অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৈশোৰ কালৰ উৎকণ্ঠা শালমইনা

কৈশোৰ কালৰ উৎকণ্ঠা শালমইনা

কৈশোৰ অৱস্থাত ল’ৰা বা ছোৱালী উভয়েৰে মনত দু:চিন্তা আৰু উৎকণ্ঠাৰ ভাব অনা এটি স্বাস্থ্য সম্পৰ্কীয় প্ৰধান সমস্যা শালমইনা। তথ্য অনুসৰি ৮০ ৰপৰা ৯০ শতাংশ ব্যক্তিয়েই কৈশোৰ কাল বা তাৰ পিছৰ কালত কম-বেছি পৰিমাণে শালমইনাৰ সমস্যাত ভোগে আৰু প্ৰায় ২০ শতাংশৰ ক্ষেত্ৰত ই গুৰুতৰ হয়। গ্ৰামাঞ্চলতকৈ চহৰাঞ্চলৰ ল’ৰা-ছোৱালী বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। বেছিভাগ ক্ষেত্ৰতে ২০ বছৰৰ পৰা লাহে লাহে কমি ২৫ বছৰৰ আশে-পাশে নতুন শালমইনা ওলোৱা বন্ধ হয় যদিও দাগবোৰ থাকি যাব পাৰে। কৈশোৰ কাল পাৰ হোৱাৰ পিছতো বিশেষকৈ মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থা বা ৰজোনিবৃত্তিৰ সময়ত হোৱা হৰমোনৰ পৰিৱৰ্তনৰ বাবে শালমইনা দেখা দিব পাৰে।

আমাৰ গাল বা মুখমণ্ডলৰ ছালত কিছুমান অতি ক্ষুদ্ৰ ছিদ্ৰ থাকে, য’ত ছিবেচিয়াছ গ্ৰন্থি নামৰ এক শ্ৰেণীৰ গ্ৰন্থি থাকে। এই ছিবেচিয়াছ গ্ৰন্থিত ‘ছিবাম’ নামৰ তেলেতীয়া পদাৰ্থ এবিধ উত্পন্ন হয়। ছালৰ মৃত কোষবোৰ এই তেলেতীয়া ছিবামত লাগি ধৰিলে ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়। সহজভাৱে, মুখমণ্ডলৰ ছালত থকা ফলিক’লবোৰৰ এই ছিদ্ৰবোৰ বন্ধ হোৱাৰ ফলতে শালমইনাৰ সৃষ্টি হয়। কৈশোৰ কালত এন্দ্ৰ’জেন শ্ৰেণীৰ যৌন হৰমনবোৰৰ উৎপাদন বাঢ়িবলৈ লোৱাৰ ফলত ছিবেচিয়াছ গ্ৰন্থিবোৰ আকৃতিত ডাঙৰ হ’ব ধৰাৰ লগতে ছিবামৰ উৎপাদনো বাঢ়িবলৈ লয়। এই চিবামৰ সৈতে ছালৰ মৃত কোষবোৰ লগলাগি ‘কমোদোম’ৰ সৃষ্টি কৰে। অনে অৱস্থাত ছালত লাগি থকা ‘প্ৰপিয়নিবেক্টেৰিয়াম এক্‌নী’ জাতীয় বেক্টেৰিয়াই কমোদোমত প্ৰদাহ সৃষ্টি কৰাৰ ফলত ঠাই টুকুৰা ৰঙা পৰি ফুলি উঠে। ছালৰ অন্তৰ্ভাগত হোৱা এই প্ৰদাহৰ ফলস্বৰুপে ছালৰ বিভিন্ন স্তৰত সিঁচৰিত হৈ থকা কলাজেন নামৰ পদাৰ্থবিধ সেই ঠাইত অধিক মাত্ৰাত জমা হয় আৰু ক্ষতৰ সৃষ্টি কৰে। মেলানিন আদি ৰঞ্জক পদাৰ্থ আহি এই ক্ষতবোৰ অধিক স্পষ্ট কৰি তোলে। প্ৰভাৱিত কৰা স্থানৰ গভীৰতা অনুসৰি ক্ষতবোৰ স্থায়ী হ’ব পাৰে। শালমইনাৰ সম্ভৱনা আৰু ইয়াৰ পৰা হোৱা সমস্যাৰ গভীৰতা বংশানুক্ৰমে অহা জিনে বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। বিভিন্ন্ন গৱেষণাগাৰৰ পৰা এয়া প্ৰতিষ্ঠা হৈছে যে মানসিক চাপ আৰু উৎকণ্ঠাই শালমইনা স্ংক্ৰান্তীয় সমস্যা বঢ়ায়। খোৱা খাদ্যৰ সৈতেও ইয়াৰ সম্পৰ্ক আছে- অধিক শৰ্কৰাযুক্ত খাদ্য, চকলেট, গাখীৰ আদি শালমইনাৰ বাবে ভাল নহয়। ডেমোডেক্স নামৰ এবিধ পৰজীৱীয়েও শালমইনা সৃষ্টি কৰাত প্ৰভাৱ পেলায় বুলি জনা গৈছে।

শালমইনা নিয়ন্ত্ৰণৰ বাবে মুখমণ্ডলৰ পৰিস্কাৰ-পৰিচ্ছন্নতা সবাতকৈ গুৰুত্বপূৰ্ণ। নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিয়মীয়াকৈ মুখমণ্ডল ধুব লাগে। মুখ ধোওতে ছালৰ অনিষ্ট কৰিব নোৱাৰা মৃদু চাবোন বা উন্নতমানৰ ‘ফেচ ৱাশ্চ’ ব্যৱহাৰ কৰিব লাগে। নিয়মীয়া পৰিমিত টোপনি আৰু শাৰীৰিক পৰিশ্ৰম অপৰিহাৰ্য। অধিক শৰ্কৰা-সূচ্যাংক ফুড’ আদি অনিষ্টকাৰী। সতেজ শাক-পাচলি, ফল-মুল আদি নিয়মীয়াকৈ পৰিমিত পৰিমাণত খোৱা উচিত। হাঁহি-ধেমালিৰে মনটো আনন্দময় কৰি ৰাখিব লাগে আৰু অনাহক উৎকণ্ঠা বা দু:চিন্তাক প্ৰশ্ৰয় দিব নালাগে। পানী প্ৰচুৰ পৰিমাণে খাব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে, বেঞ্জাইল পেৰ’ক্সাইড, ছেলিছাইলিক এচিড, ক্লিন্দামাইচিন, ডক্‌চিচাইক্লিন আদি প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰ’জেন-প্ৰজেষ্টেৰণ যুক্ত গৰ্ভনিৰোধক, প্ৰজেষ্টিন, স্পাইৰোণোলেক্টন আদি ব্যৱহাৰ কৰি সুফল পোৱা যায়। লেজাৰ চিকিৎসাৰ দ্বাৰা স্থায়ীভাৱে ৰৈ যোৱা ক্ষতৰ চিকিৎসাও বৰ্তমানে সম্ভৱ হৈছে।

কৈশোৰ কাল মানৱ জীৱনৰ এক জটিল সন্ধিক্ষণ। এই সময়ছোৱাত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ বাবে ল’ৰা-ছোৱালী এনেয়ে সামাজিক নিৰাপত্তাহীনতাত ভোগে। শালমাইনাই সাধাৰণতে শাৰীৰিকভাৱে কিশোৰ বা কিশোৰীগৰাকীৰ কোনো বিশেষ গুৰুতৰ সমস্যা নকৰে যদিও মানসিকভাৱে নীচাত্মিকাবোধ আৰু হতাশাৰ জন্ম দিয়াব পাৰে। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি কিছুমানে শালমইনাৰ শক্তিশালী চিকিৎসাৰ পোষকতা কৰে।

ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 1/6/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate