অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰসৱোত্তৰ সময়

প্ৰসৱৰ পিছৰ পৰা দৈহিক পেশীসমূহ আৰু অংগসমূহ যেনে, বিভিন্ন প্ৰজনন অংগ আদি গৰ্ভধাৰণৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি অহালৈকে, এই সময়ছোৱাকে চিকিৎসা বিজ্ঞানত প্ৰসৱোত্তৰ সময় বুলি কোৱা হয়। এই অৱস্থাটো সম্পূৰ্ণ হ’বলৈ প্ৰসৱৰ পৰা প্ৰায় ৬ সপ্তাহ (৪২ দিন) সময় লাগে। এই সময়ছোৱাৰ পিছত শৰীৰৰ ওজন সামান্য বৃদ্ধি হোৱাৰ বাহিৰে অন্য সকলো সাধাৰণ অৱস্থালৈ ঘূৰি আহে। প্ৰসৱৰ পিছত পাৰম্পৰিক নিয়মৰ মাজত ৪০ দিন থাকিব লগাটোৱে সম্ভৱত মহিলাগৰাকী সুস্থ হৈ উঠাটোৱে মূখ্য কাৰণ।

তাৎক্ষণিক প্ৰসৱোত্তৰ সময়

প্ৰসৱৰ পিছত প্ৰথম ঘন্টা অতি জটিল সময়। এই সময়খিনিতে জৰায়ুৰ ফুল সংলগ্ন অংশৰ পৰা হোৱা ৰক্তক্ষৰণ বন্ধ হ’বৰ বাবে জৰায়ুটো ভালদৰে সংকুচিত হয়। এই সময়ছোৱাতে স্তনপান কৰোৱা প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু মাতৃ আৰু শিশু একাত্ম হৈ পৰে। কেতিয়াবা এই সময়ছোৱাত মাকৰ জীৱন মৰণৰ সমস্যা হ’ব পাৰে। এই সমস্যাসমূহ হ’ল- অতিপাত ৰক্তক্ষৰণ, তেজৰ পৰিবহণ বন্ধ হৈ যোৱা আৰু হৃদপিণ্ডৰ কাৰ্য্য বন্ধ হোৱা। এই অৱস্থাটো সাধাৰণতে নহয়, কিন্তু সাধাৰণ যোনি পথেৰে প্ৰসৱ হোৱা ১০,০০০ মহিলাৰ ভিতৰত এগৰাকী মহিলাৰ মৃত্যু হ’ব পাৰে। ৰক্তহীনতা, উচ্চ ৰক্তচাপ থকা বা হৃদপিণ্ডৰ ৰোগ থকা মহিলাৰ ক্ষেত্ৰতো এই আশংকা থাকিব পাৰে। অস্ত্ৰোপচাৰৰ সহায়ত কৰা প্ৰসৱৰ পিছতো মহিলাগৰাকীৰ এনে হ’ব পাৰে। সেয়েহে শিশুৰ জন্মৰ ২৪ ঘন্টা পিছলৈ প্ৰসূতিগৰাকীক চিকিৎসালয়ত থাকিবলৈ উপদেশ দিয়া হয়।

আগতীয়া প্ৰসৱোত্তৰ সময়

প্ৰসৱৰ ২ ৰ পৰা ৭ দিনৰ ভিতৰত জৰায়ুৰ প্ৰধান পৰিৱৰ্তনবোৰ ঘটে। এই সময়ছোৱাতে মহিলাগৰাকীৰ নতুন ‘মাতৃ’ৰ ভূমিকা পালন আৰু ইয়াৰ লগত নিজকে খাপ খুওৱাৰ প্ৰয়োজনীয়তা আহি পৰে। শিশু আৰু মাতৃৰ মাজৰ একাত্মবোধটো এই সময়ছোৱাতে গঢ়ি উঠে। এই সময়ত আপেক্ষিকভাৱে কম হ’লেও গুৰুত্বপূৰ্ণ শাৰীৰিক পৰিৱৰ্তনবোৰৰ বিষয়ে জনাটো উচিত। এই পৰিৱৰ্তনসমূহ হ’ল: লকীয়া/যোনিস্ৰাৱ: সাধাৰণতে জৰায়ুৰ ভিতৰৰ আৱৰণটো ফাটি যোৱাৰ ফলত যোনিৰে এই স্ৰাৱ বাহিৰ হয়। প্ৰথম ৪ দিন অতি বেছিকৈ মাহেকীয়া ঋতু স্ৰাৱৰ দৰে কেৱল ৰক্তস্ৰাৱ হয়। এই সময়ছোৱাত একেলগে দুখনকৈ কোমল কাপোৰ (পেড) ব্যৱহাৰ কৰিব লাগে আৰু দিনটোৰ ৩ ৰ পৰা ৪ বাৰকৈ সলনি কৰিব লাগে। যদি অধিক পৰিমাণত ৰক্তস্ৰাৱ বা তেজৰ টুকুৰা বাহিৰ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সাধাৰণতে ৫ দিনৰ পিছত এই স্ৰাৱৰ পৰিমাণ কমি যায় আৰু পাতল ৰঙচুৱা স্ৰাৱ হোৱা দেখা যায়। তেতিয়াও কিন্তু দিনটোত ২-৩ বাৰকৈ কোমল কাপোৰ সলাব লাগে। দ্বিতীয় সপ্তাহত এই স্ৰাৱ একেবাৰে নোহোৱা হয় আৰু বগা স্ৰাৱ হোৱা দেখা যায়। বিজাণুৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰিষ্কাৰ পৰিচন্নতা অৱলম্বন কৰিব লাগে। দুৰ্গন্ধ স্ৰাৱ নিৰ্গত হ’লে চিকিৎসকক জনাব লাগে।

প্ৰস্ৰাৱ:চিলাই অংশত বিষ অনুভৱ কৰিলেও প্ৰথম দিনা ২-৩ ঘন্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰিব লাগে। কিয়নো এই সময়ত নিজৰ অনুভূত নোহোৱাকৈ মূত্ৰাশয় ভৰি পৰিব পাৰে। এনে হ’লে পিছলৈ সংক্ৰমণৰ ভয় থাকিব পাৰে। প্ৰথম সপ্তাহত বেছিকৈ প্ৰস্ৰাৱ হোৱা দেখা যায়। কাৰণ গৰ্ভাৱস্থাত জমা অতিৰিক্ত পানী আৰু লৱণ প্ৰস্ৰাৱৰ সহায়ত ওলাই যায়।

শৌচ:প্ৰথম দুদিনত বিভিন্ন কাৰণত ভালদৰে শৌচ নহয়। এই সময়ছোৱাত ভালকৈ খোৱা-বোৱা নকৰা, অতি ভাগৰুৱা আৰু টোপনীৰ ভাৱ থকাটো এই কাৰণৰ ভিতৰত পৰে। দ্বিতীয়তে, চিলাইৰ অংশত বিষৰ বাবেও এনে হ’ব পাৰে। সেইকাৰণে এই সময়ছোৱাত অধিক আঁহযুক্ত আহাৰ আৰু যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ খাব লাগে যাতে শৌচ খোলোচা হয়। কেতিয়াবা শৌচ খোলোচা হোৱা ঔষধ খাব লগা হ’ব পাৰে।

স্তন: প্ৰথম দিনা স্তনৰ পৰা কেৱল পনীয়া হালধীয়া জুলীয়া পদাৰ্থ বাহিৰ হয়, যিবিধ প্ৰকৃত গাখীৰ যেন দেখা নাযায়। ইয়াক কল’ষ্ট্ৰাম বুলি কোৱা হয়। ইয়াত শিশুৰ কাৰণে আৱশ্যকীয় সুষম আহাৰ অধিক পৰিমাণে থাকে। এইখিনি সময়তেই শিশুটিক স্তনপান কৰাব লাগে। দেহত হৰমনৰ পৰিৱৰ্তনৰ বাবে ৩ দিনৰ পিছৰ পৰা স্তনৰ পৰা অধিক পৰিমাণৰ গাখীৰ নিৰ্গত হ’বলৈ ধৰে। স্তন উখহি উঠাটো প্ৰতিৰোধ কৰিবলৈ নিয়মীয়াকৈ গাখীৰ খুৱাব লাগে।

চিলাইৰ যত্ন

প্ৰসৱৰ সময়ত যদি চিলাই কৰিব লগা হয়, তেন্তে নিজকে স্বাস্থ্যৱান আৰু আৰামত ৰাখিবলৈ বিশেষকৈ প্ৰথম সপ্তাহত কিছু দিশত যত্ন ল’ব লাগে

  • চিলাইৰ চাৰিওকাষ পনীয়া ডেটল বা চেভলনৰ দ্বাৰা দিনটোত কমেও দুবাৰকৈ ধুব লাগে। শৌচ কৰাৰ পিছত এনেকৈ পৰিষ্কাৰ কৰিব লাগে আৰু প্ৰস্ৰাৱ কৰাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে। মনত ৰখা উচিত যে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সদায়ে সন্মুখৰ পৰা পিছফাললৈ ধুব লাগে।
  • সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিজাণুনাশক মলম যেনে, চেফ্ৰামাইচিন, মেট্ৰজিল জেল, বেটাডিন আদি লগাব লাগে। গাঁ ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগত এনে মলম দিনত দুবাৰকৈ লগাব লাগে।
  • বিষ নিৰাময় কৰিবৰ কাৰণে গৰম পানীৰে ধুৱা আৰু গৰম পানীৰ বেগেৰে সেঁকিব লাগে।
  • স্থানীয়ভাৱে বিষ কমোৱাৰ আন এটা উপায় হ’ল ২ শতাংশ জাইলোকেইন মলম লগোৱা।
  • চিকিৎসালয়ত বিষ কমাবলৈ চিলাই থকা অংশত ইনফ্ৰাৰেড লেম্প ব্যৱহাৰ কৰিব পাৰে।
  • সংক্ৰমণ ৰোধ কৰিবলৈ বিজাণুনাশক ঔষধ আৰু বিষ কমাবলৈ বিষনাশক ঔষধ (পেৰাচিটাম’ল আৰু আইব’প্ৰোফেন আদি) কেৱল চিকিৎসকৰ পৰামৰ্শলৈহে খাব লাগে। বেছিভাগ চিকিৎসকেই চিলাই কৰোতে নিজে মিলি যোৱা বা কেইদিনমানৰ পিছত নিজে নিজে এৰি অহা সূতা ব্যৱহাৰ কৰে। চিলাইটো দেখুৱাবলৈ পুনৰ চিকিৎসালয়লৈ আহিব লাগিব নেকি সেই কথা চিকিৎসকক সুধি ল’ব লাগে।

পুনৰ কাম-কাজ কৰা

আগতেই আলোচনা কৰা হৈছে যে পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ প্ৰসূতিগৰাকীৰ প্ৰসৱোত্তৰ ৬ সপ্তাহ সময়ৰ প্ৰয়োজন হয়। সেয়েহে ধৈৰ্য্য ধৰা উচিত। ভিন্ন মহিলাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ পৰিৱৰ্তনৰ সতে মোকাবিলা কৰাৰ সক্ষমতা ভিন্ন হয়। সাধাৰণভাৱে হোৱা প্ৰসৱৰ পিছত প্ৰসূতিগৰাকীয়ে এদিনৰ পিছতে নিজৰ যত্ন আৰু এসপ্তাহৰ পিছত ঘৰুৱা কাম-কাজ কৰিব পাৰে। নিজকে অধিক সক্ৰিয় কৰিব নালাগে। এই সময়ছোৱাত অন্য কামতকৈ নিজৰ আৰু শিশুটিৰহে যত্ন ল’ব লাগে। কেতিয়াবা নিজৰ কাম সহজ কৰিবলৈ আনৰ সহায় ল’ব লাগে। জটিল প্ৰসৱ বা অস্ত্ৰোপচাৰৰ সহায়ত কৰোৱা প্ৰসৱৰ পিছত প্ৰসূতিগৰাকীক নিজৰ কাম কৰিবলৈ দুগুণ সময়ৰ প্ৰয়োজন হয়।

প্ৰসৱোত্তৰ যৌন সম্পৰ্ক

প্ৰসৱৰ পিছত লগে লগে যৌন সম্পৰ্ক কৰিব নালাগে। কাৰণ চিলাইবোৰ কেঁচা হৈ থাকে, বিষায় থাকে আৰু বিশেষকৈ প্ৰথম সপ্তাহত গুপ্তাংগ বিজাণুৰ দ্বাৰা সহজতে আক্ৰান্ত হ’ব পাৰে। জৰায়ুৰ অন্তৰ্ভাগৰ বেৰ আৰু ফুলৰ স্থান সম্পূৰ্ণৰূপে আগৰ অৱস্থালৈ ঘূৰি নাহিবও পাৰে। সেয়েহে পৰম্পৰাগতভাৱে প্ৰসৱৰ পিছত ৬ সপ্তাহলৈ যৌন সম্পৰ্ক স্থাপন নকৰিবলৈ পৰামৰ্শ দিয়া হয়। যদি প্ৰসৱৰ সময়ত জটিলতা নাথাকে আৰু মহিলাগৰাকীয়ে কোনো সমস্যাৰ সন্মুখীন নহয়, তেন্তে সোনকালে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে। বিশেষভাৱে গৰ্ভৱতী অৱস্থাৰ শেষৰ মাহৰ পৰা দম্পতিহালে ইজনে সিজনৰ যৌন সম্পৰ্কৰ পৰা বঞ্চিত হৈ থাকিব পাৰে। সেয়েহে এই সম্পৰ্ক পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ অনুভৱ কৰাটো অস্বাভাৱিক নহয়। যেতিয়ালৈকে মহিলাগৰাকীয়ে নিজে এই কাৰ্য্য আৰামদায়ক বুলি অনুভৱ নকৰে সেই পৰ্য্যন্ত যত্ন আৰু মৰমেই যথেষ্ট হ’ব পাৰে। সাৱতি ধৰা, চুমা খোৱা, শৰীৰৰ অংগ স্পৰ্শ কৰা আদি কামবোৰ গৰ্ভধাৰণৰ সময়ত আৰু পিছতো কৰি থাকিব পাৰি।

মাতৃদুগ্ধ পানৰ সময়ৰ ঋতুশ্ৰাৱ

বিশেষভাৱে কেৱল মাত্ৰ স্তনপানেই কৰাই থাকিলে শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ কাৰণে মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ থাকে। কিছুমান মহিলাৰ কেইমাহমানৰ কাৰণে আৰু স্তনপানৰ ধৰণ আৰু সঘনতাৰ ওপৰত ভিত্তি কৰি কিছুমান মহিলাৰ এবছৰমানলৈও মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ থাকিব পাৰে।

সময়

স্তন পান নকৰোৱা

স্তন পান কৰোৱা

মাহেকীয়া ঋতুস্ৰাৱ

-১২ সপ্তাহ

৩৬ সপ্তাহ

সোনকালে সৃষ্টি হোৱা ডিম্বাণু

সপ্তাহ

১২ সপ্তাহ

স্বাভাৱিকতে সৃষ্টি হোৱা ডিম্বাণু

-১০ সপ্তাহ

১৭ সপ্তাহ (পৰিৱৰ্তনশীল)

ইয়াৰ অৰ্থ মহিলাগৰাকী গৰ্ভৱতী হ’ব নোৱাৰিব নেকি? ইয়াৰ উত্তৰ হ’ল নহয়। ৫ শতাংশ মহিলাই মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ নোহোৱাকৈ গৰ্ভৱতী হব পাৰে। স্তন পানৰ সময়ত ঋতুস্ৰাৱ নোহোৱাটোৱে কিছু পৰিমাণে গৰ্ভৱতী হোৱাত বাধা দিব পাৰে, কিন্তু গৰ্ভৱতী নোহোৱাকৈ ৰাখিব নোৱাৰে। তলত উল্লেখ কৰা তিনিওটা প্ৰাথমিক চৰ্তসাপেক্ষেহে এই সময়ছোৱাত গৰ্ভৱতী হোৱাৰ পৰা আঁতৰি থাকিব পাৰি।

  • মহিলাগৰাকীয়ে বিশেষভাৱে কেৱল স্তনপানেই কৰোৱাব লাগিব
  • এই সময়কাল ৬ মাহতকৈ অধিক হ’ব নালাগিব।
  • প্ৰসৱৰ পিছত এবাৰো মাহেকীয়া ঋতুস্ৰাৱ হ’ব নালাগিব।

গৰ্ভ প্ৰতিৰোধ

প্ৰসৱৰ পিছত মহিলাগৰাকীয়ে যদি প্ৰকৃতপক্ষে কেৱল মাত্ৰ স্তনপানেই কৰোৱাই থাকে। তেন্তে তেওঁ কিছু পৰিমাণে সুৰক্ষিত হৈ থাকিব পাৰে। যদি এনে নহয় তেন্তে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ মনলৈ আহে। মহিলাগৰাকী আকৌ এবাৰ গৰ্ভধাৰণৰ বাবে প্ৰস্তুত নে? গৰ্ভৱস্থাৰ পিছত নিজৰ শৰীৰৰ যত্নৰ বাবে, শিশু লালন-পালন কৰি কিছু ডাঙৰ কৰালৈ আৰু মহিলাগৰাকীৰ নিজৰ নতুন ‘মাতৃ’ৰ ভূমিকাৰ সৈতে খাপ খাবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। এইটো যদিও নিজা সিদ্ধান্ত তথাপিও ২ বছৰলৈ মহিলাগৰাকীক গৰ্ভধাৰণ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়।

প্ৰসৱোত্তৰ সময়ৰ গৰ্ভধাৰণ হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব?

গৰ্ভধাৰণ নোহোৱাকৈ থাকিবলৈ বহুবোৰ পদ্ধতি সহজলভ্য। তথাপিও প্ৰসৱোত্তৰ সময়ত গৰ্ভৱতী নহ’বলৈ কিছুমান কাৰক মনত ৰখা উচিত।

  • স্তনপান কৰোৱাই থকা হৈছেনে নাই। যৌন সম্পৰ্কৰ সঘনতা।
  • কিমান সময়ৰ বাবে প্ৰতিৰোধকতাৰ আৱশ্যক হয়।
  • শেষ সিদ্ধান্ত গ্ৰহণত মহিলাগৰাকীৰ ব্যক্তিগত প্ৰয়োজনীয়তা আৰু অভিজ্ঞতাই প্ৰভাৱিত কৰে।

অন্যান্য

কনডম

কনডম হ’ল গৰ্ভপ্ৰতিৰোধৰ ভাল, সহজ আৰু স্থানীয়ভাৱে কাৰ্য্যকৰী পদ্ধতি। এইটো যদি সঠিকভাৱে আৰু সঘনাই ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ ওপৰত ভৰসা কৰিব পাৰি। ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই আৰু কম সঘনাই যৌন সম্পৰ্ক কৰা দম্পত্তিৰ কাৰণে উপযুক্ত।

আইইউচিডি বা লুপছ

এইটো নিৰ্ভৰযোগ্য পদ্ধতি। এবাৰ ডাক্তৰৰ সহায়ত সহজ উপায়েৰে ইয়াক জৰায়ুত স্থাপন কৰা হয়। এই পদ্ধতিত চেতনানাশক ব্যৱহাৰ নকৰিলেও হয়। ই ৩-৫ (যন্ত্ৰটোৰ ওপৰত ভিত্তি কৰি) বছৰলৈ কাৰ্য্যকৰী হৈ থাকে। ইয়াত যৌন সংগমৰ স্বাধীনতা পোৱা যায়। যিটো কনডমত নাথাকে। এই পদ্ধতিটো এটা বা অধিক শিশু থকা মহিলাসকলৰ বাবে অতি জনপ্ৰিয়। এই পদ্ধতি স্থায়ী পদ্ধতি নকৰালৈ অন্য এক সুব্যৱস্থা। আইইউচিডি মহিলাগৰাকীক প্ৰথম প্ৰসৱৰ পিছত (৬ সপ্তাহৰ) চিকিৎসালয়লৈ যাওঁতে বা পলমকৈ, অথবা মহিলাগৰাকীৰ আভ্যন্তৰীণ অৱস্থা স্বাভাৱিক থাকিলে লগাব পাৰি।

গৰ্ভনিৰোধক পিল

স্তনপান কৰোৱাই থকাৰ সময়ত গৰ্ভনিৰোধক পিল (এষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰেৰন থকা) ব্যৱহাৰ কৰিলে এইবোৰে স্তনত গাখীৰৰ পৰিমাণ কমাই দিয়ে। সেয়ে এই পিল ব্যৱহাৰৰ পৰামৰ্শ দিয়া নহয়। স্তনপান এৰুৱাৰ পিছত এই পিল সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰি।

বন্ধ্যাকৰণ

এইটো এটা স্থায়ী পদ্ধতি সেয়েহে পৰিয়াল সম্পূৰ্ণ হোৱাৰ পাছত এই পদ্ধতি গ্ৰহণ কৰিব লাগে। সন্তান জন্মৰ পিছতে অথবা চিজাৰিয়ান অস্ত্ৰোপচাৰৰ সময়ত এনে বন্ধ্যাকৰণ কৰিব পাৰি। এই ধৰণৰ পদ্ধতি গ্ৰহণ কৰাৰ আগতে মহিলাগৰাকীয়ে ইয়াৰ সুবিধা অসুবিধাসমূহ চিকিৎসক আৰু স্বামীৰ লগত আলোচনা কৰাৰ লগতে সন্মতি ল’ব লাগে। প্ৰসৱৰ পিছতেই সোনকালে এই পদ্ধতি গ্ৰহণ কৰাৰ বাবে আদৰ্শ সময়। কিছুমানে আটাইতকৈ সৰু শিশুটি অলপ ডাঙৰ হোৱালৈ, কমেও এবছৰতকৈ অধিক বয়স হোৱালৈ অপেক্ষা কৰে। প্ৰসৱৰ ৬ সপ্তাহ বা তাতোকৈ পলম হ’লে লেপাৰ’স্কপী পদ্ধতিৰ দ্বাৰা এই স্থায়ী বন্ধ্যাকৰণ কৰিব পাৰি।

প্ৰসৱৰ পিছত প্ৰথম চিকিৎসকক দেখুওৱা

শিশু জন্মৰ পিছত মহিলাগৰাকী আগৰ অৱস্থালৈ ঘূৰি আহিছেনে নাই বা শিশুটিৰ স্বাস্থ্য কেনে আছে এইবিলাক কথা চিকিৎসকে নিশ্চিত কৰিবলৈ প্ৰসৱৰ ৬ সপ্তাহৰ পিছত চিকিৎসকক প্ৰথম সাক্ষাৎ কৰিব লাগে। যদি কিবা অসুবিধা বা সমস্যা হয়, তেন্তে ৩ সপ্তাহৰ পিছতো চিকিৎসকৰ ওচৰলৈ আহিব লগা হ’ব পাৰে।

প্ৰথম সাক্ষাতত চিকিৎসকে তলত উল্লেখ কৰা বিষয়সমূহ পৰীক্ষা কৰিব

  • ওজন।
  • ৰক্তচাপ।
  • ৰক্তহীনতাৰ লক্ষণ।
  • স্তনৰ পৰীক্ষা।
  • চিলাই পৰীক্ষা (নিজে মিলি যাব লাগে)।
  • জৰায়ুৰ পৰীক্ষা।

মহিলাগৰাকীয়ে কিছুমান পৰীক্ষা কৰিব লগা হব পাৰে। তলত উল্লেখ কৰা বিষয়সমূহ চিকিৎসকৰ লগত আলোচনা কৰিব লাগে:

  • সু-স্বাস্থ্যৰ পৰামৰ্শ আৰু সম্পূৰ্ণ আগৰ অৱস্থালৈ ঘূৰি অহা।
  • প্ৰসৱৰ পিছত কৰিবলগীয়া ব্যায়াম।
  • খাদ্য আৰু সুষম আহাৰ।
  • সন্তানৰ স্বাস্থ্য।
  • টিকাকৰণৰ অনুসূচী।
  • কেৱল মাত্ৰ স্তনপান কৰোৱাই থকা।
  • গৰ্ভপ্ৰতিৰোধ ব্যৱস্থাসমূহৰ বিষয়ে।

এতিয়া এই আলোচনাৰ শেষ পৰ্য্যায়ত উপস্থিত হ’লোহি।

গোটেই আলোচনাখিনি কেনে আছিল?

কেনেকুৱা হ’ব লাগে?

নিজৰ মতামত ই-মেইলৰ সহায়ত আমালৈ প্ৰেৰণ কৰক।

প্ৰসৱপূৰ্ব- গৰ্ভাৱস্থাত লোৱা যতন

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate