মূল পৃষ্ঠা / স্বাস্থ্য / ৰক্ত দান- জীৱন দান / জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান

জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান

আধুনিক চিকিৎসা পদ্ধতিত ৰক্ত আৰু তাৰ উপাদান সংৰচনৰ বহুল প্ৰয়োজন| ৰক্ত সংৰচনে জীৱনঘাতক ৰোগ (যেনে- কৰ্কট ৰোগ, থেলেচেমিয়া, হিমোফিলিয়া আদি) থকা ৰোগীক উৎকৃষ্ট জীৱন-যাপন কৰা আৰু দীৰ্ঘায়ু হোৱাত সহায় কৰে| জটিল অস্ত্ৰোপচাৰ, দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা, প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা আদিত ইয়াৰ বহুল প্ৰয়োজন| ৰক্ত আৰু তাৰ উপাদান সংৰচনে প্ৰতি বছৰে সমগ্ৰ বিশ্বতে বহু নিযুত ব্যক্তিৰ জীৱন ৰক্ষা কৰি আহিছে| সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদান হয়| ইয়াৰ মাত্ৰ ৩২ শতাংশহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত সংগ্ৰহ হয়, যদিও বিশ্বৰ প্ৰায় ৮২ শতাংশ জনবসতি এই দেশবোৰত| বৰ্তমানেও ভাৰতবৰ্ষত সুৰক্ষিত ৰক্তৰ অভাৱ আৰু ইয়াৰ ভয়ানক চাহিদা| বিশ্ব-স্বাস্থ্য সংস্থাৰ মতে, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দেশবোৰত বছৰি প্ৰায় ১৬ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন, কিন্তু বৰ্তমান মাত্ৰ ৯.৪ নিযুত ইউনিট ৰক্তহে সংগ্ৰহ হয়| অথিক তেনেদৰে যদিও ভাৰতবৰ্ষত বছৰি প্ৰায় ৯ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন, কিন্তু মাত্ৰ ৭ নিযুত ইউনিট ৰক্তহে সংগ্ৰহ হয়| সুৰক্ষিত আৰু প্ৰয়োজনীয় ৰক্তৰ অভাৱত আজিও ভাৰতবৰ্ষত বহুতো দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা ব্যক্তি আৰু প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা মাতৃৰ মৃত্যু হয়| মানৱ ৰক্ত অমূল্য| কোনো কাৰখানাতে ইয়াক তৈয়াৰ কৰিব নোৱাৰি| কেৱল মাত্ৰ মানৱ শৰীৰতহে মানৱ ৰক্ত তৈয়াৰ হয়| কাৰোবাক ৰক্তৰ প্ৰয়োজন হ’লে মাঁথো অন্য এজন ব্যক্তিৰ পৰাহে পাব পাৰি| চিকিৎসা সেৱা গ্ৰহণ কৰা প্ৰতিজন ৰোগীয়ে প্ৰয়োজনত সুৰক্ষিত ৰক্ত পোৱাটো অধিকাৰ| সাধাৰণতে দেখা যায়, যেতিয়াই কোনোবা এজন ব্যক্তিক ৰক্তৰ প্ৰয়োজন হয়, তেতিয়া তেওঁৰ আত্মীয় বা বন্ধুৱে ৰক্ত দিব লগা হয়| কিন্তু কিছুমান এনে ৰোগ আছে, য’ত প্ৰায়ে ৰক্তৰ প্ৰয়োজন হয়| এনে ৰোগীয়ে সদায় ৰক্তদাতা ক’ৰপৰা যোগাৰ কৰিব| তেতিয়াই পেছাদাৰী ৰক্তদাতাৰ আৱিৰ্ভাৱ হয়| আমি আটায়ে জানো যে, পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIV-কে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক| সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে| তদুপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিস্ফোৰণ, গুলীয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে| যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্ত ভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহ বোৰৰ কি অৱস্থা হ’ব? ইয়াৰ বাবে নিশ্চয়কৈ সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই| সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মিত স্বেচ্ছা ৰক্তদানৰ দ্বাৰাহে সম্ভৱ| বিশ্ব-স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছা ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে| আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে| ভাৰতৰ দৰে ৪০ খন দেশ আজিও পৰিয়াল ৰক্তদাতা অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল| ভাৰতবৰ্ষত স্বেচ্ছীয় ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশ| অসমত মাত্ৰ ৪০ শতাংশ| এশ শতাংশ স্বেচ্ছা ৰক্তদানৰ পৰা আজিও আমি বহু নিলগত| কিন্তু ই যাদু সংখ্যা নহয়| আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জন্সংখ্যাৰ এক শতাংশইয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছাই ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰো| আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিট ৰক্তৰ পৰা লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদন সমুহ বিজ্ঞানসন্মত ভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি| এজন সুস্বাস্থ্যৰ ব্যক্তি যাৰ বয়স ১৬ ৰ পৰা ৬০ বছৰ, ওজন ৪৫ কি: গ্ৰামতকৈ  অধিক, ৰক্তচাপ (ডায়’ষ্টলিক ৭০-১০০ মি: মি: পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-১৬০ মি: মি: পাৰাস্তম্ভৰ ভিতৰত), উষ্ণতা ৩৭.৫ চেলচিয়াছতকৈ কম, তেজত হিমোগ্ল’বিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰ ১২ গ্ৰামতকৈ অধিক আৰু কোনো ধৰণৰ ৰক্তেৰে সোঁচৰা ৰোগ নাথাকে, তেনে এজনে বছৰত তিনিবাৰকৈ শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ ৰক্তদান কৰিব পাৰে| আমি জানো যে পুৰুষৰ দেহত প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ আৰু মহিলাৰ ৬৬ মিলিলিটাৰ ৰক্ত থাকে| ইয়াৰ মাত্ৰ ৫০ মিলিলিটাৰ ৰক্তহে প্ৰতি কিলোগ্ৰাম শৰীৰ ওজনৰ বিপৰীতে প্ৰয়োজনীয়| অৰ্থাৎ প্ৰতি কিলোগ্ৰাম শৰীৰ ওজনৰ বিপৰীতে পুৰুষৰ দেহত ২৬ মিলিলিটাৰ আৰু মহিলাৰ দেহত ১৬ মিলিলিটাৰ ৰক্ত অধিক থাকে| এবাৰ ৰক্তদানত মাত্ৰ ৩৫০ মিলিলিটাৰ ৰক্তহে সংগ্ৰহ কৰা হয়| ই শৰীৰৰ কোনো ক্ষতিসাধন নকৰে| ৰক্তদানৰ ফলত হেৰুওৱা পনীয়া ভাগ ৰক্তদানৰ ৪৮ ঘণ্টা আৰু কোষীয় ভাগ ২১ দিনৰ ভিতৰত সম্পুৰ্ণ ভাৱে ঘূৰি আহে| স্বেচ্ছীয় ৰক্তদানে ৰক্তদাতাৰ কোনো ক্ষতি নকৰে, মাথোঁ আনক জীৱন দান কৰে| যদি কোনো ব্যক্তিয়ে সচাঁকৈয়ে নিজকে, মানুহক আৰু মানৱতাক ভাল পায়, তেন্তে তেওঁ স্বেচ্ছীয় ৰক্তদান কৰা উচিত| স্বেচ্ছীয় ৰক্তদাতাই কোনো লাভৰ আশা নকৰি ৰক্তদান কৰে| ই মানৱ প্ৰেমৰ চৰম নিদৰ্শন আৰু এনেদৰে ৰক্তদান কৰি ব্যক্তিগত ভাৱে সুখ, আনন্দ অনুভৱ কৰাৰ উপৰি সমাজত সন্মান লাভ কৰিব পাৰে| মাকৰ চকুপানীয়ে শিশুক বচাব নোৱাৰে, কিন্তু আপুনি দান কৰা ৰক্তই পাৰে| জীৱনৰ উপহাৰ, স্বেচ্ছা ৰক্তদান| অনুৰোধ, উপযুক্ত ব্যক্তি আগুৱাই আহি স্বেচ্ছাই ৰক্তদান কৰিব| আমাৰ ৰাজ্যখনত এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰি ৰক্তভাণ্ডাৰ সমুহ ভৰাই ৰাখিব, যাতে কোনো ব্যক্তিয়ে ৰক্তৰ অভাৱত মৃত্যু বৰণ কৰিব লগা নহয়, তদুপৰি প্ৰয়োজনত সুৰক্ষিত ৰক্ত পায় আৰু পৰিয়াল তথা পেছাদাৰী ৰক্তদান বন্ধ হয়| ২০০৪ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে ১৪ জুন তাৰিখটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰি আহিছে| এই দিৱস উদ্‌যাপন কৰাৰ উদ্দেশ্য হ’ল- ৰক্তৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱা, স্বেচ্ছা ৰক্তদাতা আৰু ৰক্তগৃহীতৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু স্বেচ্ছা ৰক্তদানৰ দ্বাৰা ৰক্তৰ বাণিজ্যিকৰণ বন্ধ কৰা| স্বেচ্ছা ৰক্তদাতাসকলক উদ্ধুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আন্ত:ৰাষ্ট্ৰীয় ৰেডক্ৰছ ছ’চাইটী, আন্ত:ৰাষ্ট্ৰীয় ৰক্তদাতা সংস্থা আৰু আন্ত:ৰাষ্ট্ৰীয় ৰক্ত সংৰচণ সংস্থাৰ সহায়ত প্ৰতি বছৰে কেন্দ্ৰীয় ভাৱে কোনোবা এখন দেশত এই দিৱস উদ্‌যাপন কৰে| ইয়াক আৰ্থিক ভাৱে বহু আন্ত:ৰাষ্ট্ৰীয় সংস্থাই সহায় কৰে| এইবোৰৰ ভিতৰত আমেৰিকান ব্লাড বেংক ছ’চাইটী, UNESCO, ADRP, UNAIDS,UNDP,UNFP, ৰ’টাৰী ইণ্টাৰনেচনেল আদি প্ৰধান| বিশ্ব স্বাস্থ্য সংস্থাই এই বছৰ এই দিৱস নেডাৰলেণ্ডত কেন্দ্ৰীয় ভাৱে পালন কৰিব| বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে প্ৰতিখন দেশ আৰু ৰাজ্যতো এই দিৱস পালন কৰা হয়| ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় এইড্‌ছ নিয়ন্ত্ৰণ সংস্থাৰ তত্ত্বাবধানত এই দিৱস পালন কৰা হয়| স্বেচ্ছা ৰক্তদাতাসকলক সন্মান জনোৱা আৰু জনসাধাৰণক স্বেচ্ছা ৰক্তদানৰ কাৰণে উদ্ধুদ্ধ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি বছৰে এটা উক্তি বাচি লয়| এই উক্তিৰে প্ৰত্যেক ব্যক্তিলৈ এটা বাৰ্তা প্ৰেৰণ কৰে যাতে তেওঁলোকে স্বেচ্ছা ৰক্তদানৰ প্ৰতি উদ্ধুদ্ধ হয়| এই বছৰ বিশ্ব ৰক্তদাতা দিৱসৰ উক্তি হ’ল- ‘Blood connects us all’ আৰু বাৰ্তা হ’ল-‘Share life,give blood’.

ডা: ধৰ্মকান্ত কুম্ভকাৰ।

2.86206896552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top