অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভনিৰোধ

ইচ্ছাকৃতভাৱে গৰ্ভধাৰণত বাধা দিয়া ব্যৱস্থাটোৱেই গৰ্ভনিৰোধ। এটা ডিম্বাণু শুক্ৰাণুৰ সৈতে মিলিত হোৱাৰ পাছত যেতিয়া ডিম্বাণুটো নিষিক্ত হব আৰু ভ্ৰুণবীজ গঠন (যাইগত)ৰ পাছত গৰ্ভাশয়ত থিতাপি লৈ বাঢ়িবলৈ আৰম্ভ কৰিব- এয়াই গৰ্ভধাৰণ। সাধাৰণতে গৰ্ভনিৰোধ কৰিবলৈ পাঁচটা পথ আছে।

  • গৰ্ভনিৰোধৰ সহজ উপায় হ’ল যৌন সংগম নকৰা। আন কথাত পুৰুষৰ লিংগ যোনীৰ সংস্পৰ্শলৈ আনিব নালাগে। এই ব্যৱস্থাটোৱেই আৰু কিছু সংশোধিত কৰি লোৱা পদ্ধতি হ’ল মহিলাৰ মাহেকীয়া ঋতুৰ সময় হিচাব কৰি মহিলাগৰাকী গৰ্ভৱতী হব পৰা দিন কেইটাত যৌন সংগম নকৰা।
  • আন এটা সহজ উপায় হ’ল পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণুৰ মিলনত বাধাৰ সৃষ্টি কৰা। এই বাধা বিভিন্ন ধৰণেৰে দিব পৰা যায়- মহিলা আৰু পুৰুষৰ কনডম, মধ্যচ্ছদা আৰু গৰ্ভাশয়ৰ আবৰণ (চাৰ্ভিকেল কেপ)- এই দুয়োটা অস্থায়ী পদ্ধতি আৰু স্থায়ী পদ্ধতিৰ ভিতৰত হ’ল ভেচেক্টমী (পুৰুষৰ বন্ধ্যাকৰণ) আৰু টিউবেল লাইগেচন (মহিলাৰ বন্ধ্যাকৰণ)৷
  • মহিলা শৰীৰত ডিম্বাণুৰ উত্পাদন আৰু পুৰুষৰ শৰীৰত শুক্ৰাণুৰ উত্পাদন বন্ধ কৰিও গৰ্ভনিৰোধ কৰিব পৰা যায়। মুখেৰে খোৱা বিভিন্ন হৰমনৰ বড়িৰ দ্বাৰা এই গৰ্ভনিৰোধৰ ব্যৱস্থা লব পাৰি। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক বেজীও পোৱা যায় যিবোৰ ছালৰ তলত দিয়া হয়। প্ৰজনন ৰোধক বেজী পুৰুষ- মহিলা উভয়ৰ বাবে পোৱা যায়।
  • চতুৰ্থটো গৰ্ভনিৰোধক পদ্ধতিত নিষিক্ত ডিম্বটোক গৰ্ভাশয়ত থিতাপি লবলৈ দিয়া নহয়। ইয়াৰ বাবে জৰায়ুৰ ভিতৰত বিশেষ যন্ত্ৰ স্থাপন কৰা হয় আৰু নন ষ্টেৰয়েড ঔষধ ব্যৱহাৰ কৰা হয়।
  • শেষৰ পদ্ধতিটো হ’ল নিষিক্ত ডিম্বটো গৰ্ভাশয়ত স্থিতি লোৱাৰ পাছত ইয়াক নষ্ট কৰি পেলোৱা বা আন কথাত ইচ্ছাকৃত গৰ্ভপাত।

বেলেগ বেলেগ গৰ্ভনিৰোধকে বেলেগ বেলেগ ধৰণে কাম কৰে। সেইবাবেই প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব পাৰে। কেৱল লক্ষ্য ৰাখিব লাগে যাতে, উক্ত পদ্ধতিটোৱে তেওঁক শাৰিৰীকভাৱে ক্ষতি নকৰে। তদুপৰি গৰ্ভনিৰোধক পদ্ধতিটো এনে নহয় যে, সমগ্ৰ জীৱনত এবাৰেই সিদ্ধান্ত লব পাৰিব।

গৰ্ভনিৰোধক পদ্ধতি ব্যৱহাৰৰ সিদ্ধান্ত লোৱাৰ আগতে মনত ৰাখিব লগা কথাবোৰ হল-

  • গৰ্ভনিৰোধৰ কাৰ্য্যকাৰীতা, ব্যৱহাৰৰ পিছতো গৰ্ভধাৰণৰ আশংকা কিমান জটিল?
  • গৰ্ভনিৰোধক বিধ স্বাস্থ্যৰ পক্ষে উপযুক্ত নে? কিবা জটিল পাৰ্শ্বক্ৰিয়া আছে নেকি?
  • ইয়াৰ দীৰ্ঘম্যাদী কিবা ক্ষতিকাৰক ক্ৰিয়া আছে নেকি?
  • স্তনপান কৰোৱাত এই গৰ্ভনিৰোধকে কিবা প্ৰতিক্ৰিয়া কৰিব নেকি?
  • স্তনৰ গাখীৰত এই গৰ্ভনিৰোধকে কিবা প্ৰভাৱ পেলাব পাৰে নেকি?
  • এইবোৰে ভবিষ্যতে জন্ম হব লগা শিশুৰ স্বাস্থ্যত কিবা প্ৰভাৱ পেলাব নেকি?

এই গৰ্ভনিৰোধক ব্যৱহাৰ কৰাত কিবা বিশেষ বাধা নিষেধ আছে নেকি? যেনে, অনিয়মীয়া মাহেকীয়া বা প্ৰজনন নলীকাত সংক্ৰমণ থকা মহিলাই এইটো ব্যৱহাৰ কৰিব পাৰে নে?

প্ৰাকৃতিক উপায়ে গৰ্ভনিৰোধ (মহিলাৰ প্ৰজননক্ষম বা উৰ্বৰ দিনবোৰত যৌনসংগম নকৰা )

যৌনসংগম নকৰাটোৱেই গৰ্ভনিৰোধৰ একমাত্ৰ অতি সহজ আৰু সুৰক্ষিত ব্যৱস্থা। দ্বিতীয়তে যৌনসম্ভোৰ সুখসহ গৰ্ভনিৰোধৰ ব্যৱস্থাটো হ’ল- পুৰুষৰ লিংগৰ সৈতে যোনীৰ সম্পৰ্ক নকৰাটো। বেছি ভাগ মহিলাই এইটো কথা জানে যে, মাহটোৰ কেইটামান দিনত সংগম কৰিলেহে গৰ্ভৱতী হোৱাৰ সম্ভাৱনা থাকে। গতিকে, সেই বিশেষ দিন কেইটাত যৌনসংগম নকৰিলে গৰ্ভৱতী হোৱাৰ সম্ভাৱনা নাথাকে। কোনো কৃত্ৰিম জন্মনিৰোধক ঔষধ বা আন পদ্ধতি গ্ৰহণ নকৰাকৈ আজিও বহু লোকে গৰ্ভধাৰণ নকৰিবলৈ তলত দিয়া পদ্ধতিবোৰ অৱলম্বন দেখা কৰা যায়।

