মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / আমাৰ শিশুৱে খোৱা আহাৰবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ শিশুৱে খোৱা আহাৰবোৰ :

আমাৰ শিশুৱে খোৱা আহাৰবোৰৰ বিষয়ে লিখা হৈছে ।

 

আমি সততে নিজৰ ল’ৰা-ছোৱালী, সন্তান-সন্ততিৰ চিন্তাকে আমাৰ প্ৰধান চিন্তা বুলি ভাবোঁ। আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ সুন্দৰ হ’ব লাগে, পঢ়া-শুনা কৰি যোগ্য হ’ব লাগে তেনেধৰণৰ চিন্তাই আমি কৰি থাকোঁ।

শিশুকালৰপৰাই যাতে সু-স্বাস্থ্যৰ গৰাকী হয় তাৰ বাবে আমি পিতৃ-মাতৃসকল সচেতন হৈ থাকোঁ। বজাৰত পোৱা ভালৰ ভাল বস্তুটো শিশুৰ বাবে আমি সযতনে আনো। নিজৰ ল’ৰা-ছোৱালীয়ে অকণমান কষ্ট পালেও আমি সহিব নোৱাৰোঁ।

নিজৰ দেহটোতকৈ আমি ল’ৰা-ছোৱালীৰ দেহটোক বেছি গুৰুত্ব দিওঁ। নিজৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত স্বাৰ্থপৰো। নিজৰ সন্তানটোক সকলোতে বেছিকৈ গুৰুত্ব পোৱাটো আমি সদায় কামনা কৰোঁ। এইবিলাক আমি কৰোঁ নিজৰ সন্তানক ভাল পোৱাৰ বাবেই।

আগতে মানুহৰ সন্তান-সন্ততি বহুত আছিল। আমাৰ পৰিয়ালবিলাকলৈ চালেই আমি সেই কথাৰ প্ৰমাণ পাওঁ।

বৰ্তমান ল’ৰা-ছোৱালীৰ প্ৰতি গুৰুত্বও যথেষ্ট বেছি হোৱা দেখা গৈছে। নিজৰ ল’ৰা-ছোৱালীক সকলো দিবলৈ যত্ন কৰিছোঁহক। কোমো অসুবিধাত পৰিবলৈ নিদিয়াকৈ ৰাখিছোহঁক।

নিজৰ ল’ৰা-ছোৱালী কেৱল নিজৰ লগতেই নেথাকে। এখন সমাজৰ সৈতেহে আমাৰ ল’ৰা-ছোৱালীবোৰ থাকে।

সমাজখনৰপৰাহে ল’ৰা-ছোৱালীবিলাকে উপাদানবিলাক পাব, যিবিলাক উপাদানেৰে সি বাঢ়িব। সি অকলে ডাঙৰ হ’ব নোৱাৰে।

এই কথাবিলাক লিখিছোঁ এইবাবেই যে অলপতে পেপচি ক’লাই অতি সৰু সৰু আখৰেৰে বটলবিলাকত লিখিছে যে এই পানীয়বিলাক সৰু ল’ৰা-ছোৱালীৰ ব্যৱহাৰৰ উপযোগী নহয়।

খুব মনোযোগেৰে নাচালে সেইবিলাক পঢ়িব নোৱাৰি। আখৰবিলাক অতি সৰু। এই কথাবিলাক কিয় ইমান সৰুকৈ দিয়া হ’ল?

কিমান দিন ধৰি এই পানীয়বিলাক চলি আছিল আৰু সকলোৱে সেৱন কৰি আছিল?

হঠাৎ কিয় এইবিলাক লিখিব লগা হ’ল? লিখাতেই কথাটো সীমাবদ্ধ হৈ থাকিল।

শিশুসকলে সেৱন কৰিছেনৰ নাই, সেই বিষয়ে চাবৰ বা ভাবিবৰ কাৰো আহৰি নাই। আমি বিভিন্ন ঠাইলৈ বন্ধ উপভোগ কৰি ফুৰিবলৈ যাওঁ। সেই ঠাইবোৰত এই জাতীয় পানীয়ৰ বিপু ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ।

শিশুসকলে এনে পানীয় টিন বা বটলত খাই থকা দেখাটো তেনেই সহজ কথা। বিভিন্ন অনুষ্ঠান আদিত এইবিলাক সহজেই ব্যৱহাৰ হৈ আছিল ইমানদিন আৰু এতিয়াও হৈ আছে। তেনে আমাৰ শিশুসকলে কি খাই আছে ইমানদিন?

বহুতো পিতৃ-মাতৃয়ে সন্তানক মৰমতে কিনি দিয়ে এনে বটল। কিন্তু এনে মৰমে শিশুক কিমান অপকাৰ কৰি আছে আমি গমেই নাপাওঁ। শিশুসকলক টি ভিত এনে বিজ্ঞাপন দি ভুলাই দিয়ে যে বিহকে পইচা দি কিনি খাব লগা হয়।

শিশুসকলক এনে বস্তুৰপৰা আঁতৰত ৰখা অসম্ভৱ হৈ উঠে। টি ভিত যিবোৰ মানুহে শিশুক কিবা কিনি খাবৰ বাবে অনুপ্ৰাণিত কৰে সেইসকল বহুত নাম থকা মানুহ। দেখিবলৈ ধুনীয়া মানুহ। ভাল ভাল ৰঙা-নীলা পোছাক পিন্ধা মানুহ। সেইবাবে মানুহে যেতিয়া খাবলৈ কয়, তেতিয়া পিতৃ-মাতৃ বা শিক্ষকে কোৱা কথাবোৰ অপ্ৰয়োজনীয় যেন হৈ পৰে।

বিজ্ঞানৰ ছাত্ৰী হিচাপে কেনে ধৰণৰ বস্তুৱে মানৱ দেহত কেনে প্ৰতিক্ৰিয়া কৰিব পাৰে সেই বিষয়ে আমাৰ কিছু ধাৰণা আছে। দহ বা বিশ মিলিগ্ৰামৰ ৰাসায়নিক পদাৰ্থ থকা ঔষধ একোটা ডাঙৰ বেমাৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰি থকা হয়।

তেনে আমাৰ দেহক অপকাৰ কৰিবলৈও সিমান পৰিমাণৰ ৰাসায়নিক পদাৰ্থই যথেষ্ট। আমি নজনাকৈয়ে আমাৰ শিশুসকলক তেনে বস্তু খুৱাই আছোঁ। বহুতে ছ’চিয়েল মিডিয়াত এইবোৰ কথা লিখিছে, তাত বহুত মন্তব্যও আগবঢ়াইছে।

কিন্তু বাস্তৱ ক্ষেত্ৰত বা প্ৰায়োগিক ক্ষেত্ৰত একো লাভ হোৱা নাই। ফলমূল বা অন্যান্য খাদ্যদ্ৰব্যত কিমান মানৱ দেহৰ ক্ষতিকাৰক বস্তু মিহলোৱা হয় সেয়া সকলোৱে জানে।

জানি-বুজি শিশুৰ স্বাস্থ্যৰ বাবে ভাল দামী ফল-মূল আনি দিয়ে। ল’ৰা-ছোৱালীয়ে খায়। এইবিলাক আমি পিতৃ-মাতৃসকলে জানি-বুজি কৰা শত্ৰুতা। বিদ্যালয় একোখনৰ দুপৰীয়াৰ মধ্যাহ্ন ছুটীৰ সময়ত কেনেধৰণৰ লেতেৰা চানা জাতীয় বস্তু বেচা মানুহৰ সমাগম হয়। ল’ৰা-ছোৱালীয়ে কেনেকৈ হাত মেলি মেলি ভিৰ কৰি কিনে। আমি কাকো বাধা দিব নোৱাৰো কিয়?

এশ মিটাৰ দূৰত্বলৈ ধঁপাত জাতীয় বস্তু বিক্ৰী নিষিদ্ধ কৰাৰ ফলক লগোৱা থাকে বিদ্যালয় একোখনত। কিন্তু ধঁপাততকৈ বহু বিহজাতীয় বস্তু বিক্ৰী হৈ থাকে বৈধভাৱে। আমি সকলো জানিও নিজৰ বিপদক মাতি থাকোঁ।

আজিৰ চাম ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটৰ সহজ ব্যৱহাৰ কৰে। তেওঁলোকে কিন্তু ইন্টাৰনেটৰপৰা এইবিলাক শিক্ষা ল’বলৈ অস্বীকাৰ কৰে। তেওঁলোকে বহুত কথা জানে, কিন্তু এই সাধাৰণ কথাবিলাকৰ বিৰুদ্ধে জনমত গঠনত ভূমিকা নলয়। ম’বাইলত চেয়াৰ কৰে, প’ষ্ট কৰে।

ম’বাইলত কৰা এই কামবিলাক ব্যক্তিগত পৰ্যায়ৰ কাম। নিজে বন্ধকোঠাত কৰা কাম। আনে নেদেখাকৈ কৰা কাম। গোপনে, আনে নেদেখাকৈ বা কোনেও বেয়া নোপোৱাকৈ এইবিলাক কাম কৰিব নোৱাৰি।

এইবিলাক কাম সকলোৱে দেখাকৈ কৰিব লাগিব। প্ৰয়োজনত  কাৰোবাৰ বিৰুদ্ধাচৰণ কৰিবও লাগিব। পিতৃ-মাতৃ, শিক্ষকসকলে নিজ পুত্ৰ-কন্যাক যদি মৰম কৰে, তেনে প্ৰকৃত পিতৃ-মাতৃ শিক্ষকৰ দৰে মৰম কৰিব লাগিব। সন্তানে বেয়া বস্তু নেখাবৰ বাবে যত্নৱান হ’ব লাগিব।

চৰকাৰৰ ওচৰত এই কথাটো সকলোৱে পেলাব লাগিব যে এই ল’ৰা-ছোৱালীবোৰ আমাৰ সকলোৰে। এইবোৰ নিৰোগী হৈ থকাটো আমাৰ বাবে প্ৰয়োজনীয়।

প্ৰতিষেধক টিকা নিশ্চিত কৰাৰ দৰে অপকাৰ নকৰা খাদ্য বজাৰত থকাটো নিশ্চিত কৰিব লাগিব দেশৰ স্বাস্থ্য বিভাগে।

আমাৰ শিশুসকলক লৈ আমি ভবা উচিত। কেৱল পৰীক্ষা আৰু চাকৰিৰ কথা ভাবিলেই শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত নহ’ব। শিশুসকলৰ স্বাস্থ্যসুৰক্ষা আমাৰ অধিকাৰ। এই অধিকাৰৰ প্ৰতি সকলো সচেতন হোৱা উচিত। ভাষা, ধৰ্ম বা দলীয় ৰাজনীতিৰ ঊৰ্দ্ধত সকলোৰে বাবেই আমি এইবোৰ কথা ভবা উচিত।

লেখক: নাজনিন বেগম(দৈনিক অসম)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top