বয়সন্ধি, যাক চিকিৎসা বিজ্ঞান শাস্ত্ৰত Puberty বুলি কোৱা হয়। ই হ’ল কন্যা সন্তানৰ কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণ। এই সন্ধিক্ষণ এনে এক সময় যি সময়ত কন্যাৰ দেহত দৈহিক আৰু মানসিক পৰিৱৰ্তন ঘটে। দৈহিক পৰিৱৰ্তন বোলোতে যৌৱনৰ পৰিপক্কতা আৰু প্ৰজনন ক্ষমতা আৰম্ভণি হোৱাৰ কথা বুজোৱা হৈছে।
ছোৱালী ডাঙৰ হৈছে, ছোৱালীৰ শান্তি হ’ল বা কন্যাই পুষ্পিতাৰ ৰং পাইছে ইত্যাদি বিভিন্ন কথাৰ অৰ্থ একোটাই। অসমীয়া সমাজত বিশেষকৈ মহিলাৰ মাজত এই শব্দবোৰেই সচৰাচৰ বেছিকৈ প্ৰচলিত। সেয়েহে এই সময়খিনিকেই বয়:সন্ধি বা Puberty বুলি গণ্য কৰে। কিন্তু বয়:সন্ধি বা Puberty হোৱা কথাষাৰৰ অৰ্থ বা পৰিসৰৰ ভবাতকৈ অলপ বহল।
স্ত্ৰীৰোগ বিজ্ঞানৰ পাঠ্যপুথিসমূহত দিয়া পণ্ডিত-বিশেষজ্ঞসকলৰ সূত্ৰ মতে ‘সন্তান জন্ম দিব পৰা ক্ষমতা আহৰণ কৰা অৱস্থাটোকে বয়:সন্ধি বুলি কয়’। বয়:সন্ধি এটা প্ৰাকৃতিক ৰীতি। বয়:সন্ধি প্ৰায় ৮/৯ বছৰ বয়সৰ পৰাই আৰম্ভ হয়। ১৬ বছৰমান বয়সতে বয়:সন্ধিয়ে পূৰ্ণতা বা পৰিপক্কতা লাভ কৰে। এইখিনি সময়ৰ ভিতৰত গাৰ গঠনৰ পৰিৱৰ্তন হয়। কন্যাৰ বয়:সন্ধিৰ প্ৰথম চিহ্ন বা পৰিৱৰ্তন সচৰাচৰ স্তনদ্বয় বিকাশৰ মাধ্যম বা Breast budding ৰ জৰিয়তে ফুটি উঠে, ইয়াৰ পিছতে কাষলতিত মিহিকৈ চুলি গজা আৰম্ভ হয়। স্তনদ্বয়ৰ বিকাশ আৰু প্ৰথম ঋতু দৰ্শনৰ মাজত দুবছৰমান ব্যৱধান দেখা যায়। এই সময়ছোৱাত পেলভিছৰ গাত থকা পিউবিছ নামৰ হাড়ৰ অংশটোৰ ওপৰত অৱস্থিত ‘মনছ্ পিউবিছ’ বোলা ঠাইডোখৰত চৰ্বি বা ফেট জমা হ’বলৈ ধৰে আৰু লাহে লাহে শৰীৰৰ গঠন বৃদ্ধি হ’বলৈ ধৰে ১৬ বছৰ পৰ্য্যন্ত শৰীৰৰ বৃদ্ধিয়ে চূড়ান্ত ৰূপ পায়। অৰ্থাৎ ১৬ বছৰ বয়সৰ পিছত শৰীৰৰ গঠনৰ কামে সমাপ্তি লাভ কৰে। (ছোৱালী) কন্যাৰ তুলনাত (ল’ৰাৰ) বা যুৱকৰ শৰীৰ বৃদ্ধি কিন্তু ১৯/২০ বছৰমানলৈ বাঢ়িয়েই থাকে। বয়:সন্ধিৰ পিছৰেপৰা আভ্যন্তৰীণ জননেন্দ্ৰিয়বোৰ, যেনে জৰায়ু প্ৰমুখ্যে প্ৰজননৰ লগত জড়িত অন্যান্য অংগসমূহৰো বিকাশ সাধন আৰম্ভ হয়।
প্ৰথম ঋতুস্ৰাৱ হ’ল বয়:সন্ধিৰ এটা ঘাই লক্ষণ। ভাৰতীয় কন্যাসকলৰ সচৰাচৰ ১১ ৰ পৰা ১৩ বছৰ বয়সত (গড় বয়স ১৩) ঋতুস্ৰাৱ আৰম্ভ হয়। এটা নিৰ্দিষ্ট ধৰাবন্ধা বয়স নথকাৰ কাৰণে আকৌ ই কিছুমান কাৰণৰ ওপৰতেই নিৰ্ভৰ কৰে। এই কাৰণবোৰ হ’ল সৰ্বাংগীণ স্বাস্থ্য, পুষ্টি বা পৰিয়ালৰ আৰ্থিক অৱস্থা, জলবায়ু, ভৌগোলিক পৰিৱেশ, বংশৰ ধাৰা, জিন, জাতি-উপজাতি ইত্যাদি। জননেন্দ্ৰিয়ৰ কোনো ৰোগ বা তাৰ গাঁথনিক ক্ৰটিযুক্ত হ’লে আৰু এন্টেৰিয়ৰ পিটুটিয়াৰ গ্ৰন্থিৰ ক্ৰিয়া বিজুতি ঘটিলে বয়:সন্ধি আৰু প্ৰথম ঋতুদৰ্শনত কেণা লাগিব পাৰে। সুস্থ আৰু স্বাভাৱিক নাৰীদেহৰ ঋতুস্ৰাৱ সাধাৰণতে ২৮ দিনৰ অন্তৰত দেখা যায়। প্ৰতিমাহে আৰম্ভ হৈ ৩/৫ দিন থাকি বন্ধ হৈ যায়। কোনো কোনো ক্ষেত্ৰত কিছু পৰিমাণে হেৰ-ফেৰ ঘটিলে ২৯, ৩০ বা ৩১ দিনীয়া অন্তৰতো ঋতুস্ৰাৱ হোৱা দেখা যায়। প্ৰতি স্বাভাৱিক ঋতুস্ৰাৱত সাধাৰণতে ৮০ মি:লি:ৰ পৰা ১২০ মি:লি:লৈ ৰক্ত ক্ষয় হয়। স্বাভাৱিক ঋতুস্ৰাৱত তেজে চেঁকুৰা নাবান্ধে। এই সময়ছোৱাত সাধাৰণভাৱে অলপ অস্বাভাৱিকবোধ হ’লেও পীড়া (বিষ) বা অন্যান্য যন্ত্ৰণাত ভুগিব নালাগে।
ঋতুস্ৰাৱ নামৰ ক্ৰিয়াৰ ফলত প্ৰকৃততে জৰায়ুৰ ভিতৰৰ বাৰু কি ধৰণৰ পদাৰ্থ নিৰ্গত হয়?
পিটুটিয়াৰিৰ গোনাডোট্ৰফিক হৰ’মনৰ প্ৰতিমাহে মহিলাৰ জৰায়ু নামৰ অংগটোৰ পৰা যি ৰক্তস্ৰাৱ হয় সেই ৰক্তস্ৰাৱত থাকে, তেজ, মৃত ডিম্বাণু, মৃত এণ্ডোমেট্ৰিয়েল টিচুৰ টুকুৰা ইত্যাদি। এনেধৰণৰ পদাৰ্থবোৰ জৰায়ুৰ ভিতৰত এণ্ডোমেট্ৰিয়ান নামৰ চামনি বা তৰপটোৰ গাত ঘটা চাৰিবিধ পৰিৱৰ্তনৰ ফলত উদ্ভৱ হয়। এই চাৰিবিধ পৰিৱৰ্তনক একো একোটা অৱস্থা (দশা) বা ইংৰাজীত Phase বুলি কোৱা হয়। মেনষ্ট্ৰৱেল ফেজ ৰিপিয়েৰেটিভ ফেজ, প্ৰলিফাৰেটিভ ফেজ আৰু ছিক্ৰেটৰী ফেজ বা শেষ অৱস্থা।
উপৰি উক্ত চাৰিটা দশা বা Phase আজিকালি বহু পাঠ্যপুথিত আন প্ৰকাৰেও চাৰিভাগ কৰি বৰ্ণনা দিছে। সেই ফেজ দশাবোৰ হ’ল-
১) ফলিকুলাৰ ফেজ (বা প্ৰি-অভিওলেটৰী ফেজ)
২) অভিওলেটৰী ফেজ
৩) লুটিয়েল ফেজ বা পোষ্ট অভিওলেটৰী ফেজ বুলি বৰ্ণনাত পোৱা যায়।
অভিওলেটৰী ফেজ হৈছে ঋতুচক্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱস্থা যি সময়ত গ্ৰাফিনি ফলিকলটি ফাটি পৰিপক্ক ডিম্বাণুৰ স্খলন ঘটে যাৰ ফলত এই সময়তে LH হৰমনৰ এক প্ৰচণ্ড ঢৌ উঠে। LH বিস্ফোৰণ হোৱা মানে LH Suarge আৰম্ভ হোৱা আৰু প্ৰায় ১৫-৩২ ঘন্টাৰ ভিতৰত সচৰাচৰ অভিওলেচন ঘটে (ঋতুচক্ৰৰ ১৪/১৫ দিনত) গৰ্ভসঞ্চাৰ নোহোৱাকৈ থাকিলে এই লুটিয়েল ফেজ প্ৰায় ১৪ দিনলৈ স্থায়ী হৈ তাৰ পিছত আকৌ মাহেকীয়া স্ৰাৱ আৰম্ভ হয়। ফাটি যোৱা গ্ৰাফিয়ান ফলিকলৰ পৰা পিছত কোষটি হালধীয়া বৰণৰ কোষগ্ৰন্থীলৈ ৰূপান্তৰ হয় যাৰ পৰা কৰপাছ লুটিয়াম সৃষ্টি হয় আৰু গৰ্ভসঞ্চাৰ নঘটিলে প্ৰজেষ্টেৰণ হৰমন ওলোৱা কাৰ্য বন্ধ হৈ যায় আৰু সি নষ্ট হৈ গৈ এটি নতুন মাহেকীয়া চক্ৰৰ আৰম্ভ হয়।
লিখক: ডা: দীনেশ শৰ্মা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020