অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰ্ভৱতী মহিলাৰ বাবে যোগাভ্যাস

গৰ্ভৱতী মহিলাৰ বাবে যোগাভ্যাসৰ বিষয়ে লিখা হৈছে ।

কেনেকৈ কি যোগাভ্যাস কৰিব -

যোগাভ্যাসৰ বাবে উত্তম সময় পুৱা । সেইবাবে পুৱা শোৱাপাটী এৰি ১-২ গিলাচ পানী খাই নিৰ্মল বতাহ বলি থকা ঠাইত অতি কমেও ২০ মিনিট ভ্ৰমণ প্ৰাণায়াম অভ্যাস কৰিব । তাৰ পিচত তলত উল্লেখ কৰা আসন, প্ৰাণায়ামসমূহ অভ্যাস কৰক ।

সহজ প্ৰাণায়াম নং – ১

কোঠাৰ দুৱাৰ-খিৰিকী খুলি মুক্ত বায়ু চলাচল কৰাৰ ব্যৱস্থা কৰক । মজিয়াত চাৰি বা কঠ পাৰি লওক । চিৎ হৈ শুই দিয়ক । ভৰি পোনকৈ ৰখাৰ লগতে হাত কঁকালৰ ওচৰত স্থাপন কৰক । এইবাৰ দীঘল শ্বাস গ্ৰহণ কৰি কৰি দুয়ো হাত মূৰৰ ওপৰলৈ নিয়ক আৰু প্ৰশ্বাস ত্যাগ কৰি পুনৰ কঁকালৰ ওচৰলৈ আনক ।

এনেদৰে ১০-১৫ বাৰ হাত অনা-নিয়া কৰক । তাৰ পিচত শ্বাস গ্ৰহন কৰি সোঁ ভৰি ওপৰলৈ তোলক, আঁঠু ভাঁজ নপৰাকৈ এইবাৰ প্ৰশ্বাস ত্যাগ কৰি ভৰি তললৈ নমাই আনক । এনেদৰে সোঁ-বাওঁ মিলি মুঠ ১০-১২ বাৰ অভ্যাস কৰক ।

ভদ্ৰাসন :-

গৰ্ভৱতী মহিলাৰ বাবে এই আসনটো বিশেষ উপকাৰী । ইয়াৰ দ্বাৰা গৰ্ভস্থ সন্তান ভূমিস্থ হোৱাত সহায়ক হয় । ভৰিৰ গোৰোহা দুটা যোনি স্থানৰ প্ৰায় ওচৰত লগ লগাই ৰাজহাড় পোন কৰি বহক ।

এতিয়া হাত দুখনেৰে দুয়ো ভৰিৰ আঙুলিবোৰত একেলগে ধৰি হাত পোন কৰি একেৰাহে ১-২ মিনিট আসনটো অভ্যাস কৰিব ।

পৱন মুক্তাসন :-

চিৎ হৈ শুই লওক । এতিয়া উশাহ লৈ সোঁ ভৰি ওপৰলৈ উঠাওক, এইবাৰ দুয়ো হাতেৰে ভৰি ভাঁজ কৰি আঁঠুৰ ওচৰত ধৰক আৰু সামান্য সোঁ দিশলৈ কৰি পেটৰ ওপৰলৈ আনক আৰু ৬-৭ ছেকেণ্ড পিচত এৰি দিয়ক আৰু হাত-ভৰি আগৰ ঠাইত ৰাখক । অনুৰুপভাৱে বাওঁ ভৰিখনো অভ্যাস কৰক ।

তাৰ পিচত দুয়ো ভৰি একেলগে পেটৰ সোঁ আৰু বাওঁ দিশলৈ আনক আৰু এৰি দিয়ক । এনেদৰে পাঁচবাৰ আসনটো অভ্যাস কৰক । গৰ্ভধাৰণ কৰাৰ চাৰি মাহলৈ এই আসন অভ্যাস কৰি পিচত এৰি দিব ।

সহজ প্ৰাণায়াম নং- ২

পদ্মাসন বা সুখাসনত ৰাজহাড় পোন কৰি বহক । হাত দুখন দুয়ো আঁঠুৰ ওপৰত ৰাখক । এতিয়া নাকৰ দুয়ো বিন্ধাৰে পূৰ্ণোদ্যমে শ্বাস গ্ৰহণ কৰক আৰু মুখেৰে প্ৰশ্বাস ত্যাগ কৰক ।

যিমান সময় শ্বাস গ্ৰহণ কৰিব তাতকৈ কিছু বেছি সময় প্ৰশ্বাস এৰিব । চকু মুদি একেৰাহে ৩ মিনিট এই প্ৰাণায়ামটো অভ্যাস কৰিব ।

সহজ প্ৰাণায়াম নং – ৭

সুখাসন বা পদ্মাসনত বহক । বাওঁ হাত বাওঁ আঁঠুৰ ওপৰত ৰাখক । সোঁ হাত ওপৰলৈ উঠাই বুঢ়া আঙুলিৰে নাকৰ সোঁ বিন্ধা বন্ধ কৰক ।

এইবাৰ নাকৰ বাওঁ বিন্ধাৰে দীঘলকৈ শ্বাস গ্ৰহণ কৰি সোঁ বিন্ধাৰে প্ৰশ্বাস ত্যাগ কৰক । এইবাৰ বাওঁ বিন্ধা বন্ধ কৰি সোঁ বিন্ধাৰে শ্বাস গ্ৰহণ কৰি বাওঁ বিন্ধাৰে প্ৰশ্বাস ত্যাগ কৰক । এইদৰে ওলোটা-উলাটিকৈ ৩ মিনিট প্ৰাণায়ামটো অভ্যাস কৰক ।

আসন, প্ৰাণায়াম অভ্যাস কৰাৰ সময়ত ভাগৰ লাগিলে অলপ সময় শৱাসন কৰি বিশ্ৰাম ল’ব । শেষত ধ্যান অভ্যাস কৰিব পাৰে ।

নিয়ম আৰু পথ্য -

গৰ্ভধাৰণ কৰা দিনৰ পৰা সন্তান প্ৰসৱ হোৱা দিনলৈকে মহিলাগৰাকীয়ে একপ্ৰকাৰ আদৰ্শময় জীৱন গঢ়ি তুলিব লাগে । য’ত আচাৰ-ব্যৱহাৰ, সময় আৰু নিয়মমতে খোৱা-লোৱা, পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ কথাবোৰ জড়িত হৈ আছে ।

মূল কথা হ’ল, গোটেই দিনটো নিৰ্দিষ্টভাৱে বাছি লোৱা সময়ৰ মাজেৰে প্ৰতিটো কাম কৰি যাব লাগে । দিনে-নিশাই একো এটা নকৰাকৈ অনবৰত শুই থাকিব নালাগে । অত্যধিক সময় টিভি চোৱা ভাল নহয় । মধুৰ সংগীত মৃদুভাৱে শুনিব পাৰে ।

খোজ কাঢ়োতে ওখ জোতা-চেণ্ডেল নিপিন্ধিব । পৰ্যাপ্ত পৰিমাণত পৰিষ্কাৰ (বিশুদ্ধ) পানী খাব । দিনৰ আহাৰ গ্ৰহনৰ পিচত বিশ্ৰাম ল’ব ।

আন এটা মন কৰিবলগীয়া কথা হ’ল, খাদ্য গ্ৰহণৰ কথাটো । গৰ্ভৱতী মহিলাই সদায় দুজনৰ বাবে আহাৰ গ্ৰহণ কৰা উচিত । গৰ্ভত থকা সন্তানটিয়েও মাকৰ পঅৰই পুষ্টি লাভ কৰে ।

গতিকে আহাৰ দুজনৰ বাবে হোৱাৰ লগতে পুষ্টিকৰ হোৱা অতি প্ৰয়োজন । লৌহসমৃদ্ধ আহাৰ বেছিকৈ খোৱা দৰকাৰ । ভাত, ৰুটী, দাইল, সেউজীয়া শাক-পাচলি, গাখীৰ আদি এবাৰতে বেছিকৈ নাখাই ঘন ঘনকৈ খাব ।

যিসকলে মাছ, মাংস, কণী হজম কৰিব পাৰে বা খোৱাৰ অভ্যাস আছে খাব পাৰে । বতৰৰ ফল-মূল খোৱা আৱশ্যক ।

তাৰ ভিতৰত মধুৰিআম, আমলখি, শিলিখা, আপেল, নাৰিকল (গুড়ি), কাঁচকল তথা কেলছিয়ামসমৃদ্ধ আহাৰ গৰ্ভৱতী মাতৃৰ বাবে প্ৰয়োজন।

ধ্যান প্ৰণালী -

যিকোনো এটা ধ্যানাসনত বহক । চকু বন্ধ কৰি দেহ- মন শিথিল কৰি লওক । মনটোক সকলো বাহ্যিক চিন্তাৰ পৰা মুক্ত কৰি এক পৰম শক্তিবিন্দুত কেন্দ্ৰীভূত কৰক । এইবাৰ মনৰ সমস্ত শক্তি তাত নিবিষ্ট কৰি ধ্যানমগ্ন হওক ।

অৰ্থাৎ মনৰ দৃষ্টিৰে ভবা শক্তিবিন্দুত একান্ত মনে ভাবি থাকক । এনেদৰে ৪-৫ মিনিট সময় ধ্যানমগ্ন অৱস্থাত থকাৰ পিচত হাত দুখনেৰে চকু আৰু মুখমণ্ডল মোহাৰি হাত দুখন নমাই দি লাহে লাহে চকু মেলি ধ্যান সমাপ্ত কৰক ।

ওপৰত উল্লেখ কৰা প্ৰাণায়াম আৰু ধ্যান পুৱা আৰু গধূলিও অভ্যাস কৰিব পাৰে । ইয়াৰ লগতে গৰ্ভৱতী মহিলাই খাদ্য বা নিয়ম আৰু পথ্যৰ ওপৰত গুৰুত্ব দিব ।

লেখক :- হৰিপ্ৰসাদ তালুকদাৰ

উৎস – দেওবৰীয়া সম্ভাৰ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top