মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / আপোনাৰ সন্তানক কেতিয়া দাঁত ব্ৰাছ কৰিবলৈ দিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ সন্তানক কেতিয়া দাঁত ব্ৰাছ কৰিবলৈ দিব

আপোনাৰ সন্তানক কেতিয়া দাঁত ব্ৰাছ কৰিবলৈ দিব, সেই বিষয়ে লিখা হৈছে ।

জীৱনচক্ৰত মানুহৰ মুখগহ্বৰত দুই প্ৰকাৰৰ দন্তবিন্যাস দেখিবলৈ পোৱা যায় । প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাস আৰু মাধ্যমিক বা স্থায়ী দন্তবিন্যাস । অস্থায়ী দন্তবিন্যাসক ‘গাখীৰ খোৱা দাঁত’ বা মিল্ক টুথ’ বুলিও কোৱা হয় । প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত দহটা দহটাকৈ মুঠ বিছটা দাঁত থাকে । একোপাৰিত চাৰিটা ছেদক (দুটা কেন্দ্ৰীয় , দুটা পাৰ্শ্বীয় ), দুটা কৃন্তক আৰু চাৰিটা পেষক (দুটা প্ৰথম পেষক, দুটা দ্বিতীয় পেষক) দাঁত থাকে । এই গাখীৰ খোৱা দাঁতবোৰ জন্মৰ পৰা ১১-১২ বছৰ বয়সলৈকে থাকে , যদিও ৬-৭ বছৰৰ পৰা এই প্ৰাথমিক দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰে আৰু সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্ৰকাৰৰ, মানে স্থায়ী দন্তবিন্যাসে । স্থায়ী দাঁতবোৰ ৬-৭ বছৰৰ পৰা গজ আৰম্ভ হয় আৰু ১৬-১৭ বছৰত গজা সম্পূৰ্ণ হয় । অৱশ্যে স্থায়ী অন্তিম পেষক দাঁতটো, যাক জ্ঞান দাঁত বুলিও কোৱা হয়, কেতিয়াবা ২৫-৩০ বছৰতো গজা দেখা যায় ।

যদিও জন্মৰ ৬-৭ মাহৰ পিছৰ পৰা শিশুৰ প্ৰাথমিক দাঁত গজা আৰম্ভ হয়, কিন্তু কেতিয়াবা শিশুৰ দৈহিক গঠন, অৱস্থা আৰু খাদ্যাভ্যাসভেদে এই সময়ৰ তাৰতম্য ঘটা দেখা যায় । কেতিয়াবা কিছুমান শিশুৰ দাঁত সোনকালে, মানে ছমাহ পূৰ হোৱাৰ আগতেই গজে । ইয়াক ‘আৰ্লী ইৰাপচন’ বোলা হয় । আকৌ কেতিয়াবা কিছুমান শিশুৰ দাঁত জন্মৰ পৰা এবছৰ, ডেৰ বছৰ পাৰ হৈ যোৱাৰ পাছতহে গজে, ইয়াক ‘ডিলেইড ইৰাপচন’ বোলা হয় । সোনকালে বা দেৰিকৈ দাঁত গজা প্ৰক্ৰিয়াটো খুব চিন্তা কৰিবলগীয়া বিষয় নহয়, যদিহে শিশুটিৰ সাধাৰণ স্বাস্থ্য আৰু ক্ৰমবিকাশ অটুট থাকে । কিছুমান শিশুৰ আকৌ মুখত দাঁতেই নগজে বা গজিলেও সংখ্যাত কম থাকে । সেইদৰে শিশুৰ দাঁতৰ আকাৰ, প্ৰকাৰ আৰু গঠনৰো তাৰতম্য ঘটিব পাৰে ।

শিশু অৱস্থাৰ পৰাই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে । এজন ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু চাৰিত্ৰিক গঠনত ধনাত্মক আৰু ঋণাত্মক দিশবোৰ শিশু অৱস্থাতে অংকুৰিত হয় । গতিকে এইক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱক যথেষ্ট সচেতন হ’ব লাগে । শিশু অৱস্থাৰ পৰাই ল’ৰা-ছোৱালীক স্বাস্থ্যৰ যতন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগ- সচেতন কৰি তুলিব লাগে । শিশুটিৰ দাঁত গজিবলৈ আৰম্ভ কৰাৰ লগে লগে পৰিষ্কাৰ কোমল কাপোৰেৰে দাঁত চাফা কৰি দিয়াৰ অভ্যাস কৰিব লাগে । অভিভাৱকে, বিশেষকৈ মাতৃগৰাকীয়ে তৰ্জনী আঙুলিত গজ কাপোৰ মেৰিয়াই প্ৰত্যেকবাৰ গাখীৰ খোৱাৰ পিছত কেঁচুৱাটিৰ দাঁত চাফা কৰি দিব লাগে । তদুপৰি শিশু অৱস্থাত সন্তানক শুৱাই থোৱাৰ সময়ত নাইবা মজৰাতি সাৰ পালে শিশুটিৰ মুখত গাখীৰৰ বটল গুঁজি দিয়া বা স্তনপান কৰোৱাৰ অভ্যাস মাতৃসকলে ত্যাগ কৰা উচিত । কাৰণ এনে অভ্যাসৰ ফলস্বৰুপে দন্তক্ষয় ৰোগৰ হাৰ বৃদ্ধি হোৱাৰ তথ্য পোৱা গৈছে । ৬-৭ মাহ হৈ যোৱাৰ পিছত মিঠা বস্তু খোৱাৰ পিছত শিশুটিক অলপ পানী খাবলৈ দিয়া উচিত ।

শিশুটিৰ এবছৰ বয়স হ’লে কোমল ‘বেবী টুথ ব্ৰাছ’ৰ সহায়ত দাঁত চাফা কৰি দিব লাগে । শিশুটিয়ে যাতে দাঁত ব্ৰাছ কৰাৰ সময়ত দাঁতৰ মাৰি বা আলু বা মুখৰ ভিতৰৰ কোমল অংশত আঘাত নাপায় তাৰ বাবে সাৱধান হ’ব লাগে । তিনি-চাৰি বছৰমান বয়স হ’লে শিশুক ‘জুনিয়ৰ টুথ ব্ৰাছ’ ব্যৱহাৰ কৰিবলৈ দিব পাৰি আৰু এই বয়সত শিশুক নিজে কেনেকৈ ব্ৰাছ কৰিব লাগে অভিভাৱকে শিকাব লাগে । শিশুটিয়ে প্ৰথম অৱস্থাত দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম-প্ৰণালী  নাজানিব বা নিশিকিব পাৰে, কিন্তু লাহে লাহে মাক-বাপেকৰ পৰা ব্ৰাছ কৰাৰ পদ্ধতি কেনেকৈ, কেইবাৰ কৰিছে আৰু কেতিয়া কৰিছে আদিবোৰ অনুসৰণ কৰি শিকি লয় । কিয়নো, সন্তানে সদায় মাক-দেউতাকৰ আচাৰ-ব্যৱহাৰ, কথা- বতৰা, চাল-চলন আদি অনুকৰণ কৰে । দিনে দুবাৰকৈ, ৰাতিপুৱা শোৱাৰ পৰা উঠি আৰু ৰাতি শেষ আহাৰ গ্ৰহণ কৰাৰ পাছত শুবলৈ যোৱাৰ আগতে দাঁত ব্ৰাছ কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু সন্তানক এই অভ্যাস শিকোৱাটো মাক-দেউতাকৰ কৰ্তব্য । প্ৰত্যেকবাৰ খাদ্য খোৱাৰ পিছত মুখখন ভালকৈ পানীৰে কুলকুলি কৰিবলৈ সন্তানক শিকোৱা উচিত ।

শিশুৰ কাৰণে সদায় উন্নত মানৰ, প্ৰতিষ্ঠিত কোম্পানীৰ ব্ৰাছ বাছনি কৰিব লাগে আৰু ব্ৰাছ কিনাৰ সময়ত কেতিয়াও Compromise কৰিব নালাগে । ১০-১২ বছৰীয়া শিশুক কোমল বা মধ্যস্তৰৰ কঠিনতাৰ ব্ৰাছ ব্যৱহাৰ কৰিবলৈ দিব পাৰি । শিশুৰ বাবে আকৰ্ষণীয় ৰং আৰু ডিজাইনৰ ব্ৰাছ বাছনি কৰিব লাগে । ঠিক তেনেদৰে শিশুৰ বাবে টুথ পেষ্ট বা ডেণ্টেল ক্ৰীম বাছনি কৰাৰ সময়ত সচেতনতা অৱলম্বন কৰা উচিত । শিশুৱে ভাল পোৱা ৰং আৰু সোৱাদৰ টুথ পেষ্ট ব্যৱহাৰ কৰিবলৈ দিয়া উচিত । সাধাৰণতে শিশুৰ ক্ষেত্ৰত মেডিকেটেড টুথ পেষ্ট ব্যৱহাৰ কৰিবলৈ দিয়া নহয় যদিও ফ্লু’ৰাইডযুক্ত টুথ পেষ্টৰ ব্যৱহাৰ ১০-১২ বছৰলৈকে কৰিব পাৰি ।

লেখিকা :- ৰুবী কটকী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top