অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজ: প্ৰাকৃতিক আৰু কৃত্ৰিম

তেজৰ পৰিচয় আৰু সংযুতি

তেজ সকলোৱে দেখিছে সকলোৱে চিনি পায়।কাটিলে জোকে খালে বা অন্য প্ৰকাৰে আঘাত পালেও গাৰ পৰা তেজ ওলায়।তেজ দেখা পালে মনলৈ ভয় ভাৱ এটা আহে।কম ধতুৱা মানুহক তেজমুইয়েও ধৰে অৰ্থাৎ মূৰ আচন্দ্ৰাই কৰে।দু:শাসনৰ “ৰক্তপানত” বা হিৰন্যকশিপুৰ হৃদয় বিদাৰি ভাওনা-থিয়েটাৰত প্ৰদৰ্শন কৰা ৰঙচুৱা চিয়াঁহীৰ পদাৰ্থবোৰ তেজ যেন লাগিলেও সেইবোৰ ৰঙা ৰহনটো তেজত হিমগ্লবিন নামৰ এবিধ ৰাসায়নিক ৰঞ্জক কনিকা থকাৰ কাৰনেহে হয়।অৱশ্যে তেজত কেৱল হিমগ্লবিনেই উপৰিও গ্লুবুলিন,এলবুলিন আদি প্ৰ্টিন জাতীয় দ্ৰব্য থাকে।ৰক্তপ্লাৱিকাত হিমগ্লবিন উপৰিও গ্লবুলিন,এলবুমিন আদি প্ৰটিন জাতীয় দ্ৰব্য থাকে বিবিধ জৈৱিক পদাৰ্থ যেনে-ইউৰীয়া গ্লুকজ কলেষ্টৰেল,আদি থাকে।ক্লৰাইড,বাইকাৰ্বনেটপ ফছফেট আদি এচিডমূলক থকা ছডিয়াম,পটেছিয়াম,কেলচিয়াম আদি ধাতুৰ অজৈৱ লৱন আৰু পানী থাকে।প্ৰকৃততে পনীয়া ৰক্তপ্লাৱিকাখিনিত এৰিথ্ৰ্ছাইটছ(erythrocytes)বা ৰঙা ৰক্তকনিকা লিউকছাইটছ(leucocytes)বা শ্বেতৰক্তকনিকা আৰু থ্ৰম্বছাইটছ(thrombocytes)বা প্লেটলেট নামৰ ৰক্ত কোষবোৰ প্ৰলম্বিত অৱস্থাত থাকে।মানুহৰ এক মাইক্ৰ(১০—৬)লিটাৰ তেজত চাৰি নিযুতৰ পৰা ছয় নিযুত পৰ্য্যন্ত এৰিথ্ৰ্ছাইটছ,পাচঁ হেজাৰৰ পৰা দহ হেজাৰ পৰ্য্যন্ত লিউকছাইছ আৰু দুই লাখৰ পৰা পাচঁ লাখ পৰ্য্যন্ত থ্ৰম্বছাইটছ থাকে।এৰিথ্ৰ্ছাইছ্বোৰ বাহিৰে বাকীবোৰ উপাদান বৰ্নহীন পদাৰ্থ।

মানুহৰ তেজৰ হিমগ্লবিনৰ দৰেই বহুতো মেৰুদণ্ডী স্তন্যপায়ী জন্তৰ তেজৰ হিমগ্লবিনৰ অনুবোৰত চাৰিটাকৈ প্ৰতিন থাকে আৰু প্ৰতিটো প্ৰ্টিনতে একোটাকৈ আয়ৰন(Fe++)আয়ন থাকে যাৰ ফলত ইহতেঁ অতি সহজে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে।যিহেতু এই প্ৰটিন গঠনত ভাগ লোৱা এমিন এচিডবোৰৰ ক্ৰম আৰু পৰিমানৰ তাৰতম্য বিদ্যামান সেয়ে জন্তৰ তেজ আৰু মানুহৰ তেজৰ মাজত যথেষ্ঠ পাৰ্থক্য থাকে।ৰক্তপ্লাৱিকাৰ অন্যান্য উপাদান,যেন-শ্বেতৰক্তকণিকা,থম্বছাইট,জৈৱ-অজৈৱ পদাৰ্থ আদিৰো মিল নাথাকে।সেয়ে জন্তৰ তেজ মানুহে গ্ৰহন কৰিব পৰাকৈ নিৰাপদ হব নোৱাৰে।

শৰীৰত ৰক্তপ্ৰবাহৰ প্ৰভাৱ

শৰীৰৰ ৰক্তপ্ৰবাহত কৰ্মব্যস্ত মহানগৰী এখনৰ পৰিবহন ব্যৱস্থাৰ লগতো তুলনা কৰিব পাৰি,যদিও ব্যস্ততম মহানগৰীৰো পৰিবহন ব্যস্ততা ৰক্তসঞ্চালনৰ তুলনাত মহাসাগৰৰ জলৰাশিক গণ্ডুষ জলটুপিৰ লগত তুলনা কৰাৰ দৰেহে হব।মহানগৰ পৰিবহনে ওৰেদিনে বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি থকাৰ লাগতে মহানগৰীৰ জনগনকো ইঠাইৰ পৰা সঠাইলৈ অনা-নিয়া কৰি থাকে।ঠিক সেইদৰে ৰক্তসঞ্চালনেও আগোৰাত্ৰ বিৰামহীনভাৱে জীৱদেহৰ থকা কোটী কোটী কোষলৈ আহাৰ,অক্সিজেনৰ যোগান অব্যাহত ৰখাৰ লগতে বাহ্যিক শক্তৰ পৰা শৰীৰটোক সুৰক্ষিত কৰি ৰাখিবলৈ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰে আৰু কোষবোৰত উৎপাদিত হোৱা অপজাত দ্ৰব্যবোৰ শৰীৰৰ পৰা ত্ৎকালিক নিষ্কাষনৰ ব্যৱস্থা কৰে।

তেজৰ বৰ্গীকৰন আৰু বিক্ৰিয়া

আগতে উল্লেকহ কৰি অহা হৈছে যে মানুহৰ তেজ আৰু জন্তৰ তেজ দেখাত একে ৰঙা ৰঙৰ হলেও সিবোৰৰ সংযুতিৰ পাৰ্থক্য বিশেষ লক্ষনীয়।আনকি নৃগোষ্ঠীৰ ভিতৰতো তেজৰ অমিল বৰ সুস্পষ্ট।তেজৰ অমিলৰ প্ৰধান কাৰনটো হল ৰঙা ৰক্তকোষৰ আৱৰণিখনৰ ৰাসায়নিক গঠনত থকা পাৰ্থক্য।এজন ব্যক্তিৰ তেজ আন এজন ব্যক্তিয়ে গ্ৰহন কৰিবলগীয়া হলে এই পাৰ্থক্যই অতি গুৰুত্বপূৰ্ন ভুমিকা লয়।এজন ব্যক্তিৰ তেজৰ ৰাসায়নিক উপাদাম আনজনৰ লগত অমিল হলে শৰীৰৰ ৰোগ প্ৰ্তিৰোধ তন্ত্ৰই তাক আক্ৰমন কৰিবলৈ ধৰে।যিবোৰ ৰাসায়নিক উপাদানৰ ৰক্তকোষে শত্ৰূজ্ঞানে কৰে সেইবোৰক এন্টিজেনৰ উপৰিও শৰীৰত প্ৰ্তিৰক্ষী কণিকা কিছুমানো  থাকে।ইহতৰ প্ৰধান কৰ্ত্তব্য হল শত্ৰু বুলি ভবা কণিকাক আক্ৰমন কৰি নষ্ট কৰি পেলোৱা।সেয়ে মানুহৰ তেজত থকা এন্টিজেন আৰু এন্টিবডিৰ ওপৰত ভিত্তি কৰি মানুহৰ তেজক বিভিন্ন গ্ৰুপত ভাগ কৰা হৈছে।মানুহৰ তেজত সাধাৰনতে A এন্টিজেন আৰু B এন্টিজেন নামৰ এন্টিজেন দুটাই থাকে।এই এণ্টিজনৰ দুটাৰ ওপৰত ভিত্তি কৰি কাৰ্ল লেণ্ডষ্টাইনাৰে ১৯০৫ চনত মানুহৰ তেজক A গ্ৰুপ,B গ্ৰুফ,AB গ্ৰুপ আৰু O গ্ৰুপ—এই চাৰিটা গ্ৰুপত ভাগ কৰিলে।কিছুমান ৰক্তকোষৰ আৱৰনখিনিৰ ৰাসায়নিক গঠনত A এন্টিজন থাকে,কিছুমান B এন্টিজেন থাকে।আনহাতে কিছুমানৰ ৰক্তকোষৰ আৱৰণিত এন্টিজেন নাথাকেই।A আৰু B দুয়োটা এন্টিজেন থকাবোৰক AB গ্ৰুপত আৰু এন্টিজেন নথকা তেজক O গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে।ইয়াৰ ইপৰিও চাৰিওটা গ্ৰুপকে ঋনাত্মক আৰু ঋনাত্মক উপশাখাতো ভাগ কৰা হৈছে।সেয়ে এজনক তেজ ধনাত্মক A বা A+(পজিতিভ)আৰু আনজনক ঋনাত্মক উপশাখাত ভাগ কৰাৰ কাৰন হল কিছুমান মানুহৰ তেজত অন্যা এটা বিশিষ্ট প্ৰ্টিন থকা দেখা যায় যিটোৱে ওপৰত উল্লেখিত এন্টিজেনৰ দৰেই ক্ৰিয়া কৰে।এই প্ৰটিনটো Rhesus বুলি নামকৰন কৰা হৈছে।এই প্ৰটিন থকা তেজক Rh+(পজিটিভ)আৰু প্ৰটিন নথকা তেজক Rh(নিগেটিভ)বুলি ধৰা হয়।

A গ্ৰূপৰ তেজ তথা ব্যক্তিৰ লগত B গ্ৰুপৰ তেজ থকা ব্যক্তিৰ তেজৰ সালসলনি বিপজ্জনক,কিয়নো A গ্ৰুপৰ তেজত A এন্টিজেন থাকে।গতিকে B গ্ৰূপৰ তেজত থকা প্ৰতিৰক্ষী কণিকাই ইয়াৰ লগত বিক্ৰিয়া কৰি ৰক্তপ্লাৱিকা থেপথেপীয়া কৰি পেলাব পাৰে।ইয়াকে ডাক্তৰী ভাষাত এগ্লূটিনেচন(agglutination)বুলি কোৱা হয়।AB গ্ৰুপত অন্তৰ্ভুক্ত ব্যক্তিৰ তেজত যিহেতু প্ৰ্তিৰক্ষী কনিকাৰ ভূমিকা নাথাকে সেয়ে এই তেজৰ লগত A গ্ৰুপৰ বা B গ্ৰুপৰ তেজ থকা ব্যক্তিৰ তেজৰ অদল-বদলত অসুবিধা নাথাকে।আনহাতে O গ্ৰুপত অন্তৰ্ভুক্ত ব্যক্তিৰ তেজক সাৰ্বিক দাতা বা Universel donor বুলি ভবা হয়।

স্বভাৱ চৰিত্ৰ আৰু স্বাস্থ্যৰ ওপৰত ৰক্তগ্ৰুপৰ প্ৰভাৱ

ৰক্ত কণিকাত থকা এণ্টিজেনৰ গঠন যিহেতু জিন নিয়ন্ত্ৰিত আৰু মানুহৰ স্বভাৱ চৰিত্ৰ,চলন-ফুৰন আদিও যিহেতু জিন নিয়ন্ত্ৰিত বুলি কোৱা হয় সেয়ে পৰোক্ষভাৱে হলেও ব্যক্তি বিশেষৰ তেজৰ গ্ৰুপ্ৰে তেওঁৰ স্বভাৱ চৰিত্ৰ,চলন-ফুৰন ব্যক্তিত্ব আদিত কিবা প্ৰভাৱ পেলায়নেকি এনে ধৰনৰ অধ্যায়নৰ অনুমতিও বিজ্ঞান আলোচনীত প্ৰকাশ হোৱা দেখা যায়।১৯৮৪ চনত নেছাৰ আলোচনীত প্ৰকাশিত এটি প্ৰবন্ধত কোৱা হৈছে যে সমাজৰ প্ৰতিপত্তিশীল বিত্তবান লোকৰ তেজৰ গ্ৰুপ সচৰাচৰ A হোৱা দেখা যায়।তেজৰ গ্ৰুপৰ লগত সম্পৰ্ক থকা এয়া সামাজিক লক্ষন বিশেষ।প্ৰ্তিৰক্ষা বিভাগত কাম কৰা দুৰ্বল ব্যক্তিত্ব তথা দুৰ্বল চৰিত্ৰৰ লোকৰ তেজৰ গ্ৰুপ সাধাৰনতে O হয় বুলি প্ৰতিপাদিত হৈছে।একেদৰেই সমাজবিদ্বেষী আততায়ী ব্যক্তিৰ তেজৰ গ্ৰুপ B হোৱা দেখা যায়।

ৰোগৰ আক্ৰমন আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো তেজৰ গ্ৰুপৰ প্ৰভাৱ থাকে বুলি কোৱা হৈছে।পূৰ্বতে এই কথাবোৰৰ যুক্তিযুক্ততাৰ বিজ্ঞান ভিত্তিক ব্যাখ্যা নথকাৰ হেতুকে এইবোৰক কাকতালীয়া বুলি ভবা হৈছিল।সম্প্ৰতি এইবোৰৰ বৈজ্ঞানিক ব্যাখ্যাও আগবঢ়াব পৰা হৈছে।

পাকস্থলীৰ কেন্সাৰ হোৱা সৰহ স্ংখ্যক লোকৰ তেজৰ গ্ৰুপ A একেদৰে O গ্ৰুপৰ তেজ থকা ব্যক্তিৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা A গ্ৰুপৰ তেজ থকা ব্যক্তিতকৈ তুলনামূলকভাৱে কম।তেজত A,B আৰু H এন্টিজেনৰ বিলুপ্তি মেৰুন গঠনৰ সম্ভাৱনীয়তাৰ আনুপাতিক।Tn এন্টিজেন দুটা সচৰাচৰ স্তনকোষত নাথাকে কিন্ত স্তন কেন্সাৰত ভোগা ৰোগীক স্তনকোষত এই এন্টিকেনবোৰ পোৱা যায়।পেপ্টিক আলছাৰত ভোগা অধিকাংশ ৰোগীৰ তেজৰ গ্ৰুপ O হয়।Thromobosis,Serum Cholestreol level,আৰু Myocardial Infarction ভোগা ৰোগীৰ অধিকাংশৰে তেজৰ গ্ৰুপ হয় A আৰু O।তেজৰ গ্ৰুপ O হলে প্লেগ,কলেৰা,পিঠাখোৱা,Helicobacter pylori আদি বীজানুৰ দ্বাৰা সহজে স্ংক্ৰমিত হোৱা দেখা যায়।B গ্ৰুপৰ তেজ থকা ব্যক্তি কুষ্ঠৰোগ,নিউমোনীয়া,E coli,আৰু Salmonella বীজানুৰ দ্বাৰা আক্ৰান্ত হয়।অৱশ্যে ইয়াৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে আনবোৰ গ্ৰুপৰ তেজ থকা ব্যক্তিক এইবোৰ বীজানুৱে আক্ৰমন নকৰে।

ইয়াৰ উপৰি উক্ত কথাখিনি বৈজ্ঞানিক ব্যাখা দিবলৈ কোৱা হৈছে যে মানুহৰ ৰঙা ৰক্তকোষৰ আৱৰনিত বেলেগ বেলেগ এণ্টিজেন পোৱা যায়।এই এন্টিজেনবোৰে পৰিৱেশ সাপেক্ষে কিছুমান ৰোগৰ বীজানুৰ সহজ গ্ৰাহক বা লিগাণ্ড হৈ পৰে আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে প্ৰতিৰক্ষী প্ৰটিনৰ প্ৰতিহে অধিক আগ্ৰ্হী হয়।সেয়েহে বেমাৰত ভূগিবলগীয়া হোৱাটো এণ্টিজেন নিৰ্ভৰ তেজৰ গ্ৰুপৰ পৰোক্ষ প্ৰভাৱ।

কৃত্ৰিম বা নকলী তেজ:প্ৰয়োজনীয়তা আৰু আৱিস্কাৰ

আজিকালি ডুপ্লিকেট বস্তৰ ৰমৰমীয়া বজাৰ।সকলো বস্তৰে ডুপ্লিকেট পোৱা যায়।কিন্ত তেজৰ ডুপ্লিকেট তেনে ধৰনৰ দ্বিতীয় শ্ৰেনীৰ সস্তীয়া বস্ত নহয়।ই কৃত্ৰিম হলেও অকৃত্ৰিম নকলী হলেও আচল তেজৰ দৰেই কাম কৰিব লাগিব।অন্যাথা ইয়াৰ ব্যৱহাৰ অসম্ভৱ।কিয়নো ই খাটি তেজৰ দৰে শৰীৰৰ কোষবেৰলৈ আহাৰ-অক্সিজেন কঢ়িয়াই লাগিব আৰু অপজাত দ্ৰব্য যেনে-কাৰ্বন-ডাই-অক্সাইড আদি নিষ্কাষন কৰিব পাৰিব লাগিব।

আগতেই স্ংযুতিৰ কথা কওঁতে কৈ অহা হৈছে অনেক উপাদানৰে গঠিত আমাৰ এই জীবন প্ৰৱাহিনী তেজৰ ধাৰা।শৰীৰৰ বিভিন্ন অংশ যেনেকৈ স্ংশ্লেষন কৰিব নোৱাৰী,সেইদৰে তেজৰ উপাদানবোৰো কৃত্ৰিম উপায়েৰে স্ংশ্লেষন কৰিব পৰা নাযায়।কিন্ত অভাৱেই আৱিস্কাৰৰ মূল।তেজ এক দুৰ্লভ পন্যদ্ৰব্য।তেজৰ প্ৰয়োজনীয়তা তুলনাত প্ৰাচুৰ্য বৰ কম।বিশ্ব্ৰৰ প্ৰয়োজনীয়তা কথা নকলোৱেইবা।কেৱল ভাৰততে তেজৰ চাহিদা চাৰি নিযুত এককতকৈও অধিক।অথচ ভাৰতৰ ৰক্তভাণ্ডাৰবোৰৰ সংগৃহীত তেজৰ পৰিমান দুই নিযুত এককতকৈও অধিক।এই সমীক্ষামতে অসমৰ চৰকাৰী হস্পিতালবোৰত তেজৰ চাহিদা প্ৰায় ৭৩০০০ একক।গতিকে তেজৰ নুন্যতম চাহিদাখিনি পূৰন কৰিবলৈ কৃত্ৰিম তেজৰ ব্যৱহাৰ আচশ্যক হৈ পৰে।

ৰোগীৰ তেজৰ হিমগ্লবিনৰ অভাৱখিনি কৃত্ৰিমভাৱে হলেও দূৰ কৰিবলৈ চিকিৎসকে চেষ্ঠা কৰে।পোনে পোনে হিমগ্লবিনৰ দ্ৰৱ এটা ৰোগীৰ শৰীৰত সুমুৱাই দিব নোৱাৰী কিয়নো মুক্ত দ্ৰৱত হিমগ্লবিনৰ অনুটো অপঘটন হৈ অচিৰেই শৰীৰৰ পৰা ওলাই যায়।এই অপঘটন নহবৰ কাৰনে ফ্লৰকাৰ্বনক মাধ্যম হিচাপে লৈ হিমগ্লবিনৰ অৱদ্ৰৱ এটা তৈয়াৰ কৰি কৃত্ৰিম তেজ হিচাপে ব্যৱহাৰ কৰা হব ধৰিছে।এই বিষয়ে সবিশেষ জানিৱলৈ এই লিখকৰ বৰ্নহীন কৃত্ৰিম তেজ ফ্লুৱছল আৰু স্কুবা শীৰ্ষক প্ৰান্তিক ১-১৫ এপ্ৰিল ১৯৯৭ সংখ্যাত প্ৰকাশিত প্ৰৱন্ধ দ্ৰষ্টব্য।হিমগ্লবিনৰ অৱদ্ৰৱনৰ কাৰনে ফ্লৰকাৰ্বন ব্যৱহাৰ কৰাৰ প্ৰধান অসুবিধা হল ইয়াক ভালেমান দিনলৈকে যকৃতে ধৰি ৰাখে যাৰ কাৰনে ৰোগীজন কষ্ট ভোগ কৰিবলগীয়া হয়।এই অসুবিধা দূৰ কৰিবলৈ প্ৰচেষ্ঠা চলাই থকা হৈছে।

দক্ষিন আফ্ৰিকাই (Hemopure হেমপ্যুৰ) নামৰ এবিধ কৃত্ৰিম তেজ প্ৰস্তত কৰি এই দিশত বিশেষ অগ্ৰগতি লাভ কৰিছে।তেওঁলোকে গৰু-মহৰ তেজৰ পৰা এই উৎকৃষ্ট কৃত্ৰিম তেজবিধ উৎপাদন কৰাত সফল হৈছে।এই পদ্ধতিত গৰুৰ ৰঙা ৰক্তকোষৰ পৰা হিমগ্লবিনখিনি নিষ্কাষন কৰি এলানি বিশেষ পৰিস্ৰাৱন মাধ্যমৰ সহায়ত উচ্চ চাপৰ জুলীয়া ক্ৰমেটগ্ৰাফীৰ(High pressure liquid chromatography)সহায়ত পৰিশ্ৰুত কৰি শোধন কৰি লোৱা হয়।এইদৰে শোধন কৰা হিমগ্লবিনখিনিক গ্লুটাৰেলডিহাইডৰ লগত পলিমাৰ কৰা হয়।বহুযোগীভূত হিমগ্লবিনখীনি ৰঙা ৰক্তকোষৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।এই কৃত্ৰিম হিমগ্লবিনখিনিয়ে কোনো অসুবিধাৰ সৃষ্টি নকৰাকৈ শৰীৰৰ সকলো কোষলৈকে অক্সিজেন সৰবৰাহ কৰিব পাৰে।

Hemopure তেজৰ ব্যৱহাৰৰ সুবিধাসমুহ

বহুযোগী যৌগ হলেও হেমপ্যুৰ হিমগ্লবিন অনুবোৰ ৰঙা ৰক্তকোষতকৈ সৰু।গতিকে ই সহজে ৰক্তপ্লাৱিকাৰ মাজেদি আনহে নালাগে সঙ্কুচিত ৰক্তনলীৰ মাজেদিও চলাচল কৰিব পাৰে।

দ্বিতীয় সুবিধা হল হেমপ্যুৰ হিমগ্লবিনৰ স্থায়িত্ব মানুহৰ তেজতকৈ অনেও কাল বেছি।মানুহৰ তেজ হিমচেঁচা পৰিৱেশটো ৪২ দিনৰ অধিক স্থায়ি নহয়।আনহাতে হেমপ্যুৰ সাধাৰন উষ্ণতাতো তিনি বছৰমান কোনো অপঘটন নোহোৱাকৈ সুস্থিৰ হৈ থাকে।

তৃতীয় সুবিধা হল হেমপ্যুৰ যিকোনো তেজৰ গ্ৰুপৰ মানুহেই লব পাৰে কিয়নো ইহতৰ কোষত এন্টিজেন নাথাকে।

চতুৰ্থ সুবিধা হল হেমপ্যুৰ তেজ আচল অকৃত্ৰিম প্ৰাকৃতিক তেজতকৈ তিনিগুন অধিক কৃতিত্বৰে অক্সিজেনৰ সৰবৰাহ কৰিব পাৰে।

সৰ্বশেষত কব পাৰি যে হেমপ্যুৰ সম্পূৰ্ন নিৰাপদ কিয়নো ইয়াত কোনো ৰোগৰ বীজানু যেনে-HIV মেলেৰিয়া আদিৰ বীজানু থাকিব নোৱাৰে।

ড: দুলেশ্বৰ মহন্ত

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate