মূল পৃষ্ঠা / স্বাস্থ্য / ৰক্ত দান- জীৱন দান / ৰক্তদানৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰক্তদানৰ প্ৰয়োজনীয়তা

ৰক্তদানৰ প্ৰয়োজনীয়তা

এজন মানুহৰ ৰক্তদানে আন এজন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। সমগ্ৰ বিশ্বতে মানুহৰ জীৱন বচোৱাৰ বাবে বছৰি প্ৰায় ৯২ নিযুত ইউনিট ৰক্তদানৰ প্ৰয়োজন হয়। ইয়াৰে প্ৰায় ৩২ শতাংশহে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰবোৰত সংগ্ৰহ হয় যদিও বিশ্বৰ প্ৰায় ৮২ শতাংশ জন বসতি এই দেশবোৰত। বৰ্তমানেও ভাৰতবৰ্ষত ৰক্তৰ অভাৱ আৰু ইয়াৰ ভয়ানক চাহিদা।ত্বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দেশবোৰত বছৰি প্ৰায় ১৬ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন, কিন্তু বৰ্তমান মাত্ৰ ৯.৮ নিযুত ইউনিট ৰক্তহে সংগ্ৰহ হয়। ঠিক তেনেদৰে যদিও ভাৰতবৰ্ষত বছৰি প্ৰায় ৯ নিযুত ইউনিট ৰক্তৰ প্ৰয়োজন তথাপি মাত্ৰ ৭ নিযুত ৰক্তহে সংগ্ৰহ হয়। ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে। জটিল অস্ত্ৰোপচাৰ, প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ, বোমাবিস্ফোৰণ, গুলীয়া গুলি দুৰ্ঘটনাত পতিত হোৱ লোকক সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই।

বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰ্কে এশ শতাংশ স্বেচ্ছীয় ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছে। কিন্তু বিশ্বৰ মাত্ৰ ৬২ খন দেশহে এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে। ভাৰতবৰ্ষৰ দৰে ৪০ খন দেশ আজিও পৰিয়ালৰ ৰক্তদাতা অথবা পেছাদাৰী ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল ভাৰতবৰ্ষত স্বেচ্ছীয় ৰক্তদানৰ পৰিমাণ প্ৰায় ৭৫ শতাংশ। অসমত প্ৰায় ৪০ শতাংশ। এজন ব্যক্তি যাৰ বয়স ১৬ পৰা ৬০ বছৰ, ওজন ৪৫ কি:গ্ৰা: অধিক, ৰক্তচাপ (ডায়’ষ্টলিক ৭০-১০০ মি:মি: পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-৬০ মি:মি: পাৰাস্তম্ভৰ ভিতৰত) উষ্ণতা ৩৭.৫ ছেলছিয়াচলৈ কম, তেনে এজন ব্যক্তিয়ে বছৰেকত শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ স্বেচ্ছীয় ৰক্তদান কৰিব পাৰে। স্বেচ্ছীয় ৰক্তদান মানব প্ৰেমৰ উজ্বল নিদৰ্শন।

লিখকঃ অঞ্জন শৰ্মা

2.83582089552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top