অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিচমেনৰিয়া – মাহেকীয়া ঋতুস্ৰাবৰ সময়ত হোৱা বিষ

বিৱৰণ

বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ মাহেকীয়া  ঋতুস্ৰাবৰ সময়ত বিষ অনুভৱ হয়৷ ডাক্তৰীভাষাত এই অৱস্থাক ডিচমেনৰিয়া ( Dysmenorrhoea) বোলে৷ গ্ৰীক শব্দ ডিচ মানে হ’ল কষ্টকৰ, মেন’ মানে হ’ল মাহিলি আৰু ৰিয় মানে হ’ল প্ৰবাহ৷ স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ’ল এবিধ প্ৰমুখ ৰোগ৷ মাহেকীয়া ঋতুস্ৰাব হওঁতে ভূক্তভোগী এইসকল মহিলাই কম-বেচি পৰিমানে তল পেটৰ বিষ অনুভৱ কৰে৷ বিষটো একে লেথাৰিয়েও থকিব পাৰে নাইবা এৰা-ধৰাকৈয়ো হ’ব পাৰে৷ বিষটো কৰঙন আৰু পিঠিলৈয়ো বিয়পিব পাৰে৷ মাহেকীয়া আৰম্ভ হোৱাৰ দুই এদিন আগৰ পৰাই বিষ হব পাৰে আৰু মাহেকীয়া চলি থকা দিনকেইটাত বিষ অব্যাহত থাকে৷ কিছুমানৰ লগতে অতিমাত্ৰা ৰক্তস্ৰাব হয়- এনে অৱস্থাক Menorrhagia  বোলে৷ শতকৰা দহ ভাগ মহিলাই পেটৰ বিষৰ ফলত স্কুল-কলেজ বা কামৰ ক্ষতি কৰিবলগীয়া হয়৷ আকৌ এক তথ্যমতে প্ৰতি সাতগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ পেটৰ বিষ তীব্ৰ হয়৷ আনুসংগিক কিছুমান লক্ষণ দেখা পোৱা যাব পাৰে৷ সেইবিলাক হ’ল- ওকালি, বমি, মূৰৰ বিষ, মূৰ-ঘূৰণি, পেটৰ অসুখ হোৱা বা শৌচ কচা হোৱা, ভাগৰ লগা, মানসিক অস্থিৰতা হোৱা, তাপ-ধ্বনি-পোহৰৰ প্ৰতি অসহিষ্ণুতা বা অতি সংবেদনশীল হোৱা, স্তনযুগলত বিষ অনুভৱ হোৱা  আদি ৷

ডিচমেনৰিয়া প্ৰকাৰ

ডিচমেনৰিয়া দুই প্ৰকাৰৰ হ’ব পাৰে৷ মহিলাৰ স্বাভাবিকজনন তন্ত্ৰত কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিলে সি হ’ব প্ৰাইমেৰী ডিচমেনৰিয়া৷ জনন তন্ত্ৰৰ বিজুতিৰ ফলত বিষ হ’লে চেকেণ্ডৰী ডিচমেনৰিয়া- যাৰ বিভিন্ন কাৰণ হ’ব পাৰে যেনে এন্ডমেট্ৰিয়’চিচ, লিয়োমায়মা, এডিনোমাইক’চিচ, ইউটেৰাইনফাইব্ৰয়ড, অভেৰিয়ান চিষ্ট, গৰ্ভাশয়ৰ ভিতৰত লগোৱা গৰ্ভ নিৰোধক সামগ্ৰী আদি৷

ডিচমেনৰিয়াৰ কাৰণ

এণ্ডমেট্ৰিয়’চিচ ৰোগ চেকেণ্ডৰী ডিচমেনৰিয়াৰ এবিধ প্ৰমুখ কাৰণ৷ এই ৰোগত জৰায়ুৰ কোষ (এণ্ডমেট্ৰিয়েলটিচু) শৰীৰৰ অন্যান্য ঠাইত পোৱা যায়৷ যাৰ ফলত ৰোগীৰ মাহেকীয়াৰ বিষ, অনিয়মীয়া বা বৰ্দ্ধিত ঋতুস্ৰাব, সন্তানহীনতা আদি হোৱা পৰিলক্ষিত হয়৷ ২৫ৰ পৰা ৩৫বছৰত এইৰোগ হোৱা দেখা যায়৷ পেলভিক পৰীক্ষা, ভেজাইনেল আলট্ৰাচনগ্ৰাফি আৰু পেলভিকলেপাৰস্কপিৰ যোগেদি ৰোগ চিনাক্ত কৰা যায়৷ হৰম’নৰ দ্বাৰা চিকিৎসাৰ ওপৰিও কিছুমান ৰোগীক নিৰাময়ৰ বাবে অপাৰেচন কৰিবলগীয়া হয়৷

প্ৰাইমেৰী ডিচমেনৰিয়া কম বয়সীয়া মহিলাৰ ক্ষেত্ৰতহে হয় ৷ ছোৱালীৰ প্ৰথম ঋতু্স্ৰাৱ আৰম্ভ হোৱাক ডাক্তৰী ভাষাত Menarche  বোলে৷ ঋতু্মতী হোৱাৰ পৰা কুৰি বছৰ বয়সলৈ নাইবা তাৰ সামান্য ওপৰ বয়সলৈ প্ৰাইমেৰী ডিচমেনৰিয়া হ’ব পাৰে৷ বয়স বঢ়াৰ লগে লগে নাইবা সন্তান প্ৰসৱ কৰাৰ পিছত মাহেকীয়াৰ বিষটো ক্ৰমে কমি আহি নাইকীয়া হৈ পৰে৷

আনহাতে চেকেণ্ডৰী ডিচমেনৰিয়া সাধাৰণতে ৩০ৰ পৰা ৪৫ বছৰীয়া মহিলাৰহে হোৱা দেখা যায়৷ এটা সময়ত বহু বছৰলৈ নিয়মীয়া আৰু বিষ নোহোৱা মাহেকীয়া হোৱা মহিলাৰ লাহে লাহে মাহেকীয়াত বিষ হ’বলৈ আৰম্ভ কৰে আৰু ক্ৰমে বিষ বেচি হ’বলৈ ধৰে৷ লগত আনুসংগিক কিছুমান লক্ষণ দেখা দিব পাৰে৷ সেইবিলাক হ’ল- মাহেকীয়া অনিয়মীয়া হোৱা, ৰক্তস্ৰাৱৰ পৰিমাণ বাঢ়ি যোৱা, মাহেকীয়াৰ মাজতো কেতিয়াবা ৰক্তস্ৰাৱ হোৱা, যোনিদ্বাৰেদি স্ৰাব নিৰ্গত হোৱা, যৌন ক্ৰিয়াত কষ্ট অনুভৱ কৰা আদি৷

ডিচমেনৰিয়াৰ অন্তৰ্নিহিত কাৰণ অৰ্থাৎত কেনেদৰে বিষৰ উৎপত্তি হয়

এতিয়া ডিচমেনৰিয়াৰ অন্তৰ্নিহিত কাৰণ অৰ্থাৎত কেনেদৰে বিষৰ উৎপত্তি হয় তাৰ বাখ্যা কৰিম৷

জৰায়ুৰ ( Uterus) ভিতৰত প্ৰষ্টাগ্লেণ্ডিন এফ-২ আলফা (Prostaglandin F-2 alpha ) নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ ক্ৰিয়াৰ ফলত জয়াৰুৰ ভিতৰৰ লাইনিং সাজুহয় গৰ্ভধাৰণৰ বাবে৷ কিন্তু যেতিয়া সেইটো হৈ নুঠে, ডিম্বকোষ (ovum ) গৰ্ভস্থ নোহোৱাৰ ফলত-তেতিয়া জৰায়ুৰ মাংসপেশীৰ সংকোচন হয়, জয়াৰুলৈ ৰক্ত-সঞ্চালন কমি যায় আৰু মাহেকীয়াৰ ৰক্তস্ৰাৱৰ লগত বিষ হ’বলৈ ধৰে৷ যদিও প্ৰষ্টাগ্লেণ্ডিনৰ নিয়মীয়া প্ৰক্ৰিয়াৰ যোগদিয়েই মহিলাৰ ঋতুস্ৰাৱ হয় ৷ বিষ সেইসকল মহিলাৰহে হয় যাৰ ক্ষেত্ৰত এই বিধ ৰাসায়নিক পদাৰ্থ হয় বেচিকৈ নিৰ্গত হয় নতুবা মহিলাগৰাকী প্ৰষ্টাগ্লেণ্ডিনৰ প্ৰতি বেচি সংবেদনশীল(sensitive ) হয়৷ মস্তিষ্কৰ পিটিউটৰি গ্ৰন্থিৰ পৰা ওলোৱা ভেচপ্ৰেচিন নামৰ হৰম’নেপ্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত ক্ৰিয়া কৰে৷ আন এটা থিয়ৰি মতে জৰায়ুৰ ৰক্তপ্ৰবাহ হ্ৰাস পালে কিছুমান এনে পদাৰ্থৰ উৎপত্তি হয় যাৰ  ফলত টাইপ-চি বিষৰ কোষসমূহ সক্ৰিয় হৈ উঠে৷

ইয়াৰ ওপৰিও লিউক’ট্ৰিন ( Leukotrin ) নামৰ আন এবিধ ৰাসায়নিক তত্বৰ উৎপত্তিৰ বাবেও ডিচমেনৰিয়া হয় বুলি ভবাৰ থল আছে৷ বিশেষকৈ সেইসকল মহিলাৰ ক্ষেত্ৰত যাক প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে (Prostaglandin-inhibitor drugs ) উপকাৰ নাসাধে৷

ডিচমেনৰিয়াক প্ৰভাৱিত কৰিব পৰা কিছুমান কাৰক হ’লঃ

সোনকালে অৰ্থাৎ কম বয়সতে ঋতুস্ৰাৱ (Menarche ) আৰম্ভ হোৱা; মাহেকীয়াৰ পৰিমাণ আৰু দিন বেছি হোৱা; ধপাত বা মদৰ সেৱন; মেদবহুলতা; পৰিয়ালত এনে ৰোগ থকা, জৰায়ু যদি বেকাহৈ থাকে ( Retroverted Uterus ); যোনিমুখ যদি বেচি সংকীৰ্ণ (Narrow Cervical canal ) হয়; মানসিক অস্থিৰতা; এলেহুৱা -শাৰীৰিক শ্ৰম বিমুখতা আদি৷

ৰোগৰ চিনাক্তকৰণ বিশেষ জটিল নহয়৷ প্ৰাইমেৰী ডিচমেনৰিয়াৰ ৰোগীক লক্ষণসমূহ সুধি প্ৰাথমিক পৰীক্ষা কৰিয়েই চিনাক্ত কৰিব পাৰি৷ জনন-তন্ত্ৰৰ পৰীক্ষা তেতিয়াহে কৰাৰ প্ৰয়োজন হয়, যদি চেকেণ্ডৰী ডিচমেনৰিয়া বুলি সন্দেহ কৰাৰ থল থাকে৷ চেকেণ্ডৰী ডিচমেনৰিয়াৰ বাবে বহুখিনি পৰীক্ষাৰ আৱশ্যকতা হ’ব পাৰে৷ সেইবিলাক হ’ল তেজৰ টি চি,ডি এল চি, ই এচ আৰ, হিমগ্লবিন, ভি ডি আৰ এল; ভেজাইনেল স্বাব পৰীক্ষা; প্ৰসাৱ পৰীক্ষা; হিষ্ট-চালফিংগ’গ্ৰাম এক্সৰে; পেটৰ আলট্ৰাচাউণ্ড; এণ্ডমেট্ৰিয়েল বায়’স্পি; লেপাৰস্কপিক পৰীক্ষা আদি৷

চিকিৎসা:

চেকেণ্ডৰী ডিচমেনৰিয়াক তাৰ কাৰণ চিনাক্ত হোৱাৰ পিছত সেইমতে যথোপযুক্ত বিধান দিব লাগিব ৷

প্ৰাইমেৰী ডিচমেনৰিয়াৰ চিকিৎসা :

প্ৰয়োজনীয় আশ্বাসনে ৰোগীৰ মনৰ ভিতৰৰপৰা ভীতি দূৰ কৰিব৷ আহাৰ-কম চৰ্বিযুক্ত সুষম নিৰামিষ আহাৰ বেছি উপযোগী৷ সহায়ক ঔষধ – ভিটামিন-ই, বি-কমপ্লেস্ক, অমেগা-৩ ফেটি এচিড ৷ প্ৰধান ঔষধ – ষ্টেৰইড নথকা প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে (Non-Steroidal Anti Inflammatory Drugs চমুকৈ NSAID) বেছি ভাগ ৰোগীৰে কষ্টৰ উপশম ঘটায়৷ নেপ্ৰস্কেন, আইব্ৰুপ্ৰফেন, কিটোপ্ৰফেন, মেফেনেমিক এচিড, ডাইক্লফেনেক আদি এই শ্ৰেণীত পৰে৷ এনে দৰবে প্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত বাধা দিয়াৰ ফলত ৰোগীৰ বিষৰ উপশম ঘটে৷ সাধাৰণতে এইবিলাকৰ যি কোনো এবিধ দৰব চিকিৎসকে সাধাৰণতে তিনিটা মাহেকীয়া চক্ৰৰ বাবে খাবলৈ কয়৷ বিষ অনুভৱ হোৱাৰ লগে লগে দৰববিধ আৰম্ভ কৰি মাহেকীয়া চলি থকা দিনকেইটাত খাব লাগে৷ চিকিৎসকক নজনোৱাকৈ নিজে দৰব আৰম্ভ কৰিব নালাগে৷ কিয়নো ভুলকৈ বা বেছিকৈ ইয়াৰ সেৱন কৰিলে এচিডিটি, গেষ্ট্ৰাটিচ, হেমাটমেচিচ আদি হ’ব পাৰে৷

কিছুমান ৰোগীক পেৰাচিটামল আৰু এচপিৰিন টেবলেটেও উপকৃত কৰা দেখা গৈছে৷

অৰেল কন্ট্ৰাচেপ্টিভ পিলত অইষ্ট্ৰজেন আৰু প্ৰজেচষ্টৰন হৰম’ন মিহলি থকাৰ ফলত ইয়াক খালে ডিম্বকোষৰ (Ovary ) পৰা ডিম্ব প্ৰস্ফুটিত নহয়৷ যাৰ ফলত ৰোগীয়ে বিষ অনুভৱ নকৰে৷ কিছুমান ডিচমেনৰিয়াৰ ৰোগীক চিকিৎসকে এনেদৰে হৰম’নৰদ্বাৰা চিকিৎসা কৰে৷ অৰ্থাৎত অভোলেচন (Ovulation ) ৰোধ কৰিলে মাহেকীয়াৰ বিষ নহয়৷   এন্টিলিউকট্ৰিন ড্ৰাগছ যেনে মন্টলুকাচ আদিৰ বহল প্ৰয়োগ ডিচমেনৰিয়াত এতিয়ালৈকে হোৱা নাই৷

মুখনি

মুখনিত ইমানেই কম যে যিসকল মহিলাই ঋতুস্ৰাবৰ বিষত ভূগিছে, তেওঁলোকে সংকোচ পৰিহাৰ কৰি অভিজ্ঞ স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক আৰু শৰীৰিক, মানসিক কষ্টৰ পৰা মুক্তি লাভ কৰক৷

উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহিত

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate