অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডেংগি আৰু গৰ্ভাৱস্থা

ডেংগি আৰু গৰ্ভাৱস্থাৰ বিষয়ে লিখা হৈছে

 

ৰোগৰ চিনাক্তকৰণ

 

*জ্বৰৰ লক্ষণ।

*টুউৰ’নিকেট পৰীক্ষা।

*তেজ পৰীক্ষা।তেজত প্লেটলেট এক লাখতকৈ কম হোৱা ডেংগি ভাইৰাছৰ উপস্থিতি ধৰা পেলাবৰ বাবে কৰা ‘এলাইজা’ টেষ্ট প্ৰধান।ইয়াৰ সহায়ত ‘এন এছ ৱান’ভাইৰেল ‘এণ্টিজেন’ধৰা পেলোৱা হয়,যি ডেংগিৰ নিশ্চিত পৰীক্ষা।

*বাকী পৰীক্ষাৰ ভিতৰত ইমিউন’গ্ল’বিউলন জি আৰু ‘এম’ৰ উপস্থিতিয়ে ডেংগি ৰোগ হোৱাটো বুজায়।তদুপৰি ‘পি চি আৰ’পৰীক্ষাৰ সহায়তো ডেংগি ৰোগৰ অৱস্থিতি ধৰা পেলাব পাৰি।

ডেংগিৰ প্ৰকাৰ

 

ডেংগি জ্বৰ তিনিটা ভাগত ভাগ কৰা হৈছে।ক্লেছইকল,ডেংগি শ্বক ছিনড্ৰম আৰু হেম’ৰিজিক।

ক্লেছইকল ডেংগি জ্বৰ

 

ডেংগি জ্বৰত ভোগা ৰোগী এজনক এডিছ মহে কামুৰি আন এজন সুস্থ মানুহক কামুৰিলে ৩-১০ দিনৰ মুৰত সুস্থ মানুহজনো এই ৰোগত আক্ৰান্ত হয়।এনে মহে ৪-১০ দিনৰ ভিতৰত বেমাৰৰ বীজাণু বিয়পাব পাৰে।সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ পুৰ্ণ বয়স্ক লোক এজনতকৈ কম তীব্ৰতৰ হয়।এই ৰোগৰ লক্ষণবোৰৰ ভিতৰত হঠাতে ঠাণ্ডা লাগি তীৰকঁপে জ্বৰ উঠা,প্ৰচণ্ড মুৰৰ বিষ,মাংসপেশীৰ লগতে শৰীৰ গাঁঠিসমুহত প্ৰচণ্ড বিষ অনুভৱ হোৱা ,গাঁঠিসমুহ লৰচৰ কৰিব নোৱৰা হোৱা,চকুৰ বিষ,বিশেষকৈ চকু লৰচৰ কৰোতে বিষ অনুভৱ হোৱা,পোহৰ সহ্য কৰিব নোৱৰা হোৱা,অতিপাত দুৰ্বল ভাব,খাবলৈ মন নকৰা,শৌচ কঁচা হোৱা,খোৱাবস্তুৰ সোৱাদ নোপোৱা,পেটৰ বিষ,ডিঙিৰ বিষ আদিয়েই প্ৰধান।

ডেংগি শ্ব’ক ছিনড্ৰ’ম

 

ই হ’ল ডেংগি ৰোগৰ এক গুৰুতৰ অৱস্থা।উপৰোক্ত লক্ষণবোৰ থকাৰ উপৰি শ্ব’ক (মুৰ্ছা)ৰ লক্ষণবোৰ দেখা দিয়ে।উদাহৰণস্বৰুপে নাড়ীৰ গতিবেগ খৰতকীয়া আৰু দুৰ্বল হোৱা,ৰক্তচাপ কমি যোৱা,গাৰ উষ্ণতা কমি ঠাণ্ডা পৰি যোৱা,অস্থিৰ হোৱা আদি।

ডেংগি হেম’ৰিজিক জ্বৰ

 

ডেংগি জ্বৰৰ ই এক গুৰতৰ অৱস্থা।সাধাৰণতে এটাতকৈ বেছি ডেংগি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’লে এনে হয়।সাধাৰণতে ১৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ইয়াক দেখা যায়।মহে কামোৰাৰ পৰা ৪-৬ দিনৰ ভিতৰত হঠাতে ৰোগীজনৰ তীৰকঁপে জ্বৰ উঠে।মুখমণ্ডল ৰঙা পৰে,মুৰ বিষায়,খাবলৈ মন নকৰে,বমি,পেটৰ বিষ আদিত ৰোগীজন লেবেজান হৈ পৰে।জ্বৰ ৪০-৪১ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে।কম বয়সীয়া শিশুৰ ক্ষেত্ৰত মুৰ্ছা যোৱা অৱস্থাৰো সৃষ্টি হ’ব পাৰে।ৰক্তবাহী নলী ফাটি ছালৰ তলত তেজ জমা হয়।এইবোৰ ‘মৰা তেজ’হিচাপে দেখা দিয়ে।তদুপৰি শৰীৰৰ বিভিন্ন ঠাইৰ পৰা ৰক্তক্ষৰণ হোৱাৰ ফলত নাকৰ পৰা তেজ ওলোৱা,দাঁতৰ আলুৰ পৰা তেজ ওলোৱা,তেজ বমি,পাইখানাৰ লগত তেজ ওলোৱা আদি গুৰুতৰ অৱস্থাৰ সৃষ্টি হয়।তেজ পৰীক্ষাত এনে ৰোগীৰ দেহত ‘প্লেটলেট’কমি যোৱাটো ধৰা পৰে।তেজৰ ‘হিমাট’ক্ৰিট বাঢ়ি যোৱাটো আন এক ‘নিশ্চিত’পৰীক্ষা বুলি ধৰা হয়।

গৰ্ভাৱস্থাত মাতৃৰ শৰীৰৰ ৰোগ

 

*প্ৰতিৰোধী ক্ষমতা হ্ৰাস পোৱাৰ ফলত ডেংগিৰ দ্বাৰা সহজতে আক্ৰান্ত হোৱাৰ আশংকা থাকে।

*গৰ্ভাৱস্থাৰ প্ৰথম কেইমাহত ডেংগিৰ দ্বাৰা আক্ৰান্ত হ’লে,গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি পায়।

*গৰ্ভাৱস্থাৰ মাজভাগত ডেংগিৰ দ্বাৰা আক্ৰান্ত হ’লে গৰ্ভস্থ সন্তানৰ ওজন কম হোৱা,অকালতে হোৱা প্ৰসৱ,গৰ্ভতে নষ্ট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

*সাধাৰণতে ডেংগিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ৫ সপ্তাহৰ ভিতৰত যদি প্ৰসৱ হয়,তেতিয়াহ’লে মাকৰ পৰা শিশুটিৰ দেহলৈ ডেংগি ৰোগ বিয়পিব পাৰে।

*তেজত থকা প্লেটলেট কমি গ’লে এনে মহিলাৰ যদিহে প্ৰসৱ আৰম্ভ হয় বা অস্ত্ৰোপচাৰ কৰোৱা হয়,তেতিয়াহ’লে অত্যধিক ৰক্তক্ষৰণ হৈ জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।সেয়েহে এনে অৱস্থাত পৰিলে প্ৰসৱ বা অস্ত্ৰোপচাৰ পিচুৱাই দিব লাগে।উপায় নাথাকিলে প্ৰসৱ বা অস্ত্ৰোপচাৰৰ সময়ত একে গ্ৰুপৰ তেজ প্ৰয়োজনীয় সময়ৰ বাবে মজুত ৰখাটো জৰুৰী।

*গৰ্ভাৱস্থাত হোৱা ডেংগি আৰু আন অৱস্থাত হোৱা ডেংগিৰ চিকিৎসাৰ ধৰণ একেটাই।

চিকিৎসা

*সকলো গৰ্ভৱতী মহিলাকে যাৰ ডেংগি জ্বৰ হৈছে বা ডেংগি হোৱা বুলি সন্দেহ কৰা হৈছে,চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰোৱাব লাগে।সকলো মহিলাকে এনে অৱস্থাত জিৰণিৰ অতীব প্ৰয়োজন।

*জ্বৰ কমাবলৈ পেৰাচিটামল টেবলেট ব্যৱহাৰ কৰা হয়।এনে ঔষধ দিনে চাৰিবাৰৰ পৰা ছবাৰলৈকে খাবলৈ দিব পাৰি।ঠাণ্ডাপানীত কাপোৰ তিয়াই,সেই কাপোৰেৰে গা মচিও জ্বৰ কমাব পাৰি (জলপটি)।

*এছপিৰিন ব্যৱহাৰ কৰিব নালাগে।বিষ উপশমৰ বাবে ব্যৱহাৰ কৰা আন কোনো ঔষধেই এনে অৱস্থাত ব্যৱহাৰ কৰাটো অনুচিত।এনে ঔষধৰ ব্যৱহাৰে শৰীৰৰ অন্তৰ্ভাগত ৰক্তক্ষৰণ কৰাৰ সম্ভাৱনীয়তাও থাকে।

*যথেষ্ট পৰিমাণে ফলৰ ৰস,ডাবৰ পানী, অ’ আৰ এছ খাবলৈ দিব লাগে।বমি হ’লে ছেলাইন দিব লাগে।নিতৌ ২-৫ লিটাৰ জুলীয়া বস্তু খোৱাটো দৰকাৰ।

*ডেংগিৰ লগতে ৰক্তক্ষৰণ হ’লে বা মুৰ্ছা গ’লে আই চি ইউ থকা চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰোৱা হয়।প্ৰয়োজন সাপেক্ষে এনে ৰোগীক ছেলাইনৰ লগতে তেজ,প্লেটলেট দিয়া হয়।

*ডেংগিৰ পৰা সুস্থ হ’লে বা ২৪ ঘণ্টা জ্বৰ নাথাকিলে ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।সুস্থ হৈ উঠাৰ লক্ষণবোৰৰ ভিতৰত জ্বৰ এৰাৰ লগতে তেজত প্লেটলেটৰ পৰিমাণ বাঢ়িবলৈ লোৱা,শ্বেত ৰক্তকণিকাৰ পৰিমাণ বৃদ্ধি পোৱা,ভোক লগা আদিয়েই প্ৰধান।

ডেংগি ৰোগ প্ৰতিৰোধৰ উপায়

 

*ঘৰৰ ওচৰে-পাঁজৰৰ পৰিবেশ চাফ-চিকুণকৈ ৰাখিব লাগে।আবদ্ধ পানীৰ উৎস নাইকিয়া কৰিব লাগে।পেলনীয়া বাচন-বৰ্তন,গাড়ীৰ পুৰণা টায়াৰ,নাৰিকলৰ খোআলত পানী আবদ্ধ হৈ মহৰ কণী পৰাৰ উৎস হ’ব যাতে নোৱাৰে,তাৰবাবে এনেবোৰ বস্তু আঁতৰাই পেলাব লাগে।

*মহ মৰাৰ বিভিন্নধৰণৰ ঔষধ ঘৰৰ ওচৰে-পাঁজৰে ছটিয়াব লাগে।হাত-ভৰি সম্পুৰ্ণকৈ ঢাকিব পৰা পাতল বৰণীয়া,ঢিলা কাপোৰ পিন্ধিব লাগে যাতে মহে কামুৰিব নোৱাৰে।

*গৰ্ভৱতী মহিলাৰ বাবে সুৰক্ষিত ঔষধজাতীয় মলম,হাত-ভৰিত লগাই মহৰ কামোৰৰ পৰা ৰক্ষা পাব পাৰি।

*শোওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।দিনত শোওঁতেও আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।কাৰণ এই মহে দিনতো কামোৰে ।ঠাণ্ডা পৰিবেশত,ঠাণ্ডা কোঠাত থাকিব পাৰিলে ভাল।কাৰণ এডিছ মহে সাধাৰণতে উষ্ণ ঠাইহে ভাল পায়।

*জ্বৰ বা ডেংগিৰ লক্ষণসমুহ দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ।পৰাপক্ষত ডেংগি আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰিব নালাগে।ঘৰৰ দুৱাৰ-খিৰিকী গধুলিৰ আগেয়ে বন্ধ কৰিব লাগে।যাতে মহে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে।পাৰিলে দুৱাৰ-খিৰিকীত গুণাৰ জাল ব্যৱহাৰ কৰিব লাগে।

*ডেংগিৰ কোনো ভেকচিন,প্ৰতিষেধক ছিটা ওলোৱা নাই।সেয়েহে প্ৰতিৰোধেই ইয়াৰ মুল চিকিৎসা।

*সময়মতে কৰা চিকিৎসাই ডেংগিৰ ফলত হোৱা মৃত্যুৰ হাৰ ২০ শতাংশৰ পৰা ১ শতাংশলৈ কমাব পাৰে।

লেখক:ডা: ৰাজীৱলোচন শৰ্মা (দেওবৰীয়া সম্ভাৰ)

3.20689655172
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top