  • ৰিদম বা কেলেণ্ডাৰ পদ্ধতি: এই পদ্ধতি গৰ্ভনিৰোধৰ বাবে একেবাৰেই গ্ৰহণযোগ্য নহয় যদিও গৰ্ভনিৰোধৰ বাবে আন কোনো পদ্ধতি ব্যৱহাৰ নকৰাতকৈ এই পদ্ধতিয়েই ভাল।
    মহিলাৰ ঋতুচক্ৰ আৰম্ভ হোৱাৰ প্ৰথম দহ দিনৰ ভিতৰত গৰ্ভধাৰণ কৰাৰ ক্ষমতা থাকে। এই দিনকেইটাক উৰ্বৰ দিন হিচাবে ধৰা হয়। গতিকে এই দহদিন যৌনসংগম নকৰাকৈ থাকিলে গৰ্ভধাৰণৰ আশংকা কম থাকে। গৰ্ভধাৰণ নকৰাকৈ যৌনসংগমৰ উপযুক্ত দিন হ’ল- ঋতুস্ৰাৱ হোৱাৰ আগৰ ৭ দিন আৰু পাছৰ ৭ দিন। এই কেইদিনক সুৰক্ষা দিন হিচাবে ধৰা হয়। এই পদ্ধতিটো বিশ্বাসযোগ্য নহয়। কাৰণ, এই পদ্ধতিত ধৰা হয় যে, সকলো মহিলাৰ ঋতুচক্ৰ ২৮ দিনৰ আৰু ডিম্বক্ষৰণ আৰম্ভ হয় মাজভাগত। কিন্তু সকলো মহিলাৰ ঋতুচক্ৰ ২৮ দিনৰ নহবও পাৰে। প্ৰতিগৰাকী মহিলাৰ ডিম্বক্ষৰণৰ সময় পৃথক হব পাৰে।
  • গৰ্ভাশয়ৰ পদাৰ্থ/ ডিম্বক্ষৰণৰ পদ্ধতি: প্ৰতিগৰাকী মহিলাৰ যোনীৰে অলপ অচৰপ পদাৰ্থ নিয়মিত বাহিৰলৈ নিৰ্গত হয়। ঋতুচক্ৰৰ বিভিন্ন সময়ত এই পদাৰ্থৰ ৰং, ঘনত্ব আৰু পৰিমাণ বেলেগ বেলেগ হয়। যেতিয়া ডিম্বাশয়ত এটা ডিম্বাণু পুৰঠ হয় আৰু ডিম্বক্ষৰণ হয়, তেতিয়া এই ডিম্বাণুটোৰ সুবিধাৰ বাবেই এস্ত্ৰোজেন নামৰ এবিধ হৰমনৰ প্ৰভাৱত ডিম্ববাহী নলী, গৰ্ভাশয় আদিত পৰিমাণত স্বচ্ছ আৰু পিছল পদাৰ্থৰে ভৰি পৰে। ইয়াৰ কিছু অংশ যোনীৰে বাহিৰলৈ আহে। আনহাতে, ঋতুস্ৰাৱ হোৱাৰ পাছত কিছুদিনলৈ মহিলাৰ যোনীৰে নিৰ্গত হোৱা পদাৰ্থ আঁঠাযুক্ত, বগা, ডাঠ আৰু পৰিমাণত কম হয়। গতিকে, যেতিয়া যোনীৰে নিৰ্গত পদাৰ্থৰ পৰিমাণ বেচি, স্বচ্ছ আৰু পিছল হয়; সেই সময়ত যৌনসংগম কৰিলে গৰ্ভধাৰণ হোৱাৰ ভয় থাকে। আঙুলিৰে পদাৰ্থ বিধ ছুই পৰীক্ষা কৰি বুজিব পাৰি যে, মহিলাগৰাকী উৰ্বৰ দিনত আছে নে সুৰক্ষাৰ দিনত আছে।

শৰীৰৰ নিম্নাংশৰ উত্তাপ: ডিম্বাশয়ৰ পৰা ডিম্বক্ষৰণ হোৱাৰ লগে লগেই নাৰীৰ তলপেটৰ উত্তাপ লক্ষণীয় ভাৱে, ১ৰ পৰা ২ ডিগ্ৰী ফাৰেণহাইট বাঢ়ে। এই উত্তাপ মাহেকীয়া বা ঋতুস্ৰাৱ হোৱা পৰ্য্যন্ত থাকে। পুৱা টোপনীৰ পৰা শুই উঠাৰ পাছতেই এই উত্তাপৰ তাৰতম্য পৰীক্ষা কৰিব পাৰি। গতিকে, এনেদৰে অধিক উত্তাপ থকা দিনকেইটাক উৰ্বৰ সময় বুলি গণ্য কৰা হয়। এই পদ্ধতিত অনুৰ্বৰ সময় একেবাৰে কম পোৱা যায়। তদুপৰি সদাই পুৱা উত্তাপ পৰীক্ষা কৰাৰ বেমেজালি এটাও থাকে। গৰ্ভৰোধৰ আনবোৰ ব্যৱস্থা গ্ৰহণযোগ্য নহলেহে এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।

বাধা দিয়া পদ্ধতি:

এই পদ্ধতিত পুৰুষৰ শুক্ৰাণুৰ লগত ডিম্বাণুৰ মিলনত বাধা প্ৰদান কৰি গৰ্ভধান ৰোধ কৰা হয়। এই পদ্ধতিত তলত দিয়া ব্যৱস্থাবোৰ অন্তৰ্ভুক্ত।
পুৰুষৰ কনডম: এই পদ্ধতিত ব্যৱহৃত হয় এটা ৰবৰৰ আহিলা (দীঘল নুফুলোৱা বেলুনৰ দৰে)। এই কনডমটো যৌনসংগমৰ আগতেই পুৰুষৰ লিংগত পিন্ধি লব লাগে। যৌনসংগমৰ পাছত অথবা বীৰ্জস্খলনৰ পাছত বীজবোৰ এই মোনাটোত আবদ্ধ হৈ থাকে ফলত মহিলাৰ দেহত এই বীজ প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত গৰ্ভধাৰণৰ ভয় নাথাকে। পিছে ইয়াক ব্যৱহাৰ সাৱধানে কৰিব লাগে।

ইয়াক সংগমৰ আগতেই পুৰুষৰ উঠন লিংগত পিন্ধি লব লাগে। বীৰ্জপাতৰ বহু আগতেই যিহেতু পুৰুষৰ লিংগৰে কম পৰিমাণে হ’লেও তৰল নিঃসৰণ হয়- ইয়াৰ লগত বীৰ্জ থকাটো স্বাভাৱিক।

মধ্যচ্ছ্দা পদ্ধতি: এই পদ্ধতিত এটি বিশেষভাৱে তৈয়াৰী ৰবৰৰ টুকুৰা যোনীৰে ভিতৰত ভৰাই দিয়া হয়। ইয়াৰ ফলত পুৰুষৰ বীৰ্জ যোনীৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। সংগমৰ সময়ত ইয়াক সোমোৱাই লোৱা হয়। সংগমৰ পাছত ৬ ঘণ্টালৈকে এই সামগ্ৰীবিধ যোনীৰ ভিতৰতে থাকিবলৈ দিব লাগে। এই সময়ৰ ভিতৰত বীৰ্জনাশকে যোনীৰ ভিতৰত থকা বীৰ্জবোৰ নষ্ট কৰি পেলায়। ইয়াৰ পাছত এই সামগ্ৰী বিধ উলিয়াই আনি, ভালদৰে চাবোনেৰে ধুই শুকুৱাই পুনৰ পাছৰ বাৰ ইয়াক ব্যৱহাৰ কৰিব পাৰি। (এই সামগ্ৰী বিধ ৰবৰেৰে তৈয়াৰী আৰু ইয়াৰ চাৰিওকাষ টান)। প্ৰথমতে এই সামগ্ৰী ব্যৱহাৰত স্বাস্থ্যকৰ্মী বা চিকিসকৰ সহায়ৰ প্ৰয়োজন হয়। কাৰণ যোনীৰ ওপৰ ভাগৰ আকাৰ অনুসৰি এই সামগ্ৰী বেলেগ বেলেগ জোখৰ পোৱা যায়। প্ৰতিগৰাকী মহিলাৰ বাবে এই সামগ্ৰীৰ জোখ বেলেগ বেলেগ হব পাৰে। সেয়ে উপযুক্ত জোখ আৰু ইয়াক সঠিকভাৱে স্থাপন কৰা পদ্ধতিটো শিকি লব লাগে। এবাৰ শিকি ল’লে পাছৰ বাৰ মহিলাগৰাকীয়ে নিজে ইয়াক সোমোৱাব আৰু উলিয়াব পৰা হব। এই পদ্ধতি উনৈশ শতিকাতে আৱিষ্কাৰ হয়। গৰ্ভনিৰোধৰ ক্ষেত্ৰত এই পদ্ধতিক যুগান্তকাৰী বুলিব পাৰি। এই সামগ্ৰীবিধ ব্যৱহাৰত কিছু কিছু ক্ষেত্ৰত সমস্যাও নথকা নহয়। কেতিয়াবা এইটো বেছি ভিতৰলৈ সোমাই গলে গৰ্ভাশয় বা মুত্ৰথলীত হেঁচা পৰি বিষ অনুভূত হয়। কিছুমান মহিলাৰ মুত্ৰনলীত বিষ আৰু জলাপুৰা কৰিব পাৰে। যিসকল মহিলাৰ প্ৰসাৱ নলীত সংক্ৰমণৰ সম্ভাৱনা থাকে আৰু গৰ্ভাশয় স্থানচ্যুত- তেওঁলোকে এই সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। এই সামগ্ৰীবিধ সম্পূৰ্ণৰূপে মহিলাৰ অধীনত থাকে; এইটো এই পদ্ধতিৰ ডাঙৰ সুবিধা। আমাৰ দেশত এই সামগ্ৰী সহজলভ্য নহয়। ইয়াৰ দাম প্ৰায় ৪০০ টকা। ইয়াক ভালদৰে ৰাখিলে তিনিবছৰ পৰ্য্যন্ত ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান মহিলা সংগঠনে পৰীক্ষামূলক ব্যৱহাৰৰ বাবে এই সামগ্ৰী আমদানি কৰি ভাৰতত বিনামূলীয়া বিতৰণৰ ব্যৱস্থা কৰিছে।

জৰায়ু মুখৰ টুপী: এইটো ৰবৰেৰে তৈয়াৰী এটা দীঘল টুপী জাতীয় আহিলা। ই জৰায়ুৰ ওপৰত নিকপকপীয়াকৈ লাগি ধৰে। ই জৰায়ুৰ ভিতৰলৈ বতাহো যাবলৈ নিদিয়ে। সংগম সময়ত শোষণ আৰু চাপৰ ফলত ই জৰায়ুৰ ওপৰত অধিক কপকপীয়াকৈ লাগি ধৰে। ইয়াৰ ফলত বীৰ্জবোৰ জৰায়ুত প্ৰৱেশ কৰিব নোৱাৰে। ই এতিয়াও ভাৰতবৰ্ষত পোৱা নাযায়।

মহিলাৰ কনডম: কোমল, ঢিলা পলিথিনেৰে নিৰ্মিত এবিধ সামগ্ৰী। ইয়াৰ এটা মূৰ বন্ধ থাকে। যৌনসংগমৰ আগতে ইয়াক মহিলাৰ যোনীয়েদি ভিতৰলৈ ভৰাই দিব লাগে। ইয়াৰ খোলা মূৰটো বাহিৰ ফালে থাকে। ইয়াৰ ফলত বীৰ্জপাতৰ বীৰ্জ যোনীত নপৰি এই নলীকাতে আবদ্ধ হৈ থাকে। পুৰুষৰ কনডমৰ দৰে মহিলাৰ কনডমো এবাৰেই ব্যৱহাৰ কৰিব পাৰি। ইয়াক উলিয়াই আনোতে বীৰ্জৰ অংশ যাতে যোনীৰ মুখত বা ওচৰে-পাজৰে নপৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত। এই কনডমে যে কেৱল জৰায়ুকে বীৰ্জৰোধ কৰা নহয়, যোনী পথতো বীৰ্জৰোধক। এই কনডমে পুৰুষৰ কনডমৰ দৰে যৌনৰোগ বিয়পাতো বাধা দিয়ে। এই সামগ্ৰী ভাৰতবৰ্ষত সহজলভ্য নহয়।

শুক্ৰানুনাশক : ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা সামগ্ৰী। ইয়াক ফেন, বড়ি, জেলী, ক্ৰীম আদি বিভিন্ন ৰূপত পোৱা যায়। এই দ্ৰব্যই যোনীত প্ৰৱেশ কৰা শুক্ৰাণুবোৰ মাৰি পেলায়। যৌন সংগম কৰাৰ ঠিক আগে আগে ইয়াক বিশেষ ব্যৱস্থাৰে যোনীত প্ৰৱেশ কৰাই লোৱা হয়। এইবোৰে সম্পূৰ্ণ শুক্ৰনাশ কৰিব বুলি আশা কৰিব নোৱাৰি। ইয়াৰ কাৰ্য্যকাৰীতা মাত্ৰ ৬ শতাংশ। ইয়াৰ সফলতা প্ৰায় ২৬ শতাংশ। আগতে উল্লেখ কৰা পদ্ধতিবোৰৰ কাৰ্য্যকাৰীতা বৃদ্ধি কৰিবলৈহে ইয়াক ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই পদাৰ্থবিধৰ কোনো পাৰ্শ্ব ক্ৰিয়া নাই। অৱশ্যে কম সংখ্যক মহিলাৰ এলাৰ্জি আৰু খজুৱতি হোৱা দেখা যায়।

প্ৰচলিত পদ্ধতি

স্তনপান: সাধাৰণতে শিশুজন্মৰ কেইমাহমানৰ পাছৰ পৰাহে মহিলা গৰাকীৰ পুনৰ ঋতুস্ৰাৱ বা ডিম্বানু গঠন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। স্তনপান কৰাই থকা সময়খিনিত ঋতুস্ৰাৱ বন্ধ থকা বাবে এই সময়ছোৱাক লেকটেচনেল এমেনৰিয়া বোলা হয়। এগৰাকী মহিলাই যেতিয়া শিশুটিক কেৱল গাখীৰেই খুৱাই থাকে, তেতিয়া এই অৱস্থাটো চলি থাকে। ডিম্বাণু উত্পন্ন নোহোৱাৰ বাবে এই সময়ত গৰ্ভধাৰণৰ সম্ভাৱনাও কমি থাকে। কিন্তু এইটোও মনত ৰাখিব লাগে যে, শিশু জন্মৰ পাছত প্ৰথম মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ আগতেই ডিম্বাণু পুৰঠ হৈ নিঃসৰণ হয়। সেয়ে কোনো আগজাননী নোহোৱাকৈ মহিলাগৰাকী গৰ্ভৱতী হব পাৰে।

আঁতৰাই অনা: এই পদ্ধতিত পুৰুষৰ বীৰ্জস্খলনৰ আগতেই যোনীৰ পৰা পুৰুষাংগ বাহিৰলৈ উলিয়াই অনা। ফলত শুক্ৰাণুবোৰ যোনীত জমা হব নোৱাৰে। কিন্তু বহু ক্ষেত্ৰত এইটো সম্ভৱ নহয়। কাৰণ বীৰ্জস্খলনৰ সময়টো নিৰ্দিষ্ট কৰাত কঠিন হব পাৰে, সেই মূহূৰ্তত যোনী মুখেৰে পুৰুষাংগ উলিয়াই অনা কঠিন হবও পাৰে। তাৰোপৰি, যৌনসংগম কৰি থকাৰ সময়ত বহুতৰে ক্ষেত্ৰত কম পৰিমাণে হ’লেও নিৰ্গত পদাৰ্থৰ লগত বীৰ্জ থাকিব পাৰে। মনত ৰখা উচিত যে, ডিম্বাণু নিষিক্ত কৰি গৰ্ভধাৰণ কৰিবলৈ এটা শুক্ৰাণুৱেই যথেষ্ট।উৰ্বৰতা প্ৰতিৰোধৰ পদ্ধতিবোৰ

জৰায়ুৰ মুখত যন্ত্ৰ স্থাপন: IUD এটা সৰু প্লাষ্টিকৰ যন্ত্ৰ, যিটো জৰায়ুৰ ভিতৰত লগাই দিয়া হয়। ইয়াত তাম বা কৃত্ৰিম প্ৰজেষ্ট্ৰন থাকে। এই যন্ত্ৰটো জৰায়ুৰ ভিতৰেদি গৰ্ভাশয়ত প্ৰৱেশ কৰোৱা হয়। ইয়াৰ লগত সংলগ্ন থকা দুডাল সুতা যোনীৰ আগভাগলৈ উলিয়াই থোৱা হয়। যোনীৰে আঙুলি ভৰাই সুতাৰ উপস্থিতি অনুভৱ কৰিলে বুজা যায় যে, যন্ত্ৰটো ঠিক ঠাইতে আছে। সংগমৰ সময়ত শুক্ৰাণু যোনীয়েদি ভিতৰলৈ যোৱাৰ লগে লগে এই যন্ত্ৰত থকা তামৰ সংশ্পৰ্শলৈ আহি সৃষ্টি হোৱা বিজাণুবোৰে শুক্ৰাণুবোৰক মাৰি পেলায় নতুবা শক্তিহীন কৰি পেলায়। ফলত ডিম্বাণু নিষিক্ত হোৱাৰ সম্ভাৱনা নাথাকে। এই যন্ত্ৰটিয়ে ডিম্ববাহী নলীত ডিম্বাণুৰ গতিও খৰ কৰিব পাৰে। ফলত সময়তকৈ আগতে ডিম্বাণু আহি গৰ্ভাশয় পায়- কিন্তু শুক্ৰাণুৰ দ্বাৰা নিষিক্ত হব নোৱাৰে। যদি নিষিক্ত হয়ও তেতিয়া হ’লে গৰ্ভাশয়ত এই যন্ত্ৰটো থকা বাবে ই থিতাপি লব নোৱাৰি নষ্ট হৈ যায়।

আমাৰ দেশত বহুলভাৱে ব্যৱহাৰ হোৱা এনে যন্ত্ৰটো হ’ল কপাৰ টি। এই কপাৰ টি ২ৰ পৰা ৩ বছৰ পৰ্য্যন্ত গৰ্ভাশয়ত ৰাখিব পৰা যায়। এনে যন্ত্ৰটো কেৱল চিকিত্সকেহে স্থাপন কৰি দিব পাৰে। স্থাপনৰ সময়ত যাতে মহিলা গৰাকী গৰ্ভৱতী অৱস্থাত নাথাকে সেইটো চাব লাগে।

ঋতুস্ৰাৱ চলি থকা সময় বা তাৰ পিছত অনতি পলমে এইটো স্থাপন কৰিব লাগে। এই যন্ত্ৰবিধ গৰ্ভনিৰোধৰ বাবে যথেষ্ট কাৰ্য্যকৰী। কিন্তু ইয়াৰো কিছুমান পাৰ্শ্ব-ক্ৰিয়া আছে। এইবোৰৰ কিছুমান অতি সাংঘাটিক।

  • এইটো স্থাপন কৰাৰ প্ৰথম ৫ দিন মানলৈ খুব বেচি বিষ হব পাৰে।
  • ঋতুস্ৰাৱৰ সময়ত অধিক তেজ যোৱা আৰু মাজে মাজেও ৰক্তক্ষৰণ হব পাৰে। ইয়াৰ ফলত ৰক্তহীনতাই দেখা দিব পাৰে।
  • অতি নগণ্য মাত্ৰাত কিছুমানৰ জৰায়ুৰ বেৰখন ই ফুটা কৰি দিব পাৰে বা জৰায়ুৰ ভিতৰৰ আৱৰণে ইয়াক ঢাকি পেলাব পাৰে। এনে ক্ষেত্ৰত এই যন্ত্ৰটি উলিয়াই অনাটোত সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা এনে ক্ষেত্ৰত ডি আৰু চি পদ্ধতিৰে ইয়াক উলিয়াই আনিব লগা হয়।
  • ইয়াৰ পৰা শ্ৰোণীৰ বিভিন্ন ৰোগ হব পাৰে। জৰায়ুৰ ওপৰভাগ, জৰায়ুৰ বেৰ, ডিম্ববাহী নলী, গৰ্ভাশয় আদিত সংক্ৰমণ হব পাৰে। গৱেষণাত দেখা গৈছে যে, IUD ব্যৱহাৰ নকৰা মহিলাতকৈ ব্যৱহাৰ কৰা মহিলাসকলৰ গনোৰিয়া আৰু ক্লামিডিয়া নামৰ যৌনৰোগ হোৱাৰ সম্ভাৱনা অধিক।
  • IUD ব্যৱহাৰ কৰা মহিলাসকলৰ স্থানভ্ৰষ্ট গৰ্ভধানৰ সম্ভাৱনা বেচি। তাঁমযুক্ত IUD ব্যৱহাৰ কৰা মহিলাসকলৰ এই সম্ভাৱনা ৩ শতাংশ। স্থানভ্ৰষ্ট গৰ্ভধান এটা অতি জটিল সমস্যা। ইয়াৰ ফলত ৰক্তক্ষৰণ, সংক্ৰমণ, বন্ধাত্ব্য আৰু সময়ত উপযুক্ত জৰুৰী চিকিত্সা নাপালে মৃত্যুৰ মুখতো পৰিব পাৰে
  • IUD ব্যৱহাৰ কৰাৰ আগতে মহিলাগৰাকীয়ে ভালদৰে চিন্তা কৰি লব লাগে। যদি কোনো মহিলাই এটিও সন্তান জন্ম দিয়া নাই, তেনে মহিলাই IUD ব্যৱহাৰ নকৰাই ভাল। যি সকল মহিলাৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেচি, যিসকল মহিলাৰ আগতে স্থানভ্ৰষ্ট গৰ্ভধাৰণ হৈছে, যিসকল মহিলাৰ ঋতুস্ৰাৱৰ সময়ত প্ৰায়েই সহিব নোৱাৰা বিষ হয়, যিসকল মহিলাৰ ৰক্তহীনতা ৰোগ আছে, তেনে মহিলাই IUD ব্যৱহাৰ কৰিব নালাগে।

বেচিভাগ চৰকাৰী চিকিত্সালয় আৰু স্বাস্থ্যকেন্দ্ৰত প্ৰসৱ বা গৰ্ভপাতৰ পিছতে IUD পদ্ধতি লগাবলৈ মহিলাগৰাকীক হেঁচা প্ৰয়োগ কৰা দেখা যায়। এইটো অতি বিপদজনক হব পাৰে।

ননষ্টেৰয়েড পিল-চেন্টিক্ৰমান: চেহেলী আৰু চইছ নামৰ এই বড়ি বিধ বজাৰত সহজলভ্য। এইবিধ ঔষধে জৰায়ুত ডিম্বাণুৰ গতি বঢ়াই দিয়ে। নিষিক্ত হোৱাৰ পাছতো এই বড়িয়ে কাম কৰে। চৰকাৰীভাবে এই ঔষধক আদৰ্শ গৰ্ভনিৰোধক বুলি প্ৰচাৰ কৰে। এই ঔষধত হৰমন নাথাকিলেও ই শৰীৰৰ দুবিধ হৰমন এস্ত্ৰোজেন আৰু পজেষ্টৰেণক প্ৰভাৱিত আৰু পৰিবৰ্তন কৰিব পাৰে। কেতিয়াবা এই ঔষধে গৰ্ভাশয়ত মাংসপিণ্ডৰ সৃষ্টি কৰিব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate