে বা ভিতৰত খজুৱালে চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰিব লাগে।

ইয়াৰ উপৰি ভাগৰ লগা, অৱশ ভাব, টোপনিৰ ভাব গৰ্ভাৱস্থাৰ আৰম্ভণিতে সঘনাই দেখা যায়। সময় আগবঢ়াৰ লগে লগে এইবোৰ নাইকিয়া হয়।

কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব -

মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেজ, প্ৰস্ৰাৱৰ লগতে আল্ট্ৰাছাউণ্ড কৰোৱাব লাগে।

পেটৰ বিষ, ৰক্তস্ৰাৱ, বগাস্ৰাৱ গ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তিনি মাহৰ ওচৰে-পাঁজৰে পুনৰ চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ। এই সময়ত কৰা আল্ট্ৰাছাউণ্ড গৰ্ভস্থ শিশুটিৰ বাবে অতি দৰকাৰী।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা(নিয়মীয়া বাৰ্তা)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top