অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰক্তৰ নানা কথা

ৰক্তৰ নানা কথা

শৰীৰৰ কলা বুলি ক’লে আমি সাধাৰণতে পেশীজাতীয় অংগসমূহকে বুজোঁ। কোনো কোনো ক্ষেত্ৰত যে কলা এবিধ জুলীয়ৈ পদাৰ্থও হ’ব পাৰে,- সেই কথা আমাৰ মনলৈ নাহে। আমাৰ শৰীৰত জুলীয়া দ্ৰব্য হিচাপে থকা কলাবিধ হ’ল তেজ। তেজ এবিধ কলা, ইয়াক সংবহন কলা বুলিও কোৱা হয়।

সামগ্ৰিকভাৱে ভাগ কৰিলে তেজক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি- গোটা অংশ আৰু জুলীয়া অংশ। এটা পৰীক্ষা নলীত কিছু নতুন তেজ লৈ কিছু সময় থৈ দিলে, তেজখিনি গোট মৰাৰ পাছত দেখা যাব যে ৰঙা পদাৰ্থখিনিৰ ওপৰত খেৰৰ ৰঙৰ এটা জুলীয়া পদাৰ্থ ৰৈ গৈছে। ৰঙা পদাৰ্থখিনিয়েই গোটা অংশ আৰু বাকীখিনি জুলীয়া। জুলীয়া অংশটোক প্লাজমা বুলি কোৱা হয় আৰু এই প্লাজমাতে গোটা অংশসমূহ দ্ৰৱীভূত হৈ থাকে। গোটা অংশটোত থাকে ৰঙা ৰক্তকণিকা, বগা ৰক্তকণিকা আৰু প্লেটেলেট নামৰ তিনিপ্ৰকাৰ কোষ। তেজ পানীতকৈ প্ৰায় ১.০৬ গুণ গধুৰ।

তেজ সৃষ্টিৰ ইতিহাস

শুনিবলৈ আচৰিত যেন লাগিলেও আদিম অৱস্থাত আমাৰ তেজ সৰবৰাহ কৰা নলীবোৰ শৰীৰৰ ভিতৰতে বন্ধ নাছিল, বৰং বাহিৰৰ ফালে খোল খাইহে আছিল। প্ৰথম এককোষী জীৱবোৰ যেতিয়া সাগৰীয় পানীত বিকশিত হৈছিল, তেতিয়া সেই প্ৰাণীবোৰৰ চাৰিওফালে থকা পানীৰ মাধ্যমেই সিহঁতৰ শৰীৰলৈ পোষক দ্ৰব্য যোগান ধৰা আৰু শৰীৰৰ পৰা অপ্ৰয়োজনীয় অংশ উলিয়াই দিয়াত সহায় কৰিছিল। ক্ৰমে যেতিয়া বহুকোষী জীৱৰ উত্পত্তি হ’ল, তেতিয়া শৰীৰৰ আকাৰ বৃদ্ধিৰ ফলত সকলোবোৰ কোষ পানীৰ সংস্পৰ্শলৈ আহিব নোৱৰা হ’ল আৰু এনে অৱস্থাৰ জোৰা মাৰিবলৈ দেহৰ মাজে মাজে কিছুমান নলীৰ সৃষ্টি হ’ল। এই নলীবোৰেৰে সাগৰীয় পানীৰ প্ৰৱেশ ঘটি কোষবোৰক পুষ্টিৰ যোগান ধৰাৰ লগে লগে বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰি আনিছিল। এই মুকলি নলীবোৰ জীৱৰ বিৱৰ্তনৰ প্ৰক্ৰিয়াত বাহিৰৰ ফালে বন্ধ হৈ পৰিবলৈ ধৰিলে। এনে অৱস্থাত নলীৰ ভিতৰফালে শৰীৰৰ ভিতৰত কিছু পানী বন্ধ হৈ থাকিবলৈ ধৰিলে। বিবৰ্তনৰ প্ৰক্ৰিয়াত ক্ৰমে এই পানীখিনিৰ ব্যাপক পৰিবৰ্তন আৰু পৰিবৰ্ধন ঘটিল, যাক আমি তেজ বুলি কওঁ। যদিও তেজে ইয়াৰ আদিম সাগৰীয় পানীৰ পৰ্যায়ৰ পৰা বহুমাইল আগুৱাই আহিল, এতিয়াও তেজ আৰু সাগৰীয় পানীৰ অজৈৱ বিশ্লেষণ কৰিলে এনে ধৰণৰ সংযুতি পোৱা যায়।

প্লাজমাৰ সংযুতি

তেজৰ কোষবোৰ প্লাজমাৰ মাধ্যমত দ্ৰৱীভূত হৈ থাকে। তেজৰ মূল গাঁথনিৰ ৫৫ শতাংশ প্লাজমা আৰু ৪৫ শতাংশ ৰক্ত কোষ। তেজৰ মাধ্যম হিচাপে কাম কৰা প্লাজমা নামৰ জুলীয়া পদাৰ্থখিনিত প্ৰায় ১১ শতাংশ পানীয়েই থাকে। বাকী গোটা অংশখিনিৰ ভিতৰত ৭.৫ শতাংশ ভাগ প্ৰোটিন থাকে। এই প্ৰোটিনৰ ভিতৰত এলবুমিন, গ্লবুলিন, ফাইব্ৰিন’জেন আদিয়েই প্ৰধান। জৈৱ প্ৰোটিনৰ লগতে প্লাজমাত ০.৯ শতাংশ অজৈৱ পদাৰ্থ, যেনে- ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, লো, তাম আদি থাকে। এইবোৰৰ উপৰি তেজৰ প্লাজমা ভাগত অপ্ৰোটিন নাইট্ৰ’জেনজাতীয় পদাৰ্থ, যেনে- ইউৰিয়া, ইউৰিক এচিড, ক্ৰিয়েটিনিন, এম’নিয়া আদিও থাকে।

ৰক্তকণিকা, অনুচক্ৰিকা আৰু হিম’গ্লবিন

প্লাজমাত দ্ৰৱীভূত হৈ থকা ৰক্তকণিকাসমূহত তিনিবিধ কণিকা থাকে- ৰঙা ৰক্তকণিকা, বগা ৰক্তকণিকা আৰু অনুচক্ৰিকা।

তেজত ৰঙা ৰক্তকণিকাৰ পৰিমাণেই সৰ্বাধিক। পুৰুষৰ এক ঘন মিলিমিটাৰ তেজত গড় হিচাপে ৫.৪ নিযুত ৰঙা ৰক্তকণিকা থাকে, মহিলাৰ ক্ষেত্ৰত এই সংখ্যা সামান্য কম, প্ৰতি ঘন মিলিমিটাৰত ৪.৮ নিযুত। ৰঙা ৰক্তকণিকাবোৰৰ আয়ুসকাল বৰ কম, মাত্ৰ ১২০ দিন। এই চমু জীৱনকালতে একোটা ৰঙা ৰক্তকণিকাই মানুহৰ শৰীৰত প্ৰায় ২,৫০,০০০ বাৰ পৰিভ্ৰমণ কৰে। প্ৰতি ছেকেণ্ডত শৰীৰত ২.৫ ৰ পৰা ৩ নিযুত ৰঙা ৰক্তকণিকা ধ্বংস হৈ থাকে আৰু সেই একে গতিত কণিকাবোৰ সৃষ্টিও হৈ থাকে।

ৰঙা ৰক্তকণিকাত যুক্ত হৈ থাকে হিম’গ্লবিন। হিম’গ্লবিন হ’ল লো আৰু প্ৰোটিনৰ এটা যুক্ত অৱস্থা। এই হিম’গ্লবিনেই শ্বাসতন্ত্ৰৰ পৰা অক্সিজেনভাগ শৰীৰৰ অন্তৰ্ভাগলৈ কঢ়িয়াই আনে। হিম’গ্লবিনে অৱশ্যে শৰীৰৰ অন্তৰ্ভাগত সৃষ্টি হোৱা কাৰ্বন-ডাই-অক্সাইডভাগো নিশ্বাসৰ জৰিয়তে বৰ্জন কৰিবলৈ শ্বাসতন্ত্ৰলৈ কঢ়িয়াই আনে।

এজন পূৰ্ণাংগ মতা মানুহৰ শৰীৰত প্ৰতি ১০০ মিলিমিটাৰ তেজত থকা হিম’গ্লবিনৰ পৰিমাণ ১৪-১৬ গ্ৰাম, মহিলাৰ শৰীৰত ইয়াৰ পৰিমাণ কিছু কম, ১২-ৰ পৰা ১৪ গ্ৰাম।

একোটা ৰঙা ৰক্তকণিকাৰ আকাৰ প্ৰায় ৭-৮ মাইক্ৰ’মিটাৰ বা মাইক্ৰ’ন (এক মাইক্ৰ’মিটাৰ = এহাজাৰ ভাগৰ এক মিলিমিটাৰ)।

বগা ৰক্তকণিকাবোৰ ৰঙা ৰক্তকণিকাতকৈ কিছু ডাঙৰ, ইহঁতৰ আকাৰ প্ৰায় ৮-ৰ পৰা ২০ মাইক্ৰ’ৰ মাজত। সংখ্যাত অৱশ্যে বগা ৰক্তকণিকা তেনেই কম, ৰঙা ৰক্তকণিকাৰ ৬০০ ভাগৰ এভাগ। এজন সুস্থ মানুহৰ শৰীৰত প্ৰতি ঘন মিলিলিটাৰ তেজত থকা বগা ৰক্তকণিকাৰ সংখ্যা ৬০০০-ৰ পৰা ৮০০০-ৰ ভিতৰত হয়। অৱশ্যে শৰীৰত হোৱা যিকোনো সংক্ৰমণৰ সময়ত বগা ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি পাই যায়। বগা ৰক্তকণিকা অৱশ্যে কেইবা প্ৰকাৰৰো আছে- নিউট্ৰ’ফিল, বেছ’ফিল, এছিড’ফিল আদি নামেৰে এইবোৰক জনা যায়। বগা ৰক্তকণিকাবোৰৰ জীৱনকালৰ দৈৰ্ঘ্যও বিভিন্ন ধৰণৰ, কিছুমান মাত্ৰ কেইঘণ্টামানহে জীয়াই থকাৰ বিপৰীতে কিছুমান কেইবা বছৰলৈও সক্ৰিয় হৈ থাকে।

ৰক্তকণিকাবোৰৰ ভিতৰত অনুচক্ৰিকাবোৰেই আটাইতকৈ সৰু, আকাৰত মাত্ৰ ২-৩ মাইক্ৰ’মিটাৰমান হয়। তেজত ইহঁতৰ সংখ্যাও সাল-সলনি হৈ থাকে। প্ৰতি ঘন মিলিমিটাৰ তেজত থকা অনুচক্ৰিকাৰ সংখ্যা প্ৰায় ১.৫-ৰ পৰা ৩.৫ লাখ।

অনুচক্ৰিকাবোৰে তেজ গোট মৰাত সহায় কৰে। অনুচক্ৰিকাৰ সংখ্যা কমি গ’লে সিৰা-উপসিৰাৰ পৰা তেজখিনি বাহিৰলৈ ওলাই আহি মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব। ইহঁতৰ জীৱনকালো তেনেই চুটি, গড় হিচাপে মাত্ৰ ১০ দিন।

মালবাহী জাহাজৰ ভূমিকাত তেজ

শৰীৰৰ যিকোনো অংশলৈ যিকোনো পদাৰ্থ কঢ়িয়াই অনাৰ ভূমিকা লয় তেজে। শৰীৰৰ ভিতৰত কোনো বিশ্ৰাম নোলোৱাকৈ তেজে নিজৰ কৰ্তব্য কৰি থাকে। আমি উশাহত লোৱা অক্সিজেনভাগ আমাৰ হাঁওফাঁওত হৃদযন্ত্ৰৰ পৰা অহা তেজৰ সৈতে মিহলি হয় আৰু এই অক্সিজেনখিনি শৰীৰৰ সকলো অংশৰ কোষলৈ তেজৰ মাধ্যমেদি সৰবৰাহ হয়। অক্সিজেন অবিহনে শৰীৰৰ কোষসমূহ জীয়াই থাকিব নোৱাৰে। আকৌ, শৰীৰৰ কোষসমূহে নিজৰ প্ৰয়োজনীয় কাৰ্যকলাপ চলাওঁতে কলাৰ মাজত কাৰ্বন-ডাই-অক্সাইড গেছ উত্পত্তি হয়। এই কাৰ্বন-ডাই-অক্সাইড গেছ শৰীৰৰ কোষ আৰু ক্ৰিয়াৰ বাবে ক্ষতিকাৰক। এই ক্ষতিকাৰক কাৰ্বন-ডাই-অক্সাইড গেছখিনি তেজে হাঁওফাঁওলৈ কঢ়িয়াই আনে আৰু হাঁওফাঁওৰ পৰা নিশ্বাসত কাৰ্বন-ডাই-অক্সাইড গেছ শৰীৰৰ পৰা বাহিৰ ওলাই যায়।

আমি গ্ৰহণ কৰা খাদ্যসমূহ ক্ষুদ্ৰান্তত শোষণ হোৱাৰ পাছত, খাদ্যত থকা পোষক দ্ৰব্যসমূহ পৰিবৰ্তিত ৰূপত শৰীৰৰ বিভিন্ন অংগলৈ সৰবৰাহ হয় আৰু এই সৰবৰাহ কাৰ্য ৰূপায়ণ কৰে আমাৰ শৰীৰৰ তেজে। কোনো ৰোগত কোনো নিৰ্দ্দিষ্ট অংগত কাম কৰিবলৈ ব্যৱহাৰ কৰা ঔষধসমূহ সেই অংগলৈ তেজৰ মাধ্যমেৰেই চলাচল কৰে। আকৌ, কাৰ্বন-ডাই-অক্সাইডৰ উপৰি শৰীৰৰ কোষত উত্পাদিত অন্যান্য বৰ্জনীয় পদাৰ্থসমূহ প্ৰস্ৰাৱৰ মাজেৰে বা ঘামৰ মাজেৰে শৰীৰৰ পৰা বাহিৰ হৈ যাবলৈ বৃক্কলৈ বা ঘৰ্ম গ্ৰন্থিলৈ ইবোৰৰ সৰবৰাহ কামো তেজেই সম্পন্ন কৰে।

শৰীৰৰ ভিতৰৰ হিটাৰ হিচাপে তেজ

মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা প্ৰায় ৩৭ ডিগ্ৰী ছেলছিয়াছ। সকলো উষ্ণৰক্তী প্ৰাণীৰে শৰীৰৰ নিৰ্দ্দিষ্ট এটা উষ্ণতা থাকে আৰু প্ৰায়বোৰ জীৱ-জন্তুৰে এই উষ্ণতা মানুহতকৈ প্ৰায় সামান্য বেছি। অতি গৰম অথবা অতি ঠাণ্ডা অৱস্থাতো শৰীৰৰ এই উষ্ণতাৰ সাল-সলনি ঘটিব নোৱাৰে। জ্বৰ হ’লে অৱশ্যে শৰীৰৰ স্বাভাৱিক উষ্ণতা কিছু বৃদ্ধি হয়। শৰীৰৰ এই উষ্ণতা সকলো সময়তে স্বাভাৱিক কৰি ৰখাৰ দায়িত্ব ৰূপায়ণ কৰে তেজে। শৰীৰৰ আপেক্ষিক তাপ নামৰ এটা বিশেষ গুণ তেজৰ বেছি হোৱা বাবে তেজে যথেষ্ট উচ্চমানৰ পৰা তাপ ধৰি ৰাখিব পাৰে। তেজৰ পানীভাগৰ তাপ পৰিবাহিতাও অন্যান্য সাধাৰণ পানীতকৈ বেছি হোৱা বাবে শৰীৰৰ সকলো অংশতে সমান তাপ বিতৰণ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেইকাৰণেই আমি জুইৰ ওচৰত বহি ভৰিৰ পতাকেইখন সেকিলেও গোটেই শৰীৰটোত তাপ অনুভৱ কৰোঁ। আকৌ, তেজৰ বাষ্পীয় লীন তাপ অধিক হোৱা বাবে ই ছাল আৰু হাঁওফাঁওৰ পৰা গৰমৰ দিনত অধিক তাপ নিৰ্গত কৰি শৰীৰক সকাহ দিয়ে।

লেখকঃ ড. প্ৰবীণ কুমাৰ নেওগ, সঁফুৰা।

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top