মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / IVF ত বিফল মহিলা আয়ুৰ্বেদিকত ৮০%সফল :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

IVF ত বিফল মহিলা আয়ুৰ্বেদিকত ৮০%সফল :

IVF ত বিফল মহিলা আয়ুৰ্বেদিকত ৮০%সফল, সেই বিষয়ে লিখা হৈছে ।


ধৰ্ম,অৰ্থ,কাম আৰু মোক্ষ সাধন হৈছে পুৰুষাৰ্থৰ গতি পথ। বিবাহৰ জৰিয়তে সাংসাৰিক জীৱনত সন্তান প্ৰাপ্তি হলেহে মোক্ষ সাধন হয়। সেয়েহে বিয়াৰ দুই-তিনি বছৰৰ ভিতৰত সন্তানৰ মুখ নেদেখিলে আৰম্ভ হয় মানসিক অশান্তি। মধ্যবিত্ত আৰু আঢ্যৱন্ত সকলে প্ৰথমে এলোপেথিক চিকিৎসা কৰি যেতিয়া ভাগৰি পৰে, বিশেষকৈ IVF কৰিও বিফল হয় তেতিয়াহে আধা কিলোমান ওজনৰ ৰিপৰ্ট আৰু প্ৰেচক্ৰিপচনৰ কাগজ লৈ আয়ুৰ্বেদিক চিকিৎসকৰ শৰণাপন্ন হয়। কিন্তু এই সকল মহিলাৰ, বিশেষকৈ IVF ত সম্পূৰ্ণ বিফল মহিলা সকলৰ ৮০% অধিক মহিলা আয়ুৰ্বেদিক চিকিৎসাত সফলহৈ সন্তানৰ মুখ দেখিবলৈ সক্ষম হয়। আনকি IVF ত বিফল মহিলাক কোনোকালে সন্তান নহব বুলি ঘোষণা কৰাৰ পিছত মাত্ৰ ডেৰমাহতে আয়ুৰ্বেদিক চিকিৎসাত গৰ্ভৱতী হোৱাৰ প্ৰমাণ মোৰ আছে।
সাধাৰণতে ডিম্ববাহী নলী অৱৰোধ (fallopian tube blocked), ভিম্বাশয়ত গুল্ম বা চিষ্ট (PCOD) এণ্ডোমেট্ৰিয়াম নামৰ জৰায়ু শ্লেষ্মিক কলা পাতল হোৱা বা ফুলি যোৱাৰ কাৰণত অধিক সংখ্যক মহিলাই গৰ্ভধাণ কৰিব নোৱাৰে। এই সম্পৰ্কীয় ৰোগৰ লিখনি আমাৰ গ্ৰুপত আছে বাবে পুনৰ বৰ্ণনা কৰিব ইচ্ছা কৰা নায়।
কিছুমান চিকিৎসা পদ্ধতিত ওপৰোক্ত ৰোগ তিনিবিধ জটিল ধৰণৰ যদিও আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত তেনেই সাধাৰণ ধৰণৰ ৰোগ বুলিব পাৰি। ইয়াৰ চিকিৎসাও সাধাৰণ।
(১) ডিম্ববাহী নলী অৱৰোধ (fallopian tube blocked) হলে সন্তান জন্ম দিব নোৱাৰে। সাধাৰণতে অস্ত্ৰোপচাৰ কৰা হয় যদিও বহুত সময়ত ফলপ্ৰসু নহয়। আয়ুৰ্বেদিক চিকিৎসাত ইয়াক "শ্ৰোত অৱৰোধ" অন্তৰ্গত ধৰা হয়। সেয়েহে "শ্ৰোতমুক্তি" চিকিৎসা আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে জীৱনীয় গণৰ ঔষধৰ দ্বাৰা উত্তৰ বস্তি দিব পাৰি। গুগুল এবিধ উৎকৃষ্ট শ্ৰোতমুক্তি ঔষধ।
সচৰাচৰ ডেৰ- দুমাহ চিকিৎসা কৰিলে স্ত্ৰীয়ে গৰ্ভধাৰণ কৰিব পাৰে। IVF কৰি সম্পূৰ্ণ বিফল হোৱা মহিলা সকলৰ ৮০%ই অতি সহজে গৰ্ভধাৰণ কৰিব পাৰে।
(২) আজিকালি মহিলা আৰু যুৱতীৰ গৰ্ভাশয়ত চিষ্ট (PCOD) বহুত বাঢ়িছে। ইয়াৰ কাৰণে মাহেকীয়া অনিয়মীয়া হয় আৰু গৰ্ভধাৰণ কৰিব নোৱাৰে। সাধাৰণতে অস্ত্ৰোপচাৰ কৰাৰ পিছতো পুনৰ চিষ্ট উৎপত্তি হয়। গৰ্ভধাৰণ কৰিব নোৱাৰিলে IVF কৰা হয়। ইয়াৰ পিছতো পিছতো গৰ্ভধাৰণ কৰিব নোৱাৰিলে মহিলা গৰাকীৰ মনোবল ভাগি যায়। আয়ুৰ্বেদিক চিকিৎসাৰ "গুল্ম ৰোগ"অন্তৰ্গত ইয়াক ধৰা হয়। "গুল্মহৰ " চিকিৎসা কৰিলে দিনক দিনে চিষ্টৰ আকৃতি সৰু হবলৈ ধৰে। এসময়ত বিনা অস্ত্ৰোপচাৰে চিষ্ট নোহোৱা হয় আৰু সহজেই গৰ্ভধাৰণ কৰিব পাৰে। উল্লেখযোগ্যযে IVF কৰি বিফল হোৱা ৰোগী সকলে আয়ুৰ্বেদিক চিকিৎসা কৰিলে ৮০%ই সহজে গৰ্ভধাৰণ কৰিব পাৰে।
(৩) কিছুমান মহিলাৰ জৰায়ূৰ ভিতৰত থকা এণ্ডোমেট্ৰিয়াম নামৰ শ্লেষ্মিক কলা বৰ পাতল হয়। এই পাতল শ্লেষ্মিক কলা কেৱলমাত্ৰ আয়ুৰ্বেদিক ঔষধৰ দ্বাৰাহে স্বাভাৱিক অৱস্থালৈ আনিব পাৰি । আন চিকিৎসা পদ্ধতিত ঔষধৰ জৰিয়তে পাতল এণ্ডোমেট্ৰিয়াম স্বাভাৱিক অৱস্হালৈ আনিব পৰা এটাও ঔষধ নায়। এগৰাকী মহিলাৰ এণ্ডোমেট্ৰিয়াম ৩ এম এম ডাঠ আৰু পাছমাহ ঔষধ খাবলৈ দিয়াৰ পিছত ৭ এম এম ডাঠ হৈছে।
উল্লেখযোগ্য যে জৰায়ু সম্বন্ধীয় সকলো প্ৰকাৰ ৰোগৰ কাৰণে আয়ুৰ্বেদিক ঔষধ অধিক ফলপ্ৰসু আৰু পাৰ্শ্বক্ৰিয়া বিহীন। সেয়েহে জৰায়ু আৰু স্ত্ৰীৰোগ সম্বন্ধীয় ৰোগত এলোপেথিক চিকিৎসক সকলেও আয়ুৰ্বেদিক ঔষধ দিয়ে। মহিলাৰ স্ত্ৰী হৰমনৰ অভাৱ, জৰায়ুৰ নানান প্ৰকাৰ ৰোগৰ কাৰণেও গৰ্ভৱতী হব নোৱাৰে। কিন্তু আয়ুৰ্বেদিক চিকিৎসা কৰিলে অতি কম খৰছতে আৰু কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত নোহোৱাকৈ সন্তান জন্ম দিব পাৰে। আয়ুৰ্বেদিক চিকিৎসা কৰিলে প্ৰায় আধাকিলো ওজনৰ পৰীক্ষা কৰা কাগজৰ প্ৰয়োজন নহয়, মাত্ৰ এখন আলট্ৰা চ'নগ্ৰাফী প্ৰয়োজন হ'ব জৰায়ু গঠন সম্বন্ধে জনাৰ বাবে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.05555555556
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top