মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / কণমানিটিৰ শোৱাৰ সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কণমানিটিৰ শোৱাৰ সমস্যা :

কণমানিটিৰ শোৱাৰ সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

এটি কণমানি শিশুৰ কন্দাৰ বাহিৰেনো আন কি কাম আছে! টোপনি ধৰিলেও কান্দে, টোপনিৰ পৰা উঠিলেও কান্দে, ভোক লাগিলেও কান্দে, গা বেয়া লাগিলেও কান্দে। মুঠতে প্ৰতিটো কথাতে কান্দিয়েই সিহঁতে পাব লগাটো আদায় কৰি লয়। আনহাতে কান্দিলেই কোলাত তুলি লৈ নিচুকাবলৈ গোটেই ঘৰখনৰ মানুহ সুস্থ হৈ থাকেই। প্ৰকৃততে শিশুৱে কন্দাটো বেয়া নহয়। কন্দাৰ দৰে শিশুৰ বাবে শোৱাটোও এটা দৰকাৰী কথা।

সিহঁতৰ টোপনি সম্পূৰ্ণ হ’বলৈ দিয়া উচিত। আহক শিশুৰ শোৱাৰ বিষয়ে অলপ কথা আলোচনা কৰো। শিশুক টোপনি নিওৱাৰ ক্ষেত্ৰত বেছিভাগ মাকৰ বাবে এটা ডাঙৰ সমস্যা। বিশিষ্ট শিশু চিকিৎসক ডাঃ ৰিচাৰ্ড ফাৰবাৰে ইয়াৰ বাবে কিছুমান টিপছ দিছে। এই টিপছবোৰক সেইবাবে ‘ফাৰবাৰাইজিং’ বুলি কোৱা হয়। তেওঁ এনে কিছুমান টিপছ দিছে যিবিলাক মানি চলি বা পৰীক্ষা-নিৰীক্ষা কৰি শিশুৰ টোপনি যোৱাৰ সমস্যা থাকিলে তাক সমাধান কৰিব পাৰি। শিশুৰ চাৰি-পাঁচ মাহ অৱস্থাৰে পৰা এই নিয়ম পালন কৰি চাব পাৰি।

*পুৱা বেলাই শিশুক ঘৰুৱাভাৱে মালিচ কৰি গা ধুৱাই খুৱাই ৰাখক। জোৰ কৰি শোৱাবলৈ নাযাব। জোৰ কৰি শোৱালে সোনকালে টোপনি ভাগিব। টোপনি আহিলেহে শুলাব।

*শিশুৱে আৰাম পাবৰ বাবে কোঠাটোত মৃদুভাৱে ৰেডিঅ’ৰ গান বজাই ৰাখক। গৰমৰ দিন হ’লে ফেন চলোৱাৰ ক্ষেত্ৰত চিন্তা নকৰিব। ফেনৰ বতাহ দিব আৰু দুৱাৰ বন্ধ থাকিলেও খিৰিকী খোৱা ৰাখিব।

*টোপনি গ’লে কোলাত নাৰাখিব, সোনকালে বিছনাত শুৱাও দিব।

*শিশুৱে সাৰ পাই কান্দিলে তৎক্ষণাত কোলাত তুলি নল’ব। তিনি-চাৰি মিনিট কান্দিবলৈ দিয়ক। লাহে লাহে এই সময় বঢ়াওক। তেতিয়াহে শিশুটিয়ে বুজিব কান্দি ৰণ জিকিব নোৱাৰি। এসময়ত শিশুটিয়ে সাৰ পাই কান্দিবলৈ এৰিব।

*শিশুটিক বিছনাখনত শুকুৱাৰ আগতে বিছনা ভালদৰে পৰীক্ষা কৰি ল’ব যাতে বিছনাত পোক-পৰুৱা নাথাকে।

*সাৰ পোৱাৰ লগে লগে কোলাত তুলি নল’ব। অলপ পৰ খেলিবলৈ দিব। পাছত তেনেকৈয়ে অভ্যাস হৈ পৰিব।

*শিশুৰ কেঁচা টোপনি যাতে নাভাঙে তাৰ বাবে সিহঁতে শোৱাৰ সময়ত কোঠাটোত হুলস্থূল কৰা বা ডাঙৰকৈ কথা পতা উচিত নহয়।

*শুই থকা অৱস্থাত প্ৰস্ৰাৱ কৰিলে নেপি বদলাই দিব। পিন্ধি থকা চোলাটো তিতি নাযায়।

*টোপনি ধৰিলেও শিশুৱে আমনি কৰে। তেতিয়া মৰমেৰে হাত বুলাই শুৱাই দিব। এনে কিছুমান নিয়ম মানি চলিলে মাকগৰাকীয়ে কিছু কম অসুবিধা পাব।

লেখিকা: ৰাণু দাস চৌধুৰী(অসম বাণী)

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top