অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰসূতিৰ মানসিক সমস্যা

প্ৰসূতিৰ মানসিক সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

প্ৰসূতিৰ মানসিক ৰোগৰ প্ৰকাৰ -

প্ৰসৱোত্তৰ ব্লু :-

প্ৰায় ৮০ শতাংশ প্ৰসূতি এই সমস্যাত ভোগা দেখা যায়। সাধাৰণতে সন্তান জন্মৰ তিনি দিন মানৰ পিচত মহিলাগৰাকীৰ টোপনি কম হয়, মানুহৰ লগত কথা-বতৰাত খুব সংবেনশীল হৈ পৰে, সামান্য কথাতে খং উঠে, মন মাৰি থাকে, কান্দে বা উচুপি থাকে। কোনো কাৰণ নোহোৱাকৈ উদ্বিগ্নতাত ভোগে, ভয় ভয় ভাব হয়। সাধাৰণতে ১০ দিনমানৰ ভিতৰত প্ৰসূতিগৰাকী সুস্থ হৈ উঠে। প্ৰথম মাক হোৱা প্ৰায় ৫০-৬০ শতাংশ মহিলা প্ৰসৱোত্তৰ ব্লু বা বেবী ব্লুত আক্ৰান্ত হয়। এই অৱস্থাৰ পৰা মহিলাগৰাকী নিজে নিজে সুস্থ হৈ উঠে, কোনো চিকিৎসাৰ প্ৰয়োজন নহয়। কিন্তু প্ৰসৱোত্তৰ ব্লুত আক্ৰান্ত মহিলাৰ ২০ শতাংশ সম্পূৰ্ণৰুপে ভাল হৈ নুঠিব পাৰে। এইসকল মহিলা পিচলৈ ডিপ্ৰেছনত ভোগাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিয়াল অলপ সচেতন হৈ থকাটো ভাল।

প্ৰসৱোত্তৰ ডিপ্ৰেছন -

সন্তান জন্মৰ পিচত ১০-১৫ শতাংশ মহিলা ডিপ্ৰেছনত ভুগিব পাৰে। এওঁলোকৰ মাজত দিনটোৰ বেছিভাগ সময়তে দুখ লাগি থকা, কোনো বস্তুৱে ভাল নলগা, সকলোতে নিৰাশা ভাব, নিজক কোনো কামৰে লায়ক বুলি নভবা, যিকোনো কামৰ বাবে নিজকে নিজে দোষী বুলি ভবা, টোপনি কম হোৱা, ভোক কমি যোৱা, আত্মহত্যাৰ প্ৰৱণতা আদি ডিপ্ৰেছনৰ বিভিন্ন ধৰণৰ লক্ষণসমূহ দেখা যায়।

কিছুমানে আকৌ অহেতুক উদ্বিগ্নতাত ভোগে। এনেকুৱা অৱস্থাত কিছুমান প্ৰসূতি কেঁচুৱাটোৰ স্বাস্থ্য সম্পৰ্কে অধিক আৱেগিক হৈ পৰে আৰু কেঁচুৱাটোক পৰিচৰ্যা কৰিব নোৱাৰা বা ভাল পাব নোৱাৰা কথাটোৰ বাবে আত্মগ্লানিত ভোগে।

প্ৰসৱোত্তৰ ছাইক’ছিছ -

প্ৰসৱোত্তৰ সময়ত হ’ব পৰা ভয়াৱহ মানসিক ৰোগটো হৈছে উন্মাদনা বা ছাইক’ছিছ। অৱশ্যে এই ৰোগটো সঘনাই দেখা নাযায়। এহেজাৰ প্ৰসূতিৰ ভিতৰত এক বা দুগৰাকী ছাইক’ছিছত ভোগা দেখা যায়। প্ৰসৱোত্তৰ ছাইক’ছিছত ভোগা প্ৰসূতিৰ বিভিন্ন ধৰণৰ লক্ষণ দেখা যায়। অতি সক্ৰিয়তা, বিভ্ৰান্তি কোনো কাৰণ নোহোৱাকৈ অত্যন্ত স্ফূৰ্তিত থকা, ক্ষণে ৰুষ্ট, ক্ষণে তুষ্ট, লাগ-বান্ধ নোহোৱা অসংলগ্ন কথা আদি দেখা যায়।

তদুপৰি কিছুমান প্ৰসূতিয়ে হঠাৎ বিশ্বাস কৰিবলৈ লয় তেওঁৰ যেন বিশেষ্ ক্ষমতা আছে বা তেওঁৰ বহুত টকা-পইছা আছে বা বহুত ডাঙৰ মানুহৰ লগত তেওঁৰ সম্পৰ্ক আছে। কেতিয়াবা আকৌ নিজকে ভগৱানৰ অৱতাৰ বুলি বা জন্ম হোৱা সন্তানটো বিশেষ ক্ষমতাৰ অধিকাৰী বুলি বিশ্বাস কৰিবলৈ লয়। কিছুমান প্ৰসূতিয়ে আকৌ বিশ্বাস কৰিবলৈ লয় তেওঁ যেন জঘন্য অপৰাধ কৰিছে, তেওঁ যেন মহাপাপী।

ডিপ্ৰেছনৰ লগতে ছাইক’ছিছত ভোগা প্ৰসূতিৰ কেঁচুৱাটো সম্পৰ্কে কেতিয়াবা এনেকুৱা বিশ্বাস জন্মে যে কেঁচুৱাটো যেন সুস্থ নহয়, বিসংগতিপূৰ্ণ বা কেঁচুৱাটোৰ যেন মৃত্যু হৈছে। ছাইক’ছিছত ভোগা মহিলাসকলৰ এয়া কোনো সাধাৰন ভাব নহয়, পৰিয়াল বা সমাজৰ কোনেও বিশ্বাস নকৰা এই কথাবোৰত প্ৰসূতিগৰাকীৰ বদ্ধমূল ধাৰণা জন্মে আৰু কোনেও কোনো যুক্তি-তৰ্কৰে তেওঁক পতিয়ন নিয়াব নোৱাৰে।

কিছুমান প্ৰসূতিয়ে আকৌ কিছুমান শব্দ বা মানুহৰ মাত শুনিবলৈ পায়, যিবোৰ ঘৰৰ আন কোনেও নুশুনে। স্পষ্টকৈ শুনা এই শব্দবোৰে কেতিয়াবা কেঁচুৱাটোক মাৰি পেলাবলৈ আদেশ দিয়াটো প্ৰসূতিগৰাকীয়ে শুনিবলৈ পায়। এনেকুৱা পৰিস্থিতিত কেঁচুৱাটোক হত্যা কৰাৰ বা প্ৰসূতিয়ে আত্মহত্যা কৰাৰ সম্ভাৱনাও নথকা নহয়। এটা ভাল কথা যে এনেকুৱা পৰিস্থিতি কাচিৎহে উদ্ভৱ হয়।

কোনবোৰ প্ৰসূতি মানসিক সমস্যাত ভুগিব পাৰে -

কোনবোৰ প্ৰসূতি মানসিক সমস্যাত ভুগিব একে আষাৰে কৈ দিয়াটো টান। যিসকল মহিলাই সহজভাৱে সমাজত মিলা-মিচাত অসুবিধা পায় বা যিসকল মহিলাৰ জীৱনত মানসিকভাৱে আঘাত দিব পৰা ঘটনা ঘটিছে, তেওঁলোক প্ৰসৱোত্তৰ ব্লুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। তেনেদৰে যিসকল মহিলা আগতে ডিপ্ৰেছনত ভুগিছিল বা পৰিয়ালত যদি কোনোবা ডিপ্ৰেছনত ভোগে, তেনেকুৱা মহিলা সন্তান প্ৰসৱৰ পিচত বেবী ব্লু বা ডিপ্ৰেছনত ভোগাৰ সম্ভাৱনা থাকে। প্ৰাক-ঋতুস্ৰাৱ অৱস্থাত উদাসীনতাত ভোগা কিছুমান মহিলা আকৌ প্ৰসূতি অৱস্থাত ডিপ্ৰেছনত ভোগা দেখা যায়।

যিসকল মহিলা মানসিক আৰু সামাজিকভাৱে বিভিন্ন ধৰণৰ চাপত থাকে বা যিসকল মহিলাৰ পৰিয়ালৰ সদস্য বা আনৰ লগত পাৰস্পৰিক সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ নহয়, তেওঁলোকে প্ৰসৱোত্তৰ কালত ডিপ্ৰেছনত ভোগাৰ সম্ভাৱনীয়তা বেছি থাকে। তদুপৰি পূৰ্বৰ প্ৰ্সূতি অৱস্থাত মানসিক সমস্যাত ভোগা মহিলা, সামাজিকভাৱে নিম্ন শ্ৰেণীৰ মহিলা, অবিবাহিত মহিলা, যিসকল মহিলাৰ বৈবাহিক আৰু যৌন জীৱন সমস্যাজৰ্জৰ, পূৰ্বতে গৰ্ভস্খলন হোৱা বা ছিজাৰিয়ান ছেকচন হোৱা মহিলা আদিৰ প্ৰসৱোত্তৰ কিবা সমস্যা হ’বই বুলি কথা নাই যদিও মানসিক সমস্যা হোৱাৰ সম্ভাৱনাও থাকে।

প্ৰসূতিৰ মানসিক সমস্যাৰ কাৰণ -

প্ৰসূতিৰ মানসিক সমস্যাৰ বাবে কোনো বিশেষ এটা কাৰণ আঙুলিয়াই দিয়াটো টান। এয়া প্ৰসূতিৰ জৈৱিক-মানসিক-সামাজিক অৱস্থাৰ অসন্তুলিত অৱস্থানৰ ফলত বুলিব পাৰি। গৰ্ভাৱস্থাত মহিলাৰ বিভিন্ন ধৰণৰ শাৰীৰিক পৰিৱৰ্তন ঘটে। তেনেদৰে সন্তান জন্মৰ পিচত গৰ্ভাৱস্থাৰ বিপৰীত কিছুমান পৰিবৰ্তন আহি পৰে।

পূৰ্বতে মানসিক ৰোগত ভোগা মহিলা বা মানসিক, সামাজিক বা পাৰিবাৰিক সমস্যাই সৃষ্টি কৰা ষ্ট্ৰেছ চম্ভালি লোৱাত অসমৰ্থ হোৱা মহিলাৰ ওপৰত প্ৰসূতি অৱস্থাত হঠাৎ সৃষ্টি হোৱা হৰম’ন আৰু অন্যান্য ৰাসায়নিক পদাৰ্থৰ পৰিবৰ্তনে পেলোৱা প্ৰভাৱ প্ৰসূতিৰ মানসিক সমস্যাৰ কাৰণ বুলি ভবাৰ থল আছে। পূৰ্বতে মানসিক সমস্যাত ভোগা ৩০ শতাংশ মহিলা প্ৰসৱোত্তৰ কালতো মানসিক সমস্যাত ভোগা দেখা যায়।

প্ৰতিকাৰৰ উপায় -

প্ৰসৱোত্তৰ মানসিক সমস্যা সাধাৰণতে সম্পূৰ্ণৰুপে ভাল হৈ যায়। প্ৰসৱোত্তৰ ব্লুত বা বেবী ব্লু নিজে নিজে ভাল হৈ উঠিব পাৰে যদিও আন সমস্যাবোৰৰ বাবে কিন্তু চিকিৎসাৰ প্ৰয়োজন। প্ৰয়োজন অনুসাৰে এণ্টিডিপ্ৰেচেণ্ট, এণ্টি ছাইক’টিক আৰু মুড ষ্টেবিলাইজাৰ ব্যৱহাৰৰ প্ৰয়োজন হ’ব পাৰে। প্ৰসূতিগৰাকীয়ে অলপ সুস্থ হৈ উঠিলে কিছুমান ছাইক’লজিকেল থেৰাপি প্ৰয়োগৰ প্ৰয়োজন। তদুপৰি প্ৰয়োজন পৰিয়ালৰ সহযোগিতাৰ। চিকিৎসকৰ পৰামৰ্শ আৰু পৰিয়ালৰ সুস্থ বাতাবৰণে প্ৰসূতিক আৰোগ্য কৰে আৰু শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় মাক আৰু সন্তানৰ আৱেগিক বন্ধন সৃষ্টিত সহায় কৰে।

কেনেকৈ ৰোধ কৰিব পাৰি -

গৰ্ভত সন্তান ধাৰণ পৰিকল্পিত হোৱাটো বাঞ্চনীয়। কিন্তু অপৰিকল্পিতভাৱে হোৱা গৰ্ভাৱস্থাতো সময়মতে উচিত যত্ন ল’লে কোনো সমস্যা নোহোৱাকৈ সুস্থ-সবল শিশু জন্ম দিয়াৰ লগতে মাকো সুস্থ হৈ থাকিব পাৰে। গৰ্ভৱতী মহিলাৰ ন্যূনতম চাৰিবাৰ পৰীক্ষা হোৱাটো বাঞ্চনীয়। তাৰে অন্তত: এটা পৰীক্ষা চিকিৎসকৰ দ্বাৰা হ’ব লাগে।

চিকিৎসা কৰ্মীয়ে দিয়া পৰামৰ্শ অনুসৰি সময়মতে পৰীক্ষা-নীৰিক্ষা কৰাব লাগে আৰু মানিবলীয়া বিধানসমূহ এৰাই চলিব নালাগে। প্ৰথমবাৰ মাক হ’বলৈ ওলোৱা মহিলাৰ গৰ্ভাৱস্থা সম্বন্ধে বিভিন্ন ধৰণৰ প্ৰশ্ন মনত উদয় হয়। সেয়া স্বাভাৱিক।

কথাবোৰ মনতে ভাবি থাকি ভয়-শংকাত থকাতকৈ চিকিৎসাকৰ্মীক সুধি জানি-বুজি ল’ব লাগে। সন্তান জন্ম দিয়া কথাটো মহিলা এগৰাকীৰ বাবে স্বাবহৱিক কথা। গৰ্ভাৱস্থা বা সন্তান জন্মই মহিলাৰ বাবে শাৰীৰিক কোনো বাধাৰ সৃষ্টি নকৰে আৰু দুখ বা ভয় লগাকৈ সৌন্দৰ্যৰো কোনো পৰিবৰ্তন নঘটায়। সন্তান প্ৰসৱৰ পিচত মহিলাগৰাকী ক্লান্ত হৈ পৰে।

সেইখিনি সময়ত কেঁচুৱাটোক যেনেকৈ মাকৰ প্ৰয়োজন, মহিলাগৰাকীক প্ৰয়োজন শাৰীৰিক অৱসাদৰ, ভাল টোপনিৰ আৰু পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰ সহযোগিতাই দিয়া মানসিক শান্তি।

যদি মহিলাগৰাকী পূৰ্বতে মানসিক ৰোগত আক্ৰান্ত আছিল বা মানসিক ৰোগৰ চিকিৎসা কৰি থকা সময়মতে গৰ্ভৱতী হয়, প্ৰসৱোত্তৰ সময়ত আকৌ মানসিক সমস্যাত ভোগাৰ সম্ভাৱনীয়তা বাঢ়ে। এইক্ষেত্ৰত পৰিয়াল অলপ সচেতন হৈ থকাৰ প্ৰয়োজন।

প্ৰসূতিৰ ছাইক’ছিছৰ জৰুৰী চিকিৎসাৰ প্ৰয়োজন। এই ছাইক’ছিছ আৰম্ভ হোৱাৰ কিছুমান পূৰ্বাভাস পোৱা যায়। যেনে- প্ৰসূতিগৰাকীৰ টোপনি নহয়, অত্যন্ত ভাগৰুৱা অনুভৱ কৰে, খিংখিঙীয়া হৈ পৰে, অলপতে কান্দে। এনেকুৱা অৱস্থা দেখিলে বিশেষকৈ যিসকল মহিলা আগতে মানসিক ৰোগত আক্ৰান্ত হৈছিল বা পূৰ্বৰ প্ৰসূতি অৱস্থাত মানসিক সমস্যাত ভুগিছিল, পৰিয়ালে মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো ভাল।

লেখক :- ডা: প্ৰদীপ কুমাৰ শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top