মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / কেঁচুৱাৰ আৱেগিক অসুবিধা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেঁচুৱাৰ আৱেগিক অসুবিধা :

কেঁচুৱাৰ আৱেগিক অসুবিধাৰ বিষয়ে লিখা হৈছে ।

 

ঘৰলৈ কণমানি কেঁচুৱা এটিৰ আগমনৰ লগে লগে কেঁচুৱাটি সকলোৱে মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰে। আমি সাধাৰণতে কণমানিটিৰ শাৰীৰিক স্বাস্থ্য সম্পৰ্কে বহুত সচেতনতা অৱলম্বন কৰোঁ।

কিন্তু শিশুটিৰ মানসিক স্বাস্থ্য সম্পৰ্কে আমাৰ সজাগতা তুলনামূলকভাৱে কম। আচৰিত লাগিলেও ই সত্য যে এটি অকণমানি কেঁচুৱাও কিছুমান আৱেগিক অসুবিধা চিকাৰ হ’ব পাৰে আৰু ই শিশুটিৰ স্বাভাৱিক দেহ মানসিক বিকাশৰ অন্তৰায় হিচাপে থিয় দিব পাৰে।

সাধাৰণতে শৈশৱ কাল(Emotional Hazard) বুলিলে জন্মৰ পৰা ৫ বছৰ বয়সলৈকে বুজা যায়। ইয়াৰে জন্মৰ পৰা ২ বছৰলৈকে সময়ছোৱা হৈছে কেঁচুৱাকাল(Infancy) এই সময়খিনি হৈছে শিশুটিৰ পৰৱৰ্তী বিকাশৰ ভেডি স্বৰূপ।

গতিকে পিতৃ-মাতৃ বা অভিভাৱকে শিশুটিৰ দৈহিক প্ৰয়োজনৰ সমান্তৰালভাৱে আৱেগিক প্ৰয়োজনৰ আৰু অসুবিধাবিলাকৰ বিষয়ে জনাটো অতি দৰকাৰ।

কেঁচুৱাকালত হ’ব পৰা আৱেগিক অসুবিধাসমূহ আৰু শিশুৰ বিকাশত ইহঁতৰ প্ৰভাৱ এনেধৰণৰ-

১)আৱেগিক বঞ্চনা(Emotional Deprivation):

শিশুটি স্বাভাৱিক আবেগসমুহ যেনে মৰম, উৎসুকতা, আনন্দ আদিৰ পৰা বঞ্চিত হ’লে দেহ মানসিক বিকাশত বাধাৰ সৃষ্টি হয়।

যদি শিশুৰ ক্ষেত্ৰত আৱেগিক বঞ্চনা দীঘলীয়া আৰু অত্যধিক হয় তেন্তে ই বাঢ়নত সহায়ক হৰমনৰ ক্ষৰণত প্ৰভাৱ পেলায় ফলত শিশুটি চুটি-চাপৰ হ’ব পাৰে।

২)মানসিক চাপ(Stress):

আচৰিত কিন্তু সঁচা যে কণমানি শিশুটিৰো মানসিক চাপ হ’ব পাৰে। ভয়, খং আদিৰ কাৰণে হোৱা মানসিক চাপে এণ্ড্ৰক্ৰাইন(Endocrine) গ্ৰন্থিৰ কামত বাধা জন্মায়।

ফলত দেহ শিশুটোৰ টোপনি, খোৱা-বোৱা আদিত অসুবিধা তথা ভীতিবিহূল বিশেষ আচৰণ প্ৰদৰ্শন যেনে- বেছিকৈ কন্দা, অত্যধিক আঙুলি চুপি থকা আদি দেখা যায়।

বেয়া স্বাস্থ্য, মাক-দেউতাকৰ অনীহা, শিশুৰ প্ৰয়োজনীয় টোপনি আৰু আহাৰ পোৱাত বাধাৰ সৃষ্টি কৰা পৰিৱেশ আদিয়ে শিশুটিক মানসিক চাপত ভোগাব পাৰে।

বহুক্ষেত্ৰত মাতৃগৰাকীয়ে মানসিক চাপৰ চিকাৰ হৈ থাকিলে সন্তানটোৰ ওপৰত প্ৰভাৱ পৰা দেখা যায়।

৩)মাত্ৰাধিক মৰম(Too Much Affection):

কণমানি শিশু এটি সকলোৰে মৰমৰ হয়। কিন্তু বহুত সময়ত মাক-দেউতাকৰ অত্যধিক মৰম আৰু মনোযোগে শিশুটিৰ স্বাভাৱিক আৱেগিক বিকাশত বাধাৰ সৃষ্টি কৰে।

তেনে শিশুৱে আনৰ পৰাও অধিক মৰম আৰু গুৰুত্ব বিছাৰে। তেনে নহ’লে অসুবিধা পায়। এনে শিশুৰ পিছলৈ আত্মবিশ্বাস কম হয় আৰু পৰনিৰ্ভৰশীলতা অধিক হোৱা দেখা যায়।

৪)কিছুমান বিশেষ আৱেগৰ প্ৰভূত্ব(Dominant Emotion):

কিছুমান বিশেষ পৰিস্থিতিৰ মাত্ৰাধিক অভিজ্ঞতাই শিশুটিৰ কিছুমান বিশেষ আৱেগৰ প্ৰভূত্ব বাকীবোৰ আৱেগতকৈ বেছি হ’ব পাৰে। ফলত সকলো আৱেগৰ সন্তুলিত প্ৰকাশত বাধাই দেখা দিয়ে।

উদাহৰণস্বৰূপে-

*যদি কেঁচুৱাটিয়ে ডাঙৰ শব্দ শুনিলে ভয় খায়,

*তেনেক্ষেত্ৰত বাৰে বাৰে এনে পৰিস্থিতিৰ মুখামুখি হৈ থাকিলে স্বাভাৱিকতে শিশুটি ভয়াৰ্ত হৈ পৰিব আৰু ই ভৱিষ্যতে প্ৰভাৱ পেলাব পাৰে।

শিশুক এনেধৰণৰ অসুবিধাসমূহৰ পৰা আঁতৰত ৰাখিবৰ বাবে মাক-দেউতাক আৰু অভিভাৱকৰ কৰণীয়সমূহ এনে ধৰণৰ-

শিশুটিক স্তনপান কৰাওঁতে মাকে মৰমেৰে বুকুত সাবটি ধৰি শিশুটিৰ মুখলৈ দৃষ্টি ৰাখি খুৱাব লাগে। সেই সময়ত অন্য চিন্তা বা কথাত মাকগৰাকীয়ে গুৰুত্ব দিয়া উচিত নহয়।

নৱজাত শিশু এটাৰ ভোক বা অন্য অসুবিধাসমূহ প্ৰকাশৰ একমাত্ৰ মাধ্যম হৈছে কান্দোন। গতিকে কেঁচুৱাই কান্দিলে তাৎক্ষণিক মনোযোগ দিব লাগে।

বেছিসময় কান্দি থাকিলে সৃষ্টি হোৱা মানসিক চাপে বিকাশত সহায়ক হৰমনৰ ক্ষৰণত বাধা দিয়ে। কেঁচুৱাই কান্দে বুলি মনোযোগ নিদিয়াকৈ থাকিব নালাগে।

শিশুৰ আৱেগসমূহৰ স্বাভাৱিক প্ৰকাশৰ সুবিধা দিব লাগে। যিবিলাক পৰিৱেশৰ পৰা পৰাপক্ষত কণমানিটোক আঁতৰত ৰাখিব লাগে।

কেঁচুৱাটোৱে যাতে ভয় নাখাই বা খং নুঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

শিশুক বেমাৰ-আজাৰৰ পৰা মুক্ত কৰি ৰাখিবৰ নীয়মিত টীকাকৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যসন্মত খাদ্য আদিৰ ওপৰত গুৰুত্ব দিয়া অত্যাৱশ্যকীয়।

পিতৃ-মাতৃৰ মানসিক চাপে যাতে সন্তানটিৰ ওপৰত প্ৰভাৱ নেপেলাই তাৰ প্ৰতি সজাগ হ’ব লাগে। প্ৰয়োজন সাপেক্ষে পিতৃ-মাতৃয়ে নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিব লগা হ’ব পাৰে।

আজিকালি সৰু পৰিয়াল এটাত কণমানি এটায়ে স্বাভাৱিকতে অধিক গুৰুত্ব লাভ কৰে। মৰমৰ আধিক্যই যাতে অসুবিধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক।

এক-ডেৰ বছৰ বয়সৰ পৰা শিশুৱে বহুত বস্তু বুজি পোৱা হয়। যিবিলাক কাম বা আচৰণ অনুচিত সেইবিলাক বাধা দিব লাগে।

ইয়াৰ কাৰণে শিশুটিয়ে বুজি পোৱাকৈ কিছুমান চুটি শব্দ যেনে No বা নকৰিবা আদি ব্যৱহাৰ কৰিব লাগে।

নঞৰ্থক শব্দটো সদায় একে হ’লে শিশুটিয়ে বুজি পোৱাত সহায় হয়।

মনত ৰাখিব আপোনাৰ শিশুটি আপোনাৰ সম্পদ। গতিকে জন্মৰ পিছৰে পৰা শিশুটিৰ সুন্দৰ দেহ মানসিক বিকাশৰ বাবে ভেটি সুদৃঢ় কৰক।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top