অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব ৰক্তদাতা দিৱস

বিশ্ব ৰক্তদাতা দিৱসৰ বিষয়ে লিখা হৈছে

২০১৭ চনৰ ‘বিশ্ব ৰক্তদাতা দিৱস’অহা ১৪ জুনৰ দিনা সমগ্ৰ বিশ্বতে পালন কৰা হ’ব।বিশ্ব ৰক্তদাতা দিৱস প্ৰতিবছৰে সেই দিনটোতে সমগ্ৰ বিশ্বৰ চুকে-কোণে বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হয়।

এই দিৱসৰ বুৰঞ্জী

 

পৃথিৱীৰ বহুতো দেশত ‘বিশ্ব ৰক্তদাতা দিৱস’প্ৰতিবছৰে এই দিনটোতে (১৪ জুন)পালন কৰি অহা হৈছে।এই দিনটো তেজৰ গ্ৰুপ আৱিষ্কাৰকৰ্তা তথা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্মদিন।১৮৬৮ খৃষ্টাব্দৰ ১৪ জুনৰ দিনা এইজনা বিজ্ঞানীয়ে অষ্ট্ৰিয়াৰ ভিয়েনাত জন্মগ্ৰহণ কৰিছিল।এইজন বিজ্ঞানীৰ জন্মদিনটোকে ‘বিশ্ব ৰক্তদাতা দিৱস’ৰুপে ২০০৪ চনত পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল।নিৰাপদ ৰক্তৰ বাবে স্বেছাকৃতভাৱে সুস্থ লোকসকলে বিনামুল্যে দান কৰাটো কিমান প্ৰয়োজনীয়,সেই কথাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাটোৱে এই দিৱসটো পালন কৰাৰ প্ৰধান উদ্দেশ্য।ৰোগমুক্ত ৰক্তৰ বাবে অপেক্ষা কৰি থকা ৰোগীৰ কাৰ ণে জীৱন ৰক্ষাকাৰী নিৰাপদ ৰক্তদান কৰোতাজনৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।

২০০৪ চনত ‘বিশ্ব স্বাস্থ্য সংস্থা,’ইণ্টাৰনেচনেল ফেডাৰেচন অব ৰেডক্ৰছ’আৰু ‘ৰেড ক্ৰেছেণ্ট ছ’চাইটি’ৰ যুটীয়া উদ্যোগত ‘বিশ্ব ৰক্তদাতা দিৱস’ৰ পাতনি মেলা হৈছিল।বিশ্ব স্বাস্থ্য স্ংস্থাই ইয়াৰ ১৯২ খন সদস্য ৰাষ্ট্ৰৰ সহযোগিতাত বিশ্ব ৰক্তদাতা দিৱস পালন কৰিব বুলি ২০০৫ চনৰ মে’মাহত বহা ৫৮ সংখ্যক ‘বিশ্ব স্বাস্থ্য সংসদ’ৰ অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰে।বিশ্বৰ ৰক্তদাতা লোকসকললৈ স্বেছাকৃতভাৱে,নিৰাপদ আৰু বিনামুল্যে ৰক্তদান কৰি ৰক্তৰ অপেক্ষাত থকা ৰোগীসকললৈ পৰ্যাপ্তমাত্ৰাত ৰক্তৰ যোগান ধৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে প্ৰশংসাসহ ধন্যবাদ জ্ঞাপন কৰিবলৈ আহ্বান জনায়।বাকী ৰাষ্ট্ৰবিলাকক এই সমাজসেৱা সংগঠনবিলাকে অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনোৱা হয়।

‘বিশ্ব ৰক্তদাতা দিৱস’পালনে সকলো ৰক্তদান কৰোতাসকললৈ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মহান বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনৰ এক সোণালী সুযোগ দিয়ে।

বিশ্ব ৰক্তদাতা দিৱস কিয় পালন কৰা হয়?

 

বিশ্বৰ যিকোনো ঠাইৰ ৰোগীৰ বাবে প্ৰয়োজন অনুপাতে ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে এই দিৱসটো পালন কৰা হয়।এই প্ৰচাৰ কাৰ্যসুচীয়ে সমগ্ৰ বিশ্বৰ কেবা নিযুত লোকৰ জীৱন ৰক্ষা কৰে আৰু ৰক্ত গ্ৰহণকাৰীসকলৰ মুখত স্বাভাৱিক হাঁহি বিৰিঙাব পাৰে।জীৱনৰ প্ৰতি ভাবুকি থকা বহুকেইবিধ ৰোগত ভোগা ৰোগীক ৰক্তদান কৰি,দীৰ্ঘদিনলৈ জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগায় আৰু সুস্থ গুণগত জীৱন কটাবলৈ সুযোগ দিয়ে।

এই দিৱসটোত প্ৰচাৰিত উদ্দেশ্যবিলাকে মানুহক ইমানেই উৎসাহিত কৰে যে,বহু সুস্থ লোকে ৰক্তদান কৰে।এনেদৰে দান কৰা ৰক্তই বিশ্বৰ বহুতো ৰোগীৰ মেডিকেল আৰু অস্ত্ৰোপচাৰজনিত সমস্যাৰ সমাধান কৰে।বিশেষভাৱে মহিলাসকলৰ গৰ্ভাৱস্থাৰ পুৰ্বে আৰু পিছতো জীৱন ৰক্ষা কৰাত বিশেষ ভুমিকা লয়।

বিশ্বৰ ভালেকেইখন দেশে ‘বিশ্ব ৰক্তদাতা দিৱস’পালনৰ বহু আগতেই নিজাববীয়াকৈ স্বেছামুলক আৰু বিনামুলীয়া ৰক্তদানৰ আঁচনি গ্ৰহণ কৰিছিল।ফ্ৰান্সে এই আঁচনি আনুষ্ঠানিকভাৱে ১৯৫০ চনতে আৰম্ভ কৰিছিল।এনেদৰে সংগৃহীত তেজ অতিমাত্ৰা ৰক্তাল্পতাত ভোগা মহিলা,ৰক্তাল্পতাত ভোগা শিশু আৰু দুৰ্ঘটনাগ্ৰস্ত লোক আৰু শল্যচিকিৎসা কৰা ৰোগী,কেন্সাৰ ৰোগী,থেলাচেমিয়াত আক্ৰান্ত ৰোগী,হিমোফিলিয়াত আক্ৰান্ত ৰোগী,চিকল চেল এনিমিয়া ৰোগী,ৰক্ত বিকৃত হোৱা ৰোগী,তেজ গোট মৰা বিসংগতিজনিত ৰোগীৰ শৰীৰত ব্যৱহাৰ কৰা হয়।এইবিলাক ৰোগৰ উপৰি অন্যান্য ভালেমান ৰোগত ভোগা ৰোগীকো এনেদৰে সংগৃহীত ৰক্ত প্ৰয়োগ কৰা হয়।

‘বিশ্ব ৰক্তদাতা দিৱস’ৰ উদ্দেশ্যেবোৰ এনেধৰণৰ-

 

  • বিশ্ব স্বাস্থ্য সংস্থাই,স্বেছাসেৱী আৰু বিনামুল্যে ৰক্তদান কৰা ব্যক্তিৰ পৰা ২০২০ চনলৈকে যথেষ্ট পৰিমাণে ৰক্ত সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰি  লৈছে।
  • বিভিন্ন উৎসৰ পৰা সংগৃহীত তথ্য অনুসৰি সমগ্ৰ বিশ্বত এতিয়া মাত্ৰ ৬২ খন দেশেহে স্বেচাসেৱী আৰু বিনামুলীয়াকৈ ৰক্তদাতাৰ পৰা প্ৰয়োজনমতে ৰক্তৰ যোগান পায়।বাকী ৪০ খন দেশে এতিয়াও ৰোগীৰ পৰিয়ালৰ সদস্যই দান দিয়া ৰক্ত বা ধনৰ বিনিময়ত দিয়া ৰক্তৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয়।এনেধৰণৰ দেশবিলাকত বিনামুলীয়াকৈ স্বেচ্ছাই ৰক্তদান কৰিবৰ কাৰণে জনসাধাৰণক উৎসাহিত কৰাটো এই দিৱস পালনৰ অন্যতম উদ্দেশ্য।
  • ৰক্ত গ্ৰহণ কৰোঁতাজনৰ বাবে ৰক্তদান কৰাটো এক অতি মুল্যবান কৰ্তব্য হ’ব পাৰে আৰু এটা নতুন জীৱন লাভ কৰাত সহযোগ হ’ব পাৰে বুলি সৰ্বসাধাৰণ ৰাইজক বুজোৱাটোও এই দিৱস পালনৰ উদ্দেশ্য।

বিশ্ব স্বাস্থ্য সংস্থাই এই দিৱস উদযাপনৰ বাবে আৰু এই দিৱস পালনৰ উদ্দেশ্যে প্ৰচাৰৰ বাবে অসংখ্য কাৰ্যসুচী গ্ৰহণ কৰি আহিছে।এই কাৰ্যসুচীসমুহৰ ভিতৰত বহুতো ৰোগীৰ হৃদস্পন্দন অবিৰতভাৱে ৰাখিবৰ বাবে অতি জৰুৰীভাৱে ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সঁচা কাহিনীও প্ৰচাৰ কৰে।কেবা কোটি মানুহৰ জীৱন ৰক্ষাৰ বাবে স্বেচ্ছামুলকভাৱে ৰক্তদান কৰা লোকসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰাৰো সুযোগ এই দিৱস পালনৰ যোগেদি লাভ কৰাহয়।দেশ এখনৰ ভৱিষ্যত মাতৃ আৰু  সন্তানসকলৰ জীৱন ৰক্ষাৰ বাবে নিৰাপদ ৰক্তদানৰ বাবে সৰ্বসাধৰণক উৎসাহিত কৰিবলৈকো এই দিৱস পালন কৰা হয়।

সমগ্ৰ বিশ্বত অপুষ্টিজনিত গৰ্ভধাৰণ ,প্ৰসৱকালত বা প্ৰসৱৰ পিছত অতিৰিক্ত ৰক্তক্ষৰণৰ কাৰণে প্ৰতিদিনে কমেও ৮০০ গৰাকী মহিলাৰ মৃত্যু ঘটে।অপৰিমিত ৰক্তযোগানৰ বাবে মৃত্যু হোৱা এই মহিলাসকলৰ মৃত্যুৰ হাৰ কমোৱাৰ উদ্দেশ্যেও এই দিৱসটো পালন কৰা হয়।

কেনেকৈ এই দিৱসটো পালন কৰা হয়?

 

ৰক্ত যোগানৰ প্ৰয়োজনীয়তা পুৰাবৰ বাবে সমগ্ৰ বিশ্বজুৰি ৰক্তদান কৰিবলৈ জনসাধাৰণক সজাগ কৰা অৰ্থে প্ৰতিবছৰে ‘বিশ্ব ৰক্তদাতা দিৱস’পালন কৰা হয়।ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত,বিভিন্ন কাৰ্যসুচীৰে এই দিৱস পালন কৰা হয়।বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন কেবাটাও আন্ত:ৰাষ্ট্ৰীয় সংস্থাই যুটীয়াভাৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ বিশ্বৰ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালনত সক্ৰিয়ভাৱে সহযোগ কৰে।

এই বছৰৰ (২০১৭ চন)প্ৰচাৰ কৰিবলগীয়া মুল সুত্ৰ

 

‘আপুনি কি কৰিব পাৰে?ৰক্তদান কৰক।এতিয়াই কৰক।মাজে সময়ে ৰক্তদান কৰি থাকক’।–এই সুত্ৰটি প্ৰচাৰৰ যোগেদি জৰুৰীকালীন অৱস্থাত ৰক্তদানৰ গুৰুত্ব বৃদ্ধি পাব বুলি আশা কৰা হৈছে।এই প্ৰচাৰৰ যোগেদি নিয়মীয়াকৈ ৰক্তদান কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

এই বছৰৰ ‘বিশ্ব ৰক্তদাতা দিৱস’ৰ বিশ্ব কাৰ্যসুচীৰ প্ৰধান পৃষ্ঠপোষক হৈছে-ভিয়েটনাম।দেশখনৰ ‘নেচনেল ইনষ্টিটিউট অৱ হিমাটোল’জি এণ্ড ব্লাড ট্ৰেন্সফিউজন’(National Institute of Haematology and Blood Trasfusion,NIHBT)।এইবছৰৰ ১৪ জুন তাৰিখে ‘হানয়’ত বিশ্ব কাৰ্যসুচীবিলাক অনুষ্ঠিত হ’ব।

বিশ্ব ৰক্তদান প্ৰক্ৰিয়া ১৭ শতিকাৰ পৰাই আৰম্ভ হৈছিল।সেই সময়ৰ চিকিৎসা বিশেষজ্ঞসকলে জানিছিল যে,শৰীৰত তেজেই হৈছে অতি গুৰুত্বপুৰ্ণ উপাদান আৰু এই তেজ অধিক মাত্ৰাত কিবা কাৰণৰ ক্ষৰণ হ’লে ৰোগীৰ জীৱনৰ বাবে সংশয়ৰ সৃষ্টি হ’ব পাৰে।সেই শতিকাতে ৰক্তহীন ৰোগীৰ দেহলৈ সুস্থ লোকৰ শৰীৰৰ পৰা ৰক্ত যোগানৰ পৰীক্ষামুলক প্ৰচেষ্টা কৰা হৈছিল যদিও সেইবিলাকৰ ফলাফলৰ আশা কৰা মতে পোৱা নগৈছিল।‘বিশ্ব ৰক্তদাতা দিৱস’টো সেইসকল চিকিৎসকৰ কঠোৰ শ্ৰম আৰু অত্যুৎসাহী কাৰ্যৰ স্বীকৃতিৰুপে পালন কৰা হয় আৰু তেওঁলোকে উদ্ভাৱন কৰা প্ৰযুক্তিৰে আজিও অসংখ্য লোকৰ জীৱন বচাই তোলাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি প্ৰদান কৰ হয়।

 

উৎস:স্বাস্থ্য

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top