অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভৱতী মহিলা আৰু পেলুৰ সংক্ৰমণ

গৰ্ভৱতী মহিলা আৰু পেলুৰ সংক্ৰমণৰ বিষয়ে লিখা হৈছে ।

 

বিশ্ব স্বাস্থ্য সংস্থাই ধাৰ্য কৰি দিয়া মতে, গৰ্ভৱতী মহিলাৰ তেজত হিম’গ্ল’বিনৰ পৰিমাণ ১১.০ গ্ৰাম/ডেলিতকৈ কম হ’লে মহিলাগৰাকী ৰক্তহীনতাত ভোগা বুলি কোৱা হয়।

গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা স্বাস্থ্য ৰক্ষাৰ এটা ডাঙৰ সমস্যা। এই ৰক্তহীনতাই মাক আৰু শিশুৰ স্বাস্থ্যত এক্ব সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।

গৰ্ভাৱস্থা মহিলা এগৰাকীৰ জীৱনত এটা বিশেষ অৱস্থা। বিয়াৰ জৰিয়তে এখন ঘৰৰ ছোৱালীজনী আন এখন ঘৰৰ বোৱাৰীক মাক হোৱাৰ সম্ভাৱনাৰ গৌৰৱ কঢ়িয়াই আনে। এই সময়ছোৱাত মহিলাগৰাৰীৰ দেহলৈ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে আৰু মহিলাগৰাকী কিছুমান সমস্যাত ভোগে।

প্ৰয়োজন অনুসাৰে যতন লোৱা গৰ্ভৱতী মহিলাই সুস্থ শিশু জন্ম দিয়াৰ লগতে নিজেও সুস্থ প্ৰসৱোত্তৰ জীৱন কটোৱা দেখা যায়।

সাধাৰণতে গৰ্ভৱতী মহিলাই ভোগা সমস্যাবোৰৰ ন্ভিতৰত এটা হ’ল ৰক্তহীনতা। বিশ্ব স্বাস্থ্য সংস্থাই ধাৰ্য কৰি দিয়া মতে, গৰ্ভৱতী মহিলাৰ তেজত হিম’গ্ল’বিনৰ পৰিমাণ ১১.০ গ্ৰাম/ডেলিতকৈ কম হ’লে মহিলাগৰাকী ৰক্তহীনতাত ভোগা বুলি কোৱা হয়।

গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা স্বাস্থ্য ৰক্ষাৰ এটা ডাঙৰ সমস্যা। এই ৰক্তহীনতাই মাক আৰু শিশুৰ স্বাস্থ্যত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। পৃথিৱীত ৫৬ শতাংশতকৈ অধিক গৰ্ভৱতী মহিলা ৰক্তহীনতাত ভোগে। আমাৰ দেশত এই হাৰ প্ৰায় ৫০ শতাংশ।

ৰাষ্ট্ৰীয় পৰিয়াল সমীক্ষা-৪(২০১৫-১৬) অনুসৰি আমাৰ ৰাজ্যত ৪৪.৮ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত।

এই ৰক্তহীনতাই-

*গৰ্ভস্খলন হোৱা,

*মৃত সন্তান জন্ম,

*সন্তান সময়তকৈ আগতে জন্ম হোৱা,

*কম ওজনৰ সন্তান জন্ম হোৱা,

*মাকৰ গাখীৰ কমকৈ হোৱা আদি সমস্যাৰ সৃষ্টি কৰে।

গৰ্ভৱতী মহিলাৰ ৰক্তহীনতাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত এটা হ’ল পেলুৰ সংক্ৰমণ। বিশ্বৰ প্ৰায় ২৫ শতাংশ লোক মাটিৰ প্ৰা সংক্ৰমিত হোৱা পেলুৰ দ্বাৰা আক্ৰান্ত। আমাৰ দেশত এই হাৰ আন আন উন্নয়নশীল দেশৰ দৰেই, ৫-৭৬ শতাংশ।

উন্নত দেশবোৰৰ পৰা পেলুৰ সমস্যা প্ৰায় নোহোৱা হৈছে যদিও অনুন্নত আৰু উন্নয়নশীল দেশবোৰত ইয়াৰ প্ৰভাৱ এতিয়াও বিদ্যমান। এই দেশবোৰত পুষ্টিহীনজতা আৰু ভগ্নস্বাস্থ্যৰ মূল কাৰণবোৰৰ এটা হৈছে মাটিৰ পৰা সংক্ৰমিত হোৱা পেলু।

মানুহৰ গালৈ মাটিৰ সংক্ৰমিত হোৱা এই পেলুবোৰ হৈছে-

*ঘূৰণীয়া পেলু,

*হাকোটা পেলু, আৰু

*হুইপ পেলু।

পেলুৰ দ্বাৰা আক্ৰান্ত গৰ্ভৱতী মহিলা প্ৰায়ে অসুস্থতাত ভোগে। তেওঁলোক দুৰ্বল অনুভৱ কৰা, কষ্ট সহিব নোৱৰা হোৱা, অলপ কাম কৰিলেই ভাগৰি পৰা আদি সমস্যাত ভোগে।

পেলুৰ দ্বাৰা আক্ৰান্ত হোৱা ব্যক্তিয়ে ক্ষুদ্ৰান্ত্ৰত প্ৰাপ্তবয়স্ক পেলুবোৰে বাস কৰে আৰু ইহঁতে পৰা কণীবোৰ বিষ্ঠাৰ লগত দেহৰ পৰা বাহিৰ হয়।

যিবোৰ ঠাইত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়া নহয়, তেনেকুৱা ঠাইৰ মাটিবোৰ এই পেলুৰ কণীবোৰে প্ৰদূষিত কৰে। এই পেলুৰ কণীবোৰ নিম্নোক্ত বিভিন্ন উপায়েৰে মানুহৰ দেহলৈ যায়-

১)পেলুৰ কণীৰ দ্বাৰা প্ৰদূষিত পানী যদি শাক-পাচলিত দিয়া হয়, তেন্তে কণীবোৰ শাক-পাচলিবোৰত লাগি ধৰে। যদি ভালকৈ নোধোৱে, বাকলি নুগুচায় বা ভালকৈ নাৰান্ধে, তেন্তে এনেকুৱা শাক-পাচলিৰ লগত পেলুৰ কণী মানুহৰ দেহলৈ যায়।

২)অপৰিষ্কাৰ, প্ৰদূষিত খোৱাপানী।

৩)পেলুৰ কণী থকা মাটিত খেলা-ধূলা কৰি ভালকৈ হাত নোধোৱাকৈ খাদ্য খালে বা হাত মুখত দিলে, পেলুৰ কণী শিশুৰ দেহলৈ যায়।

৪)মুকলি পথাৰত কৰা পায়খানাত থকা হাকোটা পেলুৰ কণীবোৰৰ পৰা, উপযুক্ত পৰিৱেশ পালে, সৰু সৰু লাৰ্ভা জন্ম হয়। সেই ঠাইত খালী ভৰিৰে খোজ কাঢ়িলে, এই লাৰ্ভাবোৰ ছালত থকা ৰন্ধ্ৰেৰে মানুহৰ দেহত সোমায়।

পেলুৰ পৰা হ’ব পৰা অসুবিধাসমূহ আঁতৰাবলৈ হ’লে, সংক্ৰমণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহাণ কৰিব লাগিব। মাটিৰ পৰা সংক্ৰমিত হোৱা পেলুৰ পৰা হাত সাৰিবলৈ হ’লে, মাটি পেলুৰ দ্বাৰা প্ৰদূষিত নহ’বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

এতিয়াও বহু মানুহে শৌচালয় ব্যৱহাৰ নকৰি মুকলি ঠাইত পায়খানা কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে(Ministry of Drinking Water and Sanitation) জানুৱাৰী, ২০১৮ চনলৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ২৫ কোটি ভাৰতীয়ই এতিয়াও মুকলি ঠাইত পায়খানা কৰে(২০১৪ চনলৈকে এই সংখ্যা আছিল ৫৫ কোটি)।

মুকলি ঠাইত পায়খানা কৰাৰ অভ্যাস বাদ দি অনাময় শৌচালয় ব্যৱহাৰৰ অভ্যাস কৰিব লাগিব। ঘৰুৱা বা সমজুৱাভাৱে ব্যৱহাৰৰ বাবে মহাবিদ্যালয়ত বনোৱা শৌচালয়বোৰ যাতে নিয়মীয়াকৈ পৰিষ্কাৰ কৰা আৰু সময়ে সময়ে মেৰামতি কৰা হয় তাৰ বাবে লক্ষ্য ৰাখিব লাগিব।

তদুপৰি, অংগনৱাড়ী কেন্দ্ৰবোৰত অনাময় শৌচালয়ৰ সুবিধা থাকিব লাগে আৰু শিশুসকলক শুদ্ধভাৱে শৌচালয় ব্যৱহাৰৰ অভ্যাস কৰাব লাগে। আৰু যদি শিশুৱে মুকলি ঠাইত পায়খানা কৰে, তেন্তে লগে লগে শৌচালায়ত পেলাই দিব লাগে অথবা মাটিত গাঁত খান্দি পুতি থ’ব লাগে।

পৰিষ্কাৰ খোৱাপানীৰ ব্যৱস্থা থাকিব লাগে। পায়খানা কৰি আহি আৰু খাদ্য গ্ৰহণ কৰাৰ আগতে চাবোনেৰে ভালকৈ হাত ধোৱাৰ অভ্যাস কৰিব লাগে। চাবোনেৰে হাত ধোৱাৰ সময়ত প্ৰথমতে হাতৰ তলুৱা দুখন ভালকৈ ঘঁহিব লাগে যাতে যথেষ্ট পৰিমাণে চাবোনৰ ফেন ওলায়।

তাৰ পিছত হাতৰ তলুৱা, পাছফাল, আটাইকেইটা আঙুলি আৰু আঙুলিৰ ফাঁকবোৰ, ইখন হাতৰ তলুৱাত সিখন হাতৰ আঙুলিৰ আগবোৰ অগা-পিছাকৈ আৰু ঘূৰণীয়াকৈ ঘঁহি ঘঁহি চাফা কৰি তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে। চেণ্ডেল বা জোতা নিপিন্ধাকৈ খালী ভৰিৰে মাটিত খোজ কঢ়াৰ অভ্যাস সলনি কৰিব লাগে।

পেলুৰ চিকিৎসাৰ বাবে ভাল ঔষধ আছে। বহুতো মানুহৰ মাজত এটা ভুল ধাৰণা আছে- পেলুৰ ঔষধ গৰমৰ দিনত খুৱাব নালাগে। কথাটো শুদ্ধ নহয়। বছৰটোৰ যিকোনো সময়তে পেলুৰ ঔষধ খুৱাব পাৰি।

যিবিলাক ঠাইত পেলুৰ সঘন সংক্ৰমণ হোৱা দেখা যায়, তেনেকুৱা ঠাইত শিশু, গৰ্ভধাৰণ কৰাৰ ক্ষমতা আহৰণ কৰা মহিলা, গৰ্ভৱতী মহিলা, কেঁচুৱাক স্তন পান কৰাই থকা মহিলা আৰু চাহ বাগিচা আৰু খনিত কাম কৰা ব্যক্তি সহজতে পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ শংকা থাকে।

এনেকুৱা পৰিস্থিতিত পেলুৰ সংক্ৰমণৰ ফলত হ’ব পৰা স্বাস্থ্যৰ অৱনতিৰ পৰা ৰক্ষাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এক ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিছে। এই পৰামৰ্শ মতে, যিবোৰ ঠাইত মাটিৰ পৰা সংক্ৰমিত হোৱা পেলুৰ প্ৰিভেলেঞ্চ ৫০ শতাংশতকৈ বেছি, তেনেকুৱা ঠাইৰ সহজতে পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ শংকা থকাসকলক বছৰেকত দুবাৰকৈ পেলুৰ ঔষধ খাবলৈ দিব লাগে।

আমাৰ দেশত, চৰকাৰীভাৱে স্কুললৈ গৈ থকা ল’ৰা-ছোৱাক স্কুলৰ জৰিয়তে আৰু স্কুললৈ যোৱাৰ বয়স নোহোৱা বা স্কুললৈ যাবলৈ বাদ দিয়া ল’ৰা-ছোৱালীক অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়াকৈ প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু আগষ্ট মাহত পেলুৰ ঔষধ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, গৰ্ভৱতী মহিলাসকলক, গৰ্ভধাৰণৰ দ্বিতীয় তিনি মাহ নাইবা তৃতীয় তিনি মাহত পেলুৰ ঔষধৰ(এলবেনডাজল ৪০০ মিঃ গ্ৰাম) এটা বড়ি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

এনেকৈ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পেলুৰ ঔষধ দিয়াৰ ফলত পুনৰ সংক্ৰমণৰ হাৰ আৰু আনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমি যায়, দেহ পৰিপুষ্ট হয়। পেলুৰ ঔষধ খালেও যদি স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিবোৰ মানি চলা নাযায়, পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। পুৰণি অভ্যাস সোনকালে সলনি কৰাটো টান। সেয়েহে, স্বাস্থ্যকৰ্মীসকলে সময়ে সময়ে অনাময় শৌচালয়ৰ ব্যৱহাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সমাজত সজাগতা সৃষ্টিৰ বাবে অভিযান চলাই থাকিব লাগিব।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(নিয়মীয়া বাৰ্তা)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top