অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্রাকজন্ম বিকাশৰ জীৱন-বিজ্ঞান

প্রাকজন্ম বিকাশৰ জীৱন-বিজ্ঞান

যি সক্রিয় প্রণালীৰ দ্বাৰা এক-কোষী মানব জনন-খোক (জাইগোট) বিকাশ হৈ ১০০-ট্রিলিয়ন সংখ্যাৰ প্রাপ্তবয়স্ক কোষত পৰিণত হয়, বোধহয় ই প্রকৃতিৰ আটাইতকৈ লক্ষ্য কৰিব লগীয়া ঘটনা।

বর্তমান গৱেষকসকলে জানে যে প্রাপ্তবয়স্ক শৰীৰে সচাৰচৰ সমাপন কৰা অনেক কার্য্য গর্ভধাৰণৰ সময়ত প্রতিষ্ঠিত হয়- প্রায়ে জন্মৰ বহু দিনৰ আগতেই।

জন্মৰ আগৰ বিকশিত কাল বেচিকৈ সাজু হোৱাৰ সময় ৰূপে জনা যায় যি কালচোৱাৰ ভিতৰত মানুহে অনেক আবয়ব অর্জন কৰে, আৰু অনেক কৌশল আয়ত্ব কৰে যি জন্মৰ পিচত জীয়াই থাকিবলৈ আৱশ্যক হয়।

গর্ভাৱস্থা সাধাৰণতে ৩৮ সপ্তাহমান থাকে আৰু এই সময় গর্ভসঞ্চাৰ হোৱাৰ পৰা জন্মক্ষণলৈ গণনা কৰা হয়।

গর্ভধাৰণৰ পিচৰ প্রথম ৮ সপ্তাহত বিকশিত মানবক এক ভ্রূণ বুলি কোৱা হয়, যাৰ অর্থ "অভ্যন্তৰত বিকাশ"। এই সময়চোৱাক, যাক ভ্রূণাৱস্থা বুলি অভিহিত কৰা হয়, শৰীৰ প্রণালীৰ প্রধান অঙ্গসমুহ গঠন হোৱা অৱস্থাৰূপে বর্ণনা কৰা হয়।

৮-তম সপ্তাহ অন্ত হোৱাৰ পৰা গর্ভাৱস্থা অন্ত হোৱালৈকে "বিকশিত মানবক ভ্রূণ বুলি অভিহিত কৰা হয়", যাৰ অর্থ হৈছে "অজাত সন্তান"। এই সময়চোৱাত, যাক ভ্রূণাৱস্থা বুলি কোৱা হয়, শৰীৰৰ আকাৰ বৃদ্ধি হয় আৰু তাৰ সকলোবোৰ প্রণালীয়ে কাম কৰিবলৈ আৰম্ভ কৰে।

এই প্রক্রিয়াৰসকলো ভ্রূণাৱস্থাৰ কালছোৱাক গর্ভধাৰণৰ সময়ৰ পৰা গণনা কৰা হয়।

জীৱ বিজ্ঞানৰ ফালৰ পৰা কবলৈ গলে "মানৱৰ বিকাশ গর্ভধাৰণৰ পৰা আৰম্ভ হয়," যেতিয়া এগৰাকী নাৰী আৰু এজন পুৰুষে পুনৰুত্‍পাদী কোষৰ সম্বন্ধৰ দ্বাৰা প্রত্যেকে নিজৰ ২৩ তাকৈ ক্রমোজমৰ মিলন সংঘটিত কৰে।

সাধাৰণতে এগৰাকী নাৰীৰ পুনৰুত্‍পাদী কোষক এক "ডিম্ব" বুলি কোৱা হয় কিন্তু শুদ্ধ শব্দ হৈছে ওকাইট।

তেনেদৰে, এজন পুৰুষৰ পুনৰুত্‍পাদীকোষক সর্বসাধাৰণতে 'বীর্য্য" বুলি জনা যায় কিন্তু শুক্রাণু(স্পার্মাটোজুন) বেচি অর্থবহ।

ওভুলেশ্বন নামৰ প্রক্রিয়াৰ দ্বাৰা নাৰীৰ ডিম্বাশয়ৰ পৰা এটা ওকাইট নির্গত হোৱাৰ পিচত জৰায়ু মধ্যস্থ এক নলীত, যাক প্রায়েফোলোপিয়ান টিউব নামেৰে জনা যায়, ওকাইট আৰু শুক্রাণুৰ এমাহৰ ভিতৰত মিলন হয়।

এগৰাকী নাৰীৰ ডিম্বাশয় জৰায়ু মধ্যস্থ নলীয়ে জৰায়ু বা গর্ভৰ লগত সংযোগ কৰে।

তাৰ ফলস্বৰূপে গঠন হোৱা এক কোষী ভ্রূণক জাইগোট বুলি কোৱা হয়, যাৰ অর্থ হৈছে "যুঁৱলি লগোৱা বা সংযোগ কৰা।"

ডি এন এ

জাইগোটৰ ৪৬ টা ক্রোমোজমে এক সম্পূর্ণ জেনেটিক চানেকিৰে সৈতে এক নতুন ব্যক্তিত্বৰ এটি অভিনব প্রথম সংস্কৰণ ৰূপে অঙ্কিতকৰে। এই মুখ্য আচনিখন ডি এন এ নামৰ কুণ্ডলী বান্ধি থকা অণুৰ মাজত থাকে। ইয়াত সম্পূর্ণ শৰীৰৰ বিকাশৰ বাবে আবশ্যক আদেশবোৰ অন্তর্ভুক্তথাকে।

ডি এন এ অণুবোৰ দেখিবলৈ এখন পাঁকখোৱা জখলাৰ দৰে যাক ডাবল হেলিক্স নামেৰে জনা যায়। জখলাৰ ধাপবোৰ গোৱানিন, চাইটোচিন এডেনিন আৰু থাইমিন নামৰ একোযোৰ যুৰীয়া অণু বা আধাৰৰ দ্বাৰা গঠিত।

গোৱানিন কেবল চাইটোচিনৰ লগতহে যোৰ খায়, আৰু এডেনিনৰ লগত থাইমিনৰ। প্রত্যেক মানৱ কোষত প্রায় ৩০০ কোটি মান আধাৰৰ এনেকুৱা যোৰা থাকে।

এটা কোষৰ ডি এন এ-ত ইমানেই তথ্য অন্তর্ভুক্ত হৈ আছে যে যদি প্রত্যেক আধাৰৰ প্রথম আখৰৰে আৰম্ভ কৰি চপা কৰিবলৈ লোৱা হয় তেন্তে ১৫ লাখতকৈ বেচি পৃষ্ঠাৰ তথ্য চপা হৈ ওলাব!

যদি এটা মুৰৰ লগত আনটো মুৰ লগ লগাই জোখা হয়, এটা মানব কোষৰ ডি এন এ-ৰ দৈর্ঘ্য৩ ৩/৩ ফুটৰ বা ১ মিটাৰ হয়।

যদি আমি এজন প্রাপ্তবয়স্কৰ ১০০X১০,০০০৩ লাখ কোষৰ ডি এন এ-ৰ আটাইবোৰ কুণ্ডলি খুলি দিব পাৰো তেন্তে এইবোৰ ৬৩০০ কোটি মাইলতকৈও বেচি প্রসাৰিত হব। এই দুৰত্ব পৃথিবীৰ পৰা সুর্য্যৰ দুৰত্বৰ ৩৪০ গূণ।

কোষ-বিভাজন

গর্ভসঞ্চাৰৰ প্রায় ২৪-ৰ পৰা ৩০ ঘণ্টাৰ পিচত, জাইগোটৰ প্রথম বিভাজন সম্পূর্ণ হয়। মাইটোচিচ (কোষ-বিভাজন) প্রক্রিয়াৰ দ্বাৰা এটা কোষ দুটাত বিভক্ত হয়, দুটা চাৰিটাত, আৰু এনেদৰে চলি থাকে।

আগতীয়া গর্ভাৱস্থা গূণক

গর্ভসঞ্চাৰ আৰম্ভ হোৱাৰ ২৪-ৰ পৰা ৪৮ ঘণ্টা নৌহওতেই, মাতৃৰ তেজত "আগতীয়া গর্ভাৱস্থা গূণক" নামৰ হৰমোন বিচাৰি উলিয়াই গর্ভাৱস্থা নিশ্চিত কৰিব পাৰি।

মোৰুলা আৰু ব্লাস্টোচিষ্ট

গর্ভসঞ্চাৰৰ ৩-ৰ পৰা ৪ দিনৰ পিচত ভ্রূণৰ বিভক্ত হোৱা কোষবোৰে গোলাকাৰ আকৃতি গ্রহণ কৰে আৰু ভ্রূণক তেতিয়া মোৰুলা(morula) বোলা হয়।

৪-ৰ পৰা ৫ দিনৰ ভিতৰত, কোষৰ এই গোলাৰ মাজত এটি ফাটল সৃষ্টি হয় আৰু ভ্রূণক তেতিয়া ব্লাস্টোচিষ্ট (blastocyst_ বুলি কোৱা হয়।

ব্লাস্টোচিষ্টৰ ভিতৰত থকা কোষবোৰক অন্তৰস্থ কোষ ভৰ বুলি কোৱা হয় আৰু ই মূৰ, শৰীৰ আৰু বিকশিত মানবৰ বাবে অত্যাৱশকীয় অঙ্গসমুহ সৃষ্টি কৰে।

মানুহৰ শৰীৰত থকা ২০০-ৰো অধিক প্রকাৰৰকোষ সৃষ্টি কৰাৰ ক্ষমতা থকাৰ বাবে অন্তৰস্থ কোষ বোৰৰ ভিতৰত থকা কোষক ভ্রূণসংক্রান্তঠাৰি কোষ বোলা হয়।

মানৱ কৰিওনিক গোনাদোট্রপিন

জৰায়ুমধ্যস্থ নলীয়েদি গতি কৰাৰ পিচত ভ্রূণৰ আগতীয়া ৰূপে মাতৃ জৰায়ুৰ ভিতৰৰ দেৱালত পোত খায় ধৰে। অধিৰোপন নামৰ এই প্রক্রিয়া গর্ভসঞ্চাৰৰ ৬ দিনৰ পিচত আৰম্ভ হয় আৰু ১০-ৰ পৰা ১২ দিনৰ পিচত অন্ত হয়।

বৃদ্ধি হোৱা ভ্রূণৰ কোষবোৰে মানৱ কৰিওনিক গোনাদোট্রপিন বা hCG নামৰ হৰমোন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে, যিটো পদার্থ প্রায়বোৰ গর্ভধাৰণ পৰীক্ষাত ধৰা পৰে।

HCG-এ মাটেমেল হৰমোনক সাধাৰণ মাহেকীয়া চক্রত ব্যঘাত জন্মাবলৈ নির্দেশ দি গর্ভধাৰণ আগবঢাবলৈ অনুমতি দিয়ে।

অধিৰোপণৰ পিচত, ব্লাস্টোচিষ্টৰ ওচৰে পাঁজৰে থকা কোষবোৰে প্লাচেন্টা (গর্ভৰ ফুল) নামৰ এক গাঁথনিৰ সৃষ্টি কৰে যিয়ে মাতৃ আৰু ভ্রূণসংক্রান্ত সঞ্চালন প্রণালীৰ মাজৰ এক অন্তবর্তী পৃষ্ঠ ৰূপে কাম কৰে।

গর্ভফুলে মাকৰ পৰা অক্সিজেন, খাদ্য হৰমোন, ঔষধ বাঢ়ি অহা মানৱলৈ যোগান ধৰে; সকলোবোৰ মল আতৰায় দিয়ে; আৰু মাকৰ তেজ ভ্রূণ আৰু গর্ভৰ তেজৰ লগত মিলিত হোৱাত বাধা দিয়ে।

গর্ভফুলে হৰমোন উত্‍পাদন কৰে আৰু মাকৰ তাপমানতকৈ ভ্রূণ আৰু গর্ভৰ তাপমান অলপমান বেচিকৈ ৰাখে।

বাঢ়ি অহা মানবৰ লগত নাভী সংলগ্ন নাড়ীৰ মাধ্যমেৰে গর্ভফুলে সংযোগ স্থাপন কৰে।

গর্ভফুলৰ জীৱন প্রতিপালন কৰাৰ ক্ষমতা আধুনিক চিকিৎসালয়ত দেখিবলৈ পোৱা অবিশ্রান্ত যত্ন একক ৰ লগত তুলনা কৰিব পাৰি।

পৰিপুষ্টি আৰু সুৰক্ষা

১ সপ্তাহৰ ভিতৰতে অভ্যন্তৰ কোষ ভৰৰ কোষবোৰে হাইপোব্লাস্ট আৰু এপিব্লাস্ট নামৰ দুটা স্তৰ সৃষ্টি কৰে।

হাইপোব্লাস্টে কুহুমৰ মোনাৰ সৃষ্টি কৰে যাৰ মাজেৰে মাতৃয়ে ভ্রূণৰ আগতীয়া অৱস্থাত খাদ্য যোগান ধৰে।

এপিব্লাস্টৰ কোষবোৰে এমনিয়ন নামৰ এক পাতল পর্দাৰ সৃষ্টি কৰে যাৰ ভিতৰত জন্ম নোহোৱালৈকে ভ্রূণ আৰু পাচত গর্ভৰ বিকাশ হয়।

প্রায় ২ ১/২ সপ্তাহমানৰ পাচত এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ পাতল কোষ-ছাল বা এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম নামৰ পাতল কোষ-ছাল গঠন কৰে।

এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ যেনেদৰে মস্তিষ্ক মেৰুদণ্ড স্নায়ু ছাল নখ আৰু চুলি ইত্যাদি সৃষ্টি কৰে।

এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে আৰু প্রধান অঙ্গবোৰ যেনেদৰে কলিজা আৰু গঠন কৰে।

মেচোডার্মে হৃদয়, মূত্রাশয়, হাড়, কোমলাস্থি, মাংসপেশী, তেজৰ কণিকা, আৰু অন্য গাঁথনিবোৰ গঠন কৰে।

৩ সপ্তাহ হওতে মস্তিষ্ক ৩টা প্রাথমিক ভাগত বিভক্ত হয় যিবোৰৰ নাম পূর্বমস্তিষ্ক, মধ্যমস্তিষ্ক, আৰু পশ্চাদ্স্তিষ্ক।

শ্বাস-নিশ্বাস প্রণালী আৰু পাচনতন্ত্রৰ বিকাশো লগতে চলি থাকে।

যেতিয়া তেজৰ প্রথম কণিকাবোৰ কুহুম মোনাত দেখা দিয়ে, সম্পূর্ণ ভ্রূণত তেজৰ নলাবোৰ গঠন হয়, আৰু নলাকৃতিৰ হৃদয়খন প্রকাশ পায়।

প্রায় লগেলগে, দ্রুতভাবে বৃদ্ধি পোৱাহৃদয়খন নিজৰ ওপৰতে বেলেগ বেলেগ কোঠালীত ভাঁজ খাই বিকাশ হবলৈ ধৰে।

গর্ভসঞ্চাৰৰ ৩ সপ্তাহ আৰু এদিনৰ পাচত হৃদয়খন ধপধপাবলৈ আৰম্ভ কৰে।

ৰক্ত সঞ্চালন প্রণালীয়েই শৰীৰৰ প্রণালী বা সম্পর্কীয় অঙ্গবোৰৰ সমষ্টি যি প্রথমে কাম কৰিব পৰা স্থিতি লাভ কৰে।

৩ আৰু ৪ সপ্তাহৰ ভিতৰত শৰীৰৰ নক্সা প্রকাশ হয় যেতিয়া ভ্রূণৰ মস্তিষ্ক, মেৰুদণ্ড, আৰু হৃদয়খন কুহুম মোনাৰ কাষত সহজতে চিনাক্ত কৰিব পাৰি।

খৰতকীয়া বিকাশৰ ফলত আপেক্ষিক ভাবে সমতল ভ্রূণত ভাজ লাগি যায়। এই প্রক্রিয়ায় পাচনতন্ত্রৰ চামনিখনৰ ভিতৰত কুহুমৰ মোনাখন সংলগ্ন কৰে আৰু বিকাশিত মানবৰ বুকু আৰু পেটৰ গর্ত গঠন কৰে।

এননিওটিক ফ্লুইড

৪ সম্তাহ হওতে পৰিষ্কাৰ এম্নিঅনে তৰল পদার্থৰে পূর্ণ মোনাৰ ভিতৰত ভ্রূন আবৰি ধৰে। এই এননিওটিক ফ্লুইড নামৰ জীবাণুমুক্ত জুলীয়া পদার্থই ভ্রূণক আঘাতৰ পৰা ৰক্ষা কৰাৰ ব্যবস্থা কৰে।

বৈশিষ্ট্য অনুযায়ী হৃদয় মিনিটত ১১৩ বাৰ স্পন্দণ কৰে।

লক্ষ্য কৰিবলগীয়া কথা হৈছে তেজ প্রতি কোঠালীত প্রবেশ কৰাৰ ফলত হৃদয়ৰ ৰঙ কেনেকৈ সলনি হয়।

জন্মৰ আগতে হৃদয় প্রায় ৫৪০ লক্ষ্য বাৰ আৰু এক ৮০ বছৰীয়া জীৱন কালত প্রায় ৩২০ কোটি বাৰ স্পন্দণ কৰে।

মস্তিষ্কৰ বিকাশ

Image result for brain development in infants pictures

পূর্বমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাদমস্তিষ্কৰ সলনি হৈ থকা আকৃতিৰ দ্বাৰা মস্তিষ্কৰ দ্রুত বিকাশ প্রমানিত হয়।

৪ সপ্তাহৰ পাচত অঙ্গ-প্রত্যঙ্গৰ কলি হেন আবির্ভাবৰ লগতে উর্ধ্ব আৰু নিম্ন অঙ্গ-প্রত্যঙ্গৰ বিকাশ আৰম্ভ হয়।

কেবল এক কোষপৰিমান ডাঠ হোৱাৰবাবে এই সময়ত ছালখন দেখিবলৈ স্বচ্ছ।

ছালখন ডাঠ হৈ অহাৰ লগে-লগে, ইয়াৰ স্বচ্ছতা লোপ পাবলৈ ধৰে, যাৰ দ্বাৰা আমি ইয়াকে বুজিব পাৰো য়ে এতিয়াৰ পৰা আমি শৰীৰৰ ভিতৰৰ অঙ্গ-প্রত্যঙ্গৰ বিকাশ প্রায় এমাহলৈহে মাথো দেখা পাম।

৪ আৰু ৫ সপ্তাহৰ ভিতৰত, মস্তিষ্কৰ বিকাশ দ্রুত গতিৰে হৈ থাকে আৰু ৫ টা স্বতন্ত্র ভাগত বিভক্ত হয়।

ভ্রণৰ প্রায় ১/৩ অংশৰ দ্বাৰা মূৰৰ গঠন হয়।

ক্রমান্বয়ে গুৰুমস্তিষ্কৰ গোলার্ধ প্রকট হৈ উঠে, আৰু মস্তিষ্কৰ বৃহত্তম অঙ্গ ৰূপে পৰিগণিত হয়।

অৱশেষত গুৰুমস্তিষ্কৰ দ্বাৰা নিয়ন্ত্রিত হোৱা বিভিন্ন কার্য্যবোৰ হল বিচাৰবুদ্ধি, শিক্ষা, স্মৃতি, বাকশক্তি, দৃষ্টি, শ্রবণ, স্বেচ্ছাকৃত চলন, আৰু সমস্য-সমাধান।

শ্বাস-নিশ্বাস প্রণালীতে, সৌঁ আৰু বাও হাতৰ প্রধান দণ্ডকায়শ্বাস-নলীদ্বয়থাকে আৰু কালক্রমে ই ট্রেচিয়া অথবা শ্বাসনলী, হাঁওফাঁওৰ লগত সংযুক্ত কৰিব।

লিভাৰ আৰু কিডনি

বিৰাট যকৃতে পেটক পৰিপূর্ণ কৰাটা লক্ষ্য কৰক বৃহত্‍ যকৃত্‍খন লক্ষ্য কৰক।

৫ সপ্তাহৰ ভিতৰত স্থায়ী মূত্রাধাৰ প্রকট হয়।

জীবাণু কোষ নামৰ আগতীয়া পুনৰূত্‍পাদী কোষবোৰ কুহুম মোনাত অন্তর্ভুক্ত হয়। ৫ সপ্তাহৰ ভিতৰত এই জীবাণু কোষবোৰ মূত্রাশয়ৰ কাষত থকা পুনৰুত্‍পাদী অঙ্গবোৰলৈ প্রব্রজন কৰে।

৫ সপ্তাহৰ ভিতৰতে, ভ্রূণে হাতৰ ফলিবোৰ বিকাশ কৰে আৰু ৫ ১/২ সপ্তাহৰ ভিতৰত কোমলাস্থিবোৰৰো গঠন আৰম্ভ হয়।

ইয়াত আমি ৫ আৰু ৬ সপ্তাহৰ পাচৰ বাঁও হাতৰ ফলি আৰু হাতৰ সৰু গাঁঠি দেখিবলৈ পাইছোঁ।

৬ সপ্তাহৰ ভিতৰত গুৰুমস্তিষ্কৰ গোলার্ধ মস্তিষ্কৰ আন অঙ্গৰ তুলনাত অসমানুপাতিক ভাবে বৃদ্ধি হবলৈ ধৰে।

ভ্রূণে স্বত:ফূর্ত আৰু অনৈচ্ছিক ভাবে চলাচল কৰিবলৈ আৰম্ভ কৰে। এনে ধৰণৰ চলাচল স্নায়ু-পেশীৰ স্বাভাবিক বিকাশৰ বাবে আবশ্যক।

মুখমণ্ডলত স্পর্শ কৰিলে ভ্রূণে আপোনাআপুনি মূৰটো কোঁচ খুৱাই দিয়ে।

বাহ্যিক কানে আকাৰ লাভ কৰিবলৈ আৰম্ভ কৰে।

৬ সপ্তাহৰ ভিতৰত, যকৃত্‍ৰ ভিতৰত তেজৰ কণিকাবোৰ গঠন হবলৈ ধৰে যত এতিয়া লিম্ফোচাইটবোৰে স্থান লাভ কৰে। এনে ধৰণৰ শুভ্র ৰক্ত কণিকা অসংক্রাম্য পদ্ধতি বিকাশ হোৱাৰ এক মূল উপাদান।

সাধাৰণতে ৬ সপ্তাহৰ ভিতৰতে উশাহ লওতে ব্যবহাৰ হোৱা মুখ্য মাংসপেশী, মধ্যচ্ছদাৰ গঠন হয়।

অন্ত্রৰ এক অংশ সাময়িক ভাবে নাভী সংলগ্ন নাড়ীয়েদি বাহিৰলৈ ওলাই আহে। ফিজিওলজিক হেমিয়েশ্বন নামৰ প্রক্রিয়ায় তলপেটৰ ভিতৰত অন্য বিকাশমুখী অঙ্গসমুহৰ বাবে ঠাই উলিয়ায় দিয়ে।

৬ সপ্তাহৰ অন্তত হাতৰ ফলিবোৰে এক অস্পষ্ট চেপেটা অঙ্গ বিকাশ কৰে।

৬ সপ্তাহ আৰু ২ দিনৰ পাচতেই মস্তিষ্ক তৰঙ্গ ৰেকর্ড কৰিব পৰা গৈছে।

বুকুৰ সন্মুখত অবস্থান গ্রহণ কৰাৰ আগতেই শৰীৰৰ কাষত স্তনবৃন্ত প্রকট হৈ ওলায় আহে।

৬ ১/২ সপ্তাহতেই কিলাকুটী পৰিষ্কাৰকৈ দেখা পোৱা যায়, আঙুলিবোৰ পৃথক হয়, আৰু হাতৰ চলাচল দেখা যায়।

ডিঙিৰ হাড় বা ক্লাভিকল আৰু ওপৰৰ আৰু তলৰ হনুৰ হাড়ৰ ভিতৰত হাড়ৰ গঠন বা অচ্চিফিকেশ্বন আৰম্ভ হয়।

৭ সপ্তাহৰ পাচতে হিঁকতি অহা দেখা গৈছে।

আকস্মিক সঁহাৰিৰে সৈতে ভৰিৰ চলাচল এতিয়া দেখিব লৈ পোৱা যায়।

৪-কোঠালিৰ হৃদয়খন প্রায় সম্পূর্ণকৈ গঠন হৈছে। এতিয়া হৃদয়ে প্রতি মিনিটত গড়ে ১৬৭ বাৰ স্পন্দন কৰে।

৭ ১/২ সপ্তাহত ৰেকর্ড হোৱা হৃদয়ৰ বৈদ্যুতিক কার্য্যকলাপে প্রাপ্তবয়স্কৰ দৰে তৰঙ্গৰ আর্হি দেখুৱায়।

স্ত্রীলিঙ্গৰ ক্ষেত্রত, ডিম্বাশয় 7 সপ্তাহতে চিনাক্ত কৰিব পাৰি।

৭ ১/২ সপ্তাহত, ৰঙ বোলোৱা চকুৰ অক্ষিপট সহজতে দেখা পোৱা যায় আৰু চকুৰ পতাৰ দ্রুত বিকাশ হবলৈ আৰম্ভ কৰে।

ভৰিৰ আঙুলি

আঙুলিবোৰ পৃথক আৰু ভৰিৰ আঙুলিবোৰ গুজিতহে লগ লাগি থাকে।

এতিয়া ভৰি দুটাৰ দৰে হাত দুটাও একেলগ হব পাৰে।

আঁঠুৰ গাঁঠিও গঠন হয়।

মস্তিষ্কৰ বিকাশ

৮ সপ্তাহৰ অন্তত মস্তিষ্কই অতিকৈ বিকাশ লাভ কৰে ইয়াৰ ওজন ভ্রূণৰ সম্পূর্ণ ওজনৰ প্রায় আধা মানেই হয়গৈ।

বিকাশৰ হাৰ অসাধাৰণ ভাবে বৃদ্ধি হয়।

৮ সপ্তাহত ভ্রূণৰ ৭৫% অংশই সোঁ-হাতৰ প্রাধান্য প্রদর্শন কৰে। বাকী অংশ সমান ভাবে বাও-হাতৰ প্রাধান্য আৰু কোনো অগ্রাধিকাৰ নথকাৰ মাজত বিভক্ত হয়। এয়ে হৈছে সোঁ হাত আৰু বাও হাতৰ আচৰণৰ আটাইতকৈ আগতীয়াকৈ পোৱা প্রমাণ।

শিশুৰোগ চিকিৎসা সংক্রান্ত পাঠ্যপুথিবোৰত জন্ম হোৱাৰ ১০-ৰ পৰা ২০ সপ্তাহৰ পাচত "বাগৰ মৰা" ক্ষমতা দেখা যায় বুলি বর্ণনা কৰা হৈছে। কিন্তু, এই আকর্ষনীয় সমন্বয় এমনিওটিক মোনাৰ তৰল পদার্থ পূর্ণ নিম্ন মাধ্যাকর্ষণ শক্তিৰ পৰিবেশত বহু আগতেই দেখা যায়। কেবল জৰায়ুৰ বাহিৰত থকা উচ্চ মাধ্যাকর্ষণ শক্তিক অতিক্রম কৰিবলৈ আৱশ্যক হোৱা শক্তি নথকা বাবেহে নবজাতকে চকাচুৱাই বাগৰ মাৰিব নোৱাৰে।

এই সময়চোৱাত ভ্রূণ শাৰীৰিক ভাবে আগতকৈ বেচি সক্রিয় হৈ উঠে।

চলাচলবোৰ ধীৰ বা দ্রুত, এক বা বাৰংবাৰ, স্বত:স্ফূর্ত বা আত্মপ্রত্যাবর্ত্তনশীল হব পাৰে।

মূৰৰ আবর্তন, ডিঙিৰ বৃদ্ধি, আৰু হাতৰ লগত মুখৰ সম্পর্ক বেচি সঘনাই হবলৈ ধৰে।

ভ্রূণক চুলে চকু ‌‌‌‌‌কেঁৰা কৰা, থুতৰি লৰাচৰা হোৱা, থপিউৱা ভঙ্গি কৰা আৰু ভৰিৰ আঙুলিৰে ইঙ্গিত কৰা আদি ঘটে।

৭ আৰু ৮ সপ্তাহৰ ভিতৰত ওপৰৰ আৰু তলৰ চকুৰ পতা চকুৰ ওপৰত বিকাশ হবলৈ ধৰে আৰু আংশিক ভাবে লগ লাগি যায়।

যদিও জড়ায়ুৰ ভিতৰত বায়ু নাই, ৮ সপ্তাহত ভ্রূণে মাজে মাজে উশাহ লোৱাৰ ভঙ্গি প্রদর্শনকৰে।

এই সময়তে, মুত্রাশয়ে পেচাব উত্পাদন কৰিবলৈ লয় যি এমনাওটিক তৰললৈ নির্গত হয়।

পুৰুষ ভ্রণত বিকশিত পতীক্ষাবোৰে টেষ্ট'ষ্টাৰোন উত্পাদন আৰু বন্ধ মুক্ত কৰিবলৈ আৰম্ভ কৰে৷

অঙ্গপ্রত্যঙ্গৰ হাড়, গাঁঠি, আঁহপাহ আৰু ৰক্ত বাহিকাবোৰ প্রাপ্ত বয়স্কলোকৰ ওচৰত নিবিড়ভাবে একে যেন লাগে৷

8 সপ্তাহমানৰ ভিতৰত মাখিছাল বা বাহিৰৰ ছাল তাৰ স্বচ্ছতা হেৰুৱাই বহু-তৰপীয়া চর্মপ্রদ হৈ পৰে৷

মুখমণ্ডলৰ চাৰিওপিনে চুলি গজিলে চকুচেলাউৰি বৃদ্ধি হয়৷

আঁঠ সপ্তাহত ভ্রুণ সম্বন্ধীয় কাল সমাপ্ত হয়৷

এই সময়ত মানুহৰ ভ্রুণ এটা একক জীৱকোষ প্রায় ১ কোটি জীৱকোষলৈ বৃদ্ধি হয় যি ৪,০০০ দেহতাত্ত্বিক আকাৰ গঠন কৰে৷

এতিয়া ভ্রুণটোৱে প্রাপ্ত বয়স্কমানুহৰ গাত থকা আকাৰৰ ৯০% তকৈ অধিক দখল কৰে৷

জন্ম নোহোৱা পর্য্যন্ত ভ্রুন সম্বন্ধীয় পর্যায় অবিৰামভাৱে চলি থাকে৷

৯ সপ্তাহমানৰ ভিতৰতে বুঢ়া আঙুলি চোহা আৰম্ভ হয় আৰু ভ্রুণে গর্ভঝিলিক তৰল পদার্থ গিলিব পাৰে৷

ভ্রুণে এটা বস্তুক খামুচি ধৰিব আৰু মূৰটো আগলৈ আৰু পিচলৈ লৰাবও পাৰে, চুয়াল খুলিব আৰু বন্ধ কৰিব, জিভাখন লৰাব, দীঘল উশাহ লব আৰু বঢ়াব পাৰে৷

মুখমণ্ডলত স্নায়ু অনুভূতিগ্রাহী ইন্দ্রিয়, হাতদুটাৰ তলুৱা আৰু ভৰিৰ তলুৱাই অলপ চুলেই গম পাব পাৰে৷

"ভৰিব তলুৱাত অলপ স্পর্শ কৰিলেই" ভ্রুণে তপিনা আৰু আঠু ঘূৰাব আৰু ভৰিৰ তলুৱা বেঁকা কৰিব পাৰে৷

এতিয়া চকুৰপতা দুটা সম্পূর্ণ বন্ধ৷

শ্বাসনলীৰ উর্দ্ধভাগত মৌখিক সন্ধি বন্ধৰ আৱির্ভাবে মৌখিক ৰজ্জুসদৃশ বিকাশৰ সংকেত দিয়ে৷

স্ত্রীৰ ভ্রুণবোৰত জৰায়ু চিনিব পৰা হয় আৰু অণ্ড সৃষ্টি পৰিপক্ক নামৰ অপৰিপক্ক প্রজনন সম্বন্ধীয় জীৱকোষে ডিম্বাশয়ৰ ভিতৰত প্রতিৰুপ সৃষ্টি কৰে৷

বাহিৰৰ জননেন্দ্রিয়ই পুৰুষ বা স্ত্রী হিচাপে নিজকে প্রভেদ কৰিবলৈ আৰম্ভ কৰে৷

আৰু ৯ আৰু 10 সপ্তাহৰ ভিতৰত শৰীৰৰ ৭৫ % ওজন বৃদ্ধি হয়৷

১০ সপ্তাহমানৰ পিচত, ওপৰৰ চকুৰ পতাৰ সজীৱতাই চকুৰ আবর্ত্তন নিন্মাভিমুখী কৰে৷

ভ্রুণে হামিয়ায় আৰু মুখখন মেলে আৰু বন্ধ কৰে৷

অধিকাংশ ভ্রুণে সোহাতৰ বুঢ়া আঙুলিটো চোহে৷

নাড়ী সম্বন্ধীয় ৰজ্জুৰ ভিতৰত পেটৰ নাড়ীৰ খণ্ডবোৰ উদৰ সম্বন্ধীয় ৰন্ধ্রলৈ ঘুৰি আহে৷

অধিকাংশ হাঁড়ত অস্থিৰ উত্পত্তি আৰম্ভ হয়৷

হাত আৰু ভৰি আঙুলি নখৰ বিকাশ হয়৷

উর্ব্বৰতা বৃদ্ধি-কৰণৰ কেই ১০ সপ্তাহমানৰ পিচত একক আঙুলি চাপে দেখা দিয়ে৷ এই আর্হিবোৰক চিনাক্তিৰ কাৰণে গেটেই জীৱনটোত ব্যৱহাৰ কৰিব পাৰি৷

১১ সপ্তাহমানৰ ভিতৰত নাক আৰু ওঠ সম্পূর্ণৰুপে গঠন হয়৷ শৰীৰৰ অন্যান্য অংশৰ সৈতে মানৱজীৱণ চক্রৰ প্রত্যেকটো স্তৰতে সেইবোৰৰ আকৃতিৰ পৰিবর্ত্তন হয়৷

পাকস্থলীয়ে ভ্রুণে গিলা গ্লুকোচ আৰু পানী সুহিবলৈ আৰম্ভ কৰে৷

যদি উর্ব্বৰতা কৰণত লিঙ্গক স্থিৰ কৰা হয়, বাহিৰৰ জননেন্দ্রিৰ এতিয়া পুৰুষ বা স্ত্রীৰ প্রভেদ স্খিৰ কৰা হয়৷

১১ আৰু ১২ সপ্তাহৰ মাজত, ভ্রুণৰ ওজন ৬০% বৃদ্ধি হয়৷

বাৰ সপ্তাহে গর্ভাৱস্থাৰ প্রথম তৃতীয় বা ত্রৈমাসিকৰ সমাপ্তিক চিহ্নিত কৰে৷

এতিয়া স্বাদ আৰম্ভনিয়ে মুখৰ ভিতৰত নির্দিষ্টভাবে আবৰি ধৰে৷ জন্মৰ পিচত স্বাদ আৰম্ভণি মাত্র জিভা আৰু মুখৰ ভিতৰত ওপৰ অংশ অর্থাত্ তালুত থাকি যাব৷

নাড়ী-ভুৰুৰ গতি ১২ সপ্তাহৰ আগতেই আৰম্ভ হয় আৰু ৬ সপ্তাহো একেৰাহে চলি থাকে৷

ভ্রুণ আৰু নতুন কোষ্ঠৰ পৰা বাহিৰ কৰা বস্তুবোৰক ভ্রুণ বিষ্ঠা কোৱা হয়৷ ই হজম সম্বন্ধীয় পাচক ৰস, প্রোটিন আৰু একক কার্যকৰা কার্য সমূহ আৰু মৃতকোষবোৰৰ সমষ্টি৷

১২ সপ্তাহমানৰ ভিতৰত, ওপৰৰ অঙ্গ প্রত্যঙ্গৰ দৈর্ঘ্যই শৰীৰ আকাৰৰ প্রায় অন্তিম অনুপাতৰ ওচৰ পায়৷ তলৰ অঙ্গ প্রত্যঙ্গই শেষ অনুপাত পাবলৈ বেচি সময় লয়৷

মূৰৰ পিচফালে আৰু ওপৰ ভাগৰ বাহিৰে এতিয়া গোটেই ভ্রুণে ছুলেই গম পায়৷

লিঙ্গ-নির্ভৰশীলতা বিকাশ সম্বন্ধীয় পার্থক্যবোৰক প্রথমবাৰ দেখা যায়৷ উদাহৰণ স্বৰুপে, স্ত্রী ভ্রুণে দাঁতৰ মাৰিৰ গতিক পুৰুষ ভ্রুণ গতিতকৈ বেচি ঘনেঘনে প্রদর্শন কৰে৷

আগতে দেখা অপসৰন সহাঁৰিৰ বিপৰীতে, এতিয়া মুখৰ ওচৰত উদ্দীপনাই উত্তেজনা আৰু মুখৰ মুকলি অংশত এটা আৱর্ত্তন সৃষ্টি কৰে৷ সেই সহাঁৰিটোক "শিপা ওলোৱা প্রতিবিম্ভ" কোৱা হয় যি জন্মৰ পিচত টিকি থাকে আৰু মাকৰ পিয়াহৰ গাখীৰ খোৱাৰ সময়ত নৱজাত শিশুটোৱে মাকৰ স্তনবৃন্তটো বিচাৰি পায়৷

মুখমণ্ডলে একেৰাহে পৰিপক্ক কৰি থাকে যিহেতু চর্বীয়ে গাল দুখনক পূৰঠ কৰে আৰু দাঁতৰ বিকাশ আৰম্ভ হয়৷

১৫ সপ্তাহমাণৰ পিচত তেজ গঠন কৰা ঠাৰি সদৃশ জীৱকোষে দেখা দিয়ে আৰু অস্থিসজ্জাত পূৰণ কৰে৷ অধিকাংশ ৰক্তকোষ গঠন ইয়াত হয়৷

যদিও দুর্ব্বল ভ্রুনত ৬ সপ্তাহমানৰ গতি আৰম্ভ হয়, এগৰাকী গর্ভৱতী স্ত্রীয়ে ভ্রুণ সম্বন্ধীয় গতিৰমাজত ১৪ আৰু ১৮ সপ্তাহৰ ভিতৰত অনুভৱ কৰে৷ পৰম্পৰাগত ভাৱে, এই ঘটনাটোক পুনর্জীৱনদান কোৱা হয়৷

১৬ সপ্তাহমানৰ ভিতৰত ভ্রুণৰ তপিনাত এটা বেজী দিলে তেজৰ সোঁতালৈ এটা ই নোৰাড্রেনেলাইন বা বা নোৰেপিনেট্রাইন মুকলি কৰি এটা হৰমোন সম্বন্ধীয় চাপৰ সহাঁৰি দিয়ে৷ নৱজাত আৰু বয়সস্থলোকে বিয়পি পৰা কার্য-পদ্ধতিলৈ এটা একেধৰনৰ সাহাঁৰি প্রদর্শন কৰে৷

নিশ্বাস - প্রশ্বাস পদ্ধতিত শ্বসনীয় গছ জোপা এতিয়া প্রায় সম্পূর্ণ হ'ল৷

ভার্মিক্স কাচিওচা নামৰ এটা সংৰক্ষক বস্তৱে এতিয়া গর্ভস্থ ভ্রুণক ৰক্ষা কৰে৷ ভার্মিক্সে গর্ভঝিল্লি সম্বন্ধীয় তৰল পদার্থৰ প্রদাহযুক্ত ফলৰ পৰা ছালক ৰক্ষা কৰে৷

১৯ সপ্তাহৰ পৰা উশাহ লোৱা কার্য-কলাপ আৰু হৃদয়ৰ স্পন্দন হাৰে চার্কাডিয়ান অনুক্রম নামৰ দৈনিক আবর্তন অনুসৰণ কৰিবলৈ আৰম্ভ কৰে৷

২০ সপ্তাহৰ ভিতৰত শ্রৱণ শক্তিৰ ইন্দ্রিয় কর্ণকম্বুয়ে কাণৰ ভিতৰত সম্পূর্ণৰুপে বিকশিত বয়স্ক আকাৰ ধাৰণ কৰে৷ এতিয়াৰ পৰা ভ্রুণে ধ্বনিৰ এটা বৃদ্ধি হোৱা পৰিসৰক উত্তৰ দিব৷

মূৰৰ ছালত চুলি গজিবলৈ আৰম্ভ কৰে৷

চুলিৰোম কূপ আৰু ৰস গ্রন্থিকে লৈ সকলো ছাল তৰপ আৰু আকাৰ বিদ্যমান৷

গর্ভৱতীকৰণৰ ২১-২২ দুসপ্তাহৰ ভিতৰত, ফুচফুচে উশাহ লবলৈ কিছুমান ক্ষমতা পায়৷ ইয়াক বাচি থকাৰ সাধ্যতাৰ বয়স বিবেচনা কৰা হয় কাৰণ কিছুমান ভ্রুণৰ কাৰণে গর্ভৰ বাহিৰত জীয়াই থকাটো সম্ভৱ হয়৷ মেডিকেল উন্নতিৰ এটা সুদীর্ঘ উত্তৰাধিকাৰ সূত্রই নির্দিষ্ট সময়ৰ আগতে জন্মহোৱা কেচুৱাৰ জীৱনৰ বচাই ৰখা সম্ভৱ কৰিছে৷

২৪ সপ্তাহমানৰ ভিতৰত চকুৰ পতা খোলে আৰু ভ্রুণে এটা চকুৰ টিপ জিকাৰ প্রদর্শন কৰে৷ ডাঙৰ শব্দৰ প্রতি এই প্রতিক্রিয়াটো গতানুগতিকভাবে স্ত্রী ভ্রুণত আগতে বিকাশ ঘটে৷

অনেক গৱেষকে ডাঙৰ শব্দৰ প্রতি উন্মোচনে ভ্রুণৰ স্বাস্থ্যৰ ওপৰত বিৰুপ প্রভাৱ বিস্তাৰ কৰিব পাৰে বুলি কয়৷ তত্ক্ষনাত পৰিণাম হল সুদীর্ঘ বর্দ্ধিত হৃদপিন্ড স্পন্দন হাৰ, অত্যন্ত ভ্রুণ সম্বন্ধীয় গলাধঃ কৰণ আৰু আকস্মিক আচৰণ সম্বন্ধীয় পৰিবর্ত্তন৷ দীর্ঘকাল পৰিণাম সম্ভবনীয় শ্রবণ শক্তি হানি৷

ভ্রুণ সম্বন্ধীয় উশাহলোৱা হাৰ প্রতি মিনিটত নাক আৰু মুখেৰে উশাহ ৪৪ টানিলোৱা - উশাহ বাহিৰ কৰাৰ দৰে বেচি হব পাৰে৷

গর্ভাৱস্থাৰ তিনিমাহৰ ভিতৰত দ্রুত মগজু বৃদ্ধিয়ে ভ্রুণে ব্যৱহাৰ কৰা শক্তিৰ ৫০ % তকৈ অধিক ক্ষয় কৰে৷ মস্তিষ্ক ওজন বৃদ্ধি হয় ৪০০ আৰু ৫০০ শতাংশত ভিতৰত হয়৷

২৬ সপ্তাহমানৰ ভিতৰত চকুৰ পৰা চকু-লো ওলায়৷

চকুৰমনিয়ে পোহৰৰ প্রতি সোনকালেই ২৭ সপ্তাহমানৰ প্রতিক্রিয়া প্রদর্শন কৰে৷ এই প্রতিক্রিয়াই গোটেই জীৱনটোত অক্ষিপটলৈ যোৱা পোহৰক নিয়মিত কৰে৷

ঘ্রান শক্তিয়ে কাম কৰিবৰ কাৰণে আৱশ্যক সকলো উপাদান কার্যকৰণ সম্বন্ধীয়৷ জন্মহোৱা কেচুৱাৰ অধ্যয়নে গর্ভৱতী কৰণৰ পিচত কেৱা সপ্তাহৰ আগতে কেছুৱাই ঘ্রাণ শক্তি আহৰণৰ কৰা ক্ষমতাক বিদিত কৰে৷

এটা সোৱাদ বস্তুক গর্ভঝিলি সম্বন্ধীয় জলীয় পদার্থত ৰাখিলে ভ্রুন সম্বন্ধীয় গিলাব হাৰ বৃদ্ধি হয়৷ তাৰ বিপৰীতে হ্রাস হোৱা ভ্রুণ সম্বন্ধীয় গিলাব হাৰ বৃদ্ধি হয় ৷ পৰিবর্ত্তন কৰা মুখমণ্ডল সম্বন্ধীয় প্রকাশে ঘনে ঘনে অনুসৰণ কৰে৷

খোজ কঢ়া ধৰণৰ পদক্ষেপৰ নিচিনা ভৰিৰ গতিৰ এটা অনুভূতিৰ যোগেদি ভ্রুণে খৰ বাগৰ মাৰে৷

ভ্রুণক কম সংকুচিত দেখা যায় যিহেতু ওপৰঞ্চি চর্বী ছালৰ তলত জমা হয়৷ জন্মৰ পিচত শৰীৰ তাপমান আৰু শক্তিক ৰক্ষনাবেক্ষণ কৰাত চর্বীয়ে এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷

২৮ সপ্তাহ মানত ভ্রুণে উচ্চ আৰু নিম্ন শব্দৰ মাজত থকা পার্থক্যটো বুজিব পাৰে৷

৩০ সপ্তাহমানত উশাহলোৱা গতি অধিক স্বাভাবিক হয় আৰু এটা সাধাৰণ ভ্রুণত সময়ৰ ৩০ -৪০% হয়৷

গর্ভাৱস্থাৰ শেষ ৪ মাহত ভ্রুণে মাজেমাজে জিৰণিৰ সৈতে সমন্বয়যুক্ত কার্যকলাপৰ সময় প্রদর্শন কৰে৷ এই আচৰণ সম্বন্ধীয় অৱস্থাই কেন্দ্রীয় স্নায়ু প্রণালী সম্বন্ধীয় পদ্ধতিৰ জটিলতা সদায় বৃদ্ধি কৰে৷

৩২ সপ্তাহমানৰ ভিতৰত ফুচফুচত আচল সৰু ছিদ্র বা বায়ু "জালিমোনা" বিকাশ হবলৈ আৰম্ভ কৰে৷ সেইবোৰ জন্মৰ পিচত ৮ বছৰ মানলৈকে একেৰাহে চলি থাকিব৷

৩৫ সপ্তাহমানত ভ্রুণৰ হাতৰ খামোচ টো টান হয়৷

জন্মৰ পিচত বিভিন্ন বস্তুৰ প্রতি ভ্রুন সম্বন্ধীয় উন্মোচনে সুগন্ধ অগ্রাধিকাৰক প্রভাৱিত কৰে৷ উদাহৰণ স্বৰুপে, যিবোৰ ভ্রুণৰ মাক বিলাকে চফ খায় জন্মৰ পিচত কেচুৱাইও চফ খাবলৈ ভাল পায়৷ নৱজাত কেচুৱাই বিনা ভ্রুণসম্বন্ধীয় উন্মোচনত চফ খাবলৈ ভাল নাপায়৷

ভ্রুণে এস্ট্রজেন নামৰ বহু পৰিমানৰ হৰমোন মুকলি কৰি শ্রম আৰম্ভ কৰে আৰু এনেকৈ ভ্রুণৰ পৰা নতুন জন্ম হোৱা কেচুৱাটোলৈ পৰিবর্তন কৰে৷

জৰায়ুৰ দ্বাৰা শক্তিশালী সংকোচনৰ ফলত শ্রমৰ দ্বাৰা শিশুৰ জন্ম হয়

গর্ভৱতীকৰণৰ পৰা জন্মলৈকে আৰু তাৰ পিচতো মানুহৰ বিকাশ পৰিবর্তনশীল নিৰবচ্ছিন্ন আৰু জটিল এই চিত্তাকর্ষক নতুন আৱিস্কাৰে গোটেই জীৱন স্বাস্থ্যৰ দেখুবায় গুৰুত্বপূর্ণ বিকাশৰ প্রভাব প্রদর্শন কৰে৷

যিহেতু আমাৰ মানুহৰ স্বাস্থ্য সম্বন্ধীয় আমাৰ বুজাবুজি উন্নতি হৈছে৷ তেনেকৈয়ে স্বাস্থ্যৰ বৃদ্ধি কৰিবলে আমাৰ ক্ষমতাও জন্ম আৰু তাৰ আগতে বৃদ্ধিক৷

উৎস: এনডোমেন্ট ফৰ হিউমেন লাইফ।

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate