অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসূতি মাতৃৰ স্বাস্থ্য আৰু এ.এন.চি ৰ প্ৰভাৱ

প্ৰসূতি মাতৃৰ স্বাস্থ্য আৰু এ.এন.চি ৰ প্ৰভাৱ

সন্তান সম্ভৱা মহিলাগৰাকীকে প্ৰসূতি বোলে। এগৰাকী ছোৱালী বিবাহৰ পিছত প্ৰকৃতিগত নিয়ম অনুসৰি সন্তান সম্ভৱা হয় যাৰ দ্বাৰা সেই মাতৃ গৰাকীয়ে নিজ পৰিয়াললৈ এটা সুখবৰ কঢ়িয়াই আনে, যি দেশখনৰ বাবেও পৰোক্ষভাৱে এটা সুখবৰ কঢ়িয়াই আনে। কাৰণ তেওঁ জন্ম দিয়া সন্তানটো ভৱিষ্যতে সু-নাগৰিক হৈ নিজ পৰিয়াল, গাঁও তথা নিজ দেশৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰে। সেয়েহে সন্তান সম্ভৱা মাতৃগৰাকীৰ ৰক্ষণাবেক্ষণ আমাৰ সকলোৰে বাবে এক কৰ্তব্য। স্বাস্থ্যকৰ্মী হিচাপে এই ক্ষেত্ৰত আমাৰ দ্বায়িত্ব দুগুণ বাঢ়ি যায়। কিন্তু দুখৰ বিষৰ এয়ে যে বহু কষ্ট কৰাৰ ফলতো এগৰাকী প্ৰসূতিয়ে কেতিয়াবা মৃত্যুমুখত পৰিবলগীয়া হয়। যিটো আমাৰ সমাজৰ বাবে দুখৰ, লাজৰ তথা চিন্তনীয় বিষয়। গতিকে এই সম্বন্ধে আমি সকলো সজাগ হ’ব লাগে আৰু প্ৰসূতি মাতৃৰ মৃত্যু ৰোধ কৰিবৰ বাবে ব্যৱস্থা ল’ব লাগে। প্ৰসূতি মাতৃৰ মৃত্যু ৰোধ কৰিবৰ বাবে প্ৰধান উপায় হৈছে প্ৰসৱ পূৰ্বক পৰীক্ষা বা এএনচি চেক-আপ। এগৰাকী গৰ্ভৱতী মহিলাক তেওঁৰ গৰ্ভাৱস্থাৰ সময়ত অতি কমেও (৪) চাৰিবাৰ প্ৰসৱ পূৰ্বক পৰীক্ষা কৰাব লাগে। মহিলা গৰাকীৰ পঞ্জীয়ন কৰাটো প্ৰথম এএনচি হিচাপে ধৰা হয়। তাৰ পিছত ৫ মাহত দ্বিতীয় এএনচি, ৭ মাহ তৃতীয় এএনচি আৰু ৯ মাহত চতুৰ্থ এএনচি কৰোৱা হয়। এই এএনচি চেক-আপসমূহ আমাৰ প্ৰশিক্ষিত এএনএম ৰ দ্বাৰা কৰোৱা হয়। যিটো গাঁৱৰ স্বাস্থ্যকেন্দ্ৰত বা গাঁও স্বাস্থ্য আৰু পৰিপুষ্টি দিৱসত কৰা হয়।

প্ৰত্যেকবাৰ এএনচি চেক-আপত গৰ্ভৱতী মহিলা গৰাকীৰ উচ্চতা, ওজন, Hb% হিম’গ্লবিন, প্ৰসাৱ পৰীক্ষা আদি কৰা হয়। মহিলাগৰাকীৰ ওজন সঠিকভাৱে বাঢ়িছেনে নাই, তেজত থাকিবলগীয়া Hb% পৰিমাণ ঠিক আছে নে নাই। মানুহ গৰাকীৰ ভৰি ফুলিছে নেকি বা মানুহ গৰাকীৰ ৰক্তচাপ ঠিক আছে নে নাই আদি পৰীক্ষা কৰা হয়। তাৰোপৰি গৰ্ভাৱস্থাত মানুহগৰাকীয়ে ল’ব লগা অন্যান্য ব্যৱস্থা যেনে সদায় আনন্দত থকা, লৌহ পদাৰ্থ মুক্ত ফলমূল বা আহাৰ খোৱা, আইএফএ টেবলেট খোৱা, পৰ্য্যাপ্ত জিৰণি লোৱা ইত্যাদি। তদুপৰি তেওঁ কোনখন ওচৰৰ হস্পিতালত প্ৰসৱ কৰাব বা তেওঁ যে হস্পিতালতহে প্ৰসৱ কৰাব তাক ঠিক কৰা আদি কথাবোৰ এএনচি চেক-আপৰ সময়ত বুজাই দিয়া হয়।

লেখিকাৰ নাম: পূৰ্ণ দেৱী।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate