মূল পৃষ্ঠা / স্বাস্থ্য / ৰক্ত দান- জীৱন দান / নিদান কালৰ সাৰথি ই-ব্লাড বেংকিং :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিদান কালৰ সাৰথি ই-ব্লাড বেংকিং :

নিদান কালৰ সাৰথি ই-ব্লাড বেংকিংৰ বিষয়ে লিখা হৈছে

ই-ব্লাড বেংকিং-

নিদান কালত এটোপাল তেজ কিমান মূল্যৱান হ’ব পাৰেতাক ভুক্তভোগীয়েহে বুজে। সময়ত তেজ বিচাৰি হাবাথুৰি খাবলগীয়া হয়। তদুপৰি অসাধু দালালৰ ফান্দত পৰি হাৰাশাস্তি খাবলগীয়া হয়। এনেবোৰ অসুবিধা দূৰ কৰিবলৈকে অসমত শুভাৰম্ভ কৰা হৈছে ই-ব্লাড বেংকিং ব্যৱস্থা। এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত ৰোগীৰ আত্মীয়ই তেজৰ সন্ধানত ব্লাড বেংকে ব্লাড বেংকে ঘূৰি ফুৰাৰ প্ৰয়োজন নহ’ব।

ব্লাড বেংকবোৰত ৰক্তৰ মজুত স্থিতি সম্পৰ্কে জানিবলৈ-

 

ৰাজ্যখনৰ জিলাসমূহৰ ব্লাড বেংকবোৰত ৰক্তৰ মজুত স্থিতি সম্পৰ্কে জানিবলৈ ইন্টাৰনেটত www.assambloodbank.com ৱেৱছাইটত লগ অন কৰিব লাগিব। ৫৬১৬১ নম্বৰত এছ এম এছ কৰিও এই তথ্য জানিব পৰা যাব। এছ এম এছযোগে এই তথ্য জানিবলৈ হ’লে ASBB, জিলাৰ কোড আৰু সঠিককৈ তেজৰ গ্ৰুপ উল্লেখ কৰিব লাগিব। উদাহৰণস্বৰূপে দৰং জিলাৰ এজন ব্যক্ৰিয়ে এ পজিটিভ(A+)গ্ৰুপৰ তেজ মজুত থকা-নথকাৰ তথ্য জানিবলৈ ASBB DAR APমোবাইলত টাইপ কৰি ৫৬১৬১ নম্বৰলৈ এছ এম এছ কৰিব লাগিব। বিশ্ব এইডছ দিৱস উপলক্ষে গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এখন ৰাজহুৱা সভাত বুটাম টিপি এই ই-ব্লাড বেংকিং ব্যৱস্থাৰ শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ বিভিন্ন ৰোগীৰ পৰিয়ালক এনেদৰে সকাহ দিয়াৰ উদ্দেশ্যে এই ই-ব্লাড বেংক উদ্বোধন কৰি দিয়া ভাষণত ড° শৰ্মাই কয় যে এই ৱেবছাইট আৰু এছ এম এছৰ জৰিয়তে নাগৰিকে ৰাজ্যখনৰ ২৬টা চৰকাৰী ব্লাড বেংকত মজুত থকা তেজৰ তথ্য জানিব পাৰিব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনত নতুন ব্লাড বেংক স্থাপন আৰু এ আৰ টি চেন্টাৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব। স্বেচ্ছামূলক ৰক্তদানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰতিখন চৰকাৰী মওহাবিদ্যালয়ত ৰেড ৰিবন ক্লাব গঠন কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।

জৰুৰী অৱস্থাত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় তেজ সংগ্ৰহ কৰাৰ বাবে ব্লাড বেংকে ঘূৰি সময় নষ্ট কৰাৰ লগতে হাবাথুৰি খোৱা বা প্ৰবঞ্চিত হোৱাৰ পৰিস্থিতিত নপৰাকৈ সহজতে এই তথ্য সংগ্ৰহ কৰিব পৰা ব্যৱস্থাই অসমৰ অগণন ৰোগীৰ পৰিয়াল-পৰিজনক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে।

 

উৎস-ৰাইজৰ বাতৰি,তথ্য আৰু জনস্ংযোগ বিভাগ, অসম চৰকাৰ
2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top