অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতা

প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতা কি

প্ৰসৱৰ পিছৰ প্ৰথম কেইসপ্তাহ বা এমাহ মানলৈ প্ৰসূতিগৰাকীৰ অনুভূত হোৱা দুখঃবোধ আৰু মানসিক অশান্তি আদিকে প্ৰসৱৰ পিছত হোৱা বিষাদগ্ৰস্থতা বুলি কোৱা হয়। সাধাৰণতে প্ৰসৱৰ তিনি দিনৰ ভিতৰতে এই সমস্যাটো হোৱা দেখা যায়। মহিলাগৰাকীয়ে এই অনুভৱবোৰ গুৰুত্ব সহকাৰে লোৱাতো উচিত নহয় কিয়নো এইবোৰ সাধাৰণতে দুসপ্তাহাৰ ভিতৰতে নোহোৱা হয়। ই প্ৰসূতিৰ মানসিক পৰিৱৰ্তনৰো মূল কাৰণ। এই অৱস্থাটো কেইসপ্তাহ বা মাহলৈ থাকিব পাৰে আৰু ই দৈনন্দিন কাম-কাজ প্ৰভাৱিত কৰিব পাৰে। ১০-১৫ শতাংশ মহিলা এই সমস্যাত পৰিব পাৰে। এই সমস্যাত পৰা অতি নগণ্য সংখ্যক মহিলাৰ বিষাদগ্ৰস্থতাৰ বাবে পিছলৈ মানসিক বিকৃতিও ঘটিব পাৰে।

  • স্বাভাৱিকতেই মানসিকভাৱে দুৰ্বল মহিলাৰ প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতা হোৱাৰ সম্ভাৱনা অধিক।
  • এনে অৱস্থাত মহিলাগৰাকী দুখত থাকিব পাৰে, কান্দিব পাৰে আৰু খিংখিঙিয়া হৈ পৰে। নিজৰ দৈনন্দিন কাম-কাজ আৰু শিশুটিৰ প্ৰতিও আগ্ৰহ কমি যাব পাৰে।
  • পৰামৰ্শ প্ৰদান আৰু ঔষধৰ যুটীয়া প্ৰচেষ্টা এই অৱস্থাৰ সহায়ক হয়।
  •  

    কাৰণসমূহ

    প্ৰসৱৰ পিছত হোৱা এই সমস্যাৰ কাৰণবোৰ স্পষ্ট নহয়, কিন্তু তলৰ কাৰণসমূহৰ বাবেও হ’ব পাৰে:

  • গৰ্ভধাৰণৰ আগত বা গৰ্ভৱস্থাত এই বিষাদগ্ৰস্থতা আৰু আন মানসিক অসুস্থতা থকা।
  • পৰিয়ালৰ কোনো সদস্যৰ যদি এনে বিষাদগ্ৰস্থতা থাকে (পৰিয়ালৰ ইতিসাহ)। আকষ্মিক হৰমনৰ পৰিমাণ কমি যোৱা (যেনে, এস্ত্ৰোজেন, প্ৰজেষ্ট্ৰেৰণ), গৰ্ভধাৰণ আৰু কেঁচুৱা জন্ম হোৱাত সৃষ্ট চাপ (যেনে, প্ৰসৱৰ বেদনা আৰু প্ৰসৱৰ সময়ৰ সমস্যাসমূহ যেনে, টোপনী কমি যোৱা, ক্লান্তিভাৱ, স্বাধীনভাৱ হেৰুৱা আৰু নিজক অকলশৰীয়া আৰু অযোগ্য অনুভৱ কৰা) ।
  • সামাজিক সহায়ৰ অভাৱ।
  • বৈবাহিক সম্পৰ্কৰ ভাঙোন।
  • অন্যান্য বিশেষ কিছুমান জীৱন যাত্ৰাৰ ওপৰত পৰা হেঁচা যেনে, আৰ্থিক সমস্যা বা সদ্য পৰিৱৰ্তন।
  • যদি মহিলাগৰাকীৰ গৰ্ভধাৰণ আগতেই মানসিক বিষাদগ্ৰস্থতা থাকে, তেতিয়াহ’লে চিকিৎসক বা ধাত্ৰীক কথাটো জনাব লাগে। এনে মানসিক বিষাদগ্ৰস্থতা পিছলৈ প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতাৰ কাৰণ হ’বগৈ পাৰে। গৰ্ভাৱস্থাত বিষাদগ্ৰস্থতা হোৱাতো স্বাভাৱিক আৰু ইয়েই প্ৰসৱোত্তৰ বিষাদগ্ৰস্থতা আশংকা বৃদ্ধি কৰে।

     

    লক্ষণসমূহ

    সঘনাই কান্দি থকা, মানসিক অৱস্থাৰ পৰিৱৰ্তন আৰু খিংখিঙিয়া হোৱাৰ লগতে অতি বেছি দুখ উপলব্ধি কৰাতো ইয়াৰ লক্ষণসমূহৰ ভিতৰত পৰে। সাধাৰণ লক্ষণসমূহ হ’ল, অতি বেছি ক্লান্তিভাৱ, মনোযোগহীনতা, টোপনী কমি যোৱা, যৌন স্পৃহা আৰু আন কাম-কাজত আগ্ৰহ কমা, উদ্বিগ্নতা, ৰুচি পৰিৱৰ্তন হোৱা আৰু অসৰ্মথ আৰু আশা শূণ্য ভাৱবোধ হোৱা। মহিলাগৰাকীৰ কাম-কাজত সমস্যাই দেখা দিব পাৰে। মহিলাগৰাকীৰ নিজ সন্তানৰ প্ৰতি আকৰ্ষণ নোহোৱা হ’ব পাৰে।

    এই অৱস্থাত কেতিয়াবা মহিলাগৰাকীৰ মনত হিংস্ৰতা আৰু আত্মহত্যাৰ প্ৰৱণতাও জাগিব পাৰে। বিভ্ৰমতাইয়ো দেখা দিব পাৰে। এই অৱস্থাত কেতিয়াবা সন্তানৰো অনিষ্ট সাধন কৰিব পাৰে। পিতৃগৰাকীয়েও মানসিকভাৱে ভাঙি পৰিব পাৰে আৰু তেওঁলোকৰ মাজৰ বৈবাহিক সম্বন্ধৰ অৱনতি ঘটিব পাৰে।

    চিকিৎসা নকৰিলে এই অৱস্থাটো কেইবা মাহ বা বছৰলৈ থাকিব পাৰে আৰু মাতৃগৰাকীয়ে নিজ সন্তানৰ লগত একাত্ম হ’ব নোৱাৰে। ইয়াৰ ফলত শিশুটি পিছলৈ মানসিক আৰু সামাজিকভাৱে বাধাগ্ৰস্থ হৈ পৰে। তিনি বা চাৰিজনৰ ভিতৰত এজনৰ এই প্ৰসৱৰ পিছত হোৱা বিষাদগ্ৰস্থতা অৱস্থাটো দ্বিতীয়বাৰলৈ হ’ব পাৰে।

     

    ৰোগ নিৰ্ণয়

    মাতৃ আৰু শিশুটোৰ মংগলৰ কাৰণে এই ৰোগ নিৰ্ণয় আৰু চিকিৎসা অতি শীঘ্ৰে কৰাতো অতি গুৰুত্বপূৰ্ণ। প্ৰসৱৰ দুসপ্তাহৰ পিছতো যদি মহিলাগৰাকীয়ে দুখত থাকে আৰু নিজৰে পৰিচৰ্য্যা নিজে কৰিব নোৱাৰে অথবা নিজৰ আৰু শিশুটোৰ অন্যায় কৰিব খোজে তেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। যদি পৰিয়ালৰ কোনো সদস্য বা বন্ধুবৰ্গই এই লক্ষণ দেখা পায়, তেতিয়া তেওঁলোকে মহিলাগৰাকীৰ লগত আলোচনা কৰি চিকিৎকৰ পৰামৰ্শ ল’বলৈ উত্সাহিত কৰিব লাগে।

    বিষাদগ্ৰস্থতা নিৰ্ণয় কৰিবলৈ চিকিৎসকে কিছুমান প্ৰশ্ন কৰিব পাৰে। থাইৰয়ডৰ সমস্যাৰ বাবেহে এই লক্ষণসমূহে দেখা দিছে নেকি সেইটো নিৰ্ণয় কৰিবলৈ তেজৰ পৰীক্ষা কৰিবলৈ দিব পাৰে।

     

    প্ৰসৱৰ পিছত হোৱা বিষাদগ্ৰস্থতা প্ৰতিৰোধ

    সন্তান জন্মৰ পিছত মহিলাসকলে মনৰ দুখঃবোধবোৰ আঁতৰ কৰিবলৈ কিছুমান উপায় ল’ব লাগে। যিমান পাৰে সিমান বিশ্ৰাম ল’ব লাগে। উদাহৰণস্বৰূপে শিশুটিক গাঁ মচি দিওঁতে নিজেও মচি ল’ব লাগে।

  • সকলোধৰণৰ কাম নিয়াৰীকৈ কৰিবলৈ চেষ্টা কৰিব নালাগে। যেনে, ঘৰ নিখুঁটকৈ পৰিষ্কাৰ কৰা, ঘৰৰ সকলোৰে বাবে সকলো সময়ৰ আহাৰ প্ৰস্তুত কৰা আদি।
  • পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ পৰা সহায় ল’ব লাগে।
  • মনৰ অৱস্থাৰ কথা, স্বামী, পৰিয়ালৰ আন্ সদস্য বা বন্ধুবৰ্গৰ আগত ক’ব লাগে।
  • সদায় গাঁ ধুব লাগে আৰু ভালদৰে কাপোৰ পিন্ধিব লাগে।
  • ঘনাই ঘৰৰ পৰা বাহিৰ ওলাই আহি বন্ধুবৰ্গক লগ কৰিব লাগে; অথবা খোজ কাঢ়িব লাগে।
  • স্বামীৰ লগত অকলশৰীয়াকৈ সময় কটাব লাগে।
  • অন্য মাতৃৰ লগত নিজৰ অভিজ্ঞতাৰ কথা আলোচনা কৰিব লাগে।
  • বিষাদগ্ৰস্থতাত ভোগা মহিলাসকলৰ সহায়ক গোটত অংশ ল’ব লাগে।
  •  

    চিকিৎসা

    মহিলাগৰাকীয়ে দুখত থাকিলে পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গই মনোবল যোগাব লাগে। কিন্তু যদিহে বিষাদগ্ৰস্থতা নিৰ্ণিত হয়, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। বিষাদগ্ৰস্থতাৰ বাবে ব্যৱহাৰ হোৱা ঔষধ আৰু পৰামৰ্শদানৰ সহায়ত এই সমস্যা আঁতৰ কৰিব পাৰি। যিবিলাক মহিলা মানসিক বিষাদগ্ৰস্থতাত ভোগে তেওঁলোকক চিকিৎসালত ভৰ্ত্তি কৰিব লাগে আৰু শিশুটিক তেওঁৰ সৈতে ৰখাৰ অনুমতি প্ৰদান কৰিব লাগে। হতাশাবিৰোধী আৰু মানসিক ৰোগৰ ঔষধ ব্যৱহাৰৰ আৱশ্যক হ’ব পাৰে। এনে ধৰণৰ ঔষধ ব্যৱহাৰ কৰি থকা সময়ত চিকিৎসকৰ পৰামৰ্শলৈহে সন্তানক মাতৃদুগ্ধ পান কৰাব লাগে। এনে অৱস্থাত সন্তানক মাতৃদুগ্ধ পান কৰোৱাব পৰাকৈ আন বহুবোৰ ব্যৱস্থা আছে।

    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 7/21/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate