অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসৱৰ পিছত জীৱন মৃত্যু সংকট

‘প্ৰসৱৰ পিছত জীৱন মৃত্যু সংকট’-এই কথাষাৰে কি বুজাইছে বাৰু? প্ৰসৱৰ পিছত এগৰাকী গৰ্ভৱতী মাতৃৰ জীৱনক বিপদাপন্ন কৰি মৃত্যুৰ কৰুণ পৰিণতিলৈ লৈ যাব পৰা এটা ভয়ংকৰ অৱস্থাৰ কথা এই লেখাৰ মাজেদি আলোচনা কৰা হৈছে। এই ভয়ংকৰ অৱস্থাটোৱেই হ’ল ‘হঠাৎ শ্বাসৰুদ্ধ বা হঠাৎ মৃত্যু’ হোৱাৰ কিছু কথা।


সাধাৰণতে এগৰাকী স্বাস্থ্যৱতী গৰ্ভাৱস্থাৰ মাতৃয়ে এটা স্বাভাৱিক প্ৰসৱ কৰাৰ পিছত কোনো ধৰণৰ আহুকাল পাব নালাগে বা কোনো ধৰণৰ জটিল উপসৰ্গতো ভুগিব নালাগে; আৰু সেইটোৱেই হৈছে স্বাভাৱিক প্ৰসৱ ক্ৰিয়াৰ ৰূপ। বৰঞ্চ চকুৰ আগতে নিজৰ গৰ্ভজাত সন্তানটিক দেখি কান্দোন শুনি মন হৈ পৰে বিভোৰ, এক ঐশ্বৰিক আনন্দত উপচি পৰে হিয়া। গৰ্ভাৱস্থাৰ পুঞ্জীভুত উদ্বেগ খন্তেকতে মাৰ যায়। দেহা মন শিথিল হৈ যোৱাৰ লগে লগে তণ্ড্ৰা জড়িট চকুহাল প্ৰশান্ত নিদ্ৰাত মুদ খাই আহে। কেতিয়াবা ইয়াৰ বিপৰীত হ’ব পাৰে। বহু হেজাৰ গৰ্ভৱতী মাতৃৰ ভিতৰত কোনোবা এগৰাকী হৈ উঠিব পাৰে অস্থিৰ। সন্তান ভুমিষ্ঠ হোৱাৰ প্ৰায় লগে লগে বা খন্তেক পিছতেই উশাহ-নিশাহ লোৱাত প্ৰচণ্ড কষ্ট বোধ কৰিব পাৰে। শুই বহি একোতেই শান্তি নাপায়। লগে লগে ধৰফৰণি আৰম্ভ হয়। মুখমণ্ডল চেঁচা ঘামে ঘৰ্মাক্ত কৰে, মুখেৰে ফেন ওলাই ত্ৎক্ষণাতে শ্বাসৰুদ্ধ হৈ হৃদপিণ্ডৰ স্পন্দন বন্ধ হৈ মৃত্যুক আঁকোৱালি লয়। ৰক্তহীনতা, হৃদৰোগৰ প্ৰবলতা নতুবা জৰায়ুৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তস্ৰাৱ হোৱা ইত্যাদি বহুবোৰ কাৰণত গৰ্ভাৱস্থাত মৃত্যু হয় যদিও আমি শিৰোনামাত উল্লেখ কৰা হঠাতে মৃত্যু’ কথাষাৰৰ প্ৰসংগত ঠিক এই কাৰণসমূহৰ কথা দোহাৰিব খোজা নাই। আমি আজি যি দুটা মুখ্য কাৰণত এনে এক অৱস্থা হ’ব পাৰে তাৰ বিষয়েহে আলোচনা কৰিবলৈ লৈছো। এই কাৰণ দুবিধ হ’ল

১) গৰ্ভাৱস্থাত চলন্ত ৰক্ত প্ৰবাহৰ মাজত তেজ গোটমৰাৰ বিসংগতি বা Coagualtion defect in pregnancy যাক প্ৰসূতি বিজ্ঞানৰ ভাষাত চমুকৈ D.I.C বুলি কোৱা হয়। আৰু

২) এমনিয়টিক ফ্লুইড এমবলিজিম

আমাৰ সাধাৰণ পাঠকে আৰু সমাজৰ বৃহৎ সংখ্যক জনসাধাৰণৰ লগত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিজ্ঞানৰ ভিতৰত থকা এই দুই ভয়ানক আৰু সংকটজনক অৱস্থাৰ বিষয়ে সম্যক পৰিচয় নাইবা খেনোৱে নাম দুটাহে শুনিছে। ইয়াৰ কাৰণ হৈছে পৰিসংখ্যাৰ হিচাপত প্ৰায় ৫০ হাজাৰ প্ৰসৱৰ ভিতৰত ক’ৰবাত এগৰাকী মাতৃয়েহে এনে মাৰাত্মক আৰু কৰুণ অৱস্থাৰ সন্মুখীন হৈ মৃত্যুক হয়তো আঁকোৱালি লৈছে। দেশৰ চুকে কোণে থকা চিকিৎসালয় আনকি নগৰ-মহানগৰত থকা বিয়াগোম হাস্পতাল, নাৰ্চিংহোমবোৰতো যদি কৰ’বাত কোনোবাই এই বিশেষ কাৰণৰ বাবে গৰ্ভৱতী মাতৃক মৃত্যুৰ মুখত পৰা দেখিছে তেন্তে নিমিষতেই ৰোগীৰ অভিভাৱক আৰু পৰিয়ালক মানুহৰ মাজত হুৱাদুৱা লগাও দেখিছে। আনকি হাস্পতালখনৰ চিকিৎসক দলৰ লগত আচম্বিতে এক ভুল বুজাবুজি হোৱাৰ প্ৰৱণতাও নোহোৱা নহয়। কাৰণ চিকিৎসা বিজ্ঞানৰ নীতি শাস্ত্ৰৰ মতে মৃত্যু কাৰণ D.I.C অথবা তেজৰ গোটমৰা বিসংগতি হৈছে বুলি লগে লগে আৰু দহমহীয়া হৈ কোনো চিকিৎসকেই ঘোষণা কৰিব নোৱাৰে; আনকি তেজ গোট মৰাৰ বিসংগতি হৈছে বুলি লগে লগে আৰু দহদহীয়া হৈ কোনো চিকিৎসকেই ঘোষণা কৰিব নোৱাৰে; আনকি তেজ গোট মৰাৰ বিসংগতি সুনিশ্চিত ভাৱে ক’বলৈ সকলোবোৰ লেবৰেটৰী পৰীক্ষা কম সময়ৰ ভিতৰত কৰি পেলোৱাটো সম্ভৱ নহয়।

৩) আধুনিক প্ৰযুক্তিবিদ্যাৰে পুষ্ট লেবৰেটৰী, যন্ত্ৰপাতি বা ৰিএজেন্টসমূহ কিম্বা অভিজ্ঞ টেকনিচিয়ান বা চিকিৎসকৰ সেৱা সকলো লেভেল চিকিৎসালয়ত লাগ বোলোতেই সহজ লভ্য নহয়।

৪) তেজ গোট মৰাৰ বিসংগতি ইমানেই প্ৰচণ্ড ক্ৰিয়াশীল বা গতিশীল যে থাকোতেও এই বিসংগতি ৰোধ কৰিবলৈ দৰকাৰী দৰৱ-জাতি বা ৰোগীক দিবলৈ প্ৰয়োজনীয় তেজৰ বহুমূলীয়া উপাদানসমূহ পোৱাবিধৰ নহয়।

৫) সকলোতকৈ দৰকাৰী কথাষাৰ হ’ল যে সকলোবোৰ হাস্পতালত এনে উচ্চমানৰ চিকিৎসা ব্যৱস্থা নাইবা প্ৰসূতি বিজ্ঞানৰ বহু অভিজ্ঞ চিকিৎসকজনেও হয়তো তেওঁৰ কৰ্মজীৱনত কোনো কাহানিও এনে প্ৰকাৰ মাৰাত্মক আহুকালত ভোগা দুৰ্ভগীয়া মাতৃক চিকিৎসা কৰিবলগীয়া হোৱা নাই বা প্ৰয়োজনীয় ব্যৱহাৰিক অভিজ্ঞতা পোৱাৰ সুযোগ পোৱাই নাই কাৰণ এই দুৰ্ভাগ্যজনক অৱস্থাৰ ঘটনা প্ৰসূতি বিজ্ঞানত খুবেই বিৰল।

প্ৰসূতিবিজ্ঞানৰ ভাষাৰে DIC মানে কি বুলি বুজাই প্ৰকাশ কৰিবলৈ হ’লে ইয়াৰ সম্পূৰ্ণ ৰূপটোক কোৱা হয় ডিচেমিনেটেড ইন্টাৰভাচকুলাৰ কোৱাগুলেচন। আমাৰ শৰীৰত থকা ৰক্তবাহী নলী, সিৰা, উপসিৰাসমূহৰ মাজেৰে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ তেজে তাৰ নিজস্ব গঠন আৰু ৰূপ অটুট ৰাখি এক নিৰৱছিন্ন গতিত ৰক্ত সঞ্চালন চলাই ৰাখে যাক কোৱা হয় দেহাৰ স্বাভাৱিক ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আৰু ইয়াৰ দ্বাৰা আমি জীয়াই আছো, দেহা মন আমাৰ সক্ৰিয় অৱস্থাত আছে। কিন্তু যেতিয়াই কিবা কাৰণত এই বিৰতি বিহীন ৰক্ত ধাৰাৰ সোঁতত তেজ গোট মাৰি চেকুৰা বান্ধিবলৈ লয় তেতিয়াই ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত যতি পৰে আৰু প্ৰায় লগে লগেই আমাৰ দেহা সন্মুখীন হয় এক ভয়ানক সংকটৰ। হৃদপিণ্ড হৈ যায় স্থবিৰ আৰু জীৱনক লৈ টনাটনি আৰম্ভ হয়।

গৰ্ভাৱস্থাত ডি আই চি ৰ প্ৰকৃতি কেনে ধৰণৰ হ’ব পাৰে?

ক) চিকিৎসক আৰু চিকিৎসালয়ৰ বাবে এক মহা সংকটজনক পৰিস্থিতিৰ উদ্ভৱ হয়।

খ) কিছুমান অস্বাভাৱিক গৰ্ভাৱস্থাৰ পৰোক্ষ প্ৰতিক্ৰিয়া হিচাবে প্ৰসৱৰ পিছত মাতৃ দেহাৰ ৰক্ত ধাৰাত গোট মৰা প্ৰণালী বিধত যতি পৰে। যাৰ ফলত ডি আই চি ৰ মাৰাত্মক লক্ষণ বা দুৰ্দশাই হ’ব পাৰে সেইবোৰ উল্লেখ কৰা হ’ল:

ক) জৰায়ু আৰু গৰ্ভফুলৰ মাজৰ পৰা অপ্ৰত্যাশিতভাৱে ৰক্তক্ষৰণ হ’লে।

খ) গৰ্ভাৱস্থাৰ মাজতে তেজ দূষিতজনিত পৰিস্থিতি বা ‘টক্সিমিয়াই’ দেখা দিলে।

গ) বিকৃত ভ্ৰূণ বা গৰ্ভত মৃত সন্তান বেছি দিনৰ বা আবদ্ধ হৈ থাকিলে।

ঘ) প্ৰসৱ বাধা হৈ জৰায়ু ফাটি যোৱা এক অৱস্থা হ’লে

ঙ) মোলাৰ গ্ৰেগনেনচিৰ পৰা মুক্তি পোৱাৰ পিছত

চ) গৰ্ভমোনাত চেলাইন ইনজেকচন দি কৰোৱা গৰ্ভপাত

ছ) গ্ৰুপৰ লগত নিমিলা তেজ ৰোগীৰ শৰীৰত প্ৰৱেশ কৰোৱা আৰু

এমনিয়’টিক ফ্লুইড এমবলিজিম

এমনিয়’টিক ফ্লুইড এমবলিজিমৰ বাবে হোৱা DIC ৰ অৱস্থা।

ডি আই চি হ’লেই তেজৰ মাজত এক বিশেষ আৰু অস্বাভাৱিক দেহতত্বই গা কৰি উঠে যাৰ ফলত তেজ গোট মৰা প্ৰণালীত বিসংগতিয়ে দেখা দিয়ে। সাধাৰণতে মানুহৰ দেহত তেজ তৰল অৱস্থাতে সঞ্চালিত হৈ থাকিব পৰা প্ৰাকৃতিক ঘটনাটো এটা ভাৰসাম্যতাৰ ওপৰত বিদ্যমান। এই ভাৰসাম্যতা দুটা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল-‘ফাইব্ৰিন’ জমা হৈ তেজ গোট মৰা, প্ৰক্ৰিয়া আৰু গৌণ পৰ্য্যায়ক্ৰমে ফাইব্ৰিন ভাঙি ফাইব্ৰিন লাইচিচ হোৱাৰ। যেতিয়াই প্ৰসৱ প্ৰক্ৰিয়াত জটল গোৱা কাৰণসমূহে ভুমুকি মাৰে, তেনে ক্ষেত্ৰৰ বেছি ভাগতেই গৰ্ভফুল আৰু ডেচিডুবা বিনষ্ট হয়। আঘাতপ্ৰাপ্ত এই ধৰণৰ টিছুবোৰৰ পৰা ৰক্ত সোঁতত থ্ৰম্বপ্লাষ্টিন নামৰ পদাৰ্থবিধ মুক্ত হৈ পৰে আৰু লগে লগেই তেজ গোটমৰা প্ৰণালীবিধ সক্ৰিয় হৈ উঠে। আনহাতেদি তেজ গোট মাৰিবলৈ প্ৰয়োজনীয় হোৱা অন্যান্য উপাদানসমূহো লাহে লাহে অত্যাধিক মাত্ৰাত ব্যৱহৃত হৈ যায়, যাৰ ফলত ইয়াৰ মাত্ৰা বা লেভেল তেজত কমি গৈ দেহাৰ কোষসমূহৰ পৰা প্ৰচণ্ড গতিত ৰক্তক্ষৰণ আৰম্ভ হয়। আকৌ তেজ গোট মৰা সক্ৰিয় আৰু বহল পৰিসৰৰ প্ৰক্ৰিয়াত চুলিৰ দৰে সৰু সৰু ৰক্তবাহী নলীকাবোৰৰ ভিতৰত ফাইব্ৰিন পদাৰ্থ জমা হ’বলৈ আৰম্ভ হয়। লগে লগেই ফাইব্ৰিনোলাইটিক প্ৰক্ৰিয়াটো পৰোক্ষভাৱে ক্ৰিয়াশীল হৈ উঠে বুলি যাৰ ফলত প্লাজমিনোজেন পদাৰ্থবোৰ প্লাজমিনলৈ ৰূপান্তৰ হয় আৰু এফডিপি নামৰ ফাইব্ৰিন ভাঙিব পৰা এবিধ উপাদান উদ্ভৱ হয়। এই এফডিপি নামৰ উপাদান বিধৰ কিন্তু তেজ গোটমৰা প্ৰক্ৰিয়াত বাধা প্ৰদান কৰিব পৰা ক্ষমতা আছে, যি ক্ষমতাৰ বলত প্লেটলেট নামৰ ৰক্তকণিকাবিধৰ কাৰ্যক্ষমতা আৰু থ্ৰমকিন নামৰ পদাৰ্থবিধৰ কৰ্মক্ৰিয়া মন্থৰ কৰি তোলে। এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ক্ষেত্ৰতে ৰক্ত মখাবন্ধা প্ৰক্ৰিয়াটো বিকাৰগ্ৰস্ত হৈ উঠে আৰু ৰক্তক্ষৰণ অৱস্থাটোৱে প্ৰতিপত্তি লাভ কৰে। গতিকে দেখা গ’ল যে, ডি আই চি হোৱা গৰ্ভৱতী মাতৃৰ ক্ষেত্ৰতেই কেৱল ৰক্তক্ষৰণ হৈ থকা অৱস্থাটোৱেই হ’ল মহা সংকটজনক সমস্যা, যাক সহজে আৰু সোনকালে ৰোধ কৰা সম্ভৱ নহয়। আৰু তাৰে কিছুমানত দেহৰ ৰক্তবাহী ক্ষুদ্ৰ নলীকাবোৰৰ ভিতৰত ফাইব্ৰিন জমা হৈ পথৰুদ্ধ কৰি পেলায়, বাবেই বৃক্ক, যকৃত হাঁওফাঁও আদিৰ দৰে মুখ্য অংগসমূহ বিকল কৰি ৰোগীক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ সহায়ক হয়।

লক্ষণসমূহ

গৰ্ভাৱস্থাক অস্বাভাৱিক কৰি তোলা কাৰণসমূহৰ লক্ষণ গৰ্ভৱতীৰ গাত আগৰেপৰাই থাকে, কিয়নো এইসমূহৰ পৰোক্ষ প্ৰতিক্ৰিয়াৰ ফলতহে ডি আই চি ৰ দৰে মাৰাত্মক অৱস্থাৰ উদ্ভৱ হয়। এই অৱস্থাৰ লক্ষণসমূহ পোণপ্ৰথমে ইমান ফটফটীয়া বা স্পষ্ট হৈ দেখা নিদিব পাৰে। ছালৰ তলত ৰঙা ৰঙা দানা বা বেঙুণীয়া ৰঙৰ চেপেটা চিহ্ন, দাঁতৰ আলু, নাকৰ ভিতৰৰ পৰা কম মাত্ৰাত ৰক্তক্ষৰণ বা বেজি দিয়া ঠাইৰ পৰা অলপ অলপকৈ তেজ নিগৰি থকা লক্ষণহে দৃষ্টি গোচৰ হ’ব পাৰে। কিন্তু যেতিয়া ই স্পষ্ট ৰূপত দেখা দিয়ে তেতিয়া জৰায়ুৰ মুখেৰে বা অপাৰেচন কৰা ঠাই ডোখৰৰ পৰা অনৰ্গল তেজ ওলাই থাকিব পাৰে। আকৌ তেজ গোট মৰা বা মখা প্ৰক্ৰিয়াটোৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ চেকুৰাৰ ৰূপ লৈ বৃক্ক, যকৃত বা হাঁওফাঁওৰ ৰক্তবাহী ক্ষুদ্ৰ নলীকাবোৰ বন্ধ কৰি দিব পাৰে। সেয়েহে আগৰেপৰা এনে স্বাভাৱিক গৰ্ভাৱস্থাৰ লক্ষণ থাকিলে তাৰ চিকিৎসালৈ নজৰ দি থাকিব লাগে।

ৰোগ নিৰ্ণয়

১) গৰ্ভাৱস্থাৰ লক্ষণসমূহ অস্বাভাৱিকতাৰ ফালে গ’লে বা আৰম্ভণিৰে পৰা অস্বাভাৱিক লক্ষণ দৃষ্টিগোচৰ হ’লে ডিআইচি নামৰ সংকটজনক পৰিস্থিতি এটা ঘটিব পাৰে বুলি চিকিৎসক সজাগ হৈ থকাটোৱেই ৰোগ নিৰ্ণয়ৰ মূলমন্ত্ৰ।

২) ওপৰত উল্লেখ কৰা অস্বাভাৱিক লক্ষণসমূহ থাকিলে আগতীয়াকৈ লেবৰেটৰীৰ পৰীক্ষাৰ দ্বাৰা তলত উল্লেখ কৰা Blood coagulation profile বা তেজৰ গোট মৰা পৰীক্ষাসমূহ পৰীক্ষা কৰাই থ’ব লাগে।

১) তেজ গোট মৰা নিৰ্দ্ধাৰিত সময় নিৰূপণ কৰা।

২) তেজ গোট মাৰি পুনৰ ভাঙি যোৱা সময় নিৰ্ধাৰণ কৰা।

৩) প্লেটলেট নামৰ ৰক্ত কণিকাবিধৰ মাত্ৰা পৰীক্ষা কৰা।

৪) প্ৰ’থ্ৰমবিন টাইম/থ্ৰমবিন টাইম/পাৰ্চিয়েল থ্ৰমবপ্লাষ্টিন টাইম ইত্যাদি পৰীক্ষা কৰা।

৫) ফাইব্ৰিন’জেন লেভেল পৰীক্ষা কৰি চোৱা। ১৫০ মি:গ্ৰাম/ডিএল তলত গ’লেই বিপদৰ আশংকা।

৬) এফডিপি লেভেৰ পৰীক্ষা কৰা ইত্যাদি।

চিকিৎসা ব্যৱস্থা

আদৰ্শগতভাৱে ই দ্ৰুততৰ হ’ব লাগিব। গৰ্ভপাত বা প্ৰসৱৰ পিছত অত্যাধিক স্ৰাৱ হোৱা দেখিলে ততাতৈয়াকৈ উন্নতমানৰ ৰেফাৰেল হাস্পতাললৈ স্থানান্তৰ কৰিব লাগিব। অন্তত যি চিকিৎসালয়ত উন্নত মানৰ এটা ব্লাড বেংক আছে। অভিজ্ঞ প্ৰসূতি চিকিৎসকৰ কাষ চাপিব লাগিব। লেবৰেটৰী পৰীক্ষাৰ কোনো ৰিপৰ্টলৈ বাট চাই সময় অতিবাহিত নকৰি প্ৰথমে ৰোগীক তেজ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। নিৰন্তৰ অক্সিজেন দিয়াৰ ব্যৱস্থা থকা চিকিৎসালয় হ’ব লাগিব। প্ৰস্ৰাৱৰ মাত্ৰা জুখি থাকিব লাগিব। চেন্ট্ৰেল ভেনাছ প্ৰেছাৰ মনিটৰ কৰি থাকিব লাগিব। তাতকা পূৰা মাত্ৰাৰ তেজ প্ৰয়োজন, তাতকা ফ্ৰাজেন প্লাজমা, প্লেটলেট, ট্ৰেনছফিউচন প্ৰয়োজন হ’ব পাৰে। Cryoprecipitate  নামৰ পদাৰ্থবিধৰো প্ৰয়োজন হ’ব পাৰে যদিহে ফাইব্ৰিন’জেনৰ মাত্ৰা কমি যায়।

DIC ৰ ক্ষেত্ৰত তেজ গোট মৰা অৱস্থাটো ৰোধ কৰিবলৈ হেপাৰিন বা EACA (EPSILON AMINO CARPROIC ACID) নামৰ দৰৱ দুবিধৰ ব্যৱহাৰ সম্পৰ্কে বিভিন্ন মতবাদ সৃষ্টি হৈছে।

লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate