অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী-ছোৱালীৰ তলপেটত বিষৰ কাৰণ

নাৰী-ছোৱালীৰ তলপেটত বিষৰ কাৰণ

 

মাহেকীয়া ঋতুস্রাৱৰ সময়ত বহু নাৰী-ছোৱালীৰ তলপেটত অসহ্যকৰ বিষ অনুভত কৰে।সাধাৰণ কিছু বিষ হোৱাটো স্বাভাৱিক। সাধাৰণ বিষটোয়েই যদি অসহ্যকৰ হয় তেনেহলে বুজিব এয়া বিপদৰ সংকেত। ই এক বিজানু সংক্রমনৰ ফলত হব পাৰে যাক পেলভিক ইমফ্লেমেটৰী ডিজিজ বোলা হয়।

সাধাৰণতে ১৪-২৫ বছৰ বয়সৰ মহিলা-ছোৱালী পেলভিক ইনফ্লেমেটৰী ডিজিজ (পিআইডি) ৰোগ বেছি আক্রান্ত হয়। অপৰিস্কাৰ ও অসচেতন থকা মহিলাৰ মাজতে এই ধৰণৰ ৰোগ বেছি হয়|

প্রজনন,স্বাস্থ্য সম্পর্কে সঠিক জ্ঞানৰ অভাৱত অশিক্ষিত ও অসচেতন মহিলাই বিষয়টোক স্বাভাৱিক বুলি ভাবি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ থাকে। বহুতেই লজ্জাবোধ কৰি বিষয়টো এৰাই চলে। ফলত ৰোগবোৰ জটিল হৈ গৈ থাকে। পর্যায় এটা সময়ত এনে অৱস্থা পায়গৈ যে সেয়া কেঞ্চাৰলৈ ৰূপান্তৰিত হয় অথবা সন্তান ধাৰণত অসুবিধাৰ সৃষ্টি কৰে। দেখা দিব পাৰে বন্ধ্যাত্ব।

এই ৰোগ হলে তলপেটত তীব্র বিষ হয়। এই বিষ ককাল আৰু বাহুত বিস্তাৰিত হয়। পেট গধুৰ অনুভৱ, সহবাস আৰু জৰায়ুমুখ স্পর্শ কৰিলে প্রচণ্ড বিষ অনুভৱ কৰা। যোনিপথত দুর্গন্ধযুক্ত বগাস্রাৱ বা পুঁজ নির্গতৰ লগতে জ্বলা-পোৰা হয়। ইয়াৰ ওপৰিও শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি ভাব, পেট ফুলি যোৱা, খোৱাৰ প্ৰতি অনিহাৰ লগতে স্বাস্থ্য ক্ষীণ হৈ গৈ থাকে।

স্বামীৰ যদি যৌনৰোগ থাকে তাৰ পৰাও নাৰীয়ে এই ৰোগত আক্রান্ত হ'ব পাৰে। একাধিক যৌন সঙ্গীৰ লগত সম্পৰ্কৰ ফলতো এই ৰোগ হব পাৰে। গন'ৰিয়াহ সংক্রমণৰ ফলতো পেলভিক ইনফ্লেমেটৰি ডিজিজ (পিআইডি) হ'ব পাৰে। ইয়াৰ ওপৰিও কম বয়সত বিবাহ, মাহেকীয়াৰ সময়ত সহবাহ, অস্বাস্থ্যকৰ পৰিবেশত গর্ভপাত আৰু সন্তান প্ৰসৱ আদিৰ বাবেও হব পাৰে পিআইডি।

এই ৰোগ দেখা দিলে একেবাৰেই সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 


শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate