অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভৱতী মহিলাৰ বাবে পৰিপুষ্টি

ধৰালৈ নতুন জীৱন কঢ়িয়াই অনাটোৰ সমান আনন্দময় মুহূৰ্ত হয়তো আন একোৱেই হ’ব নোৱাৰে আৰু ইয়াৰ আনন্দময়তাক সোণত সুৱগা চৰাব পাৰি তেতিয়াহে যেতিয়া মাতৃ আৰু সন্তান দুয়োৰে বাবেই নিয়ট্ৰিচন বা পৰিপুষ্টিৰ দিশটোক অধিক গুৰুত্ব সহকাৰে লোৱা হয়। সন্তানক গৰ্ভত ধাৰণ কৰা অৱস্থাটোৱে মাতৃৰ শৰীৰত যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে আৰু সমগ্ৰ গৰ্ভাৱস্থাত সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাটো অত্যন্ত জৰুৰী। এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে যে সন্তান দুয়োকে পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক আহাৰ প্ৰদান কৰাটো অতি জৰুৰী।

 

এগৰাকী গৰ্ভৱতী মহিলাৰ শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হয়। ক্ৰমাৎ শৰীৰৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ দেহত প্ৰয়োজন হোৱা পৰিপুষ্টি পূৰণ কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে। ইফালে শৰীৰৰ প্ৰটিন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ প্ৰচুৰ পৰিমাণে খাদ্যশস্য, আঁহযুক্ত খাদ্য আৰু বাদামজাতীয় আহাৰৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ।

গৰ্ভাৱস্থাত গ্ৰহণ কৰিবলগীয়া খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণৰ ‘মাংসকোষ বৰ্ধক’ আৰু ৰোগ প্ৰতিৰোধী খাদ্য গ্ৰহণ কৰিব লাগে। এগৰাকী গৰ্ভৱতী মহিলাৰ দেহত প্ৰয়োজন হোৱা শক্তি তেওঁ গৰ্ভাৱস্থাৰ পূৰ্বৰ অৱস্থাতকৈ বহু বেছি নহয়। অৱশ্যে মহিলাগৰাকীৰ সাধাৰণ অৱস্থাত দেহত প্ৰয়োজন হোৱা সামগ্ৰিক খাদ্যৰ পৰিমাণ গৰ্ভধাৰণৰ অন্তিম অৱস্থাৰ ফালে প্ৰায় দুগুণ হয়। গৱেষণাত পোৱা গৈছে যে গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে গ্ৰহণ কৰা খাদ্যই গৰ্ভজাত শিশুটিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় আৰু ই শিশুটিৰ পৰৱৰ্তী জীৱনতো প্ৰভাৱ পেলায় আৰু ই শিশুটিৰ পৰৱৰ্তী জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

গৰ্ভৱতী মহিলাৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়াঃ

  • গৰ্ভাৱস্থা আৰু স্তনপানৰ সময়ত পৰ্যাপ্ত পৰিমাণে খাদ্য খাওক।
  • অধিক পূৰ্ণ শস্য, গজালি ওলোৱা খাদ্য আৰু ফাৰ্মেণ্টেড খাদ্য খাওক।
  • গাখীৰ, মাংস, কণী আদি খাওক।
  • প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু সতেজ ফল-মূল খাওক।
  • উত্তেজন আৰু অখাদ্য পৰিহাৰ কৰক।
  • এলকহল আৰু ধূমপান নকৰিব, কেৱল চিকিৎসকে গ্ৰহণ কৰিবলৈ ক’লেহে ঔষধ সেৱন কৰিব।
  • গৰ্ভধাৰণৰ ১৪-১৬ সপ্তাহৰ পাছত নিয়মিতভাৱে আয়ৰণ, ফ’লেট আৰু কেলচিয়ামযুক্ত আহাৰ খাওক আৰু সেয়া স্তনপান কৰোৱা সময়লৈ ক্ৰমাগত কৰক।

লেখিকাঃ ডাঃ মিতালি দাস তালুকদাৰ, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate