মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰমতে উত্তম গৰ্ভধাৰণ আৰু সুসন্তান প্ৰাপ্তিৰ নিয়ম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰমতে উত্তম গৰ্ভধাৰণ আৰু সুসন্তান প্ৰাপ্তিৰ নিয়ম

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰমতে উত্তম গৰ্ভধাৰণ আৰু সুসন্তান প্ৰাপ্তিৰ নিয়মৰ বিষয়ে লিখা হৈছে ।

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ মতে, শুদ্ধ শুক্ৰ তথা শুদ্ধ আৰ্তব(স্ত্ৰীধাতু) ৰ সংযোগ হোৱাৰ ফলস্বৰূপে পূৰ্বজন্মৰ সুকৰ্ম অথবা কুকৰ্মৰ প্ৰভাৱত সত্য অৰ্থাৎ জীৱ বা জীৱাস্ম গৰ্ভৰ ৰূপ ধাৰণ কৰে।
উত্তম গৰ্ভধাৰণৰ বাবে স্ত্ৰীৰ বয়স কমেও ১৬ বছৰ আৰু পুৰুষৰ বয়স কমেও ২০ বছৰ হোৱা উচিত। ইয়াতকৈ কম বয়সৰ স্ত্ৰী পুৰুষৰ সংযোগৰ ফলত জন্ম হোৱা সন্তান ৰুগীয়া, অল্পায়ুসৰ হয়। স্ত্ৰীৰ ৰজপ্ৰবৃত্তি ১২ বছৰৰ পৰা আৰম্ভ হৈ ৫০ বছৰলৈকে থাকে। ইয়াৰ পিছত ৰজধৰ্ম নষ্ট হৈ যায়।

  • গৰ্ভধাৰণ যোগ্য শুক্ৰৰ বৰ্ণনঃ- যি শুক্ৰৰ বৰণ বগা, পৰিষ্কাৰ, ডাঠ, ঘিউ আৰু মৌৰ দৰে তৰল আকাৰৰ, অধিক পৰিমাণ হয়, তেনে শুক্ৰ গৰ্ভধাৰণৰ বাবে উত্তম বুলি কোৱা হৈছে।
  • গৰ্ভধাৰণৰ বাবে যোগ্য আৰ্তবঃ- যি আৰ্তব এন্দুৰৰ তেজৰ দৰে, বস্ত্ৰত লাগিলেও দাগ নাথাকে, তেনেকুৱা আৰ্তব সৰ্বশ্ৰেষ্ঠ।
  • অসমৰ্থ ৰজ, বীৰ্যঃ- মল-মুত্ৰ সদৃশ গোন্ধযুক্ত, পাতল, কুণপ গোন্ধযুক্ত ৰজ-বীৰ্য গৰ্ভধাৰণৰ বাবে অসমৰ্থ বুলি কোৱা হৈছে।
  • দূৰ্গন্ধযুক্ত ৰজ-বীৰ্যৰ চিকিৎসাঃ- অৰ্জুন বা ডালিম গছৰ ছালৰ ক্বাথ বনাই খাব লাগে।

মহৰ্ষি বাগভটে গৰ্ভধাৰণৰ বাবে উপযুক্ত সময় ৰজনিবৃত্তিৰ প্ৰথম (৩+১২)=১৫ দিনলৈকে কৈছে। ইয়াৰে প্ৰথম তিনিদিন সহবাস কৰা নিষিদ্ধ। ১১তম আৰু ১৩ তম ৰাত্ৰিও নিষিদ্ধ। যুগ্ম ৰাত্ৰিত (৪,৬,৮,১২ দিন) পুৰুষৰ শুক্ৰ অধিক হয় বাবে এই সময়ত গৰ্ভধাৰণ কৰিলে পুত্ৰ সন্তান প্ৰাপ্তি হয়। আনহাতে, অযুগ্ম ৰাত্ৰিত আৰ্তব অধিক হয় বাবে এই সময়ত গৰ্ভধাৰণ হলে কন্যা সন্তান প্ৰাপ্তি হয়। শুক্ৰ আৰু আৰ্তব একে হলে ক্লীৱলিংগ(নপুংসক) সন্তান হয়। যেতিয়া শুক্ৰধাতু আৰু ৰজধাতুৰ সংযোগ অৰ্থাৎ বীজ বাতদোষৰ বাবে একাধিক ৰূপত বিভক্ত হৈ যায়, তেতিয়া বিভক্ত হোৱা ভাগৰ সমান সন্তান জন্ম হয়।  তেজস্বী সন্তানৰ বাবে ৰজনিবৃত্তি আৰম্ভ হোৱাৰ ১০ নং দিনৰ পৰা ১৭ নং দিন সহবাসৰ বাবে সৰ্বোত্তম সময়।

  • সহবাসৰ বাবে নিষিদ্ধ স্থানঃ-গুৰুগৃহ, দেবগৃহ,যজ্ঞমণ্ডপ, বেদী, শ্মশানভূমি, জনস্থান ।
  • নিষিদ্ধ দিনঃ-সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, অমাৱশ্যা,সংক্ৰান্তি, পৰ্বদিন।

গৰ্ভধাৰণৰ সময় ৰাত্ৰি। গৰ্ভধাৰণ কৰিব বিচৰা দিনৰে পৰা স্ত্ৰীয়ে তেলত ৰন্ধা খাদ্য, মাটিদাইলৰ ব্যঞ্জণ তথা পিত্তবৰ্ধিত খাদ্য খোৱা উচিত। আনহাতে, পুৰুষে মুলেঠি গাখীৰৰ লগত গৰম কৰি খাব লাগে। শালিধানৰ ভাত,গাখীৰ বা ঘিউৰ সৈতে খাব লাগে।

  • সহবাসৰ স্থিতিঃ- সহবাস সদায় সুস্থিৰ, শান্ত পৰিৱেশত কৰা উচিত। গৰ্ভধাৰণ কৰিব বিচৰা পতি-পত্নীৰ হৃদয়, শুক্ৰ, ৰজ, মাৰ্গ, গৰ্ভাশয় শুদ্ধ হব লাগে। গৰ্ভধাৰণৰ বাবে এনেকুৱা স্ত্ৰী/পুৰুষ বাচনি কৰা উচিত যি প্ৰিয় বা মনোচিত হয়, যাৰ ব্যৱহাৰ ৰুচিকৰ হয়। গধুৰ আহাৰ খোৱাৰ পিছত, ভয়-শংকা অৱস্থাত, ভোক লগা অৱস্থাত, তৃষ্ণাতুৰ অৱস্থাত, বৃদ্ধ আৰু বালক অৱস্থাত, মল-মুত্ৰ বেগ অহা অৱস্থাত আৰু ৰুগীয়া অৱস্থাত সহবাস নিষিদ্ধ। উক্ত নিয়মৰ বিপৰিতে সহবাস কৰিলে ইন্দ্ৰিয় শক্তি হ্ৰাস, ধাতু ক্ষয়, অসময়ত মত্যু পৰ্যন্ত হব পাৰে। সংগমৰ পিছত স্নান বা যৌনাংগ ভালদৰে পৰিষ্কাৰ কৰিব লাগে। মিচিৰি, শীতল জল, মাটিদাইল আদি খাব লাগে। মৈথুনৰ সময়ত অহা শুক্ৰবেগ কেতিয়াও ৰখাব নালাগে। এনে কৰাৰ ফলত শুক্ৰাসুৰী উৎপন্ন হয় আৰু যিটো পিছত কষ্টকৰ হয়। খেল-ধেমালি কৰি মৈথুন কৰা নিষিদ্ধ।
  • গৰ্ভধাৰণ মন্ত্ৰঃ-ওপৰত উল্লেখিত সকলো নিয়ম পালনৰ পিছত সহবাসৰ আগমূহুৰ্তত প্ৰথমতে পতিয়ে সোভৰিৰে আৰু পত্নীয়ে বাওভৰিৰে বিচনাত উঠা নিয়ম। স্ত্ৰী সদায় পুৰুষৰ সোফালে থকা নিয়ম। ইয়াৰ পিছত নিম্নলিখিত মন্ত্ৰ জপ কৰা উচিতঃ

"হে প্ৰিয়ে, তুমি গতিশীল হোৱা, দীৰ্ঘায়ু হোৱা,তোমাৰ সকলোতে সন্মান হওক,বিধাতাই সদায় তোমাক ৰক্ষা কৰক, তুমি ব্ৰ্হ্মতেজ যুক্ত হোৱা। ব্ৰহ্মা, বৃহস্পতি, বিষ্ণু, চন্দ্ৰমা, সূৰ্য, অশ্বিনীকুমাৰ, কামদেব তথা মিত্ৰবৰুণে মোক বীৰপুত্ৰ(সুসন্তান) দিয়ক ।“
ইয়াৰ পিছত দুয়োজনে মনে ভালপোৱা বাৰ্তালাপ কৰিব লাগে আৰু স্নেহযুক্ত ব্যৱহাৰেৰে স্ত্ৰীজনী আনন্দ মনেৰে অংগবোৰ লৰচৰ নকৰাকৈ চিত হৈ পৰিব লাগে। এই শৱনকালত সহবাস কৰি বীৰ্যগ্ৰহণ কৰা উচিত। যিদিনাখন গৰ্ভধাৰণ হয় সেইদিনা আনদিনৰ তুলনাত পুৰুষ বীৰ্য যোনীৰ বাহিৰত ওলাই নাহে।

  • স্ত্ৰী-পুৰুষে যিধৰণৰ সন্তান হোৱাটো কামনা কৰে তেনেকুৱা ৰূপ, চৰিত্ৰ, দেশ, জনগণৰ কথা মনতে ভাবিব লাগে। সম্ভৱ হলে ভ্ৰমণ কৰিব লাগে, তেনেকুৱা আহাৰ-বিহাৰ আৰু বস্ত্ৰ পৰিধান কৰিব লাগে।।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top