মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / দুমহীয়া চিকিৎসাত গৰ্ভৱতী হ'ল ছয় সন্তানহীনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুমহীয়া চিকিৎসাত গৰ্ভৱতী হ'ল ছয় সন্তানহীনা

দুমহীয়া চিকিৎসাত গৰ্ভৱতী হ'ল ছয় সন্তানহীনা, ৰ বিষয়ে লিখা হৈছে ।

এইমাহত পোৱা ভাল খবৰৰ ভিতৰত ছটা বিশেষ খবৰে মনত অধিক আনন্দ দিলে। বিয়াৰ পিছত কেবাবছৰ ধৰি ছয়গৰাকী মহিলাই মাতৃত্বৰ গৌৰৱৰ পৰা বঞ্চিত হৈ আছিল। ডিম্ববাহী নলীৰ অৱৰোধ, স (Fallopian tube blocked), ডিম্বাশয়ত চিষ্ট (PCOD), ডিম্বৰ আকাৰ সৰু আৰু অপুৰথ তথা পাতল জৰায়ুৰ এণ্ডোমেট্ৰিয়ামত আক্ৰান্ত মহিলা ছয় গৰাকীৰ ভিতৰত এগৰাকীৰ ব্লাড চুগাৰ আছিল বেছি। ইয়াৰে এগৰাকী মহিলাই ফেলোপিয়ান টিউব আৰু এগৰাকী মহিলাই জৰায়ুৰ অস্ত্ৰোপচাৰ কৰাইছে। তিনি গৰাকী মহিলাই মাত্ৰ এমহীয়া চিকিৎসাত গৰ্ভৱতী হৈছে আৰু চিকিৎসাৰ নামত মাত্ৰ ১০০০ টকা খৰছ হৈছে। মাত্ৰ দুমহীয়া চিকিৎসাৰ তিনিগৰাকী মহিলা গৰ্ভৱতী হৈছে আৰু চিকিৎসাৰ নামত মাত্ৰ ২০০০-৩০০০ টকা খৰছ হৈছে। অথচ আগতে চিকিৎসাৰ নামত লাখ টকা খৰছ কৰিছে এই সকলোৱে। বৰ্তমান গৰ্ভৱতী‌‌ কেইগৰাকী ভালদৰেই আছে। ‌তেওলোকৰ সংসাৰ সুখৰ হওঁক‌‌ ।

সাধাৰণতে ডিম্ববাহী নলী অৱৰোধ (Fallopian tube blocked), ডিম্বৰ আকাৰ সৰু আৰুঅপুৰঠ, ভিম্বাশয়ত গুল্ম বা চিষ্ট (PCOD) এণ্ডোমেট্ৰিয়াম নামৰ জৰায়ু শ্লেষ্মিক কলা পাতল হোৱা বা ফুলি যোৱাৰ কাৰণত অধিক সংখ্যক মহিলাই গৰ্ভধাৰণ কৰিব নোৱাৰে। এই সম্পৰ্কীয় ৰোগৰ লিখনি আমাৰ গ্ৰুপত আছে বাবে পুনৰ বৰ্ণনা কৰিব ইচ্ছা কৰা নায়।

কিছুমান চিকিৎসা পদ্ধতিত ওপৰোক্ত ৰোগ তিনিবিধ জটিল ধৰণৰ যদিও আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত তেনেই সাধাৰণ ধৰণৰ ৰোগ বুলিব পাৰি। ইয়াৰ চিকিৎসাও সাধাৰণ।

  • ডিম্ববাহী নলী অৱৰোধ (Fallopian tube blocked) হলে সন্তান জন্ম দিব নোৱাৰে। সাধাৰণতে অস্ত্ৰোপচাৰ কৰা হয় যদিও বহুত সময়ত ফলপ্ৰসু নহয়। আয়ুৰ্বেদিক চিকিৎসাত ইয়াক "শ্ৰোত অৱৰোধ" অন্তৰ্গত ধৰা হয়। সেয়েহে "শ্ৰোতমুক্তি" চিকিৎসা আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে জীৱনীয় গণৰ ঔষধৰ দ্বাৰা উত্তৰ বস্তি দিব পাৰি। গুগুল এবিধ উৎকৃষ্ট শ্ৰোতমুক্তি ঔষধ।
  • সচৰাচৰ ডেৰ- দুমাহ চিকিৎসা কৰিলে স্ত্ৰীয়ে গৰ্ভধাৰণ কৰিব পাৰে।
  • আজিকালি মহিলা আৰু যুৱতীৰ গৰ্ভাশয়ত চিষ্ট (PCOD) বহুত বাঢ়িছে। ইয়াৰ কাৰণে মাহেকীয়া অনিয়মীয়া হয় আৰু গৰ্ভধাৰণ কৰিব নোৱাৰে। সাধাৰণতে অস্ত্ৰোপচাৰ কৰাৰ পিছতো পুনৰ চিষ্ট উৎপত্তি হয়। PCOD আয়ুৰ্বেদিক চিকিৎসাৰ "গুল্ম ৰোগ"ৰ অন্তৰ্গত ধৰা হয়। "গুল্মহৰ " চিকিৎসা কৰিলে দিনক দিনে চিষ্টৰ আকৃতি সৰু হবলৈ ধৰে। এসময়ত বিনা অস্ত্ৰোপচাৰে চিষ্ট নোহোৱা হয় আৰু সহজেই গৰ্ভধাৰণ কৰিব পাৰে‌‌।
  • কিছুমান মহিলাৰ জৰায়ূৰ ভিতৰত থকা এণ্ডোমেট্ৰিয়াম নামৰ শ্লেষ্মিক কলা বৰ পাতল হয়। এণ্ডোমেট্ৰিয়াম পাতল হ'লেও গৰ্ভধাৰণ কৰিব নোৱাৰে। এই পাতল শ্লেষ্মিক কলা কেৱল আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা স্থায়ীৰূপত স্বাভাৱিক অৱস্থালৈ আনিব পাৰি । এগৰাকী মহিলাৰ এণ্ডোমেট্ৰিয়াম ৩ এম এম ডাঠ আৰু তিনিমাহ ঔষধ খাওতে ৭'৫ এম এম হৈছ।
  • সৰু আৰু নিশকটীয়া ডিম্বৰ (Grafian follicles) কাৰণেও শুক্ৰৰ লগত নিষেচন হ'ব নোৱাৰা বাবে গৰ্ভধাৰণ নহয়। সাধাৰণতে স্বাভাৱিক ডিম্বৰ আকাৰ ১৮ মিলি মিটাৰ হলেহে গৰ্ভধাৰণ কৰিব পাৰে। সৰু আৰু নিশকটীয়া ভিম্বৰ আকাৰ স্বাভাৱিক আৰু সুস্থ সবল একমাত্ৰ আয়ুৰ্বেদিক ঔষধেহে কৰিব পাৰে।
  • বহু সময়ত জৰায়ুৰ আকাৰ বঢ়াৰ উপৰিও বেকা ভাজ লয়(Bulky Uterus) আৰু এনে অৱস্থাত গৰ্ভধাৰণ কৰিব নোৱাৰে। একমাত্ৰ আয়ুৰ্বেদিক ঔষধেহে বাঢ়ি যোৱা জৰায়ুটো স্বাভাৱিক অৱস্থালৈ আনিব পাৰে।
  • জৰায়ুটো কেতিয়াবা কোনো কাৰণ বশত লিপিত খাই ধৰে (Pelvic Adhesion) বাবে গৰ্ভধাৰণ কৰিব নোৱাৰে। আয়ুৰ্বেদিক ঔষধ প্ৰয়োগ কৰিলে লিপিত খোৱা জৰায়ুটো পুণৰ মুক্ত হৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু তেতিয়া গৰ্ভধাৰণ কৰিব পৰা হয়।
  • জৰায়ুৰ টিউমাৰ আৰু চাৰ্ভিক্সত পলিপ্চ হলেও কেতিয়াবা গৰ্ভধাৰণ কৰিব নোৱাৰে। আয়ুৰ্বেদিক চিকিৎসা কৰিলে দিনকদিনে টিউমাৰ আৰু পলিপ্চৰ আকাৰ সৰু হ'বলৈ ধৰে আৰু এসময়ত নোহোৱা হয়। এই ক্ষেত্ৰত গুল্মহৰ ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায় বাবে সহজেই গৰ্ভধাৰণ কৰিব পাৰে।
  • উল্লেখযোগ্য যে কেবাবাৰো IUI আৰু I.V.F. কৰি সম্পূৰ্ণ বিফল হোৱা মহিলা সকলৰ প্ৰায় ৮০ % মহিলা আয়ুৰ্বেদিক চিকিৎসাত সফল হয়। IUI আৰু I.V.F. কৰি গৰ্ভধাৰণ কৰা বহসংখ্যক গৰ্ভৱতী মহিলাৰ ২-৩ মাহত গৰ্ভপাত হয়। কিন্তু আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰি গৰ্ভধাৰণ কৰিলে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে। সেয়েহে IUI আৰু IVF কৰাৰ আগতে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক। আয়ুৰ্বেদিক চিকিৎসাত এটাও হৰমনৰ ঔষধ প্ৰয়োগ কৰা নহয়। সন্তান প্ৰাপ্তিৰ বাবে ত্ৰিদোষ আৰু সপ্তধাতুৰহে চিকিৎসা কৰি ত্ৰিদোষ আৰু সপ্তধাতু সাম্যাৱস্থালৈ অনা হয় । সেয়েহে গৰ্ভধাৰণ কৰাৰ পাছত গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে।

চিকিৎসা:-

  • Kanchanar gugulu- দূটাকৈ দিনে তিনিবাৰ খাব।
  • Nityananda ras-দুটাকৈ দিনে তিনিবাৰ খাব।
  • Gynocure syr/Evecare syr/ M2tone syrup- যিকোনো এবিধ ঔষধতিনি চামুচকৈ দিনে তিনিবাৰ খাব‌। অথবা Ashokarista/Lodhrasav/Patrangasav-চাৰি চামুচকৈ দিনে তিনিবাৰ আধাকাপ পানীৰ লগত মিহলাই খাব।
  • জৰায়ুৰ ইনফেকচন, এণ্ডোমেট্ৰিয়চিছ হলে Chandraprava vati/Vangeswar Ras-. দুটাকৈ দিনে তিনিবাৰ খাব।  ডিম্বাশয়ত PCOD হলে Hyponidd টেবলেত দুটাকৈ দিনে দুবাৰ খাব। সকলো ঔষধ আহাৰ খোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাব।

ৰোগীৰ আহাৰ:-
সদায় গাজীমগু ৫০ গ্ৰাম, খেজূৰ ৬-৭ টা আৰু কিচমিচ ১৫-২০ টা খালে মহিলা গৰাকীৰ হৰমণ স্বাভাৱিক হয়। এই তিনিবিধ ব্যৱহাৰ অধিক ফলপ্ৰসু ।

    লেখক :- ডা: মনোজ কুমাৰ শইকীয়া

    ফোন নং :- 9435209704

    উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top