অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ ঋতুশূল নিৰাময়ৰ মহৌষধ

মহিলাৰ ঋতুশূল নিৰাময়ৰ মহৌষধ

ঋতুশূল নাৰীসকলৰ এক যন্ত্ৰণাদায়ক ৰোগ। এই ৰোগ কন্যাৰ প্ৰথম পুষ্পিতা হোৱাৰ পৰাই হ’ব পাৰে। ই এগৰাকী ৰোগীৰ পৰা আন এগৰাকী যুৱতী বা মহিলালৈ সহজে সোঁচৰিব পাৰে। ঋতুশূল ৰোগত দীৰ্ঘদিন ভুগিলে মাতৃত্বৰ পৰা বঞ্চিত হোৱাৰ আশংকা থাকে। বিশেষকৈ বিবাহৰ পিছত গৰ্ভধাৰণ কৰিলেও এমাহ বা দুমাহৰ পাছত আপোনা-আপুনি গৰ্ভপাত হৈ ভ্ৰূণ নষ্ট হ’ব পাৰে।

ঋতুশূল ৰোগৰ বনৌষধ মিশ্ৰণ পদ্ধতিৰে ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। যিহেতু বহু ঋতুশূল ৰোগী বগাস্ৰাৱ, জৰায়ুৰ দুৰ্বলতা, হিম’গ্লবিনৰ অভাৱ আদিত ভোগে-যিটো কেৱল ঋতুশূল ঔষধে সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে। জনা গৈছে, নিজৰ অপকৰ্মৰ কোনো দোষ নাথাকিলে বগাস্ৰাৱ আৰু ঋতুশূলত ভুগি সন্তানহীন হোৱা মহিলাই ঋতুশূলৰ আৰু বগাস্ৰাৱৰ ৰোগৰ বনৌষধ নিয়মিত দীৰ্ঘদিন ব্যৱহাৰ কৰিলে মাতৃত্বৰ গৌৰৱ পাব পাৰে। বগাস্ৰাৱ আৰু ঋতুশূলৰ দোষত মাতৃত্ব নোহোৱাৰ উপৰিও বগাস্ৰাৱ, ঋতুশূল, মাহেকীয়া অনিয়মীয়া, মাহেকীয়া বন্ধ আদি ৰোগত দীৰ্ঘদিন ধৰি ভুগি থাকিলে গৰ্ভধাৰণৰ সমস্যাই দেখা দিব পাৰে। জনা গৈছে- অত্যাধিক বগাস্ৰাৱ নিয়মীয়াকৈ গ’লেও মাহেকীয়া হোৱাত পলম হয়, অনিয়মীয়া হয় বা একেৰাহে পাঁচ-ছয়মাহ বন্ধ হৈ থাকে। তাৰ ভীষণ পৰিণাম পিছৰ বিবাহিতা জীৱনত ভোগ কৰে।

বৰকণা শিমলুবন (কনাইমলাই বুলিও কয়) বৰ্ষাকালীন বন। পাত গোল গোল, খহতা, ঠাৰি মঙহাল, ফুল নীলা, গোবৰ থকা ঠাইত বেছিকৈ হয়। ধাতু, বগাস্ৰাৱ, স্বপ্নদোষ, যৌনতা সম্বন্ধীয় হিষ্টিৰিয়াৰোগ, স্নায়ুদুৰ্বলতা, মাংসপেশী শুকাই যোৱা, ঋতুশূল, ডায়েবেটিচ, জণ্ডিচ, শিশুৰ প্ৰস্ৰাৱত প্ৰ’টিন পৰা, ছালৰ এলাৰ্জি, মাহেকীয়া বন্ধ বা অনিয়মীয়া (যদি বগাস্ৰাৱ আছে) আদিৰ অদ্বিতীয় অতুলনীয় মহৌষধ। জনা গৈছে এইবিধ ঔষধ মধুমেহৰে বা প্ৰমেহৰেই মহৌষধ নহয়- মেদবহুলতা, ৰক্তহীনতা আদি ৰোগৰো মহৌষধ।

বগাস্ৰাৱ আৰু ঋতুশূল একেলগে থাকিলে বৰকণা শিমলুবন এমুঠি, কেহেঁৰাজবন, কলমৌ (খোৱাবিধ) আগ দুটামান, কাচিদৈয়াবন-জালুক দি বটি ৰস পুৱা খালী পেটত খাব লাগে। বগাস্ৰাৱ, ধাতুৰোগ, স্বপ্নদোষ, মাহেকীয়া বন্ধ, মাহেকীয় অনিয়মীয়া, মাতৃদুগ্ধহীনত, জৰায়ু দুৰ্বলতা, যৌন দুৰ্বলতা হিষ্টিৰিয়া, (প্ৰলাপ বকে, কাপোৰ খুলিব বিচাৰে, অকাৰণতে হাঁহে) আদি ৰোগত বৰকণা শিমলুবনৰ কোমল আগ এমুঠি মিহিকৈ কুটি পুনৰ তালমিচিৰিৰ লগত (চেনি বা বগা মিচিৰি দিলে ৰোগ বেছি হ’ব) বটি গৰম গৰু গাখীৰৰ লগত পুৱা খালী পেটত দিনে এবাৰকৈ এমাহমান খাব লাগে। বৰকণা শিমলুবন এমুঠি, কেঁহেৰাজবন, তালমিচিৰি বটি সৰহকৈ ৰস উলিয়াই ৰস গিলাচত লৈ দিনে দুবাৰকৈ খালেও উপকাৰ পোৱা যায়।

ঋতুশূলত, বগাস্ৰাৱ আৰু ধাতুৰোগত, ৰক্তহীনতাত ভুগি থকাসকলে নিয়মীয়াকৈ বননাশ কম তেলদি পানী দি সিজাই নিয়মিত খাব লাগে। বিশেষকৈ লৌহ পদাৰ্থ বা আয়ৰণ থকা বনশাক খালে প্ৰয়োজনীয় তেজ গঠন (হিম’গ্লবিন) হয়, যি ৰোগ নিৰাময়ত সহায় কৰাৰ লগতে মাহেকীয়া নিয়মীয়া কৰে। হ্ৰাস পোৱা দৃষ্টিশক্তি আৰু স্মৃতিশক্তি ঘূৰাই আনে। মগজু কোষ বৃদ্ধি কৰি সবল কৰে। হ্ৰাস পোৱা দৃষ্টিশক্তি আৰু স্মৃতিশক্তি ঘূৰাই আনে। মগজু কোষ বৃদ্ধি কৰি সবল কৰে। তেজৰ শৰ্কৰা হ্ৰাস কৰে, অনিষ্টকাৰী কলেষ্টেৰল হোৱাত বাধা দিয়ে। মেদবহুলতা ৰোগ নিৰাময়ত মহৌষধৰ দৰে কাম দিয়ে।

অভিজ্ঞতাৰ পৰা জনা গৈছে দেহত প্ৰয়োজনীয় হিমগ্ল’বিনৰ অভাৱ হ’লেও মাহেকীয়া বন্ধ হয়, অনিয়মীয়া হয়। মেদবহুল লোকসকলৰ তেজৰ শৰ্কৰা বাঢ়ে। উচ্চ ৰক্তচাপ বাঢ়ে। ডায়েবেটিচ, বগাস্ৰাৱ যোৱা, প্ৰ’টিন যোৱা, ৰক্তহীনতা, বাতবিষ, দৃষ্টিশক্তি হ্ৰাস, স্মৃতিশক্তি হ্ৰাস আদিত ভুগিব পাৰে। ক্লান্তিভাৱ বৃদ্ধি, টোপনি বৃদ্ধি, স্নায়ৱিক দুৰ্বলতা আদি হয়। বহুৰোগে একেলগে শৰীৰত বাহ লোৱাৰ কাৰণেই মেদবহুলতা ৰোগীৰ আয়ুসকাল কমি আহে। সেয়ে মেদবহুলতা ৰোগত ভুগি থকা ঋতুশূল ৰোগীয়ে কেৱল ঋতুশূলৰ ঔষধ খালেই পৰিত্ৰাণ নাপায়। আনৰোগৰ বনৌষধ খোৱাৰ উপৰিও খাদ্যাভাস সলনি কৰা, আধুনিক আৰামদায়ক জীৱন ধাৰণৰ শৈলী সলনি কৰাৰ ওপৰতো সমানেই গুৰুত্ব দিব লাগে। বহু মেদবহুল ৰোগীয়ে ব্যায়াম আৰু পৰিমিত খাদ্যৰ দ্বাৰা মেদবহুলতাৰ পৰা মুক্তি পাবলৈ অসফল প্ৰয়াস কৰে। মেদবহুলতাত ভোগা লোকৰ বাবে সুখবৰ যে, ব্যায়াম আৰু পৰিমিত খাদ্যাভাসৰ লগতে পুষ্টিদায়ক অথচ ঔষধি গুণ থকা, লৌহ পদাৰ্থ বেছিকৈ থকা খাদ্য নিয়মিত খাবলৈ অভ্যাস কৰিলে মেদবহুলতাৰ লগতে বগাস্ৰাৱ, ঋতুশূল, মাহেকীয়া বন্ধ বা অনিয়মীয়া, বাত বিষ, হৃদৰোগ, স্নায়ৱিক ৰোগ, শৰ্কৰা বৃদ্ধি আদি আপুনি আঁতৰি যায়।

বগাস্ৰাৱ, ঋতুশূল, মেদবহুলতা, ডায়েবেটিচ আদি ৰোগীয়ে জৈৱ প্ৰ’টিনযুক্ত পুষ্টিদায়ক খাদ্যৰ পৰা বিৰত থকাই ভাল। গাখীৰ, কণী, মাংস, মাখন আদিয়ে এই আটাইবোৰ ৰোগেই বৃদ্ধি কৰে। পৰীক্ষামূলক ভাৱে জনা গৈছে-কণী অধিক পৰিমাণে নিয়মিত খালে ধাতুৰোগ আৰু অন্য যৌন সম্বন্ধীয় ৰোগ, হিষ্টিৰিয়া বগাস্ৰাৱ, ডায়েবেটিচ টাইপ-১, কিডনিৰ ৰোগ, পেচাৱৰ ৰোগ, স্নায়ু দুৰ্বলতা, হৃদৰোগ আদি ৰোগৰ প্ৰকোপ বৃদ্ধি পায়।

অসমত বহুবিধ ঔষধিগুণ থকা, লৌহ পদাৰ্থ থকা, পুষ্টিকৰ বনশাক পোৱা যায়- যাক সৰহকৈ খালেও, নিয়মিত অধিক খালেও অপকাৰ নহৈ উপকাৰহে হয়।অভিজ্ঞতাৰ পৰা দেখা গৈছে যে সঁচাকৈ তৃণজাতীয় বনশাকে ৰোগ নিৰাময় কৰে, ৰোগ প্ৰতিৰোধ কৰে, শৰীৰত শক্তিবৰ্ধক হিচাপে কাম কৰাৰ লগতে মানুহৰ আয়ুস বৃদ্ধিও কৰে।

বিশ্বৰ বিস্ময়কৰ বনশাকৰ ভিতৰত বৰকণা শিমলুবনৰ কথা আগতে কোৱা হৈছে। ঔষধ হিচাপে খোৱাৰ উপৰিও ইয়াৰ কোমল আগ কুটি দাইলত দি বা আন বনশাকৰ লগত সিজাই খাব পাৰি। প্ৰচুৰ পৰিমাণে লৌহ পদাৰ্থ থকা মহিলাৰ বাবে সৰ্বোত্তম তেজ গঠনকাৰক বনশাক, (যক্ষ্মা, তেজবমি, পেটবিষ, ডায়েবেটিচ, জণ্ডিচ, গাচলা বা ৰক্তস্ৰাৱ, ৰক্তহীনতা আদিৰ মহৌষধ) কেহেঁৰাজবন। ইয়াক পাত-ডাল-শিপাৰ সৈতে খুন্দি ৰস উলিয়াই দাইলত দি খোৱাৰ উপৰিও, গৰৈ, মাগুৰ, শিঙি আদি মাছৰ লগত জোল কৰি সিজাই নিয়মিত খাব লাগে। এই পথ্য প্ৰসূতিৰ বাবেও উত্তম পথ্য।

পনৌনুৱাও এবিধ ঔষধি গুণ থকা বনশাক। (জণ্ডিচ, বগাস্ৰাৱ, ধাতুৰোগ, গা-ফুলা, ৰক্তহীনতাৰ ঔষধ) এই বনশাক আন বনশাকৰ লগত মিহলি কৰি কম তেল দি পানী দি সিজাই খাব লাগে। ঔষধি গুণ থকা চেংমৰা, হাতীখুতৰা, শুকলতি, নৰসিংহ, ভেদাইলতা, মাটি কাদুৰি, মানিমুনি, কাচিদৈয়া বন, বনজালুক, ক’লা কচুৰ ঠোৰ, খোৱা কলমৌ, নাটোকটোকা, টিকনীবৰুৱা, তৰা গজালি আদি নিয়মিত খালে ঋতুশূলৰ লগতে আন ৰোগো নিৰাময়ত সহায় হয়। বৰকণা, শিমলুবন, কেহেৰাজবন, কাচিদৈয়াবন, কলমৌ, নৰসিংহ, বনজালুক আদি ঋতুশূলৰ ঔষধ হিচাবেও ব্যৱহাৰ কৰা হয়।

  • মাটিকঠলুৱা গছৰ শিপা বা মূলৰ বাকলি ঋতুশূলৰ সৰ্বোত্তম বনৌষধ। এই ঔষধ বহু ৰোগত ব্যৱহাৰ কৰা হয়। ঋতুশূলত মাটিকঠলুৱা গছৰ (বাঁহবাৰীত বেছিকৈ হোৱা বহল পাতৰ চাপৰ গছ- ফুল বগা থোপা হৈ ফুলে) মাটিকঠলুৱা গছৰ শিপাৰ মাংস জালুকৰ লগত বটি (এটা ডাঙৰ মাৰ্বলৰ সমান কৰি) দিনে এটাকৈ পানীৰ লগত পাঁচ দিনমান খাব লাগে। পুনৰ উক্‌ দিলে একে নিয়মে আকৌ ঔষধ খাব লাগে। ৰোগ পুৰণা হ’লে একেবাৰতে নিৰাময়ত নহয়। এই ঔষধ কেবাদিনো খালে গৰ্ভনষ্ট হোৱা ৰোগ নাশ হয়, ৰক্তস্ৰাৱৰ দোষ নাশ হয়, ঋতুশূলত দীৰ্ঘাদিন ধৰি ভোগা মাতৃত্বহীন মহিলাৰ সন্তান হোৱাত সহায় কৰে।
  • সহজে পোৱা আৰু এই ৰোগ তৎক্ষণাত নিৰাময় কৰাৰ উত্তম বনৌষধ ধপাততিতা (ভেটেতিতা) গছৰ কোমল পাত বা কোঁহ। তিনিটা কোঁহ বা দুখনমান কুমলীয়া পাত জালুকৰ লগত খুন্দি ৰস খালে ঋতুশূলৰ বিষ একমিনিটৰ ভিতৰতে নাশ হয়। এই ঔষধো আগৰ নিয়মত খাব লাগে।
  • ক’লা বাও কচুৰ টেপুৰ তিনিচকল, বৰকণা শিমলুবনৰ লগত জালুক দি বটি একে নিয়মে খালে ঋতুশূল ৰোগ নিৰাময় হয়।
  • ৰঙা এৰা গছৰ কোঁহ, বৰকণা শিমলুবনৰ লগত জালুক দি বটি খাব লাগে।
  • ঋতুশূলত ওখ মাটিত হোৱা বা দ ঠাইত হোৱা কাচিদৈয়া বন বৰকণা শিমলুবনৰ লগত জালুক দি বটি খাব লাগে। সাধাৰণতে ঋতুশূলৰ ঔষধ নিয়মীয়াকৈ পাঁচ পালিমান খাবই লাগে। দুই-তিনিমাহৰ পাছত উকালে একে নিয়মতে পুনৰ খাব লাগে।
  • ৰঙা মদাৰ গছৰ বাকলি, তৰুৱা কদমৰ বাকলি জালুক দি বটি খাব লাগে।
  • অবিকল আদা গছৰ দৰে ঔষধি গছ-বৰাহু গছৰ আলু (আদাৰ দৰে একে জ্বলা-মিঠা স্বাদ আছে; এটা বিশেষ ধৰণৰ গোন্ধও আছে) ঋতুশূল ৰোগৰ উত্তম ঔষধ। ইয়াক তিনিচকলমানকৈ জালুকৰ লগত বটি পানীৰ লগত মিহলি কৰি খাব লাগে। ই গেছ বৃদ্ধি, গেষ্ট্ৰিক আদিৰ উত্তম ঔষধ। এই ঔষধ দিনটোত আহাৰ খোৱাৰ পাছতো চোবাই খাব পাৰে।
  • সাধাৰণ চোৱাকামোৰণিত কোৱামণি গছৰ শিপা জালুকৰ লগত বটি খাব পাৰে। অকলবীৰৰ পাত (তিনিখনমান) জালুকৰ লগত বটি খাব পাৰে।
  • বৰকণা, শিমলুবন, কেহেৰাজবন, সৰু মানিমুনি, মাটিকাদুৰি, কলমৌ জালুকৰ লগত বটি ৰস খালেও ঋতুশূল, হেদালি কামোৰণি আদি নিৰাময় হয়।
  • ঋতুশূল ৰোগত তিতাকচিৰ গুটি তিনিটা, কেঞাবনৰ আলু তিনিটা, ক’লাতুলসীপাত তিনিটা, বৰকণা শিমলুবনৰ আগ তিনিটা তিনি পালি বা পাঁচদিনৰ লগত বটি তিনিদিন তিনি পালি বা পাঁচদিনৰ পাঁচপালি খাব লাগে।
  • আগেচিতা শিপাৰ আধা ইঞ্চিমান বাকলি, সৰু মানিমুনি, সেন্দুৰীয়া কচুৰ গুটি এটা বা ক’লা বাওকচুৰ টেপু এটা জালুকৰ লগত বটি বড়ি কৰি ৰ’দত শুকুৱাই থৈ ঋতুশূল ৰোগত খালে নিৰাময় হয়।
  • সৰু সোণবৰিয়ালৰ শিপা, ধপাততিতা গছৰ শিপা, নিলাজীবনৰ শিপা এডাল জালুক দি বটি খাব লাগে।
  • বচৰ আলু, হাতী ভেকুৰীৰ শিপা, কোৱামণি গছৰ শিপা জালুকৰ লগত বটি খালেও ঋতুশূল নিৰাময় হয়।

লিখক: বিশ্বেশ্বৰ চুতীয়া, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate