অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনিও ৰক্তদান কৰক

আপুনিও ৰক্তদান কৰক

আধুনিক চিকিৎসা পদ্ধতিত ৰক্ত আৰু তাৰ উপাদান সংচৰণৰ বহুল প্রয়োজন। ৰক্ত সংচৰণে জীৱনঘাতক ৰোগ(যেনে-কৰ্কট ৰোগ, থেলেচেমীয়া, হিমোফিলিয়া আদি) থকা ৰোগীক উৎকৃষ্ট জীৱন-যাপন কৰা আৰু দীর্ঘায়ু হোৱাত সহায় কৰে। অস্ত্ৰোপচা, দুর্ঘটনাত ৰক্তক্ষৰণ হোৱা, প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা আদিত ইয়াৰ বহুল প্রয়োজন। ৰক্ত আৰু তাৰ উপাদান সংচৰণে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে বহু নিযুত লোকৰ জীৱন ৰক্ষা কৰি আহিছে।

মানৱ ৰক্ত অমূল্য। কোনো কাৰখানাতে ইয়াক তৈয়াৰ কৰিব নোৱাৰি। কেৱল মাত্ৰ মানৱ শৰীৰতহে মানৱ ৰক্ত তৈয়াৰ হয়। কাৰোবাক ৰক্তৰ প্ৰয়োজন হ’লে মাথোঁ আন এজন ব্যক্তিৰ পৰাহে পাব পাৰি। সুৰক্ষিত বক্তৰ যথোপযুক্ত যোগান মাত্র নিয়মিত স্বেচ্ছীয় ৰক্তদানৰদ্বাৰাহে সম্ভৱ। সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদান হয়। ইয়াৰ মাত্ৰ ৩১ শতাংশহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত সংগ্রহ হয় যদিও বিশ্বৰ প্ৰায় ৮২ শতাংশ জনবসতি এই দেশবোৰত। বৰ্তমানো ভাৰতবৰ্ষত সুৰক্ষিত ৰক্তৰ অভাৱ আৰু ইয়াৰ ভয়ানক চাহিদা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সমগ্র দক্ষিণ-পূর্ব এছিয়াৰ দেশবোৰত বছৰি প্ৰায় ১৬ নিযুত ইউনিট ৰক্তৰ প্রয়োজন। কিন্তু বর্তমান মাত্র ৯.৪ নিযুত ইউনিট ৰক্তহে হয়। বিশ্ব-স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছীয় ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে। আজিৰ তাৰিখত বিশ্বৰ মাতৃৰ ২ খন দেশেহে এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে। ভাৰতৰ দৰে ৪০খন দেশ আজিও পৰিয়াল, ৰক্তদাতা, অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল। ভাৰতবৰ্ষত স্বেচ্ছীয় দানৰ পৰিমাণ প্রায় ৭০ শতাংশ। অসমত মাত্র ৫৭ শতাংশ। এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰপৰা আজিও আমি বহু নিলগত। কিন্তু ই যাদু সংখ্যা নহয়। আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জনসংখ্যাৰ এক শতাংশয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছীয় ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰে। ইয়াৰ উপৰি আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিট ৰক্তৰপৰা লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, প্লেটেলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদানসমূহ বিজ্ঞানসন্মতভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি।

ইংৰাজী ২০০৪ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে ১৪জুন তাৰিখটো ‘বিশ্বৰক্তদাতা দিৱস’ হিচাপে পালন কৰি আহিছে। এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হ’ল—ৰক্তৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল  হোৱা, স্বেচ্ছা ৰক্তদাতা আৰু ৰক্তগৃহীতৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু স্বেচ্ছা ৰক্তদানৰদ্বাৰা ৰক্তৰ বাণিজ্যিককৰণ বন্ধ কৰা। স্বেচ্ছা ৰক্তদাতাসকলক উদ্বুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আন্তর্জাতিক ৰেডক্ৰছ ছ’চাইটী, আন্তর্জাতিক ৰক্তদাতা সংস্থা আৰু আন্তৰ্জাতিক ৰক্ত সংচৰণ সংস্থাৰ সহায়ত প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে কোনোবা এখন দেশত এই দিৱস উদযাপন কৰে। ইয়াক আৰ্থিকভাৱে বহু আন্তর্জাতিক সংস্থাই সহায় কৰে। এইবোৰৰ ভিতৰত আমেৰিকান ব্লাড বেংক ছ’চাইটী, UNESC0, ADRP, ৰ’টাৰী ইন্টাৰনেচনেল, UNAIDS, UNDP, UNFP আদি প্ৰধান। বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে প্ৰতিখন দেশ আৰু ৰাজ্যতে এই দিৱস পালন কৰা হয়। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় এইড্‌ছ সংস্থাৰ তত্ত্বাৱধানত এই দিৱস পালন কৰা হয়। স্বেচ্ছা ৰক্তদাতাসকলক সন্মান জনোৱা আৰু জনসাধাৰণক স্বেচ্ছা ৰক্তদানৰ কাৰণে উদ্বুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি বছৰে এটা উক্তি বাছি লয়। এই উক্তিৰে প্রত্যেক ব্যক্তিলৈ এটা বাৰ্তা প্ৰেৰণ কৰে, যাতে তেওঁলোক স্বেচ্ছা ৰক্তদানৰ প্ৰতি উদ্বুদ্ধ হয়। সাধাৰণতে জৰুকালীন অৱস্থা বা প্রাকৃতিক দুর্যোগত বহু লোক ঘুণীয়া হয়। এই ঘুণীয়া লোকবোৰক বচাবলৈ প্ৰচুৰ ৰক্তৰ প্ৰয়োজন হয় যদিও বৰ বৰ অভাৱ হোৱা দেখা যায়। ৰক্তৰ অভাৱত এনে বহু লোকৰ মৃত্যু হোৱা দেখা যায়। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই এইবছৰ ‘বিশ্ব ৰক্তদাতা দিৱস’ত মানুহক ক’ব বিচাৰিছে যে প্রাকৃতিক দুর্যোগৰ সময়ত এনে অৱস্থা নহ’বৰ বাবে এতিয়াৰেপৰা আমি সঘনাই স্বেচ্ছাই ৰক্তদান কৰা উচিত। সেয়েহে এই বছৰ বিশ্ব ৰক্তদাতা দিৱসৰ উক্তি হ’ল- ‘আপুনি কি কৰিব পাৰে ?’ আৰু বিশ্ব ৰক্তদাতা দিৱসৰ বার্তা হ'ল- ৰক্তদান কৰক। এতিয়াই কৰক। সঘনাই কৰক। এজন সুস্বাস্থ্যৰ ব্যক্তি, যাৰ বয়স ১৬ ৰ পৰা ৬৫ বছৰ, এজন ৪৫ কিলোগ্ৰামতকৈ অধিক, ৰক্তচাপ (ডায়’লিক ৭০-১০০ মিঃ মিঃ পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-১৬০ মিঃ মিঃ পাৰাস্তম্ভৰ ভিতৰত), উষ্ণতা ৩৭.৫ চেলচিয়াছতকৈ কম, তেজত হিম'গ্ল'বিনৰ পৰিমাণ প্রতি ডেচিলিটাৰত ১২ গ্ৰামতকৈ অধিক আৰু কোনো ধৰণৰ ৰক্তেৰে সোঁচ ৰোগ নাথাকে, তেনে এজনে বছৰত তিনিবাৰকৈ শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ স্বেচ্ছীয় ৰক্তদান কৰিব পাৰে। আমি জানো যে পুৰুষৰ দেহত প্রতি কিলোগ্রাম শৰীৰৰ ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ আৰু মহিলাৰ ৬৬ মিলিলিটাৰ ৰক্ত থাকে। ইয়াৰ মাত্ৰ ৫০ মিলিলিটাৰ ৰক্তহে প্রতি কিলোগ্রাম শৰীৰৰ ওজনৰ বিপৰীতে প্রয়োজনীয়। অর্থাৎ প্রতি কিলোগ্রাম শৰীৰ ওজনৰ বিপৰীতে পুৰুষৰ দেহত ২৬ মিলিলিটাৰ আৰু মহিলাৰ দেহত ১৬ মিলিলিটাৰ ৰক্ত অধিক থাকে। এবাৰ ৰক্তদানত মাত্ৰ ৩৫০ মিলিলিটাৰ ৰক্তহে সংগ্ৰহ কৰা হয়। ই শৰীৰৰ কোনো ক্ষতি নকৰে। তদুপৰি ৰক্তদানৰ ফলত হোৱা পনীয়া ভাগ ৰক্তদানৰ ৪৮ ঘন্টা আৰু কোষীয় ভাগ ২১ দিনৰ ভিতৰত সম্পূৰ্ণভাৱে ঘূৰি আহে। স্বেচ্ছীয় ৰক্তদানে ৰক্তদাতাৰ কোনো ক্ষতি নকৰে, মাথোঁ আনক জীৱন দান কৰে। যদি কোনো ব্যক্তিয়ে সঁচাকৈয়ে নিজকে, মানুহক আৰু মানৱতাক ভাল পায়, তেন্তে তেওঁ স্বেচ্ছীয় দান কৰা উচিত। স্বেচ্ছীয় ৰক্তদাতাই কোনো লাভৰ আশা নকৰি ৰক্তদান কৰে। ই মানৱপ্রেমৰ চৰম নিদৰ্শন আৰু এনেদৰে ৰক্তদান কৰি ব্যক্তিগতভাৱে সুখ, আনন্দ অনুভৱ কৰাৰ উপৰি সমাজত চৰম সন্মান লাভ কৰিব পাৰে। জীৱনৰ উপহাৰ, স্বেচ্ছীয় ৰক্তদান। আজি বিশ্ব ৰক্তদাতা দিৱসত অনুৰোধ উপযুক্ত ব্যক্তি আগুৱাই আহি স্বেচ্ছীয় ৰক্তদান কৰি আমাৰ ৰাজ্যখনত এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰিব ৰক্তভাণ্ডাৰসমূহ ভৰাই ৰাখিব, যাতে কোনো ব্যক্তিয়ে ৰক্তৰ অভাৱত মৃত্যুবৰণ কৰিবলগা নহয়। তদুপৰি প্ৰয়োজনত সুৰক্ষিত ৰক্ত পায় আৰু পৰিয়াল তথা পেছাদাৰী ৰক্তদান বন্ধ হয়।

লিখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top