মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / কৈশোৰ কালত উপযুক্ত খাদ্যৰ প্ৰয়োজনীয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৈশোৰ কালত উপযুক্ত খাদ্যৰ প্ৰয়োজনীয় :

কৈশোৰ কালত উপযুক্ত খাদ্যৰ প্ৰয়োজনীয়ৰ বিষয়ে লিখা হৈছে ।

আমাৰ ভাৰত এখন উন্নয়নশীল দেশ। শিশু আৰু কিশোৰ-কিশোৰীসকল এই দেশৰ ভৱিষ্যৎ আৰু তেওঁলোকে পাবলৈ গৈ দেশৰ হৈ কাম কৰি নাম উজলায়। এই সময়ছোৱাত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ ক্ষীপ্ৰ গতিত চলিবলৈ লয়, য’ত উপযুক্ত খাদ্যৰ প্ৰয়োজনীয়তাক কোনোপধ্যে উলাই কৰিব নোৱাৰি। এই সময়ছোৱাতে উচিত খাদ্যৰ অভাৱত নানান সমস্যা যেনে- প্ৰ’টিন-কেল’ৰিৰ অপুষ্টি, মেদবহুলতা, ৰক্তহীনতা, দাঁতৰ সমস্যা, ভিটামিন এৰ’অপুষ্টি, আয়’ডিনৰ অপুষ্টি, আয়’ডিনৰ অপুষ্টি আদিয়ে দেখা যায়। এইবোৰ সমস্যাই দেশৰ প্ৰগতিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সেয়েহে এইবোৰৰ পৰা শিশু আৰু কিশোৰ-কিশোৰীসকলক মুক্ত কৰাৰ বাবে চৰকাৰে নানান আঁচনি হাতত লৈছে, সেইবাবে ভিতৰত লেখত ল’বলগীয়া আঁচনি হ’ল- বিনামূলীয়াকৈ বিতৰণ কৰা দুপৰীয়াৰ আহাৰ (Mid Dey Meal)। এই আঁচনিৰ মূল লক্ষ্য হ’ল-

  • স্কুলীয়া ছাত্ৰ-ছাত্ৰীক উপযুক্ত পুষ্টি যোগান ধৰা আৰু শাৰীৰিক আৰু মানসিক বিকাশ ঘটোৱা।
  • স্কুলত ছাত্ৰ-ছাত্ৰীৰ উপস্থিত ঊৰ্ধ্বগামী কৰা।
  • উচিত খাদ্যাভ্যাস গঠন কৰা।

পঢ়াশালিত বিনামূলীয়াকৈ বিতৰণ কৰা দুপৰীয়াৰ আহাৰত মূলতঃ বিভিন্ন শাক-পাচলি, মাহজাতীয় খাদ্য আৰু ধানজাতীয় খাদ্য সন্নিৱিষ্ট হয় কেল’ৰি, প্ৰ’টিন, লিপিডচ, ভিটামিন, খনিজ লাগে আদি শৰীৰক যোগান ধৰে।

কিন্তু পৰিতাপৰ বিষয় এই যে আজিকালি শিশু বা কিশোৰ-কিশোৰীসকলে বিভিন্ন পুষ্টিযুক্ত খাদ্য যেনে- মাছ-মাংস, কণী, গাখীৰ, সেউজীয়া শাক-পাচলি গ্ৰহণত অনীহা কৰে। ইয়াৰ পৰিৱৰ্তে বিভিন্ন ভজা-পোৰা খাদ্য, চিপছ, মেগী, ম’ম’, চাওমিন আদিহে খোৱাৰ তালিকাত সন্নিৱিষ্ট কৰে। ফলত শৰীৰক প্ৰয়োজনীয় নানান পুষ্টিতন্ত্ৰ লাভৰ পৰা বঞ্চিত হয় আৰু শৰীৰত নানান পুষ্টিজনিত ৰোগে বাহ সাজে। তেওঁলোকে ভাবে উক্ত পুষ্টিযুক্ত খাদ্যবোৰে শৰীৰৰ ওজন বঢ়াব বা শাৰীৰিক সৌন্দৰ্য বিনষ্ট কৰে। কিন্তু এইবোৰ খাদ্যই সৌন্দৰ্যবৰ্ধন তথা শাৰীৰিক আৰু মানসিক বিকাশতহে সহায় কৰে। মাছ-মাংস, কণী, গাখীৰে শৰীৰক প্ৰয়োজনীয় প্ৰ’টিন প্ৰদান কৰে যি মাংসপেশী গঠনত সহায় কৰে। নানান ফল-মূল আৰু শাক-পাচলিয়ে বিভিন্ন ভিটামিন আৰু খনিজ লৱণে প্ৰদান কৰে। তদুপৰি ছাত্ৰীসকলে সাধাৰণতে ভোগা ৰক্তহীনতা উক্ত খাদ্যবোৰে দূৰ কৰে। আনহাতে মেগী, ৰোল, চাওমিন আদিয়ে শৰীৰত নানান ৰোগক বাহ সজাত সহায় কৰে। সেয়েহে উচিত খাদ্য গ্ৰহণৰ উপৰি শাৰীৰিক ব্যায়াম কৰাও জৰুৰী, যিয়ে দেহ-মন সতেজ কৰি ৰাখে। আমি ভাবো যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে যাতে নিয়মিতভাৱে সুষম আহাৰ খায় আৰু ব্যায়াম কৰে তাৰ বাবে অভিভাৱক, শিক্ষক-শিক্ষয়ত্ৰী আৰু সমাজ সেৱকসকলে আগভাগ লোৱাটো নিতান্তই দৰকাৰী, তেতিয়াহে আমি আমাৰ দেশক উন্নতিৰ পথলৈ আগুৱাই নিবলৈ সক্ষম হ’ম।

লেখক: অঞ্জনজ্যোতি ডেকা(অসম বাণী)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top