অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বন্ধ্যাত্ব

একেষাৰে বন্ধ্যাত্ব শব্দটোৰে সন্তান উৎপাদনৰ অক্ষমতাকে বুজোৱা হয়। ইংৰাজী Infertility আৰু Sterility শব্দ দুটাই সাধাৰণ কথাত একে অৰ্থই বহন কৰে। বিশদাৰ্থত আলোচনা কৰি ক’বলৈ গ’লে কোনো ধৰণৰ জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ সহায় নোলোৱাকৈ এক দম্পতীয়ে এবছৰ ধৰি যৌন মিলনৰ মাধ্যমেৰে চেষ্টা কৰি থকা সত্বেও গৰ্ভ সঞ্চাৰ নোহোৱাটোকে প্ৰকৃতাৰ্থত বন্ধ্যাত্ব বুলি কোৱা হয়। উপযুক্ত বয়সৰ এজন সুস্থ স্বামী আৰু এগৰাকী সুস্থ স্ত্ৰীৰ দৈহিক মিলন ঘটিলেও বিছৰা মাত্ৰকে গৰ্ভ সঞ্চাৰ নহ’ব পাৰে, কিন্তু সাধাৰণতে বিয়াৰ ছমাহমানৰ ভিতৰতে ৫০ শতাংশৰ গৰ্ভ সঞ্চাৰ হয়েই। অধিক বয়সত বিয়া হ’লে অৱশ্যে ইয়াতকৈ বেছি পলম হ’বও পাৰে। সাধাৰণতে মহিলাৰ ৩৫ বছৰ পিছত আৰু পুৰুষৰ ৪০ বছৰৰ পিছৰ পৰা লাহে লাহে গৰ্ভ সঞ্চাৰৰ সম্ভাৱনা কমি আহে।প্ৰকৃত অৰ্থৎ ইনফাৰটিলিটি বা বন্ধ্যাত্বৰ বিজ্ঞানসন্মত কাৰণটো হ’ল স্ত্ৰীৰ Ovum বা ডিম্বাণুৰ লগত পুৰুষৰ শুক্ৰকীটৰ Spermatozoa মিলনৰ ব্যৰ্থতা বা ডিম্বাণুৰ নিষেচন (Fertilization)নঘটা। আকৌ ষ্টেৰিলিটীৰ কথাটো হ’ল পুৰুষৰ দেহত Spermatozoa বা শুক্ৰকীট সৃষ্টিৰ অভাৱ আৰু স্ত্ৰীৰ দেহত ডিম্বাণু স্ফুটনৰ অক্ষমতাক কোৱা হয়। উক্ত কথাখিনিৰ পৰা স্পষ্ট হৈ পৰিল যে ইংৰাজী ষ্টেৰিলিটি শব্দটোৱে যিদৰে সন্তান উৎপাদনৰ সম্পূৰ্ণ অক্ষমতা বুযায়, ইনফাৰটিলিটী শব্দটোৱে কিন্তু সেই কথা নকয়, কাৰণ ইনফাৰটিলিটীৰ ক্ষেত্ৰত বহু সময়তে সক্ষম চিকিৎসাৰ দ্বাৰা নাৰীয়ে সন্তান জন্মদানৰ ক্ষমতা লাভ কৰিব পৰা হয়। সেয়েহে ইনফাৰটিলিটী শব্দটোৰে প্ৰকৃতভাৱে বন্ধ্যাত্বক বুজোৱা নহয় বৰঞ্চ ইয়াক ইংৰাজীতে ৰিলেটিভ ষ্টেৰিলিটী বুলিহে আখ্যা দিব পাৰি।

আসোঁৱাহবোৰ ক’ত কেনেকৈ হয়

সন্তান ধাৰণ কৰিব নোৱাৰা কথাষাৰ স্বামী আৰু স্ত্ৰী দুয়োৰে ওপৰত সমানেই নিৰ্ভৰ কৰে। বন্ধ্যাত্বত ভোগা দম্পতীসকলৰ ভিতৰত ২৫ শতাংশ পুৰুষৰ দোষ, ৫০ শতাংশ মহিলাৰ দোষ। ২০ শতাংশ উভয়ৰে দোষা আৰু ৫-১০ শতাংশৰ গাত সকলোবোৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতো কোনো কাৰণেই নিৰ্দ্ধাৰণ কৰিব পৰা নেযায়, আৰু এই ভাগটোক বাখ্যাবিহীন বন্ধ্যাত্ব (unexplained Infertility বুলি কোৱা হয়।

আসোঁৱাহযুক্ত পুৰুষৰ শ্ৰেণীবদ্ধ কাৰণবোৰ হ’ল

(ক) বয়স ৪৫ বছৰৰ বেছি হ’লে ।

(খ) মধুমেহ ৰোগ বা ডায়েবেটিছত ভুগিলে।

(গ) অত্যধিক মেদ পূৰ্ণ গধুৰ দেহা, অত্যধিক ধূম্ৰপান, মদ্যপান, অত্যধিক ভাগৰুৱা দেহাই পুৰুষক পুংশক্তিহীন কৰি তোলে।

(ঘ) ইয়াৰ লগতে এণ্ডোক্ৰাইনি গ্ৰন্থিসমূহ যেনে-পিটুটিয়াৰী গ্ৰন্থী, থায়ৰয়েড গ্ৰন্থী আৰু এডৰিনেল গ্ৰন্থীৰ গঠন আৰু কৰ্মকাণ্ডত আসোঁৱাহ থাকিলে পুৰুষৰ অণ্ডকোষৰপৰা শুক্ৰকীট সৃষ্টী হোৱাত বিঘিনি হয়(Defective Spermatogenesis)

(ঙ) অণ্ডকোষৰ গাত বহুৰকমৰ গাঁঠনিক (Structural) আৰু বৃদ্ধিগত (Development) দোষ জন্মৰ পৰা থাকি যোৱাৰ ফলতে শুক্ৰকিট বিকাশ হ’ব নোৱাৰে।

(চ) কেতিয়াবা শুক্ৰবাহী নলীত থকা প্ৰতিবন্ধকতাও (Obstruction) কাৰণ হ’ব পাৰে।

(ছ) আকৌ বাল্য বা কৈশোৰ কালত হোৱা মাম্পছ ৰোগ (Mumps) বা বৰ আইৰ ভাইৰাছ আক্ৰমণ, সিৰা ৰোগ (Hydrocele), ভেৰিক’চিল, প্ৰষ্টেট আৰু এপিডিডাইমিছ গ্ৰন্থি যদি যৌন ৰোগ আৰু যক্ষ্মা ৰোগৰ বীজাণুৰে আক্ৰান্ত হয় ভৱিষ্যতে বন্ধ্যাত্ব হোৱাৰ আশ্ংকা ৰৈ যায়। ভেৰিকোচিল থাকিলে ‘অলিগো-স্পাৰমিয়া’ হ’ব পাৰে। মাম্পছত ভুগিলে ‘অৰ্কাইটিছ’ত  ভুগিব পাৰে।

ব্যক্তিগত মানসিক কাৰণ

যৌনসঙ্গম সম্পৰ্কে অনভিজ্ঞতা, ভয়, উদ্বেগ নতুবা মানসিক ৰোগ অন্যতম কাৰণ হৈ দেখা দিব পাৰে। পুৰুষৰ লিঙ্গৰ গঠন আসোঁৱাহযুক্ত হ’লেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আসোঁৱাহযুক্ত মহিলাৰ কাৰণসমূহ

(ক) শ্ৰেণীবদ্ধ দৈহিক কাৰণবোৰ হ’ল ৩৫ বছৰৰ ওপৰৰ মহিলা আৰু অত্যধিক মেডগধুৰ দেহত সাধাৰণতে ডিম্বাণু স্ফুটন ত্ৰুটীপূৰ্ণ হয়।

(খ) কিছুমন এণ্ডোক্ৰাইন গ্ৰন্থিৰ ৰোগৰ বাবে ডিম্বাণুৰ স্ফুটন নঘটে আৰু মাহেকীয়া ঋতু নোহোৱাকৈ থাকে।ইয়াৰ ভিতৰত থায়ৰয়েড গ্ৰন্থিৰ আসোঁৱাহ, হাইপ’গোণাডোট্ৰ্ফিক এমেনোৰিয়া, ষ্টেন লেভেনথেল ছিনড্ৰম (PCOS) ইত্যাদি।

(গ) মানসিক ৰোগ।

(ঘ) যোনিপথ, জৰায়ুৰ মুখ বা চাৰ্ভিক্স আৰু জৰায়ুৰ গাঁঠনিক বৃদ্ধিগত দোষ আৰু টিউমাৰৰ উপস্থিতি ইত্যাদি।

(ঙ) যোনিপথ আৰু চাৰ্ভিক্স বা জৰায়ুৰ মুখত থকা বিজলুৱা পদাৰ্থ (Mucus)বিধ ত্ৰুটিপূৰ্ণ হ’লে (Hostile cervical mucus)জীৱন্ত শুক্ৰকীটক অক্ষম আৰু অসাৰ কৰি পেলায়, তদুপৰি মিউকাছ পদাৰ্থবিধৰ যদি ইষ্ট্ৰোজেন হ’ৰমনৰ ক্ৰিয়া নাথাকে বা উত্তম নহয় সিও শুক্ৰকীটৰ ববে প্ৰতিকুল হয়।

(চ) চাৰ্ভিক্স বা জৰায়ুৰ মুখ কঠিন আৰু আংশিকভাৱে ঠেক, চেপখোৱা, ছিদ্ৰবিহীন আৰু যদি জৰায়ু বাহিৰলৈ ওলাই অহা বিধৰ (Prolapse) হয় তেনেহ’লেই বীৰ্যৰস ধৰি ৰাখি জৰায়ু গহ্বৰলৈ কঢ়িয়াই নিয়াত অপৰাগ হয়।

(ছ) চাৰ্ভিক্সত হ’ব পৰা যিকোনো প্ৰদাহ বা পলিপ।

(জ) জৰায়ুৰ মাংসপেশী বা গহ্বৰৰ ভিতৰত হোৱা ফাইব্ৰয়েড টিউমাৰ, এডেনোমায়োছিছ আদি। তদুপৰি এণ্ডোমেট্ৰিয়ামত হোৱা ‘টিউবাৰ কুলোছিছ’ইনফেকচন আদি বন্ধ্যাত্বৰ উল্লেখয্যোগ্য কাৰণ বুলি ধৰা হয়।

(ঝ) আসোঁৱাহযুক্ত ডিম্বনলীৰ পথ (Tubel factior) : ডিম্বনলীৰ পথ ভেটা বা অবৰুদ্ধ থাকিলে (Block),যৌনৰোগ আৰু যক্ষ্মাৰোগৰ দ্বাৰা ডিম্বনলী প্ৰদাহগ্ৰস্থ  হ’লে(Salpingitis),(hydrosalpinx)বন্ধ্যাত্বৰ কাৰণ হৈ পৰে।

(ঞ) ডিম্বকোষ বা অভেৰিত হোৱা ছিষ্ট, ইনফেকচন (অৰকাইটিছ),টেমুনা (Tubo-ovarian-mass)ইত্যাদি।যিকোনো কাৰণতেই হওক ঋতুচক্ৰৰ মাজত যদি ডিম্বকোষৰ পৰা ঠিকমতে ডিম্বাণু স্খলন নহয় (Anovulatorycycle) সিয়েই বন্ধ্যাত্বৰ এবিধ মূল কাৰণ হৈ পৰে (৫-১০ম শতাংশ)।

(ট) ডিম্বাশয়ৰ ভিতৰত থকা কৰপাছ লুটিয়ামৰ অক্ষমতাৰ বাবে প্ৰজেষ্টোজেন হৰম’নৰ অভাৱ হয়।ফলত জৰায়ুৰ গহ্বৰত ফাৰটিলাইজড ওভাম বা বীজটিক আশ্ৰয় দিয়াৰ প্ৰতিকুলে এণ্ডোমেট্ৰিয়ামখনে পৰিপক্কতা লাভ নকৰে।

(ঠ) ইমিউনোলোজিক কাৰণ: কিছুমান দম্পতীৰ ক্ষেত্ৰত বন্ধ্যাত্বৰ মূল কাৰণ হৈছে যৌনাঙ্গত এন্টিস্পাৰ্ম এন্টিবডীৰ উপস্থিতি। ইয়াকে ইমিউনোলজিক কাৰণ বোলা হয়। স্বামী বা স্ত্ৰীৰ যৌনাঙ্গত শুক্ৰকীট ধ্বংস কৰিবলৈ এক প্ৰতিৰোধী ব্যৱস্থা মজুত থকাৰ ফলত যোনিপথত বীৰ্য প্ৰৱেশ কৰাৰ লগে লগে উপস্থিত এন্টিবডীৰ দ্বাৰা শুক্ৰকীট ধ্বংস হৈ যায়। এই ধ্বংসকাৰী ক্ৰিয়াটোৰ নামেই হ’ল Immunologic incompitability।

লিখক: ডা: দীনেশ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate