মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / গৰ্ভাৱস্থাৰ স্বাস্থ্য / মহিলাৰ প্ৰেগনেন্সি বা গৰ্ভধাৰঁণৰ সময়ত কষ্টমেটিক বা প্ৰসাধন ব্যৱহাৰৰ সৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ প্ৰেগনেন্সি বা গৰ্ভধাৰঁণৰ সময়ত কষ্টমেটিক বা প্ৰসাধন ব্যৱহাৰৰ সৱধানতা

মহিলাৰ প্ৰেগনেন্সি বা গৰ্ভধাৰঁণৰ সময়ত কষ্টমেটিক বা প্ৰসাধন ব্যৱহাৰৰ সৱধানতাৰ বিষয়ে লিখা হৈছে ।

 

গৰ্ভাৱস্থাত ব্যৱহাৰ কৰা কষ্টমেট্ৰিক বা প্ৰসাধন সামগ্ৰীয়ে গৰ্ভস্থ সন্তানটিৰ ক্ষতি কৰিব পাৰে! আপোনি যদি সন্তান সম্ভৱা বা সন্তান জন্ম দিয়াৰ কথা ভাবিছে তেনেহলে এই লেখাটো আপোনি নিশ্চয় এবাৰ পঢ়ক।

মহিলাৰ প্ৰেগনেন্সি্ বা গৰ্ভধাৰণৰ সময়ত কষ্টমেট্ৰিক বা প্ৰসাধন ব্যৱহাৰৰ সাবধানতা -

বৰ্তমান সময়ত কম বেছি পৰিমানে সকলো মহিলাই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সৰহ সংখ্যকেই দৈনন্দিন ক্ৰিম, লিপষ্টিক, ফাউন্ডেচন, নেইল পলিচ ইত্যাদি ব্যৱহাৰ কৰে।এই ক্ৰিম সমূহ বিভিন্ন প্ৰকাৰৰ হয়, যেনেঃ-

ব্ৰন বা শালমইনা গুচোৱা ক্ৰিম, বয়স ৰেখা দূৰ কৰা ক্ৰিম, চালৰ ৰং উজ্জল কৰা ক্ৰিম ইত্যাদি। ইয়াৰ লগতে দাঁত বগাকৰা পেষ্ট, হেয়াৰ ৰিমভাৰ ক্ৰিম। কিন্তু আপোনিটো নেজানে বা জানিবলৈ হয়টো চেষ্টাও কৰা নাই যে এইবোৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ অনাগত সন্তানৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে। এটা সমীক্ষাত দেখা গৈছে এগৰাকী যুৱতী বা মহিলাই প্ৰতি দিনে ১২ ধৰনৰ কষ্টমেট্ৰিক ব্যৱহাৰ কৰে প্ৰেগনেন্সিৰ সময়ত কিছুমান কষ্টমেট্ৰিক পৰিহাৰ নকৰিলে তাৰ পৰিনাম গৰ্ভস্থ সন্তানে ভোগিব লগা হব পাৰে। আমাৰ দেশত ডাক্তৰে বৰ্তমানেও এই সম্পৰ্কত গৰ্ভাৱতি মহিলা সকলক সতৰ্ক কৰা দেখা নাযায়। গৱেষণাত দেখা গৈছে Retinoid, lead, Paraben আদি থকা কষ্টমেট্ৰিকচ ব্যৱহাৰ কৰিলে দেহত হৰমনৰ পৰিবৰ্তন ঘটি অনাগত শিশুটি বিকলাংগ বা মানসিক ভাৰাসাম্য হীন হব পাৰে। গতিকে গৰ্ভাৱতি মহিলা সকল এই ক্ষত্ৰত সাৱধান হোৱা উচিত।

চানস্ক্ৰিম লোচন -

চানস্ক্ৰিম লোচনত Oxybe nzoe থাকে। এটা পৰীক্ষাত দেখা গৈছে যে যি সকল মহিলাই চানস্ক্ৰিম লোচন ব্যৱহাৰ কৰে তেনে মহিলাই জন্ম দিয়া শিশুৰ ওজন কম হব পাৰে। ইয়াৰ উপৰি এই Oxybezne নামৰ উপাদান বিধে প্ৰেগনেন্সিত স্বাভাৱিক হৰমনক চেনন্সিটিভ বনাব পৰা ক্ষমতা থাকে। গতিকে গৰ্ভাৱতী মহিলাই চানস্ক্ৰিম ব্যৱহাৰ নকৰি বাহিৰৰ ৰদত উলাওতে দীঘল কাপোৰ ব্যৱহাৰ কৰি কাণ, মুখ ঢাকি লওঁক যাতে sun brun নহয়। নহলে পূৱা ১০ বজাৰ পৰা বিয়লি ২ বজাৰ এই সময়খিনিত বাহিৰলৈ ৰদত উলাব নালাগে। যদি যাবলগা হয় zinc oxid আৰু titanium olioxid যুক্ত চান ক্ৰিম লোচন ব্যৱহাৰ কৰক, ই আপোনাক সূৰ্যৰ বেঙুনিয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিব আৰু এই উপাদান শৰিৰ বা তেজত মিহলি হৈ নাযায়।

Parabens:

এক কথাত কবলৈ গলে লোচন, ক্ৰিম, টৌনাৰ, ফাউণ্ডেচন সকলো কষ্টমেটিকতে এই উপাদান বিধ থাকে।
Parabens বিভিন্ন প্ৰকাৰৰ হয় যেনে propyl parabens, methy paraben ইত্যাদি। এই সকলো পেৰাবিনেই বৰ্জনীয় কষ্টমেটিকচৰ গাত লিখি থোৱা উপাদানবোৰ চাব তাত যদি parabin লিখা থাকে সেই ধৰণৰ কষ্টমেটিকচ ব্যৱহাৰ নকৰিব। আমাৰ দেশত parabin বিহিন ক্ৰিম, লোচন খুওব কমেই দেখিবলৈ পোৱা যায়।

Retinol

Retinol হ’ল এক ধৰণৰ ভিটামিন এ যি স্ক্ৰিনৰ বয়স ৰেখা দূৰ কৰে, স্ক্ৰিন কোলাজেনৰ ভাৰাসাম্য ৰক্ষা কৰে। কিন্তু অতিৰিক্ত ভিটামিন এ গ্ৰহণ শিশুৰ ওপৰত প্ৰভাব পেলাব পাৰে। গতিকে ভিটামিন এ যুক্ত যিকোনো ক্ৰিম পৰিহাৰ কৰা ভাল।

salicylic acid or beta hydroxyl acid:

বিশেষত এই উপাদান বিধ শালমইনা বা ব্ৰণ নিৰ্মূল কৰা ক্ৰিম, বয়স ৰেখা দূৰ কৰা ক্ৰিমত থাকে। ই মুখ পৰিস্কাৰ কৰাত সহায় কৰে। aspirin ত যিহেতু salicylic acid আছে গতিকে গৰ্ভ ধাৰণ কৰাৰ সময়ত এই ক্ৰিম পৰিহাৰ কৰা উচিত। অতিৰিক্ত asiprin ললে গুৰুতৰ সমস্যাই দেখা দিব পাৰে।

Black head দূৰ কৰা scrub ত salicylic acid থাকে গতিকে scrub ব্যৱহাৰ নকৰিব। তাৰ থাইত এক চামুচ চেনি আৰু এক চামুচ মৌৰ ৰখ লৈ scrub ৰ দৰে ব্যৱহাৰ কৰিব পাৰে।

হোৱাইটেনিং টুথ ব্ৰাচ -

Peroxide হল দাঁত চাফা কৰা মুল উপাদান ই যিহেতু ব্লিচিং প্ৰচেচ গতিকে ইয়াকো পৰিহাৰ কৰাই ভাল। তাৰ থাইত সাধাৰণ টুথ পেষ্টৰ দ্বাৰাই দাঁত ব্ৰাছ কৰা নিৰাপদ হব।

Phthalates:

এই উপাদান বিধ নেইল পলিচ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু পাৰফিউম, বডিস্প্ৰে, হেয়াৰ স্প্ৰে আদি বোৰত ব্যৱহাৰ কৰা হয়। ২০০৬ বৰ্ষতে চিকিৎস্যা বিজ্ঞানৰ এক গৱেষণাত পোৱা গৈছে যে phthates বেছি ব্যবহাৰকাৰী মহিলাৰ সন্তানৰ জেনিতেল ক্ষতিকৰ পৰিৱৰ্তন সাধন হোৱা গুৰুতৰ সম্পৰ্ক পোৱা গৈছে। Phthatates শিশুৰ জন্ম গ্ৰহণত কোনো ক্ষতিসাধন নকৰে কিন্তু শিশুৰ জেনিতেল development বাধাৰ সৃষ্টি কৰে।

হেয়াৰ ৰিমভাৰ ক্ৰিম -

প্ৰেগনেন্সিৰ সময়ত দেহত সহজতে absorb হোৱা বা দেহে সহজতে শুহি লোৱা আৰু ৰক্তৰ সৈতে মিহলি হৈ যোৱা কোনো ধৰণৰ কষ্টমেটিকচেই ব্যৱহাৰ কৰিব নালাগে। প্ৰেগনেন্ট মহিলাই হেয়াৰ ৰিমভাৰ, পাৰফিউম ব্যৱহাৰ কৰিব নালাগে। যদি গাত থকা অত্যাধিক নোমৰ বাবে কিবা সমস্যাত পৰে তেনেহলে প্ৰাকৃতিক ভাৱে ওয়েচিং কৰাব পাৰে। তেতিয়া গৰ্ভস্থ সন্তানৰ কোনো অসুবিধা নহয়।

Lead:

লিপস্টিক তৈয়াৰ কৰিবৰ বাবে এই লিড ব্যৱহাৰ কৰা হয়। এক পৰীক্ষাৰ দ্বাৰা প্ৰমান হৈছে যে lead ৰপৰা কেঞ্চাৰ, শিশু বিকলাংগ হবও পাৰে। কিন্তু অতি দূখৰ বিষয় এই যে, একে বাৰে বেয়াৰ পৰা আৰম্ভ কৰি শুউব ভাল কোম্পানী সমূহেও লিপস্টিকত lead ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে, প্ৰায় ৯০% ই ব্যৱহাৰ কৰে আৰু এই লিপস্টিক বোৰ আমাৰ দেখৰ মহালাৰ মাজত শুউব জনপ্ৰিয়।

এটিয়া কোনন লিপষ্টিকত lead আছে সেই কথা আপোনালোকে কেনেকৈ জানিব?
অলপ লিপস্টিক হাতত লগায় লব আৰু গল্ডেন coin এটা দি ঘঁহি দিব। যদি দেখে লিপস্টিকৰ ৰং কলা হৈ গৈছে তেতিয়া আপোনি জানিব লাগিব যে এই লিপস্টিকত lead আছে আৰু এনে লিপস্টিক বৰ্জন কৰিব।

পুণৰ কৈছো প্ৰেগনেন্সিৰ সময়ত কচমেটিক ব্যৱহাৰ কৰোতে কি্ছু সৰ্তকতা অৱলম্বন কৰা উচিত। আৰু সকলোবোৰ প্ৰডাক্টতে যে বেয়া উপাদান থাকে তেনে নহয়। কিছুমান প্ৰাকৃতিক উপাদান থাকে তেনেবোৰ ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনালোকে এই বোৰ বস্তু নতুনকৈ যেতিয়া ব্যৱহাৰ কৰিবলৈ লয় বস্তুটোৰ বিষয়ে ভাল দৰে আতি গুৰি মাৰি জানি লব। Parabens যুক্ত বস্তু বনোৱাৰ বাবে Eurupiun country সমূহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিটো আমাৰ দেশত বিনা বাধাই চলি আছে। গতিকে মই আমাৰ দেশৰ যুৱতী মহিলা সকলকো এই সম্পৰ্কে সচেতন হবৰ বাবে পৰামৰ্শ আগবঢ়াইছো। অলপ সচেতনতাই নিশ্চিত বিপদৰ পৰা হাত সাৰিব পাৰে।

কেইটামান সৰু টিপচ আপোনালোকলৈ আগবঢ়াইছো -

প্ৰেগনেন্সিৰ সময়ত হৰমণৰ পৰিবৰ্তন আহে আৰু তাৰ বাবেই বহু গৰ্ভাৱতী মহিলাৰ মুখত ব্ৰণ উঠে। তেনেহলে এন্টিবায়টিকচ ব্যৱহাৰ কৰিলে শিশুৰ জন্মগত কিছু সমস্যাই দেখা দিবও পাৰে। তেতিয়া কোনো মেডিচিন নোখোৱাকৈ ঘৰতে প্ৰাকৃতিক ভাৱে প্ৰস্তুত কৰি নিম পাত আৰু হালধিৰ পেষ্ট বনাই লগাব পাৰে।

দেখাযায় বহু গৰ্ভাৱতী মহিলাই এন্টিৰিংকল ক্ৰিম লগাই পেত মালিচ কৰে, সেইটো নকৰাটোৱে ভাল তাৰ থাইত অলিভ অইল ব্যৱহাৰ কৰিলেই anti rinkle cream ত কৈও ভাল কাম কৰে। প্ৰেগনেন্ট মহিলাই চুলিত কোনো ধৰণৰ ৰং বা অন্যান্য হাইলাইট কৰিবলৈ লগোৱা বস্তুবোৰ ব্যৱহাৰ নকৰাই ভাল। দৈনিক ভিটামিন B যুক্ত খাদ্য খাব লাগে। সন্তান আৰু মাতৃ দুয়োৰে বাবে ভাল।

আশাকৰো এই লেখা টোৰ পৰা আপোনি নিশ্চয় উপকৃত হ’ব। আপোনালোকক স্বাস্থ্য সম্পৰ্কে সজাগ কৰি স্বাস্থ্যবান কৰি ৰখাটোৱেই আমাৰ প্ৰধান লক্ষ আৰু উদ্দ্যেশ্য।

লেখক: হৰিকান্ত দাস

ফোন নম্বৰ: 9954340102

 

 

2.89473684211
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top