মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / মহিলাৰ প্ৰসৱৰ পিছত হোৱা ৰোগৰ বনৌষধি চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ প্ৰসৱৰ পিছত হোৱা ৰোগৰ বনৌষধি চিকিৎসা :

মহিলাৰ প্ৰসৱৰ পিছত হোৱা ৰোগৰ বনৌষধি চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

গৰ্ভৱতী মহিলাৰ সন্তান জন্ম হোৱাৰ পিছত কোনো কোনো মহিলা নানাবিধ অসুখত ভোগা দেখা যায়। সাধাৰণতে প্ৰসৱৰ পিছত বহু মহিলাৰ প্ৰধান বেমাৰ হ’ল ৰক্তহীনতা।

এই ৰোগ বনদৰব ব্যৱহাৰৰ যোগেদি আৰোগ্য হোৱাৰ ব্যৱস্থা আছে।

এই ৰোগত ভোগাৰ পৰা পৰিত্ৰাণ পাবলৈ যিবিলাক বনৌষধিৰ প্ৰয়োগ কৰিব লাগে, সেই বিষয়ে উল্লেখ কৰা হৈছে।

ৰক্তহীনতা দূৰ কৰাৰ বাবে -

*ছালকুঁৱৰীৰ এটা পাতৰ ৰস দৈনিক এবাৰকৈ ৬/৭ দিন খাব লাগে। ডালিম বা বেদনাৰ বাকলি ৰ’দত শুকুৱাই গুড়ি কৰি দিনে এচামুচ পৰিমাণে খাব লাগে। তাত এচামুচ মৌ জোল মিশ্ৰণ কৰিলে অধিক ফলপ্ৰসূ হয়। এসপ্তাহ মান খোৱা উচিত।

*পনৌনৱা (বা পুৰ্ণনৱা) শাকৰ গোটেই গছ জোপা ক্কাথ কৰি খাব লাগে। গছজোপা ভালদৰে ধুই-পখালি সৰু সৰুকৈ কুটি এক লিটাৰ পানীত সিজাই ২০০ মিঃলিঃ থাকোতে নমাই চেকি ল’ব। এয়াই হৈছে পনৌনৱাৰ ক্কাথ। এই ক্কাথ দিনে এবাৰকৈ ৫/৬ দিন ৰোগ কম।

জৰায়ুৰ পৰা ৰক্তৰণ হ’লে -

*অনন্তমূলৰ দুচামুচ গুড়ি এগিলাচ নাৰিকলৰ পানীত তিয়াই খালে জৰায়ুৰ পৰা ওলোৱা ৰক্তক্ষৰণ বন্ধ হয়। ফিটকিৰি গৰম পানীৰে জৰায়ু ধুলেও ৰক্তক্ষৰণ বন্ধ হয়।

প্ৰসৱৰ পিছত শৌচ কঠিন হোৱা বা কোষ্ঠবদ্ধতাত ভোগা:

*৪টা শিলিখা ফলৰ(কেঁচা বা শুকান) বাহিৰৰ বাকলি গুচাই পানীত উতলাই দিনে দুবাৰকৈ তিনি দিন খালে ভাল হয়।

*ৰাতি শোৱাৰ পূৰ্বে ত্ৰিফলা গুড়ি দুচামুচ আধা গিলাচ পানীত মিশ্ৰণ কৰি খাব লাগে।

প্ৰসৱৰ পিছত শৰীৰ দুৰ্বল হ’লে-

প্ৰসৱৰ পিছত শৰীৰ দুৰ্বল হ’লে বা ওজন কমিলে ৫০ গ্ৰাম অশ্বগন্ধা সৰু এগিলাচ গাখীৰত উতলাই খালে শৰীৰৰ দুৰ্বলতা কমে আৰু শৰীৰৰ ওজন বাঢ়ে।

প্ৰসৱৰ পিছত বুকুৰ ধপধপনি হোৱা:

*অৰ্জুন গছৰ বাকলিৰ গুড়ি এচামুচ একাপ পানীত গৰম কৰি তাত অলপ গাখীৰ মিশ্ৰণ কৰি দিনে দুবাৰকৈ পোন্ধৰ দিন খালে ৰোগটো ভাল হয়।

প্ৰসৱৰ পিছত যোনিৰ বিষ হ’লে -

শুকান আদাৰ এচামুচৰ চাৰিভাগৰ এভাগ বাকলি গুচোৱা ক’লা তিল চাৰি ভাগৰ এচামুচ পিহি গুড়ি কৰি গৰম গাখীৰৰ লগত দিনে দুবাৰকৈ খালে বিষ কমি যাব।

মাতৃৰ স্তনত গাখীৰ বৃদ্ধি কৰিবলৈ:

*৫০ গ্ৰাম শতমূল আলুৰ ৰস এগিলাচ গৰুৰ গাখীৰৰ লগত দুবাৰকৈ সাত দিন খালে গাখীৰ বৃদ্ধি হয়।

*অমিতা সিজাই তাত অলপ নিমখ মিহলাই নিয়মিত কিছুদিন খাব লাগে।

*অশ্বগন্ধাৰ শিপাৰ গুড়ি ৫০ গ্ৰাম আধাগিলাচ গাখীৰৰ লগত খালে গাখীৰ বাঢ়ে।

*এৰাপাত তিনিটা খুন্দি স্তনত প্ৰলেপ দিব লাগে।

প্ৰসৱৰ পিছত হোৱা ডায়েৰিয়া:

*আদা এডোখৰত গুড় সানি চোবাই খাব লাগে। দিনে দুবাৰকৈ তিনিদিন খাব।

প্ৰসৱৰ পিছত ৰাজহাড়ত বিষ হ’লে-

মেথিগুটিৰ গুড়ি এচামুচ নাৰিকলৰ গুড়ি এচামুচ ৩০ গ্ৰাম গুড় মিহলাই দিনে খালে বিষ কমে।

প্ৰসৱৰ পিছত অধিক ৰক্তচাপ(High blood pressure)-

*কেঁচা হালধিৰ ৰস এচামুচৰ লগত সমপৰিমাণৰ দুবৰী বনৰ ৰস আৰু ৪/৫ পাহ জবাফুল পিহি খাব লাগে। দিনে এবাৰকৈ তিনিদিন।

*আমলখিৰ গুড়ি জৰায়ুৰ মুখত দিলে ভাল ফল পায়।

প্ৰসৱৰ পিছত সন্তানৰ ছাল পৰিষ্কাৰ কৰিবলৈ:

*হালধিৰ ৰস এচামুচৰ লগত সমপৰিমাণৰ গাখীৰ মিহলি কৰি সানিব লাগে।

মাতৃৰ স্তনত খুদ খহু বা বেদনা হ’লে:

*কেঁচা হালধি খুন্দি ফোঁহাৰ চাৰিওফালে প্ৰলেপ দিলে স্তনৰ খুদ খহু দূৰ হয়। স্তনৰ ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে সৰিয়হ তেলেৰে স্তন মালিচ কৰিব লাগে।

প্ৰস্ৰাৱত জ্বালা যন্ত্ৰণা হ’লে:

*আমলখিৰ ৰস দুচামুচ, কেঁচা হালধিৰ ৰস দুচামুচ, এচামুচ মৌজাল সবাকো মিহলি কৰি দিনে দুবাৰকৈ সাত দিন খালে ভাল হয়।

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top