অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভৱতী অৱস্থাৰ যতন আৰু আপুনি :

গৰ্ভৱতী অৱস্থাৰ যতন আৰু আপুনি :

 

মাহেকীয়া বন্ধ হোৱাটোৱেই গৰ্ভাৱস্থাৰ প্ৰথম লক্ষণ। এতিয়া আপুনি গৰ্ভৱতী হৈছে নে নাই সেয়া নিশ্চিত হ’ব লাগে। তাৰ বাবে প্ৰেগনেঞ্চী কিট কিনি (Pregnancy Kit) লৈ প্ৰস্ৰাৱ পৰীক্ষা কৰক। যদিহে দুডাল আঁচ ধৰা পৰে, তেনেহ’লে আপুনি গৰ্ভৱতী । ইয়াৰ পিছৰ পৰ্যায়ত আপুনি কি কৰিব সেয়া তলত উল্লেখ কৰা হ’ল-

প্ৰথম সপ্তাহ:

আপুনি এজন স্ত্ৰী আৰু প্ৰসুতি চিকিৎসকৰ কাষ চপা উচিত, যাতে আপোনাৰ ফলিক এচিড, ভিটামিন আদিৰ ক’ৰ্ছ আৰম্ভ কৰিব পাৰে। যিয়ে আপোনাৰ সন্তানটিৰ Neural Tube Defects  হোৱাৰ পৰা প্ৰতিৰোধ কৰিব পাৰে।
প্ৰথম তিনি মাহৰ লক্ষণ:

মুৰঘুৰণি আৰু বমি প্ৰায়ে দেখা দিয়া সাধাৰণ লক্ষণ। বিছনাৰ পৰা উঠাৰ আগতে এখন বিস্কুট খালে এনে লক্ষণৰ পৰা পৰিত্ৰাণ পোৱা যায়। ঘৰুৱাভাৱে প্ৰস্তুত কৰা আদাৰ ৰস গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক ৩-৪ ঘণ্টাৰ মুৰত কম কম পৰিমাণে আহাৰ গ্ৰহণ কৰিব পাৰে। মচলাযুক্ত আৰু তেল জাতীয় খাদ্য পৰিহাৰ কৰিব লাগে। খুব বেছি গোন্ধ থকা খাদ্য পৰিহাৰ কৰিব লাগে। নেমু অথবা বৰফৰ টুকুৰা শুহি থাকিব যত্ন কৰিব লাগে। অতিমাত্ৰা বা নিৰ্দিষ্ট খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। তলপেটৰ বিষ অথবা ৰক্তক্ষৰণ হ’লে গৰ্ভপাতৰ লক্ষণ হ’ব পাৰে আৰু ইয়াক গুৰুত্বসহকাৰে ল’ব লাগে। স্তনযুগল পৰিপুষ্ট আৰু সংবেদনশীল হৈ উঠে। গতিকে আৰামদায়ক ব্ৰা পিন্ধিব লাগে। এই সময়ত কোষ্ঠকাঠিন্য হোৱা দেখা যায়। সেয়েহে অধিক মাত্ৰাত আইৰণযুক্ত খাদ্য মগু, সেউজীয়া শাক-পাচলি, ফলমুল, অধিক মাত্ৰাত পানী গ্ৰহণ কৰিব লাগে। নিয়মিত ব্যায়াম কৰা উচিত। খোজকঢ়া উত্তম ব্যায়াম।

দ্বিতীয় তিনি মাহ:

এই সময়খিনি গৰ্ভাৱস্থাৰ আটাইতকৈ আৰামদায়ক সময়। প্ৰায়সংখ্যক মহিলাৰ মুৰঘুৰণি অথবা বমি বন্ধ হোৱা দেখা যায়। ভোকৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে। প্ৰটিন আৰু সুষম আহাৰ গ্ৰহণ কৰা উচিত। আপোনাৰ সন্তানটিক অধিক মাত্ৰাত প্ৰটিনৰ প্ৰয়োজন। মাংস, মাছ, কণী, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য, মাহজাতীয় শস্যই হৈছে প্ৰটিনৰ উৎস। লগতে শৰ্কৰা জাতীয় খাদ্যৰ বাবে ভাত, ৰুটী, ব্ৰেড, অধিক মাত্ৰাত খাব লাগে।

সন্তানটিৰ চলাফুৰা/ লৰচৰ:

এই সময়ত আপোনাৰ সন্তানটিৰ প্ৰথম লৰচৰ কৰা অনুভৱ কৰিব পাৰিব। এই সময়খিনিতে টিটেনাছ টক্সাইড টিকাকৰণ কৰিব লাগে। এই সময়খিনিত যাত্ৰা কৰাটো সম্ভৱ। যদি আপুনি উৰাজাহাজত ক’ৰবালৈ যাওঁ বুলি ভাবে তেনেহ’লে অধিক মাত্ৰাত পনীয়া খাদ্য গ্ৰহণ কৰিব লাগে, লগতে যেতিয়াই সম্ভৱ খোজকাঢ়িব লাগে।

শেষৰ তিনি মাহ:

গৰ্ভাৱস্থাৰ উত্তম সময় এই কালছোৱা। আপুনি সুন্দৰ অনুভৱ কৰিব। সন্তানৰ লৰচৰ স্পষ্টকৈ অনুভৱ কৰিব। তথাপি আপোনাৰ স্বাস্থ্যৰ অতিকে জটিল সময়। জটিলতাসমুহ যেনে- মধুমেহ, উচ্চ ৰক্তচাপ এই সময়ত দেখা দিয়ে। সেয়েহে নিয়মিতভাৱে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগে। এই সময়ত ভৰি ফুলা প্ৰায়ে দেখা যায় আৰু ই চিন্তাৰ কাৰণ নহয়, যদিহে অধিক জটিলতা নহয়। বহি থকা অৱস্থাত ভৰি দুখন এখন টুলৰ ওপৰত ৰাখিব লাগে আৰু শুই থকা অৱস্থাত ভৰি দুখন গাৰুৰ ওপৰত উঠাই থ’ব লাগে। এনে সময়ত প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি পায়। সেয়েহে পানী অধিক খাব লাগে।

এনে সময়ত সাৱধান হ’বলগীয়া কিছু লক্ষণ:

লেবাৰ পেইন

সন্তানটিৰ লৰচৰ হ্ৰাস পোৱা:

প্ৰতি ঘণ্টাত ৩ বা তাতোকৈ কম লৰচৰ অনুভৱ কৰিলে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। কাৰণ ই সন্তানটিৰ জটিলতাৰ ইংগিত দিয়ে।

পানী ভঙা:

যোনিয়েদি যদি অধিক মাত্ৰাত পৰিষ্কাৰ পানী নিৰ্গমন হয়, তেন্তে সন্তানটি কঢ়িওৱা পানীৰ আৱৰণ ফাটি যোৱাৰ ইংগিত বহন কৰে।

অধিক মাত্ৰাত ৰক্তক্ষৰণ জটিলতাৰ লক্ষণ।

ওপৰত উল্লেখিত যিকোনো এটি লক্ষণ হোৱা মাত্ৰকে চিকিৎসকৰ কাষ চাপিব লাগে আৰু এনে অৱস্থাত তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ব পাৰে। এনে লক্ষণসমুহে সন্তানটি প্ৰসৱ হোৱাৰ ইংগিত বহন কৰে। গতিকে আপোনাৰ সন্তানটিক জন্ম দিয়াৰ বাবে আপোনাৰ পছন্দৰ চিকিৎসালয় নিৰ্বাচিত কৰি প্ৰস্তুত হওক।

লেখিকা: ডা: আয়না বৰঠাকুৰ (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate