অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেজৰ গ্ৰুপ :

তেজৰ গ্ৰুপৰ বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱেই বিভিন্ন তেজৰ গ্ৰুপৰ মানুহ। এনে গ্ৰুপ চাৰিটা- আৰু । আমাৰ তেজৰ লোহিত ৰক্তকণিকাৰ উপৰিভাগত বংশানুক্ৰমিকভাৱে গ্লাইকোপ্ৰোটিন আদিৰ পৰিমাণৰ ভিত্তি কৰি এই গ্ৰুপবোৰ কৰা হয়।

তেজৰ গ্ৰুপৰ এই বিভাজন সম্পৰ্কে আমাৰ জ্ঞান থাকিব লাগে ৰক্তদান আৰু সংগ্ৰহৰ সময়ত। কাৰণ ৰক্তদাতা আৰু ৰক্তগ্ৰহিতাৰ মাজৰ তেজৰ গ্ৰুপ নিমিলিলে গ্ৰহিতাৰ দেহত ভয়ংকৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। মাতৃ গৰ্ভত থকা ভ্ৰূণৰ নামৰ ৰোগ হয়। দুবিধ এন্টিজেন আৰু দুবিধ এন্টিবডিৰ পৰিমাণৰ ভিন্নতাৰ হিচাপেৰে এনে শ্ৰেণীবিভাগ কৰা হয়।

আমাৰ তেজৰ আৰু দুই ধৰণৰ বিভাজন আছে। যাক কোৱা হয় Rh কাৰক(Factor)। তেজৰ ৰক্তকণিকাৰ উপৰিভাগত থকা ৪৫ বিধ বিভিন্ন এন্টিজেনৰ উপস্থিতিৰ ভিন্নতাক লৈ Rh+ আৰু Rh- নামেৰে দুটা তেজৰ গ্ৰুপ পোৱা যায়।

এন্টিচেৰাম নামৰ এবিধ পদাৰ্থৰ প্ৰয়োগেৰে এনে শ্ৰেণীবিভাগ কৰা হয়। এন্টিচেৰামে যদি যামাৰ লোহিত ৰক্তকণিকাৰ গ্ৰুপ নিৰ্ণয় কৰে তেন্তে Rh+ গ্ৰুপৰ আৰু যদি নকৰে তেন্তে আমি Rh- গ্ৰুপৰ তেজৰ মানুহ। যিসকলৰ তেজৰ ৰক্তকণিকাত দুটা জিনৰ সংযুক্তি এনে ধৰণৰ- DD আৰু Dd, তেওঁলোক Rh+ গ্ৰুপৰ তেজ থকা লোক। যিসকল লোকৰ দুটা জিনৰ সংযুক্তি dd ধৰণৰ, তেওঁলোক Rh- গ্ৰুপৰ তেজ থকা লোক। এহাল দম্পতীৰ পুৰুষজন Rh+ গ্ৰুপৰ আৰু স্ত্ৰীগৰাকী Rh- গ্ৰুপৰ হ’লে তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ ‘এৰিথ্ৰ’ব্লাষ্টচিচ’(Arithroblastosis) নামৰ ৰোগ হয়। ইউৰোপীয়ান দম্পতীৰ সন্তানৰ এনে সম্ভাৱনা যথেষ্ট। এনে ৰোগত ভুগি জন্মা শিশুৰ এনিমিয়া, জণ্ডিচ আদি হ’ব পাৰে।

এবিধ এন্টিজেন D ৰ উপস্থিতিৰ আৰু অনুপস্থিতিত Rh-হয়।

A Group ৰ তেজত থকা ৰক্তকণিকাৰ ওপৰিভাগত Antigen থাকিব। যদি তেনে মানুহৰ দেহত B Group ৰ তেজ দিয়া হয়, B-Group বিৰোধী এন্টিবডীয়ে B-Group ৰ তেজৰ ৰক্তকণিকাক ভাঙি পেলায় বা আঠালগাই বান্ধি পেলায় বহিৰাগত বুলি চিনাক্ত কৰি।

যিসকল লোকৰ O গ্ৰুপৰ তেজ থাকে, তেওঁলোকৰ তেজে ABo এন্টিজেন প্ৰস্তুত নকৰে। গতিকে O Group ৰ তেজ যিকোনো ৰ তেজ থকা লোকক দিব পাৰি। পিছে O Group ৰ তেজ থকা লোকক O Group ৰ বাহিৰে বাকী তিনিটা Group ৰ তেজ  দিব নোৱাৰি।

আকৌ Ab Group ৰ তেজ থকা লোকৰ তেজত ABO এন্টিবড়িৰ সৃষ্টি নহয়। সেয়ে এওঁলোকক যিকোনো গ্ৰুপৰ তেজ দিব পাৰি। কিন্তু এওঁলোকৰ তেজ আন গ্ৰুপৰ লোকক দিব নোৱাৰি।

বিভিন্ন কাৰণত আমি জীৱন-দায়িনী তেজ ল’ব লগা বা দিব লগা হ’ব পাৰে। সেয়ে সকলো প্ৰাপ্তবয়স্ক লোকে নিজৰ তেজৰ গ্ৰুপ পৰীক্ষা কৰাই জানি ৰাখিব লাগে। তেজদান আৰু গ্ৰহণৰ সময়ত ওপৰোক্ত কথাবোৰৰ সচেতনাই যথেষ্ট সহায় কৰে।

লেখক: ভাৰত চন্দ্ৰ বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top