প্ৰসৱোত্তৰ সংক্ৰমণ প্ৰসৱোত্তৰ সংক্ৰমণ প্ৰত্যক্ষভাৱে প্ৰসৱৰ লগত (গৰ্ভাশয় বা গৰ্ভাশয়ৰ আশে-পাশে হোৱা) বা পৰোক্ষভাৱে, (কিডনি, বৃক্ক, মূত্ৰাশয়, স্তন আৰু হাওঁফাওঁৰ লগত) জড়িত হ’ব পাৰে।
প্ৰসৱৰ ঠিক পিছতেই মহিলাগৰাকীৰ শৰীৰৰ উত্তাপ স্বাভাৱিকতেই বৃদ্ধি পায়। প্ৰসৱৰ প্ৰথম ১২ ঘন্টাৰ ভিতৰত উত্তাপ যদি ১০১ ডিগ্ৰী ফাৰেণহাইট (৩৮.৩ ডিগ্ৰী চেলচিয়াছ) বা তাতকৈ অধিক বৃদ্ধি পায়, তেন্তে সংক্ৰমণ হোৱাটো বুজাই। প্ৰসৱৰ পিছত হোৱা সংক্ৰমণ সাধাৰণতে প্ৰসৱৰ ২৪ ঘন্টা পিছতেই নিৰ্ণয় কৰা হয়, আৰু মহিলাগৰাকীৰ শৰীৰৰ উত্তাপ কমেও ৬ ঘন্টাৰ বিৰতিৰ দুবাৰ ১০০.৪ ডিগ্ৰী ফাৰেণহাইট (৩৮ ডিগ্ৰী চেলছিয়াচ) বা অধিক হয়। সাধাৰণতে প্ৰসৱৰ পিছত হোৱা সংক্ৰমণ প্ৰায়ে নঘটে কাৰণ, সংক্ৰমণ নঘটিবলৈ চিকিৎসকে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰে। তথাপিও যদি সংক্ৰমণ হয় তেন্তে ই অতি ভয়াৱহো হ’ব পাৰে।
স্বাভাৱিকতে সুস্থ যোনিৰ ভিতৰত থকা বিজাণুৰ দ্বাৰা প্ৰসৱৰ পিছত সংক্ৰমণ হ’ব পাৰে। তলত উল্লেখ কৰা অৱস্থাসমূহৰ কাৰণেও মহিলাৰ এই সংক্ৰমণ হ’ব পাৰে:
সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ হ’ল, তলপেটৰ বিষ, জ্বৰ (সাধাৰণতে প্ৰসৱৰ ১-৩ দিনৰ ভিতৰত) শেঁতা পৰা, অস্বস্থিবোধ, প্ৰায়ে মূৰৰ বিষ আৰু অৰুচি ভাৱ। হৃদপিণ্ডৰ স্পন্দন অধিক হয়। জৰায়ু উখহি উঠে, বিষায় আৰু কোমল হয়। যোনিৰ পৰা ভিন্ন পৰিমাণৰ দুৰ্গন্ধযুক্ত স্ৰাৱ নিৰ্গত হয়। কেতিয়াবা কেৱল কমকৈ জ্বৰৰ লক্ষণহে দেখা যায়। যেতিয়া জৰায়ুৰ চাৰিওফালে থকা পেশীসমূহত সংক্ৰমণ হয়, তেতিয়া এইবোৰ উখহি উঠে আৰু অস্বস্থিবোধ হয়। এই ক্ষেত্ৰত মহিলাগৰাকীৰ অতিপাত বিষ আৰু অতি বেছি জ্বৰ উঠে। কেতিয়াবা কিছুমান অতি জটিল পৰিস্থিতিৰ উদ্ভৱ হয়।
এইবোৰৰ ভিতৰত হ’ল:
এই অৱস্থাটো হ’লে ৰক্তচাপ নাটকীয়ভাৱে কমি যায় আৰু হৃদপিণ্ডৰ স্পন্দন বৃদ্ধি হয়। অতি বেছিকৈ বৃক্কৰ ক্ষতি হয় আৰু ইয়াৰ ফলত মৃত্যুও হ’ব পাৰে। তাৎক্ষণিকভাৱে ৰোগ নিৰ্ণয় আৰু প্ৰসূতিৰ জ্বৰৰ চিকিৎসা কৰিলে এই পৰিস্থিতি অতি কম সংখ্যকৰহে হ’ব পাৰে।
শাৰিৰীক পৰীক্ষাৰ দ্বাৰা এই সংক্ৰমণ নিৰ্ণয় কৰিব পাৰি। কেতিয়াবা প্ৰসূতিগৰাকীৰ কেৱল জ্বৰহে হয় আৰু জ্বৰৰ আন কাৰণ চিনাক্ত কৰিব পৰা নাযায়। সাধাৰণতে চিকিৎসকে প্ৰসূতিগৰাকীৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰাৰ পিছত কৰ্ষণ কৰি বিজাণু নিৰ্ণয় কৰিবলৈ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। কেতিয়াবাহে তেজৰ নমুনা কৰ্ষণ কৰা হয়। প্ৰসূতিগৰাকীৰ জৰায়ুৰ সংক্ৰমণ হ’লে শিৰাৰে জ্বৰ কমি নোযোৱালৈকে অহৰ্নিশে ৪৮ ঘন্টা পৰ্য্যন্ত বিজাণুনাশক ঔষধ প্ৰদান কৰা হয়। ইয়াৰ পিছত বেছিভাগ মহিলাৰে মুখেৰে বিজাণুনাশক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা নাথাকে।
কেতিয়াবা প্ৰসৱৰ পিছত মূত্ৰাশয়ৰ সংক্ৰমণ ঘটিব পাৰে। প্ৰসৱৰ আগত আৰু পিছত যদিহে প্ৰসূতিগৰাকীৰ মূত্ৰাশয়ত জমা হোৱা প্ৰস্ৰাৱ বাহিৰ কৰিবৰ বাবে নলী ব্যৱহাৰ কৰা হয়, তেন্তে মূত্ৰাশয়ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। প্ৰসৱৰ পিছত মূত্ৰাশয়ৰ সংক্ৰমণ বৃক্কলৈ বিজাণু বিয়পাৰ ফলত বৃক্কৰ সংক্ৰমণ হ’ব পাৰে। কেতিয়াবা মূত্ৰাশয় বা কিডনিৰ সংক্ৰমণহে হ’ব পাৰে, কিয়নো গৰ্ভাৱস্থাত মূত্ৰাশয়ত থকা বেক্টেৰিয়াই প্ৰসৱৰ পাছলৈকে কোনো লক্ষণ নেদেখুৱায়। মূত্ৰাশয় আৰু বৃক্কৰ সংক্ৰমণ হ’লে প্ৰসূতিগৰাকীয়ে প্ৰস্ৰাৱ কৰোতে বেদনা অনুভৱ কৰে বা সঘনাই প্ৰস্ৰাৱ হয়। কিছুমান এনে সংক্ৰমণৰ ফলত জ্বৰ উঠে। বৃক্কৰ সংক্ৰমণৰ ফলত তলপিঠি আৰু কাষৰ ফালে বিষ হ’ব পাৰে, সাধাৰণ ৰুগীয়াভাৱ বা অস্বস্তিভাৱ আৰু শৌচ টান হ’ব পাৰে।
প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা আৰু বিশ্লেষণৰ দ্বাৰা এই ৰোগ নিৰ্ণয় কৰিব পাৰি। কিছুমান মূত্ৰাশয়ৰ বৃক্কৰ সংক্ৰমণৰ ক্ষেত্ৰত বিজাণু চিনাক্তকৰণৰ বাবে নমুনাটো কৰ্ষণ কৰা হয়।
মহিলাগৰাকীৰ বৃক্কৰ সংক্ৰমণ হ’লে বিজাণুনাশক ঔষধ শিৰাৰে আৰু মূত্ৰাশয়ৰ সংক্ৰমণ হ’লে মুখেৰে প্ৰদান কৰা হয়। যদি মূত্ৰাশয়ৰ সংক্ৰমণ বৃক্কলৈ বিয়পি পৰাৰ প্ৰমাণ পোৱা নাযায় তেন্তে বিজাণুনাশক ঔষধ কেইদিনমানৰ কাৰণেহে প্ৰদান কৰা হয়। যদি বৃক্কৰ সংক্ৰমণৰ সন্দেহ কৰা হয়, তেন্তে মহিলাগৰাকীক জ্বৰ নকমা পৰ্য্যন্ত ৪৮ ঘন্টালৈকে এই ঔষধ প্ৰদান কৰিব লগা হয়। সাধাৰণতে দীৰ্ঘদিনলৈকে চিকিৎসা কৰিব লগা হ’লে মুখেৰে বিজাণুনাশক প্ৰদান কৰা হয়। নমুনা কৰ্ষণৰ ফলাফল জনাৰ পিছত অধিক কাৰ্য্যকৰীতাৰ বাবে বিজাণুবিধক নিৰ্মূল কৰিবলৈ বিজাণুনাশক সলনি কৰিব লগা হ’ব পাৰে।
বৃক্কৰ কৰ্মদক্ষতা ভালদৰে ৰাখিবলৈ আৰু মূত্ৰনলীৰে বিজাণুবোৰক বাহিৰ কৰিবলৈ অধিক পৰিমাণৰ জুলীয়া পদাৰ্থ খাব লাগে। সংক্ৰমণ নিৰাময় হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ প্ৰসৱৰ ৬ ৰ পৰা ৮ সপ্তাহৰ পিছত পুনৰ প্ৰস্ৰাৱ পৰীক্ষা কৰাব লাগে।
প্ৰসৱৰ পিছত সাধাৰণতে ৬ সপ্তাহৰ ভিতৰত আৰু যিসকলে স্তনপান কৰোৱায় থাকে তেওঁলোকৰ স্তনৰ সংক্ৰমণ হ’ব পাৰে। যদি স্তনৰ ছাল বা স্তনবৃন্তৰ চাৰিওকাষ ফাটি যায় তেতিয়া বিজাণুবোৰ ছালৰ পৰা দুগ্ধশিৰালৈ যাব পাৰে আৰু ফলত সংক্ৰমণ ঘটে। কেঁচুৱাটিক যদি সঠিক অৱস্থানত ধৰি দুগ্ধপান কৰোৱা নহয় তেতিয়া এনে ফটা আৰু ঘাঁ লগা অৱস্থা হ’ব পাৰে।
স্তনৰ সংক্ৰমণ হ’লে স্তন উখহি যায়, ৰঙা পৰে আৰু বিষ অনুভূত হয়। স্তনৰ কোনো এটা অংশহে ৰঙা পৰা আৰু ঘাঁ লাগিব পাৰে। মহিলাগৰাকীৰ জ্বৰো উঠিব পাৰে। প্ৰসৱৰ ১০ দিনৰ পিছত হোৱা জ্বৰ স্তনৰ সংক্ৰমণৰ কাৰণেই হয়।
কেতিয়াবাহে স্তনৰ সংক্ৰমণৰ ফলত স্তনত পুঁজ জমা হ’ব পাৰে। পুঁজ জমা হোৱা অংশৰ চাৰিওফালে উখহি উঠে আৰু স্তনবৃন্তৰে পুঁজ বাহিৰ হয়। যদি প্ৰসৱৰ পাছত স্তনৰ সংক্ৰমণ হ’য়ো, তথাপিও সন্তানক স্তনপান কৰাই থাকিব লাগে।
চিকিৎসা
স্তনৰ সংক্ৰমণ বিজাণুনাশক ঔষধৰ দ্বাৰা চিকিৎসা কৰা হয়। মহিলাগৰাকীক প্ৰচুৰ পৰিমাণে জুলীয়া আহাৰ খাবলৈ উৎসাহিত কৰিব লাগে আৰু স্তনপান কৰাই থাকিব লাগে। সঠিকভাৱে স্তন শূণ্য কৰাটোও চিকিৎসাৰ এটা অংশ আৰু ই স্তনত পুঁজ জমা হোৱাৰ আশংকাও কমাই ৰাখে।
স্তনত পুঁজ জমা হ’লে ঔষধৰ উপৰিও শৈল্য চিকিৎসাৰ দ্বাৰা পু্ঁজ উলিয়াই পেলোৱা হয়। স্থানীয় চেতনানাশক ঔষধ প্ৰয়োগ কৰি এই শৈল্য চিকিৎসা কৰা হয় যদিও কেতিয়াবা সাধাৰণ প্ৰশান্তিদায়ী বা চেতনানাশক ঔষধৰো প্ৰয়োজন হ’ব পাৰে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 3/20/2020