অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনুৰ্বৰতা

অনুৰ্বৰতা এটা বেমাৰ। এই বেমাৰৰ ফলত আমাৰ শৰীৰৰ এটা প্ৰাথমিক কাম শিশু জন্ম দিয়াটো সম্ভৱ হৈ নুঠে। গৰ্ভধাৰণ হ’ল এটা জটিল প্ৰক্ৰিয়া। এই গৰ্ভধাৰণৰ বিষয়টো বহু কেইটা কাৰণৰ ওপৰত নিৰ্ভৰশীল। যেনে, স্বাস্থ্যৱান মানুহৰ সুস্থ শুক্ৰাণু, মহিলাৰ সুস্থ ডিম্বাণুৰ উৎপাদন; ডিম্ববাহী নলীত কোনো বাধা নথকা, যাতে শুক্ৰাণুটো এই নলীৰে গৈ ডিম্বানুটো নিষিক্ত কৰিব পাৰে; ডিম্বানুটোক শুক্ৰাণুটোৱে নিষিক্ত কৰিব পৰা ক্ষমতা, নিষিক্ত ডিম্বানুটো (ভ্ৰুণ) মহিলাৰ গৰ্ভাশয়ত আহি থিতাপি ল’ব পৰা ক্ষমতা আৰু ভ্ৰুণটো সঠিকভাৱে বিকশিত হোৱাৰ ক্ষমতা। যদি ইয়াৰে কোনোবা এটাৰ কামত বিসংগতি হয়, তেতিয়া গৰ্ভধাৰণ নহয়। ইয়াৰ পাছতো ভ্ৰুণৰ স্বাস্থ্য আৰু মহিলাৰ দেহৰ পৰা পৰ্য্যাপ্ত পৰিমানৰ হৰমন নিঃসৰণ হোৱাৰ ওপৰতো গৰ্ভধাৰণৰ কথাটো নিৰ্ভৰ কৰে।

অনুৰ্বৰতা কিয় হয় ?

পুৰুষৰ অনুৰ্বৰতাৰ মূল কাৰণ হ’ল; অতি কম বা একেবাৰে শুক্ৰাণু উৎপন্ন নোহোৱা। কেতিয়াবা এই শুক্ৰাণুবোৰৰ গঠন বিকৃত হয় অথবা দূৰ্বল হোৱাৰ বাবে ডিম্বাণুটোৰ ওচৰ পোৱাৰ আগতেই ইয়াৰ মৃত্যু হয়। মহিলাৰ অনুৰ্বৰতাৰ মূল কাৰণ হ’ল; শুক্ৰাণুক্ষৰণত বিসংগতি। ইয়াৰ উপৰিও, ডিম্বনলীত বাধা থকা, জন্মগতভাৱে গৰ্ভাশয়ৰ গঠনত বিসংগতি আৰু গৰ্ভাশয়ত মাংসপিণ্ড থকাৰ বাবে বাৰে বাৰে গৰ্ভপাত হোৱা।

 

ইন ভিটো ফাটিলাইজেচন বা টেষ্ট টিউব বেবী কি?

আইভিএফ পদ্ধতিৰে মহিলাৰ ডিম্বাশয়ৰপৰা অপাৰেচন কৰি পৈনত ডিম্বাণু বাহিৰ কৰা হয় আৰু এখন বিশেষ কাঁহিত (পেট্ৰি ডিছ) শুক্ৰাণুৰ লগত মিলন ঘটোৱা হয়। ৪০ ঘণ্টা এনেদৰে থোৱাৰ পাছ পৰীক্ষা কৰা হয় যে, শুক্ৰাণুৰ দ্বাৰা ডিম্বটো নিষিক্ত হৈছেনে নাই আৰু কোষ বিভাজন হৈছে নে নাই। যদি সকলো ঠিকে থাকে তেন্তে এই ভ্ৰুণবীজ (যাইগত) টোক মহিলাৰ গৰ্ভাশয়ত স্থাপন কৰা হয়। আন কথাত ডিম্ববাহী নলীক বাদ দি এই ডিম্বাণুটো নিষিক্ত কৰা হয়।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate