মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ খাদ্যৰ বিষয়ে জানিবলগীয়া কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভাৱস্থাৰ খাদ্যৰ বিষয়ে জানিবলগীয়া কথা

 

গৰ্ভাৱস্থাৰ খাদ্যৰ বিষয়ে সঘনে পাঠকৰ পৰা অহা নানান প্ৰশ্নৰ উত্তৰ মই প্ৰায়ে দি থাকিবলগীয়া হয় ৷ সেয়ে এই প্ৰৱন্ধটোৰ যোগেদি এগৰাকী গৰ্ভৱতী মহিলাই কি খাদ্য খোৱা উচিত আৰু কি খাদ্য খোৱা অনুচিত সেই বিষয়ে আলোকপাত কৰিবৰ প্ৰয়াস কৰিম ৷ গৰ্ভাৱস্থাৰ খাদ্য সম্বন্ধে মানুহৰ মাজত ভ্ৰমৰ অন্ত নাই ৷ বৈজ্ঞানিক বিশ্লেষণৰ পৰিবৰ্তে বহুতে অনভিজ্ঞ, অশিক্ষিত লোকৰ ভুল পৰামৰ্শকে মানি লয় ৷

গৰ্ভ চলি থকা সময়ছোৱাত খোৱাত সতৰ্ক নহলে বা অজ্ঞানতাবশত: ভুল খাদ্য গ্ৰহণ কৰিলে হব পৰা বিপদসমূহ হ'ল-


• গৰ্ভপাত হোৱা
• অপৰিপক্ৱ অৱস্থাত সন্তানৰ প্ৰসৱ হোৱা
• মৃত সন্তান জন্ম দিয়া
• গৰ্ভৱতী মাতৃৰ স্বাস্থ্য হানি হোৱা

এগৰাকী গৰ্ভৱতী মহিলাক সমুচিত খাদ্যৰ ওপৰিও দৈনিক দুই লিটাৰ পানীৰ প্ৰয়োজন হয় ৷ এই পানীয়ে শৰীৰৰ আৰ্দ্ৰতা বৰ্তাই ৰাখে ৷ ডিহাইড্ৰেচন ৰোধ কৰে আৰু প্ৰসাবত সংক্ৰমণ হবলৈ নিদিয়ে ৷ গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ তেজৰ পৰিমাণত দেড় লিটাৰ পৰ্য্যন্ত বৃদ্ধি হয় আৰু সেয়ে গৰ্ভাৱস্থাত পানীৰ ভূমিকা অপৰিসীম ৷

উপকাৰী খাদ্যৰ তালিকা-


•সেউজীয়া শাক-পাচলি -পালেং,কলমৌ,খুতৰা,মৰিচা, জিলমিল,মাটিকান্দুৰি আদি শাক আৰু ব্ৰকলি,গাজৰ,ওলকবি,ফুলকবি,বন্ধাকবি আদি পাচলি বৰ উপযোগী ৷ কাৰণ এইবিলাক শাক-পাচলিত ভিটামিন-বি গোট, ভিটামিন-কে,ভিটামিন-চি আদিৰ ওপৰিও ডায়েটেৰি ফাইবাৰ আৰু লাগতিয়াল খনিজ আইৰন, কেলচিয়াম,মেগনেচিয়াম,জিংক, প'টেচিয়াম আদি থাকে ৷ নিয়মীয়া শাক-পাচলিৰ সেৱন গৰ্ভকালত হোৱা শৌচ-কচা আতৰ কৰাত সহায়ক হয় ৷ (কেঁচা শাক-পাচলিৰ চালাড খাওঁতে ভালকৈ পৰিষ্কাৰ-পৰিচ্ছন্নতালৈ মনোযোগ দিব লাগে নহ'লে ই-কলাই বেক্টিৰিয়াৰ দ্বাৰা আক্ৰান্ত ফুড পইজনিংত ভূগিবলগীয়া হব পাৰে ৷ )
• ফলমূল - কল (ততালিকে শক্তিৰ যোগান ধৰা উচ্চ প'টেচিয়ামযুক্ত ফল), আম,নেমু,কমলা (এইকেইটাই ভিটামিন-চি যোগান ধৰি পাক প্ৰণালীত আইৰনৰ শোষণত সহায় কৰে আৰু দেহৰ আৰ্দ্ৰতা বৰ্তাই ৰাখে), আভাকাডো (অন্যান্য ফলৰ তুলনাত অধিক ফলেট ভিটামিনৰ যোগান ধৰোতা)৷ ভিটামিন-বি৯, ফলেট বা ফলিক এচিডৰ অভাৱ হলে গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতি (যেনে Neural tube defect) হব পাৰে ৷
• মিঠা আলু - মিঠা আলু হ'ল বিটা-কেৰটিন আৰু ফাইবাৰৰ স্ৰোত ৷ বিটা-কেৰটিনৰ পৰা ভিটামিন-এ ওলায়, যি গৰ্ভস্থ সন্তানৰ কোষৰ বৃদ্ধি আৰু পূৰঠ হোৱাত সহায়ক হয় ৷ মিঠা আলু পাচনত সহায়ক হয় আনহাতে ই তেজৰ চুগাৰ আকস্মিকভাবে বাঢ়িব নিদিয়ে ৷
• গাখীৰ আৰু ডায়েৰীৰ সামগ্ৰীৰ পৰা শৰীৰে প্ৰটিন, কেলচিয়াম, জিংক, ফচফ'ৰাচ,মেগনেচিয়াম আদি খনিজৰ ওপৰিও নানান ভিটামিন লাভ কৰে ৷
• দৈৰ পৰা উপকাৰী প্ৰ'বায়টিক লাভ হয় ৷ যাৰ দ্বাৰা প্ৰি-এক্লেমচিয়া, জেষ্টেচনেল (গৰ্ভকালীন) ডায়েবেটিজ, এলাৰ্জি আৰু যোনিমুখৰ সংক্ৰমণ প্ৰতিৰোধ হয় ৷
• কণী হ'ল ভিটামিন,খনিজ আৰুএন্টিঅক্সিডেন্টেৰে ভৰপুৰ ৷ এটা কণীত ৭৭কেলৰি শক্তি থাকে ৷ কণীত থকা ক'লিন নামৰ তত্বই গৰ্ভস্থ সন্তানৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ বিকাশত সহায় কৰে ৷ এটা কণীত ১১৩মিলিগ্ৰাম ক'লিন থাকে ৷ গৰ্ভৱতী মহিলাক দৈনিক ৪৫০মিলিগ্ৰাম ক'লিনৰ প্ৰয়োজন হয় ৷কণী খাবৰ বাবে সম্পূৰ্ণ সিদ্ধ হোৱাটো একান্ত লাগতিয়াল কথা, অন্যথাই দেহত চালমোনেলা বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব ৷
• মাংস - সকলো ধৰণৰ মাংসৰ পৰা শৰীৰে লাভ কৰে প্ৰটিন,আইৰন, ভিটামিন-বি গোট আৰু ক'লিন ৷
• মাছ - মাছৰ পৰা শৰীৰে প্ৰটিন, কেলচিয়াম, ভিটামিন-ডি, অ'মেগা ৩ ফেটি এচিড আদি লাভ কৰে ৷ গৰ্ভস্থ সন্তানৰ ইমিউন প্ৰণালী আৰু হাঁড়ৰ বিকাশত মাছৰ ভূমিকা বৰ প্ৰয়োজনীয় ৷
• দাইল আৰু মাহৰ - পৰা শৰীৰে প্ৰটিন, ভিটামিন আৰু নানাবিধ খনিজ লাভ কৰে সেয়ে গৰ্ভৱতী মাতৃৰ খাদ্যৰ ই অপৰিহাৰ্য্য অংশ ৷
• ষ্ট্ৰবেৰী,ব্ল'বেৰী আদিও গৰ্ভকালৰ উপযোগী ফল ৷
• ড্ৰাই ফ্ৰোটচ গৰ্ভাৱস্থাত খোৱা ভাল ৷ গৰ্ভাৱস্থাত সকলো সময়তে খেজুৰ উপযোগী ৷ ইয়াৰ দ্বাৰা মাতৃগৰাকীৰ এনিমিয়া আৰু শৌচকচা আতৰ হয় ৷

অপকাৰী খাদ্যৰ তালিকা-


-উচ্চমাত্ৰাত কেফেইনৰ সেৱন -কফি বা চাহৰ পৰা অহা কেফেইনৰ পৰিমাণ দিনটোত২০০মিলিগ্ৰামৰ ভিতৰত সীমাবদ্ধ থকা বাঞ্চনীয়৷ অতিমাত্ৰা কেফেইনে গৰ্ভপাত কৰাব পাৰে৷
-মদৰ অপকাৰিতা – FoetalAlcohol Syndrome ৰ ফলৰ মস্তিষ্ক আৰু শৰীৰৰ বিকাশ বাধাগ্ৰস্ত হব পাৰে ৷
-ধুম্ৰপানৰ নিকোটিনৰ প্ৰভাৱত গৰ্ভস্থ সন্তানৰ অপৰিপক্ক অৱস্থাত প্ৰসৱ বা আন বিজুটি ঘটিব পাৰে ৷
-আনপেষ্টুৰাইজদ ডায়েৰী সামগ্ৰী - বিপদজনক টক্সপ্লাজমোচিচ ৰোগৰ কাৰক হব পাৰে ৷
-অধিক মাৰ্কাৰীযুক্ত মাছ - সমুদ্ৰী মাছ যেনে টুনা,চলমান, টাইলফিছ, চু্বৰ্ডফিছ,চাৰ্ক,কিংমৰ্কেল আদিত শৰীৰৰ বাবে লাগতিয়াল অ'মেগা৩ ফেটি এচিড থাকে যদিও এনে মাছত থকা মাৰ্কাৰীৰ অপকাৰিতাত নুভোগিবলৈ হ'লে সপ্তাহত ২বা ৩ৰ বেচি সাজ খাব নালাগে ৷
-কেঁচা অমিতা -পৰা গৰ্ভপাতৰ সম্ভাৱনা থাকে৷ আনহাতে পকা অমিতা গৰ্ভৱতী মহিলা আৰু স্তনপায়ী মাতৃৰ বাবে বেচউপযোগী ৷
-আনাৰচ - ইয়াত গৰ্ভপাত কৰাব পৰা ব্ৰমেইলিন নামৰ তত্ব থাকে ৷
-বেঙেনা- বেচিকৈ খালে জৰায়ুৰ সংকোচন হব পাৰে ৷
-তিল বেচি পৰিমাণত খালে জৰায়ুৰ সংকোচন ঘটি গৰ্ভপাত হব পাৰে ৷
- আঙুৰ -গৰ্ভৱতী মহিলাই অন্তিম ত্ৰৈমাসিকৰ সময়ত আঙুৰ নোখোৱাটো মংগলজনক ৷ আঙুৰে দেহৰ উত্তাপ বঢ়াব পাৰে ৷ আঙুৰত থকা Resveretrol নামৰ তত্বই মাতৃৰ হৰমোনৰ বিসংগতি ঘটাই জটিলতা সৃষ্টি কৰিব পাৰে ৷
- চেকাৰিন আৰু কৃত্ৰিম স্বাদ দি বনোৱা খাদ্য সামগ্ৰী অহিতকাৰী ৷
- টিনত পেকিং কৰা মাছ বা আন খাদ্য পদাৰ্থ অহিতকাৰী ৷
-অতি উচ্চ মাত্ৰাৰ ভিটামিন-এ (যেনে কড লিভাৰ অইল) গৰ্ভৱতী মহিলাৰ বাবে ক্ষতিকাৰক হব পাৰে ৷

মোখনিত থোৰতে কবলৈ হ'লে গৰ্ভৱতী মহিলাৰ খাদ্য :
সদায় সেউজীয়া শাক পাচলি আৰু ফলমূল খাব ৷ জীয়া মাছ সপ্তাহত ৫৷ ৬সাজ, কণী (সম্পূৰ্ণ সিজোৱা) সপ্তাহত ৫৷ ৬টা,মাংস সপ্তাহত ২৷ ৩সাজ ৷ গাখীৰ সদায় খাব ৷ নিতৌ ২লিটাৰৰ কম পানী নাখায় যেন ৷
গৰ্ভৱস্থাত আনাৰচ, কেঁচা অমিতা, আঙুৰ আৰু তিল নাখাব ৷
৪মাহৰ পৰা নিয়মীয়াকৈ ওচৰৰ মেডিকেলত গৈ স্বাস্থ্য পৰীক্ষা কৰাব ৷
শেষত সকলো গৰ্ভৱতী মাতৃৰ সুস্বাস্থ্য আৰু গৰ্ভস্থ সন্তানৰ কুশল-মংগল কামনা কৰি এই লিখনি ইমানতে সামৰিলোঁ ৷

ডা০ ভূপেন শইকীয়া ৩০ জানুৱাৰী ২০১৮, ডোহা, কাটাৰৰ পৰা
যোগাযোগ : drbksaikia@gmail.com
আৰু ৱাটচএপ নম্বৰ ০৯৭৪৩৩৭৩৮৭২২

3.05555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top